< שמואל ב 3 >

ותהי המלחמה ארכה בין בית שאול ובין בית דוד ודוד הלך וחזק ובית שאול הלכים ודלים 1
চৌলৰ বংশ আৰু দায়ূদৰ বংশৰ মাজত বহুকাল ধৰি যুদ্ধ হ’ল৷ দায়ুদ ক্ৰমে বলৱান হৈ উঠিল, কিন্তু চৌলৰ বংশ হ’লে ক্ৰমে শক্তিহীন হৈ আহিল।
וילדו (ויולדו) לדוד בנים בחברון ויהי בכורו אמנון לאחינעם היזרעאלת 2
হিব্ৰোণত দায়ূদৰ কেইবাজনো পুত্ৰ জন্মিল। তেওঁৰ বৰ পুত্ৰ অম্নোন, যিজ্ৰিয়েলীয়া অহীনোৱমৰ সন্তান;
ומשנהו כלאב לאביגל (לאביגיל) אשת נבל הכרמלי והשלשי אבשלום בן מעכה בת תלמי מלך גשור 3
তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷
והרביעי אדניה בן חגית והחמישי שפטיה בן אביטל 4
চতুৰ্থ পুত্ৰ অদোনীয়া, হগ্গীতৰ সন্তান৷ পঞ্চম পুত্ৰ চফটিয়া, অবীটলৰ সন্তান,
והששי יתרעם לעגלה אשת דוד אלה ילדו לדוד בחברון 5
আৰু ষষ্ঠ পুত্ৰ যিত্ৰিয়ম, দায়ূদৰ তিৰোতা ইগ্লাৰ সন্তান। এই সকলো হিব্ৰোণত দায়ূদৰ ঔৰসত জন্মিল।
ויהי בהיות המלחמה בין בית שאול ובין בית דוד ואבנר היה מתחזק בבית שאול 6
যি সময়ত দায়ূদৰ বংশ আৰু চৌলৰ বংশৰ মাজত যুদ্ধ চলি আছিল, সেই সময়ত অবনেৰে চৌলৰ বংশৰ পক্ষে নিজকে পৰাক্ৰমী দেখুৱাইছিল।
ולשאול פלגש ושמה רצפה בת איה ויאמר אל אבנר מדוע באתה אל פילגש אבי 7
কিন্তু অয়াৰ জীয়েক ৰিস্পা নামেৰে চৌলৰ এজনী উপপত্নী আছিল৷ তাইৰ বিষয়ে ঈচবোচতে অবনেৰক ক’লে, “তুমি মোৰ পিতৃৰ উপপত্নীত কিয় গমন কৰিলা?”
ויחר לאבנר מאד על דברי איש בשת ויאמר הראש כלב אנכי אשר ליהודה היום אעשה חסד עם בית שאול אביך אל אחיו ואל מרעהו ולא המציתך ביד דוד ותפקד עלי עון האשה היום 8
ঈচ্‌বোচতৰ এই কথাত অবনেৰে অতিশয় ক্ৰুদ্ধ হৈ ক’লে, “মই জানো যিহূদাৰ ফলীয়া কুকুৰৰ মূৰ? আজিলৈকে মই তোমাৰ পিতৃ চৌলৰ বংশলৈ আৰু তেওঁৰ ভাই-বন্ধুসকললৈ দয়া কৰি আছোঁ আৰু তোমাক দায়ূদৰ হাতত শোধাই দিয়া নাই৷ তথাপি তুমি আজি সেই তিৰোতাজনীৰ বিষয়ে মোক দোষী কৰিছা।
כה יעשה אלהים לאבנר וכה יסיף לו כי כאשר נשבע יהוה לדוד--כי כן אעשה לו 9
দায়ূদৰ আগত যিহোৱাই খোৱা শপতৰ দৰে যদি মই তেওঁলৈ কাৰ্য নকৰোঁ, তেনেহলে অবনেৰক তাতকৈয়ো অধিক দণ্ড দিয়ক,
להעביר הממלכה מבית שאול ולהקים את כסא דוד על ישראל ועל יהודה--מדן ועד באר שבע 10
১০চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”
ולא יכל עוד להשיב את אבנר דבר מיראתו אתו 11
১১তাতে ঈচবোচতে অবনেৰক পুনৰ কোনো কথা ক’ব নোৱাৰিলে; কাৰণ অবনেৰলৈ তেওঁ ভয় কৰিলে।
וישלח אבנר מלאכים אל דוד תחתו לאמר למי ארץ לאמר כרתה בריתך אתי והנה ידי עמך להסב אליך את כל ישראל 12
