< דברים 31 >
וילך משה וידבר את הדברים האלה אל כל ישראל | 1 |
১পাছত মোচিয়ে ইস্ৰায়েলীয়া লোকসকলক এইবোৰ কথা ক’লে,
ויאמר אלהם בן מאה ועשרים שנה אנכי היום--לא אוכל עוד לצאת ולבוא ויהוה אמר אלי לא תעבר את הירדן הזה | 2 |
২“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
יהוה אלהיך הוא עבר לפניך הוא ישמיד את הגוים האלה מלפניך--וירשתם יהושע הוא עבר לפניך כאשר דבר יהוה | 3 |
৩আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব।
ועשה יהוה להם כאשר עשה לסיחון ולעוג מלכי האמרי ולארצם--אשר השמיד אתם | 4 |
৪ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।
ונתנם יהוה לפניכם ועשיתם להם--ככל המצוה אשר צויתי אתכם | 5 |
৫যুদ্ধক্ষেত্রত যিহোৱাই তেওঁলোকক আপোনালোকৰ হাতত শোধাই দিব আৰু মই আপোনালোকক দিয়া সকলো আজ্ঞা অনুসাৰে আপোনালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিব।
חזקו ואמצו אל תיראו ואל תערצו מפניהם כי יהוה אלהיך הוא ההלך עמך--לא ירפך ולא יעזבך | 6 |
৬আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
ויקרא משה ליהושע ויאמר אליו לעיני כל ישראל חזק ואמץ--כי אתה תבוא את העם הזה אל הארץ אשר נשבע יהוה לאבתם לתת להם ואתה תנחילנה אותם | 7 |
৭তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।
ויהוה הוא ההלך לפניך הוא יהיה עמך--לא ירפך ולא יעזבך לא תירא ולא תחת | 8 |
৮যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
ויכתב משה את התורה הזאת ויתנה אל הכהנים בני לוי הנשאים את ארון ברית יהוה ואל כל זקני ישראל | 9 |
৯মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।
ויצו משה אותם לאמר מקץ שבע שנים במעד שנת השמטה--בחג הסכות | 10 |
১০মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব,
בבוא כל ישראל לראות את פני יהוה אלהיך במקום אשר יבחר תקרא את התורה הזאת נגד כל ישראל--באזניהם | 11 |
১১যি সময়ত ইস্ৰায়েলীয়া সকলো লোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব।
הקהל את העם האנשים והנשים והטף וגרך אשר בשעריך--למען ישמעו ולמען ילמדו ויראו את יהוה אלהיכם ושמרו לעשות את כל דברי התורה הזאת | 12 |
১২আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।
ובניהם אשר לא ידעו ישמעו ולמדו--ליראה את יהוה אלהיכם כל הימים אשר אתם חיים על האדמה אשר אתם עברים את הירדן שמה לרשתה | 13 |
১৩তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যাব, সেই দেশত যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে তেওঁলোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ আপোনালোকে এইদৰে কৰিব।”
ויאמר יהוה אל משה הן קרבו ימיך למות--קרא את יהושע והתיצבו באהל מועד ואצונו וילך משה ויהושע ויתיצבו באהל מועד | 14 |
১৪পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।
וירא יהוה באהל בעמוד ענן ויעמד עמוד הענן על פתח האהל | 15 |
১৫তেতিয়া যিহোৱাই মেঘস্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘস্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।
ויאמר יהוה אל משה הנך שכב עם אבתיך וקם העם הזה וזנה אחרי אלהי נכר הארץ אשר הוא בא שמה בקרבו ועזבני והפר את בריתי אשר כרתי אתו | 16 |
১৬যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হ’বা; এই লোকসকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
וחרה אפי בו ביום ההוא ועזבתים והסתרתי פני מהם והיה לאכל ומצאהו רעות רבות וצרות ואמר ביום ההוא הלא על כי אין אלהי בקרבי מצאוני הרעות האלה | 17 |
১৭যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
ואנכי הסתר אסתיר פני ביום ההוא על כל הרעה אשר עשה כי פנה אל אלהים אחרים | 18 |
১৮তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেইবাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম।
ועתה כתבו לכם את השירה הזאת ולמדה את בני ישראל שימה בפיהם למען תהיה לי השירה הזאת לעד--בבני ישראל | 19 |
১৯তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোকসকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব।
כי אביאנו אל האדמה אשר נשבעתי לאבתיו זבת חלב ודבש ואכל ושבע ודשן ופנה אל אלהים אחרים ועבדום ונאצוני והפר את בריתי | 20 |
২০কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
והיה כי תמצאן אתו רעות רבות וצרות וענתה השירה הזאת לפניו לעד כי לא תשכח מפי זרעו כי ידעתי את יצרו אשר הוא עשה היום בטרם אביאנו אל הארץ אשר נשבעתי | 21 |
২১তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”
ויכתב משה את השירה הזאת ביום ההוא וילמדה את בני ישראל | 22 |
২২সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোকসকলক শিকালে।
ויצו את יהושע בן נון ויאמר חזק ואמץ--כי אתה תביא את בני ישראל אל הארץ אשר נשבעתי להם ואנכי אהיה עמך | 23 |
২৩তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”
ויהי ככלות משה לכתב את דברי התורה הזאת--על ספר עד תמם | 24 |
২৪মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে।
ויצו משה את הלוים נשאי ארון ברית יהוה לאמר | 25 |
২৫তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়াসকলক তেওঁ এই আজ্ঞা দিলে,
לקח את ספר התורה הזה ושמתם אתו מצד ארון ברית יהוה אלהיכם והיה שם בך לעד | 26 |
২৬“এই ব্যৱস্থা পুস্তকখন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখক; সেই ঠাইতে এইখন ইস্রায়েলীয়াসকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।
כי אנכי ידעתי את מריך ואת ערפך הקשה הן בעודני חי עמכם היום ממרים היתם עם יהוה ואף כי אחרי מותי | 27 |
২৭কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!
הקהילו אלי את כל זקני שבטיכם ושטריכם ואדברה באזניהם את הדברים האלה ואעידה בם את השמים ואת הארץ | 28 |
২৮আপোনালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়াসকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ।
כי ידעתי אחרי מותי כי השחת תשחתון וסרתם מן הדרך אשר צויתי אתכם וקראת אתכם הרעה באחרית הימים--כי תעשו את הרע בעיני יהוה להכעיסו במעשה ידיכם | 29 |
২৯কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
וידבר משה באזני כל קהל ישראל את דברי השירה הזאת--עד תמם | 30 |
৩০তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।