< דברי הימים א 17 >
ויהי כאשר ישב דויד בביתו ויאמר דויד אל נתן הנביא הנה אנכי יושב בבית הארזים וארון ברית יהוה תחת יריעות | 1 |
১দায়ূদে নিজৰ ঘৰত স্থায়ীভাৱে বাস কৰাৰ পাছত, তেওঁ নাথন ভাববাদীক ক’লে, “চোৱা, মই এৰচ কাঠেৰে সজা ঘৰত বাস কৰি আছোঁ, কিন্তু যিহোৱাৰ নিয়ম-চন্দুক তম্বুৰ ভিতৰত আছে।”
ויאמר נתן אל דויד כל אשר בלבבך עשה כי האלהים עמך | 2 |
২তেতিয়া নাথনে দায়ূদক ক’লে, “যাওক, আপোনাৰ মনৰ ভিতৰত যি আছে, তাকে কৰক, কাৰণ ঈশ্বৰ আপোনাৰ লগত আছে।”
ויהי בלילה ההוא ויהי דבר אלהים אל נתן לאמר | 3 |
৩কিন্তু সেই ৰাতিয়েই নাথনলৈ ঈশ্বৰৰ বাক্য আহিল আৰু ক’লে,
לך ואמרת אל דויד עבדי כה אמר יהוה לא אתה תבנה לי הבית לשבת | 4 |
৪“তুমি যোৱা, মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: মই বাস কৰিবলৈ মোৰ বাবে তুমি ঘৰ নাসাজিবা।
כי לא ישבתי בבית מן היום אשר העליתי את ישראל עד היום הזה ואהיה מאהל אל אהל וממשכן | 5 |
৫কাৰণ মই ইস্ৰায়েলক উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো ঘৰত বাস কৰা নাই। বৰঞ্চ এটা তম্বুত, এটা আবাসত আৰু বিভিন্ন ঠাইত বাস কৰি আছোঁ।
בכל אשר התהלכתי בכל ישראל הדבר דברתי את אחד שפטי ישראל אשר צויתי לרעות את עמי לאמר למה לא בניתם לי בית ארזים | 6 |
৬ইস্ৰায়েলৰ মাজত মই ঠাই সমূহ সলাই থাকোঁতে ইস্ৰায়েলৰ প্ৰজাসকলক প্ৰতিপালন কৰিবলৈ যি সকলক মই নিযুক্ত কৰিছিলোঁ, তেওঁলোকৰ কোনো এজন জানো কৈছিলোঁ, “তোমালোকে কিয় মোৰ বাবে এৰচ কাঠৰ ঘৰ নিৰ্ম্মাণ কৰা নাই?””
ועתה כה תאמר לעבדי לדויד כה אמר יהוה צבאות אני לקחתיך מן הנוה מן אחרי הצאן--להיות נגיד על עמי ישראל | 7 |
৭“সেয়ে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মোৰ ইস্ৰায়েলৰ লোকসকলৰ ওপৰত প্রশাসক হ’বলৈ, মই তোমাক চৰণীয়া ঠাইৰ পৰা, আৰু মেৰৰ জাকৰ পাছে পাছে যোৱাৰ পৰা বাচি ললোঁ।
ואהיה עמך בכל אשר הלכת ואכרית את כל אויביך מפניך ועשיתי לך שם כשם הגדולים אשר בארץ | 8 |
৮আৰু তুমি যি যি ঠাইলৈ গৈছিলা, মই তোমাৰ লগত থাকি তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুবোৰক ছেদন কৰিলোঁ। আৰু পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
ושמתי מקום לעמי ישראל ונטעתיהו ושכן תחתיו ולא ירגז עוד ולא יוסיפו בני עולה לבלתו כאשר בראשונה | 9 |
৯মই মোৰ ইস্ৰায়েলৰ লোকসকলৰ বাবে এটা ঠাই নিৰ্বাচন কৰিম আৰু তেওঁলোকক ৰোপণ কৰিম, সেয়ে তেওঁলোকে নিজৰ ঠাইতে বাস কৰিব পাৰিব আৰু তেওঁলোকক লৰোৱা নহব। দুৰ্জন লোকসকলে তেওঁলোকক উপদ্রৱ কৰিব নোৱাৰিব, যেনেকৈ আগৰ দিনত কৰিছিল,