১২পাছত অবনেৰে দায়ূদৰ ওচৰলৈ তেওঁৰ পক্ষ হৈ কবলৈ দূতবোৰ পঠিয়াই দি কোৱালে বোলে, “এই দেশ কাৰ? আপুনি যদি মোৰ লগত এটি চুক্তি কৰে, তেন্তে চাওঁক মই গোটেই ইস্ৰায়েলক আপোনাৰ ফাললৈ নিবলৈ আপোনাৰ সহায় হম।”
ויאמר טוב--אני אכרת אתך ברית אך דבר אחד אנכי שאל מאתך לאמר לא תראה את פני--כי אם לפני הביאך את מיכל בת שאול בבאך לראות את פני 13
১৩দায়ূদে ক’লে, বাৰু, মই তোমাৰ লগত এটি চুক্তি কৰিম, কেৱল এটি বিষয় মই তোমাৰ পৰা বিচাৰো যে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিবা, তেতিয়া প্ৰথমে চৌলৰ জীয়েক মীখলক নানিলে, মোক দেখা নাপাবা।
וישלח דוד מלאכים אל איש בשת בן שאול לאמר תנה את אשתי את מיכל אשר ארשתי לי במאה ערלות פלשתים 14
১৪তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”
וישלח איש בשת ויקחה מעם איש--מעם פלטיאל בן לוש (ליש) 15
১৫তাতে ঈচ্‌বোচতে মানুহ পঠিয়াই লয়িচৰ পুত্ৰ পল্টীয়েল নামেৰে মীখলৰ স্ৱামীৰ পৰা তাইক লৈ আহিল।
וילך אתה אישה הלוך ובכה אחריה--עד בחרים ויאמר אליו אבנר לך שוב וישב 16
১৬তেতিয়া তাইৰ স্ৱামীয়ে তাইৰ পাছে পাছে কান্দি কান্দি বহূৰীমলৈকে তাইৰ লগত আহিল। পাছত অবনেৰে তেওঁক ক’লে, “যোৱা, ঘৰলৈ উভটি যোৱা।” তাতে তেওঁ উভটি গ’ল।
ודבר אבנר היה עם זקני ישראל לאמר גם תמול גם שלשם הייתם מבקשים את דוד למלך עליכם 17
১৭পাছত অবনেৰে ইস্ৰায়েলৰ বৃদ্ধ লোকসকলৰ লগত কথোপকথন কৰি ক’লে, “দায়ূদক তোমালোকৰ ওপৰত ৰজা পাতিবলৈ তোমালোকে পূৰ্বতে চেষ্টা কৰিছিলা।
ועתה עשו כי יהוה אמר אל דוד לאמר ביד דוד עבדי הושיע את עמי ישראל מיד פלשתים ומיד כל איביהם 18
১৮এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।”
וידבר גם אבנר באזני בנימין וילך גם אבנר לדבר באזני דוד בחברון את כל אשר טוב בעיני ישראל ובעיני כל בית בנימן 19
১৯অবনেৰে বিন্যামীনৰ লোকসকলৰ লগত ব্যক্তিগতভাৱে কথা হ’ল৷ তাৰ পাছত ইস্ৰায়েল বংশ ও বিন্যামীনৰ গোটেই বংশই যি সম্পূর্ণ কৰিবলৈ ইচ্ছা কৰিছিল, সেই বিষয়ে অবনেৰে দায়ূদৰ আগত জনাবৰ বাবে হিব্ৰোণলৈ গ’ল।
ויבא אבנר אל דוד חברון ואתו עשרים אנשים ויעש דוד לאבנר ולאנשים אשר אתו משתה 20
২০এইদৰে দায়ূদক দেখা কৰিবলৈ অবনেৰে তেওঁৰ বিশজন লোকক নিজৰ লগত লৈ হিব্ৰোণলৈ আহিল। তাতে দায়ূদে অবনেৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে ভোজ পাতিলে।
ויאמר אבנר אל דוד אקומה ואלכה ואקבצה אל אדני המלך את כל ישראל ויכרתו אתך ברית ומלכת בכל אשר תאוה נפשך וישלח דוד את אבנר וילך בשלום 21
