< מלכים א 9 >
ויהי ככלות שלמה לבנות את בית יהוה ואת בית המלך ואת כל חשק שלמה אשר חפץ לעשות | 1 |
১চলোমনে যিহোৱাৰ গৃহ, ৰাজ-গৃহ আৰু নিজ ইচ্ছামতে যি যি কৰ্ম কৰিবলৈ তেওঁ স্থিৰ কৰিছিল, সেই আটাইকে সম্পূর্ণৰূপে সম্পন্ন কৰিলে।
וירא יהוה אל שלמה שנית כאשר נראה אליו בגבעון | 2 |
২গিবিয়োনত দৰ্শন দিয়াৰ দৰে, যিহোৱাই দ্বিতীয় বাৰ চলোমনক দৰ্শন দিলে।
ויאמר יהוה אליו שמעתי את תפלתך ואת תחנתך אשר התחננתה לפני--הקדשתי את הבית הזה אשר בנתה לשום שמי שם עד עולם והיו עיני ולבי שם כל הימים | 3 |
৩যিহোৱাই তেওঁক ক’লে, “তুমি মোৰ আগত কৰা তোমাৰ প্ৰাৰ্থনা আৰু মিনতি মই শুনিলোঁ৷ তুমি নিৰ্মাণ কৰা এই গৃহত মোৰ নাম চিৰকাললৈকে স্থাপন কৰিবৰ অর্থে মই এই গৃহক পবিত্ৰ কৰিলোঁ আৰু এই ঠাইত সদায় মোৰ চকু আৰু মোৰ মন থাকিব।
ואתה אם תלך לפני כאשר הלך דוד אביך בתם לבב ובישר לעשות ככל אשר צויתיך--חקי ומשפטי תשמר | 4 |
৪তুমি যদি তোমাৰ পিতৃ দায়ূদৰ দৰে একান্ত মনে সৰল ভাৱে মোৰ সাক্ষাতে চলা, আৰু মই তোমাক দিয়া সকলো আজ্ঞা পালন কৰা, মোৰ বিধি আৰু শাসন প্ৰনালীবোৰ মানি চলা,
והקמתי את כסא ממלכתך על ישראל--לעלם כאשר דברתי על דוד אביך לאמר לא יכרת לך איש מעל כסא ישראל | 5 |
৫তেতিয়া মই ইস্ৰায়েলৰ ওপৰত তোমাৰ ৰাজসিংহাসন চিৰকাললৈকে স্থাপন কৰিম; যেনেদৰে মই তোমাৰ পিতৃ দায়ুদৰ আগত প্ৰতিজ্ঞা কৰি কৈছিলোঁ বোলে, ‘ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ বংশৰ মানুহৰ কেতিয়াও অভাৱ নহ’ব৷’
אם שוב תשבון אתם ובניכם מאחרי ולא תשמרו מצותי חקתי אשר נתתי לפניכם והלכתם ועבדתם אלהים אחרים והשתחויתם להם | 6 |
৬কিন্তু তুমি বা তোমালোকৰ সন্তান সকলৰ কোনোৱে যদি কেনেবাকৈ মোৰ পাছত চলিবলগীয়া পথৰ পৰা ঘূৰা বা তোমালোকৰ আগত স্থাপন কৰা মোৰ আজ্ঞা আৰু বিধিবোৰ পালন নকৰি ইতৰ দেৱতাবোৰক সেৱা পুজা কৰা আৰু সিহঁতৰ আগত প্ৰণিপাত কৰা,
והכרתי את ישראל מעל פני האדמה אשר נתתי להם ואת הבית אשר הקדשתי לשמי אשלח מעל פני והיה ישראל למשל ולשנינה בכל העמים | 7 |
৭তেতিয়া মই ইস্ৰায়েলক দিয়া দেশৰ পৰা তেওঁলোকক উচ্ছন্ন কৰিম আৰু মই নিজৰ কাৰণে পবিত্ৰ কৰা যি গৃহ - সেই গৃহ মোৰ দৃষ্টিৰ পৰা দূৰ কৰিম৷ তাতে সকলো জাতিৰ মাজত ‘ইস্ৰায়েল’ নামটো কেৱল এটা প্ৰবাদ আৰু ঠাট্টাৰ বিষয় হ’ব।
והבית הזה יהיה עליון כל עבר עליו ישם ושרק ואמרו על מה עשה יהוה ככה לארץ הזאת ולבית הזה | 8 |
৮আৰু যিহেতু এতিয়া এই মন্দিৰ ইমান মহৎ, যিসকলে ইয়াৰ কাষেদি যাব, তেওঁলোকে আচৰিত মানিব আৰু ফোঁচফোঁচাব৷ তেতিয়া তেওঁলোকে সুধিব, ‘এই দেশ আৰু এই গৃহলৈ যিহোৱাই কিয় এইৰূপে কাৰ্য কৰিলে?’