ולמימים אשר צויתי שפטים על עמי ישראל והכנעתי את כל אויביך ואגד לך ובית יבנה לך יהוה | 10 |
১০যেতিয়া মই মোৰ ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক আজ্ঞা কৰিছিলোঁ যে, মই তোমাৰ শত্ৰুসকলক বশীভূত কৰিম। তদুপৰি মই তোমাক কৈছো যে, মই যিহোৱাই তোমাৰ বাবে এটা ঘৰ নিৰ্ম্মাণ কৰিম।
והיה כי מלאו ימיך ללכת עם אבתיך והקימותי את זרעך אחריך אשר יהיה מבניך והכינותי את מלכותו | 11 |
১১যেতিয়া তোমাৰ আয়ুস সম্পূৰ্ণ হ’ব আৰু তোমাৰ ওপৰ-পিতৃসকলৰ ওচৰলৈ যাব লগা হ’ব, তেতিয়া তোমাৰ পাছত তোমাৰ বংশধৰক বৃদ্ধি কৰিম, আৰু তোমাৰ নিজৰ বংশৰ এজনৰ কাৰণে, মই তেওঁৰ ৰাজ্য স্থাপন কৰিম।
הוא יבנה לי בית וכננתי את כסאו עד עולם | 12 |
১২মোৰ বাবে তেওঁহে এটা ঘৰ নিৰ্ম্মাণ কৰিব, আৰু মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
אני אהיה לו לאב והוא יהיה לי לבן וחסדי לא אסיר מעמו כאשר הסירותי מאשר היה לפניך | 13 |
১৩মই তেওঁৰ পিতৃ হ’ম, আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তোমাৰ পূৰ্বে শাসন কৰা, চৌলৰ পৰা যেনেকৈ মই আঁতৰাইছিলোঁ, তেনেকৈ মই তেওঁৰ পৰা মোৰ বিশ্ৱাসযোগ্য নিয়ম আঁতৰ নকৰোঁ।
והעמדתיהו בביתי ובמלכותי עד העולם וכסאו יהיה נכון עד עולם | 14 |
১৪মোৰ ঘৰত আৰু মোৰ ৰাজ্যত তেওঁক সদায় থিৰে ৰাখিম, আৰু তেওঁৰ সিংহাসন চিৰস্থায়ীভাৱে স্থাপন কৰিম।”
ככל הדברים האלה וככל החזון הזה--כן דבר נתן אל דויד | 15 |
১৫এই সকলো বাক্য, আৰু এই সকলো দৰ্শন অনুসাৰে নাথনে দায়ূদক বিৱৰণ দি ক’লে।
ויבא המלך דויד וישב לפני יהוה ויאמר מי אני יהוה אלהים ומי ביתי כי הביאתני עד הלם | 16 |
১৬তেতিয়া ৰজা দায়ূদে ভিতৰলৈ গৈ যিহোৱাৰ সন্মুখত বহিলে; আৰু তেওঁ ক’লে, “মই নো কোন, ঈশ্বৰ যিহোৱা, আৰু মোৰ পৰিয়ালেই বা কি যে, আপুনি মোক আগ স্থান দিছে?
ותקטן זאת בעיניך אלהים ותדבר על בית עבדך למרחוק וראיתני כתור האדם המעלה--יהוה אלהים | 17 |
১৭আৰু হে ঈশ্বৰ, আপোনাৰ দৃষ্টিত ইও এটা ক্ষুদ্র বিষয় আছিল, আপুনি আপোনাৰ দাসৰ পৰিয়ালৰ বিষয়েও সুদীৰ্ঘদিনৰ কথা কলে, আৰু হে ঈশ্বৰ, মোৰ ভৱিষ্যত পুৰুষসকলকো মোক দেখালে।
מה יוסיף עוד דויד אליך לכבוד את עבדך ואתה את עבדך ידעת | 18 |
১৮আপুনি আপোনাৰ দাসক সন্মান দিছে। আপুনি আপোনাৰ দাসক বিশেষ স্ৱীকৃতি প্রদানৰ বিষয়ে মই, দায়ুদ, আপোনাক পুনৰ কি ক’ম?
