< Ru’uya ta Yohanna 12 >
1 Aka ga wata babbar alama a sama: wata mace ta yi lullubi da rana, kuma wata na karkashin kafafunta; rawanin taurari goma sha biyu na bisa kanta.
১পাছত স্বৰ্গত এটা মহৎ চিন দেখা গ’ল: এজনী তিৰোতা দেখা গ’ল; তেওঁ কাপোৰৰ সৈতে সুৰ্য্যক পিন্ধিছিল আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তেওঁ মুৰত বাৰটা তৰাৰ কিৰীটি পিন্ধিছিল৷
2 Tana da ciki, tana kuma kuka don zafin nakuda - a cikin azabar haihuwa.
২তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ-বেদনাৰে পীড়িত হৈ আটাহ পাৰি আছিল।
3 Sai aka ga wata alama cikin sama: Duba! Akwai wani katon jan maciji mai kawuna bakwai da kahonni goma, sai kuma ga kambi guda bakwai bisa kawunansa.
৩আৰু স্বৰ্গত আন এটা চিন দেখা গ’ল: চোৱা! তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল; তাৰ সাতটা মূৰ, দহটা শিং আৰু মূৰত সাতটা কিৰীটি আছিল।
4 Wutsiyarsa ta share daya bisa uku na taurari a sama ta zubo su kasa. Diragon nan ya tsaya a gaban matar da ta kusan haihuwa, domin lokacin da ta haihu ya lankwame yaronta.
৪তাৰ নেজে আকাশৰ তৰাবোৰৰ তিনি ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে, সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল।
5 Sai ta haifi da, namiji, wanda zai yi mulkin dukan al'ummai da sandar karfe. Aka fizge yaron ta zuwa ga Allah da kursiyinsa,
৫পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব৷ সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ’ল;
6 matar kuwa ta gudu zuwa jeji inda Allah ya shirya mata domin a iya lura da ita kwanaki 1, 260.
৬আৰু সেই তিৰোতা এক হাজাৰ দুশ ষাঠি দিনলৈকে প্ৰতিপালিত হ’বলৈ তেওঁৰ বাবে মৰুপ্ৰান্তত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল, সেই ঠাইলৈ পলাই গ’ল।
7 A lokacin sai yaki ya tashi a sama. Mika'ilu da mala'ikunsa suka yi yaki da diragon, sai diragon da nasa mala'iku suka yake su su ma.
৭এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷
8 Amma diragon ba shi da isashen karfin da zai ci nasara. Don haka, shi da mala'ikunsa ba su kara samun wuri a sama ba.
৮কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে।
9 Sai aka jefa katon diragon nan tare da mala'ikunsa kasa, wato tsohon macijin nan da ake kira Iblis ko Shaidan wanda ke yaudarar dukan duniya.
৯সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
10 Sai na ji wata murya mai kara a sama: “Yanzu ceto ya zo, karfi, da mulkin Allahnmu, da iko na Almasihunsa. Gama an jefar da mai sarar 'yan'uwanmu a kasa - shi da yake sarar su a gaban Allah dare da rana.
১০তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ: “এতিয়া পৰিত্রাণ, শক্তি - আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল৷ কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ’ল।
11 Suka ci nasara da shi ta wurin jinin Dan Ragon da kuma shaidar maganarsu, gama ba su kaunaci ransu ba, har ga mutuwa.
১১তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
12 Don haka, yi farinciki, ya ku sammai da duk mazauna da ke cikinsu. Amma kaito ga duniya da teku saboda iblis ya sauko gare ku. Yana cike da mummunan fushi, domin ya san lokacin sa ya rage kadan.
১২এই কাৰণে, হে স্বৰ্গ আৰু তাত নিবাস কৰা সকল, তোমালোকে আনন্দ কৰা! কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ’ব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গ’ল; আৰু তাৰ কাল অলপ হোৱা দেখি সি অতি ক্ৰুদ্ধ হৈছে।”
13 Da diragon ya ga an jefar da shi kasa, sai ya fafari matar nan da ta haifi da namiji.
১৩পাছত সেই ড্ৰেগনে দেখিলে যে তাক পৃথিৱীত পেলোৱা হ’ল, ইয়াকে দেখি পুত্ৰ প্ৰসৱ কৰা সেই তিৰোতাক সি তাড়না কৰিলে।
14 Amma aka ba matar nan fukafukai biyu na babbar gaggafa domin ta gudu zuwa inda aka shirya mata a jeji. A wannan wuri ne za a lura da ita na dan lokaci, da lokatai, da rabin lokaci - a lokacin da babu macijin.
১৪কিন্তু সেই তিৰোতাক মৰুপ্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ’ল; সেই ঠাইত, সেই সাপৰ সন্মুখৰ পৰা দুৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়।
15 Macijin ya kwararo ruwa daga bakin sa kamar kogi, don ya kawo ambaliyar da zai kwashe ta.
১৫পাছত সেই ড্ৰেগনে সেই তিৰোতাক লক্ষ্য কৰি তাৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা জলপ্ৰবাহ বোবাই দিলে; সেই পানীৰ সোঁত এনেদৰে বৈ আহিল যাতে তাইক উটুৱাই নিব পাৰে৷
16 Amma kasa ta taimaki matar. Kasa ta bude bakinta ta hadiye kogin da diragon ya kwararo daga bakinsa.
১৬কিন্তু পৃথিৱীয়ে সেই তিৰোতাক উপকাৰ কৰিলে৷ নিজৰ মুখ মেলিলে, আৰু ড্ৰেগনে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে।
17 Sai diragon ya fusata da matar, sai ya tafi ya yi yaki da sauran zuriyarta, wadanda suka yi biyayya da umarnan Allah suna kuma rike da shaida game da Yesu.
১৭তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰিবলৈ গ’ল৷