ואמרו על אשר עזבו את יהוה אלהיהם אשר הוציא את אבתם מארץ מצרים ויחזקו באלהים אחרים וישתחו (וישתחוו) להם ויעבדם על כן הביא יהוה עליהם את כל הרעה הזאת | 9 |
৯তাতে আন আন লোকবোৰে উত্তৰ দি ক’ব, ‘কিয়নো তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনা ঈশ্বৰ যিহোৱাক তেওঁলোকে ত্যাগ কৰিলে আৰু ইতৰ দেৱতাবোৰত আসক্ত হৈ তেওঁলোকে সেইবোৰৰ আগত প্ৰণিপাত কৰি সেইবোৰক সেৱা পুজা কৰিলে৷ সেই কাৰণে যিহোৱাই তেওঁলোকৰ ওপৰত এই আটাই অমঙ্গল ঘটালে’।”
ויהי מקצה עשרים שנה אשר בנה שלמה את שני הבתים--את בית יהוה ואת בית המלך | 10 |
১০যিহোৱাৰ মন্দিৰ আৰু ৰাজগৃহ, এই দুটা সাজি শেষ কৰিবলৈ চলোমনৰ বিশ বছৰ লাগিছিল।
חירם מלך צר נשא את שלמה בעצי ארזים ובעצי ברושים ובזהב--לכל חפצו אז יתן המלך שלמה לחירם עשרים עיר בארץ הגליל | 11 |
১১তূৰৰ ৰজা হীৰমে চলোমনৰ সকলো ইচ্ছাৰ দৰে, এৰচ কাঠ, দেবদাৰু কাঠ আৰু সোণ যোগান ধৰিছিল। সেই বাবে ৰজা চলোমনে হীৰমক গালীল দেশত থকা বিশখন নগৰ দিছিল।
ויצא חירם מצר לראות את הערים אשר נתן לו שלמה ולא ישרו בעיניו | 12 |
১২তেতিয়া হীৰমে ৰজা চলোমনে দিয়া নগৰ চাবলৈ তূৰৰ পৰা আহিল, কিন্তু তেওঁ সেই নগৰবোৰ দেখি সন্তুষ্ট নহ’ল।
ויאמר--מה הערים האלה אשר נתתה לי אחי ויקרא להם ארץ כבול עד היום הזה | 13 |
১৩সেয়ে তেওঁ ক’লে, “হে মোৰ ভাই, তুমি মোক কেনেকুৱা নগৰবোৰ দিলা?” এই হেতুকে হীৰমে সেই নগৰবোৰৰ নাম কাবূল দেশ ৰাখিলে, এই নাম আজিলৈকে আছে।
וישלח חירם למלך מאה ועשרים ככר זהב | 14 |
১৪হীৰমে এশ বিশ কিক্কৰ সোণ ৰজালৈ পঠাই দিলে।
וזה דבר המס אשר העלה המלך שלמה לבנות את בית יהוה ואת ביתו ואת המלוא ואת חומת ירושלם ואת חצר ואת מגדו ואת גזר | 15 |
১৫আৰু ৰজা চলোমনে যিহোৱাৰ গৃহ, নিজৰ গৃহ, মিল্লো, যিৰূচালেমৰ গড় হাচোৰ, মগিদ্দো আৰু গেজৰ নিৰ্ম্মাণ কৰিবলৈ বন্দী কাম কৰিব লগীয়া লোক সমূহক গোটাব লগীয়া বিবৰণ এই।
פרעה מלך מצרים עלה וילכד את גזר וישרפה באש ואת הכנעני הישב בעיר הרג ויתנה שלחים לבתו אשת שלמה | 16 |
১৬মিচৰৰ ৰজা ফৰৌণে উঠি গৈ গেজৰ হাত কৰি লৈ জুইৰে পুৰি ভষ্ম কৰিছিল আৰু সেই নগৰ নিবাসী কনানীয়াবোৰক বধ কৰি তাক নিজৰ জীয়েক চলোমনৰ ভাৰ্য্যাৰ যৌতুকত দিছিল।
ויבן שלמה את גזר ואת בית חרן תחתון | 17 |
১৭আৰু ৰজা চলোমনে গেজৰ, তলৰ বৈৎ-হোৰোণ,
ואת בעלת ואת תמר (תדמר) במדבר בארץ | 18 |
১৮বালৎ, দেশৰ মৰুভূমিত থকা তামৰ,
ואת כל ערי המסכנות אשר היו לשלמה ואת ערי הרכב ואת ערי הפרשים ואת חשק שלמה אשר חשק לבנות בירושלם ובלבנון ובכל ארץ ממשלתו | 19 |
