< מלכים ב 21 >
בן שתים עשרה שנה מנשה במלכו וחמשים וחמש שנה מלך בירושלם ושם אמו חפצי בה | 1 |
১মনচি বাৰ বছৰ বয়সত ৰজা হৈছিল আৰু তেওঁ যিৰূচালেমত পঁচপন্ন বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল হেফচীবা।
ויעש הרע בעיני יהוה--כתועבת הגוים אשר הוריש יהוה מפני בני ישראל | 2 |
২যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
וישב ויבן את הבמות אשר אבד חזקיהו אביו ויקם מזבחת לבעל ויעש אשרה כאשר עשה אחאב מלך ישראל וישתחו לכל צבא השמים ויעבד אתם | 3 |
৩তেওঁৰ পিতৃ হিষ্কিয়াই ওখ ঠাইৰ যি মঠবোৰ বিনষ্ট কৰিছিল, সেইবোৰ তেওঁ পুনৰ সাজিছিল; ইস্ৰায়েলৰ ৰজা আহাবে যেনেকৈ কৰিছিল, তেনেকৈ তেৱোঁ বাল দেৱতাৰ উদ্দেশ্যে বেদীবোৰ নির্মাণ কৰিছিল আৰু এটা আচেৰা মুর্তিও সাজিছিল; তেওঁ আকাশৰ তৰাবোৰক প্রণাম জনাইছিল আৰু সেইবোৰৰ সেৱাপূজা কৰিছিল।
ובנה מזבחת בבית יהוה אשר אמר יהוה בירושלם אשים את שמי | 4 |
৪যদিও যিহোৱাই এই আজ্ঞা দিছিল যে, “মই যিৰূচালেমত চিৰকাললৈকে মোৰ নাম স্থাপন কৰিম”, তথাপিও মনচিয়ে যিহোৱাৰ গৃহত কিছুমান বেদী নির্মাণ কৰিছিল।
ויבן מזבחות לכל צבא השמים בשתי חצרות בית יהוה | 5 |
৫যিহোৱাৰ গৃহৰ দুয়োখন চোতালতে তেওঁ আকাশৰ সকলো তৰাবোৰৰ উদ্দেশ্যে কিছুমান বেদী নিৰ্ম্মাণ কৰিছিল।
והעביר את בנו באש ועונן ונחש ועשה אוב וידענים הרבה לעשות הרע בעיני יהוה--להכעיס | 6 |
৬তেওঁ নিজৰ পুত্রক হোমবলি দি অগ্নিত আহুতি দিছিল; তেওঁ মঙ্গল চোৱা কার্য আৰু মায়াকর্মৰ অভ্যাস কৰিছিল। তেওঁ ভূত পোহা আৰু মৃত আত্মাবোৰৰ সৈতে কথোপকথন কৰাসকলৰ পৰা পৰামর্শ লৈছিল। যিহোৱাৰ দৃষ্টিত এইদৰে অনেক বেয়া কার্য কৰি তেওঁ ঈশ্বৰক ক্রোধাম্বিত কৰিছিল।
וישם את פסל האשרה אשר עשה--בבית אשר אמר יהוה אל דוד ואל שלמה בנו בבית הזה ובירושלם אשר בחרתי מכל שבטי ישראל אשים את שמי לעולם | 7 |
৭তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।
ולא אסיף להניד רגל ישראל מן האדמה אשר נתתי לאבותם רק אם ישמרו לעשות ככל אשר צויתים ולכל התורה אשר צוה אתם עבדי משה | 8 |
৮ইস্রায়েলীয়াসকলে যদি কেৱল মোৰ সকলো আজ্ঞা যত্নেৰে পালন কৰে আৰু মোৰ দাস মোচিয়ে তেওঁলোকক দিয়া সকলো বিধান অনুসাৰে চলে, তেন্তে তেওঁলোকৰ পূর্বপুৰুষসকলক মই যি দেশ দিলোঁ, সেই দেশৰ পৰা তেওঁলোকৰ ভৰি লৰচৰ নকৰিম।”
ולא שמעו ויתעם מנשה לעשות את הרע מן הגוים אשר השמיד יהוה מפני בני ישראל | 9 |
৯কিন্তু লোকসকলে সেই কথা নুশুনিলে; মনচিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিলে; এনেকি যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ লোকসকলৰ সন্মুখৰ পৰা উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিবলৈ ধৰিলে।
וידבר יהוה ביד עבדיו הנביאים לאמר | 10 |
১০তেতিয়া যিহোৱাই তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই এই কথা ক’লে,
יען אשר עשה מנשה מלך יהודה התעבות האלה--הרע מכל אשר עשו האמרי אשר לפניו ויחטא גם את יהודה בגלוליו | 11 |
১১“যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”
לכן כה אמר יהוה אלהי ישראל הנני מביא רעה על ירושלם ויהודה אשר כל שמעיו (שמעה)--תצלנה שתי אזניו | 12 |
১২সেয়ে, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, “মই শীঘ্রেই যিৰূচালেম আৰু যিহূদালৈ এনে অমঙ্গল আনিম যে, যেয়ে তাক শুনিব, তেওঁলোক সকলো শিয়ৰি উঠিব।