২১অবনেৰে দায়ূদৰ ওচৰত বাখ্যা কৰি ক’লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইস্ৰায়েলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰে সৈতে এটি চুক্তি কৰিব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত দায়ূদে অবনেৰক বিদাই দিয়াত, তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
והנה עבדי דוד ויואב בא מהגדוד ושלל רב עמם הביאו ואבנר איננו עם דוד בחברון--כי שלחו וילך בשלום 22
২২তাৰ পাছত দায়ূদৰ সৈন্যসকল আৰু যোৱাবে কোনো ঠাইত লুটকৰি উভটি অহিছিল আৰু তেওঁলোকে লগত বহুত লুট দ্ৰব্য আনিছিল৷ তেতিয়া অবনেৰ দায়ূদৰ লগত হিব্ৰোণত নাছিল৷ কিয়নো দায়ূদে তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।
ויואב וכל הצבא אשר אתו באו ויגדו ליואב לאמר בא אבנר בן נר אל המלך וישלחהו וילך בשלום 23
২৩যেতিয়া যোৱাব আৰু তেওঁৰ লগৰ আটাই সৈন্যদলৰ সৈতে আহিল, লোকসকলে যোৱাবক ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰজাৰ ওচৰলৈ আহিছিল; আৰু ৰজাই তেওঁক বিদায় দিয়াত তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।”
ויבא יואב אל המלך ויאמר מה עשיתה הנה בא אבנר אליך למה זה שלחתו וילך הלוך 24
২৪তেতিয়া যোৱাবে ৰজাৰ আগলৈ আহি ক’লে, আপুনি কি কৰিলে? চাওঁক, অবনেৰে আপোনাৰ ওচৰলৈ আহিছিল! আপুনি তাক বিদায় দি কিয় শান্তিৰে যাবলৈ দিলে?
ידעת את אבנר בן נר כי לפתתך בא ולדעת את מוצאך ואת מבואך (מובאך) ולדעת את כל אשר אתה עשה 25
২৫আপুনি নাজানে জানো, যে নেৰৰ পুত্ৰ অবনেৰকে আপোনাক ভূলাবলৈ আৰু আপোনাৰ পৰিকল্পনাসমূহ উদ্‌ঘাতন কৰিবলৈ আৰু আপুনি যি যি কৰি আছে, সেই সকলোৰ বিষয়ে বুজিবলৈহে তেওঁ আহিছিল।
ויצא יואב מעם דוד וישלח מלאכים אחרי אבנר וישבו אתו מבור הסרה ודוד לא ידע 26
২৬যেতিয়া যোৱাবে দায়ূদৰ ওচৰৰ পৰা বাহিৰ ওলাই আহিল, তেতিয়া তেওঁ অবনেৰৰ পাছত দূত পঠিয়াই দিলে আৰু তেওঁলোকে গৈ চিৰা নাদৰ ওচৰৰ পৰা অবনেৰক ওভোটাই আনিলে, কিন্তু দায়ূদে এই কথাৰ বুজ নাপালে।
וישב אבנר חברון ויטהו יואב אל תוך השער לדבר אתו בשלי ויכהו שם החמש--וימת בדם עשהאל אחיו 27
২৭যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।
וישמע דוד מאחרי כן ויאמר נקי אנכי וממלכתי מעם יהוה עד עולם--מדמי אבנר בן נר 28
২৮যেতিয়া দায়ূদে সেই কথা শুনিলে, তেতিয়া তেওঁ ক’লে, “নেৰৰ পুত্ৰ অবনেৰ ৰক্তপাতৰ বিষয়ে মই আৰু মোৰ ৰাজ্য যিহোৱাৰ দৃষ্টিত সদাকাললৈকে নিৰ্দ্দোষী।
יחלו על ראש יואב ואל כל בית אביו ואל יכרת מבית יואב זב ומצרע ומחזיק בפלך ונפל בחרב--וחסר לחם 29
২৯সেই ৰক্তপাতৰ দোষ যোৱাবৰ আৰু তাৰ গোটেই পিতৃ-বংশৰ ওপৰত পৰোক৷ আৰু যোৱাবৰ দেশত প্ৰমেহ ৰোগী, কুষ্ঠী, লাখুটিত ভৰ দিওঁতা, তৰোৱালৰ দ্বাৰায় পৰা, বা খাবলৈ নোপোৱা, এনে প্ৰকাৰৰ লোকৰ অভাব নহওঁক।”