১৯তেওঁ অধিকাৰ কৰা সকলো ভঁৰাল-নগৰবোৰ, ৰথ আৰু অশ্বাৰোহীসকলৰ নগৰবোৰ আদি যিৰূচালেমত ও লিবানোনত আৰু নিজে শাসন কৰা দেশৰ সকলো ফালে যি যি নিৰ্ম্মাণ কৰিবলৈ চলোমনৰ ইচ্ছা আছিল, সেই সকলোকে তেওঁ নিৰ্ম্মাণ কৰিলে।
כל העם הנותר מן האמרי החתי הפרזי החוי והיבוסי אשר לא מבני ישראל המה | 20 |
২০ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নোহোৱা অৱশিষ্ট থকা ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া লোকসকলৰ
בניהם אשר נתרו אחריהם בארץ אשר לא יכלו בני ישראל להחרימם ויעלם שלמה למס עבד עד היום הזה | 21 |
২১যি সন্তান সকল সেই দেশত অৱশিষ্ট থাকিল, যিবোৰক ইস্ৰায়েলৰ সন্তান সকলে নিঃশেষ হোৱাকৈ বিনষ্ট কৰিব নোৱাৰিলে - সিহঁতৰ মাজৰ পৰাই বন্দী কামৰ বাবে ৰজা চলোমনে মানুহ গোটালে, আৰু এই লোকসকলে আজিলৈকে তাকেই কৰি আছে।
ומבני ישראל לא נתן שלמה עבד כי הם אנשי המלחמה ועבדיו ושריו ושלישיו ושרי רכבו ופרשיו | 22 |
২২কিন্তু ৰজা চলোমনে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো লোকক বন্দী কামত নলগালে। বৰং তেওঁলোক ৰণুৱা, তেওঁৰ দাস, তেওঁৰ মন্ত্ৰী, তেওঁৰ বিষয়া, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষহে হ’ল।
אלה שרי הנצבים אשר על המלאכה לשלמה חמשים וחמש מאות--הרדים בעם העשים במלאכה | 23 |
২৩তেওঁলোকৰ মাজৰ পাঁচ শ পঞ্চাশ জন লোক ৰজা চলোমনৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে কাম কৰোঁতা সকলক চলাইছিল।
אך בת פרעה עלתה מעיר דוד אל ביתה אשר בנה לה אז בנה את המלוא | 24 |
২৪পাছত ৰজা ফৰৌণৰ জীয়েকে দায়ূদৰ নগৰৰ পৰা, তেওঁৰ বাবে চলোমনে সজা নিজ ঘৰলৈ অাহিল৷ পিছত ৰজা চলোমনে মিল্লো নিৰ্ম্মাণ কৰিলে।
והעלה שלמה שלש פעמים בשנה עלות ושלמים על המזבח אשר בנה ליהוה והקטיר אתו אשר לפני יהוה ושלם את הבית | 25 |
২৫আৰু ৰজা চলোমনে যিহোৱাৰ বাবে যি যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে, তাৰ ওপৰত বছৰৰ ভিতৰত তিনিবাৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিছিল আৰু তাৰে সৈতে তেওঁ যিহোৱাৰ সন্মুখত থকা বেদীত ধূপ জ্বলাইছিল৷ এইদৰে তেওঁ গৃহটিৰ কাৰ্য সমাপ্ত কৰিছিল।
ואני עשה המלך שלמה בעציון גבר אשר את אלות על שפת ים סוף--בארץ אדום | 26 |
২৬ৰজা চলোমনে ইদোম দেশৰ চূফ সাগৰ তীৰত থকা এলতৰ ওচৰৰ ইচিয়োন-গেবৰত এখন জাহাজ সাজিছিল।
וישלח חירם באני את עבדיו אנשי אניות ידעי הים--עם עבדי שלמה | 27 |
২৭তাতে হীৰমে ৰজা চলোমনৰ দাসবোৰৰ লগত, সামুদ্ৰিক কাৰ্যত নিজৰ নিপুণ নাবিক দাসবোৰক জাহাজলৈ পঠিয়াইছিল।
ויבאו אופירה--ויקחו משם זהב ארבע מאות ועשרים ככר ויבאו אל המלך שלמה | 28 |
২৮তেওঁলোকে ৰজা চলোমনৰ দাসবোৰৰ সৈতে ওফীৰলৈ গৈছিল, আৰু তাৰ পৰা চাৰি শ বিশ কিক্কৰ সোণ ৰজা চলোমনৰ কাৰণে লৈ আহিছিল।