יהוה--בעבור עבדך וכלבך עשית את כל הגדולה הזאת להדיע את כל הגדלות | 19 |
১৯হে যিহোৱা, আপোনাৰ দাসৰ বাবে আৰু নিজৰ অভিপ্রায় সিদ্ধ কৰিবলৈ, আপুনি এই মহৎ কৰ্ম সাধন কৰিলে আৰু সকলো মহৎ কৰ্ম প্রকাশ কৰিলে।
יהוה אין כמוך ואין אלהים זולתך בכל אשר שמענו באזנינו | 20 |
২০হে যিহোৱা, আমি সদায় শুনা অনুসাৰে, আপোনাৰ তুল্য কোনো নাই, আৰু আপোনাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই।
ומי כעמך ישראל גוי אחד בארץ אשר הלך האלהים לפדות לו עם לשום לך שם גדלות ונראות--לגרש מפני עמך אשר פדית ממצרים גוים | 21 |
২১আৰু পৃথিৱীৰ মাজত আপোনাৰ ইস্রায়েল লোকসকলৰ দৰে এনে কোন জাতি আছে? আপুনি ঈশ্বৰ যাক নিজৰ লোক কৰিবলৈ মিচৰৰ পৰা মুক্ত কৰিলে, যাতে মহৎ আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই আপোনাৰ নাম কৰিব। আৰু মিচৰৰ পৰা মুক্ত কৰা আপোনাৰ লোকসকলৰ আগৰ পৰা জাতি সমূহক খেদিলে।
ותתן את עמך ישראל לך לעם--עד עולם ואתה יהוה היית להם לאלהים | 22 |
২২তোমাৰ ইস্ৰায়েল লোকসকলক তুমি নিজৰ চিৰস্থায়ী লোক কৰিলা, আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো।
ועתה יהוה--הדבר אשר דברת על עבדך ועל ביתו יאמן עד עולם ועשה כאשר דברת | 23 |
২৩সেয়ে এতিয়া হে যিহোৱা, আপুনি আপোনাৰ দাস আৰু তাৰ পৰিয়ালৰ বিষয়ে যি প্রতিজ্ঞা কৰিলে, তাক সদাকাললৈকে স্থিৰ কৰা হওক। যেনেকৈ আপুনি ক’লে, তেনেকৈয়ে কৰক।
ויאמן ויגדל שמך עד עולם לאמר--יהוה צבאות אלהי ישראל אלהים לישראל ובית דויד עבדך נכון לפניך | 24 |
২৪আপোনাৰ নাম চিৰকালৰ বাবে স্থাপিত আৰু মহিমান্বিত হ’বৰ বাবে লোকসকলে এইদৰে ক’ব, বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ঈশ্বৰ, আপোনাৰ দাস দায়ূদৰ বংশ আপোনাৰ সাক্ষাতে থিৰে থাকিব।
כי אתה אלהי גלית את אזן עבדך לבנות לו בית על כן מצא עבדך להתפלל לפניך | 25 |
২৫কাৰণ হে মোৰ ঈশ্বৰ, মই তোমাৰ বাবে এক বংশ স্থাপন কৰিম বুলি আপুনিয়েই আপোনাৰ দাসৰ আগত প্ৰকাশ কৰিলে। সেই বাবেই মই আপোনাৰ দাস আপোনাৰ আগত প্ৰাৰ্থনা সাহ পালোঁ।
ועתה יהוה אתה הוא האלהים ותדבר על עבדך הטובה הזאת | 26 |
২৬এতিয়া হে যিহোৱা, আপুনি ঈশ্বৰ, আৰু আপুনিয়েই আপোনাৰ দাসলৈ এই মঙ্গল-প্ৰতিজ্ঞা কৰিলে।
ועתה הואלת לברך את בית עבדך להיות לעולם לפניך כי אתה יהוה ברכת ומברך לעולם | 27 |
২৭এতিয়া আপুনি অনুগ্ৰহ কৰি আপোনাৰ দাসৰ বংশক আশীৰ্ব্বাদ কৰক। যাতে আপোনাৰ দাসৰ বংশ যেন আপোনাৰ আগত চিৰকাল থাকে। হে যিহোৱা, আপুনিয়েই আশীৰ্ব্বাদ কৰিলে, আৰু সেয়ে চিৰকাললৈকে আশীৰ্ব্বাদযুক্ত হৈ থাকিব।