ונטיתי על ירושלם את קו שמרון ואת משקלת בית אחאב ומחיתי את ירושלם כאשר ימחה את הצלחת מחה והפך על פניה | 13 |
১৩মই যিৰূচালেমৰ ওপৰত চমৰিয়াৰ বিৰুদ্ধে যি মাপ-জৰী আৰু আহাবৰ বংশৰ বিৰুদ্ধে যি উলম্ব-জৰী ব্যৱহাৰ কৰিছিলোঁ, তাক বিস্তৃত কৰিম। মানুহে যেনেকৈ এখন বাচন মচে আৰু মচা হ’লে, তাক তলমুৱাকৈ উবুৰিয়াই থয়, তেনেকৈয়ে মই যিৰূচালেমক মচি চাফা কৰিম।
ונטשתי את שארית נחלתי ונתתים ביד איביהם והיו לבז ולמשסה לכל איביהם | 14 |
১৪মোৰ লোকসকলৰ বাকী অংশক মই ত্যাগ কৰিম আৰু শত্ৰুবোৰৰ হাতত তেওঁলোকক শোধাই দিম; তাতে তেওঁলোক শত্রুবোৰৰ চিকাৰ হ’ব আৰু তেওঁলোকৰ সকলো বস্তু শত্রুবোৰে লুট কৰি নিব।
יען אשר עשו את הרע בעיני ויהיו מכעסים אתי--מן היום אשר יצאו אבותם ממצרים ועד היום הזה | 15 |
১৫কিয়নো মোৰ দৃষ্টিত যি বেয়া তেওঁলোকে তাকেই কৰিলে; যিদিনা তেওঁলোকৰ পূর্বপুৰুষসকল মিচৰ দেশৰ পৰা ওলাই আহিছিল, সেইদিনাৰ পৰা আজিলৈকে তেওঁলোকে মোক খং উঠাই আহিছে।”
וגם דם נקי שפך מנשה הרבה מאד עד אשר מלא את ירושלם פה לפה--לבד מחטאתו אשר החטיא את יהודה לעשות הרע בעיני יהוה | 16 |
১৬তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।
ויתר דברי מנשה וכל אשר עשה וחטאתו אשר חטא הלא הם כתובים על ספר דברי הימים--למלכי יהודה | 17 |
১৭মনচিৰ অন্যান্য সকলো বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্য আৰু পাপ কৰ্মৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
וישכב מנשה עם אבתיו ויקבר בגן ביתו בגן עזא וימלך אמון בנו תחתיו | 18 |
১৮পাছত মনচি তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁক নিজৰ ঘৰৰ বাৰীত অৰ্থাৎ উজ্জাৰ বাৰীত মৈদাম দিলে। তেওঁৰ পুত্ৰ আমোন তেওঁৰ পদত ৰজা হ’ল।
בן עשרים ושתים שנה אמון במלכו ושתים שנים מלך בירושלם ושם אמו משלמת בת חרוץ מן יטבה | 19 |
১৯বাইশ বছৰ বয়সত আমোন ৰজা হৈছিল আৰু যিৰূচালেমত তেওঁ দুই বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল মচুল্লেমৎ; তেওঁ যটবা নিবাসী হাৰূচৰ জীয়েক আছিল।
ויעש הרע בעיני יהוה כאשר עשה מנשה אביו | 20 |
২০আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।
וילך בכל הדרך אשר הלך אביו ויעבד את הגללים אשר עבד אביו וישתחו להם | 21 |
২১তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।
ויעזב את יהוה אלהי אבתיו ולא הלך בדרך יהוה | 22 |
২২তেওঁৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাক তেওঁ ত্যাগ কৰিলে আৰু যিহোৱাৰ পথত নচলিলে।
ויקשרו עבדי אמון עליו וימיתו את המלך בביתו | 23 |
২৩পাছত আমোনৰ দাসবোৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ৰাজগৃহতে তেওঁক বধ কৰিলে।
ויך עם הארץ את כל הקשרים על המלך אמון וימליכו עם הארץ את יאשיהו בנו תחתיו | 24 |
২৪কিন্তু যিসকলে ৰজা আমোনৰ বিৰুদ্ধে ষড়যন্ত্র কৰিছিল, দেশৰ লোকসকলে তেওঁলোক সকলোকে বধ কৰিলে আৰু আমোনৰ পুত্ৰ যোচিয়াক তেওঁলোকে ৰজা পাতিলে।
ויתר דברי אמון אשר עשה הלא הם כתובים על ספר דברי הימים--למלכי יהודה | 25 |
২৫আমোনৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
ויקבר אתו בקברתו בגן עזא וימלך יאשיהו בנו תחתיו | 26 |
২৬পাছত উজ্জাৰ বাৰীত থকা নিজৰ মৈদামনিত তেওঁক মৈদাম দিলে। তেওঁৰ পুত্ৰ যোচিয়া তেওঁৰ পদত ৰজা হ’ল।