ויואב ואבישי אחיו הרגו לאבנר על אשר המית את עשהאל אחיהם בגבעון--במלחמה 30
৩০এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।
ויאמר דוד אל יואב ואל כל העם אשר אתו קרעו בגדיכם וחגרו שקים וספדו לפני אבנר והמלך דוד הלך אחרי המטה 31
৩১পাছত দায়ূদে যোৱাব আৰু তেওঁৰ লগত থকা সকলো লোকক ক’লে, তোমালোকে তোমালোকৰ কাপোৰ ফালি কঁকালত চট পিন্ধা আৰু শোক কৰি কৰি অবনেৰৰ শৱৰ আগে আগে চলা। আৰু দায়ুদ ৰজাও মৰা শৱৰ চাঙৰ পাছে পাছে গ’ল৷
ויקברו את אבנר בחברון וישא המלך את קולו ויבך אל קבר אבנר ויבכו כל העם 32
৩২পাছত তেওঁলোকে হিব্ৰোণত অবনেৰক মৈদাম দিলে৷ সেই সময়ত ৰজাই অবনেৰৰ মৈদামৰ ওচৰত বৰ মাতেৰে ক্ৰন্দন কৰিলে আৰু আন সকলো লোকেও কান্দিলে।
ויקנן המלך אל אבנר ויאמר הכמות נבל ימות אבנר 33
৩৩ৰজাই অবনেৰৰ বিষয়ে বিলাপ কৰি গীত গালে, “অবনেৰো অজ্ঞানৰ দৰে মৰিব লাগেনে?
ידך לא אסרות ורגליך לא לנחשתים הגשו כנפול לפני בני עולה נפלת ויספו כל העם לבכות עליו 34
৩৪তোমাৰ হাত বন্ধা নাছিল৷ তোমাৰ ভৰিতো বেড়ী লগোৱা নাছিল৷ অন্যায় কৰোঁতা লোকৰ আগত পতিত হোৱা জনৰ দৰে তুমি পতিত থ’লো।” পাছত সকলো লোকে তেওঁৰ কাৰণে পুনৰাই ক্ৰন্দন কৰিলে।
ויבא כל העם להברות את דוד לחם--בעוד היום וישבע דוד לאמר כה יעשה לי אלהים וכה יסיף כי אם לפני בוא השמש אטעם לחם או כל מאומה 35
৩৫পাছত আটাই লোকে বেলি থাকোঁতেই দায়ূদক ভোজন কৰাবলৈ আহিলত, দায়ূদে এই শপত খালে, “বেলি মাৰ নৌ যাওঁতে মই যদি পিঠা বা আন কিবা বস্তুৰেই আস্বাদ লওঁ, তেন্তে ঈশ্বৰে মোক অমুক আৰু তাতোকৈয়ো অধিক দণ্ড দিয়ক।”
וכל העם הכירו וייטב בעיניהם ככל אשר עשה המלך בעיני כל העם טוב 36
৩৬তাতে সকলো লোকে তেওঁৰ এই ব্যৱহাৰ দেখি সন্তোষ পালে; আৰু ৰজাই যি যি কৰিছিল, তাতো সকলো লোকে সন্তোষ পাইছিল।
וידעו כל העם וכל ישראל ביום ההוא כי לא היתה מהמלך להמית את אבנר בן נר 37
৩৭আৰু নেৰৰ পুত্ৰ অবনেৰক বধ কৰা কথাত ৰজাৰ যে অনুমতি নাই, তাক সকলো লোকে আৰু সকলো ইস্ৰায়েলেও সেই দিনা বুজি পালে।
ויאמר המלך אל עבדיו הלוא תדעו--כי שר וגדול נפל היום הזה בישראל 38
৩৮পাছে ৰজাই তেওঁৰ দাসবোৰক ক’লে, আজি যে ইস্ৰায়েলৰ মাজত প্ৰধান আৰু মহান লোক এজন পতিত হ’ল, তাক জানো তোমালোকে নাজানা নে?
ואנכי היום רך ומשוח מלך והאנשים האלה בני צרויה קשים ממני ישלם יהוה לעשה הרעה כרעתו 39
৩৯অভিষিক্ত ৰজা হ’লেও আজি মই দূৰ্ব্বল৷ এইকেইজনলোক আৰু চৰূয়াৰ পুত্ৰসকল মোৰ বাবে অতি পাষবিক৷ যিহোৱাই কুকৰ্ম কৰাসকলক তেওঁলোকৰ অসৎ ব্যৱহাৰৰ কাৰণে পাব লগীয়া উচিত প্ৰতিফল দিয়ক।

< שמואל ב 3 >