< Markus 10 >

1 Yesu ya bar wannan wurin, ya tafi yankin Yahudiya, wajen hayin kogin Urdun. Sai jama'a suka je wurinsa. Ya ci gaba da koya masu, kamar yadda ya zama al'adarsa.
তাৰ পাছত যীচুৱে সেই ঠাই এৰি যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ গ’ল; আৰু লোক সকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে৷ তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে।
2 Sai Farisawa su ka zo wurinsa, su ka ce, '' dai dai ne mutum ya saki matarsa?'' Wannan tambaya sun yi ta ne domin su gwada shi.
তেতিয়া ফৰীচী সকল আহি তেওঁক সুধিলে, “পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাতো বিধান সন্মত হয় নে?” এই প্রশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল।
3 Ya amsa ya ce, menene Musa ya umarce ku?
তেতিয়া তেওঁ উত্তৰ দি ক’লে, “মোচিয়ে আপোনালোকক কি আজ্ঞা দিলে?”
4 Suka ce, ''Musa ya yarda mutum ya rubuta takardar saki ga matarsa, ya sallameta ta fita.''
তেওঁলোকে ক’লে, “এটা প্ৰমাণ পত্ৰ লিখি দি তাইক ত্যাগ কৰিবলৈ মোচিয়ে পুৰুষক অনুমতি দিলে।”
5 “Domin taurin zuciyarku ne ya rubuta maku wannan dokar,” Yesu ya ce masu.
যীচুৱে তেওঁলোকক ক’লে, “আপোনালোক কঠিন মনৰ লোক হোৱাৰ কাৰণে তেওঁ এই আজ্ঞা আপোনালোকৰ বাবে লিখিলে,
6 Amman tun daga farkon halitta, 'Allah ya halicci namiji da ta mata.'
কিন্তু সৃষ্টিৰ আদিতে ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে।
7 Domin wannan dalilin ne mutum zai rabu mahaifinsa da mahaifiyarsa ya mannewa matarsa.
‘এই হেতুকে পুৰুষে নিজৰ পিতৃ-মাতৃক এৰি তেওঁৰ ভাৰ্য্যাত আসক্ত হব,
8 Su biyu kuwa sun zama jiki daya, ba biyu ba,
আৰু দুয়ো এক দেহ হ’ব।গতিকে তেওঁলোক, পুনৰ দুজন নহয়, কিন্তু এক দেহ।’
9 Saboda haka abinda Allah ya hada kada mutum ya raba.”
এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে, তেওঁক কোনো মানুহে বিয়োগ নকৰক।”
10 Lokacin da suke cikin gida, sai almajiransa suka sake tambayarsa akan wannan magana.
১০পাছত তেওঁলোক যেতিয়া ঘৰত আছিল, শিষ্য সকলে এই বিষয়ে আকৌ তেওঁক সুধিলে।
11 Ya ce da su. Dukan wanda ya saki matarsa ya kuma auro wata matar yayi zina da ita kenan.
১১তাতে তেওঁ তেওঁলোকক ক’লে, “যি মানুহে নিজৰ ভাৰ্যাক ত্যাগ কৰি আন এজনীক বিয়া কৰায়, তেওঁ তাইৰ বিৰুদ্ধে ব্যভিচাৰ কৰে৷
12 Haka nan duk matar da ta saki mijinta ta auri wani ta yi zina da shi kenan.”
১২আৰু যদি তাই নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে বিয়া হয়, তেনেহলে তায়ো ব্যভিচাৰ কৰে।”
13 Mutane suka kawo masa 'ya'yansu kanana don ya taba su, sai almajiransa suka kwabe su.
১৩পাছত লোক সকলে শিশুবোৰক স্পর্শ কৰাৰ আশাৰে তেওঁৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্য সকলে তেওঁলোকক ডবিয়ালে।
14 Da Yesu ya gani, ya ji haushi, ya ce masu. Ku bar yara kanana su zo wurina, kada ku hana su domin mulkin Allah na irinsu ne.
১৪তেতিয়া যীচুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক’লে, “শিশু সকলক মোৰ ওচৰলৈ আহিব দিয়া, নিষেধ নকৰিবা; কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে।
15 Gaskiya na ke fada maku duk mutumin da bai karbi mulkin Allah kamar karamin yaro ba, babu shakka ba zai shiga mulkin Allah ba.
১৫মই তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ কোনোমতে তাত প্রৱেশ কৰিব নোৱাৰিব।”
16 Sai ya rungume su ya sa masu albarka.
১৬পাছত তেওঁ সিহঁতক কোলাত ল’লে আৰু সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে।
17 Lokacin da ya fara tafiya, sai wani mutum ya rugo wurinsa, ya durkusa a gabansa. Ya tambaye shi, yace ya ''Malam managarci, me zan yi domin in sami rai na har abada?'' (aiōnios g166)
১৭পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোঁতে, এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, “হে সৎ গুৰু, অনন্ত জীৱনৰ অধিকাৰী হ’বলৈ মই কি কৰিব লাগিব?” (aiōnios g166)
18 Amma Yesu ya ce masa. Don me ka ke kira na managarci? Babu wani managarci sai dai Allah kadai.
১৮যীচুৱে ক’লে, “মোক সৎ কিয় বুলিছা? ঈশ্বৰত বাহিৰে সৎ কোনো নাই।
19 Kasan dokokin. Kada ka yi kisan kai, kada ka yi zina, kada ka yi sata, kada ka yi shaidar zur, kada ka yi zamba, ka girmama mahaifinka da mahaifiyarka.”
১৯তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা যে: নৰ-বধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ-মাতৃক সন্মান কৰিবা৷”
20 Sai mutumin ya ce masa Malam ai na kiyayye duk wadannan abubuwa tun ina yaro.
২০মানুহ জনে ক’লে, “হে গুৰু, ডেকা কালৰে পৰা মই এই সকলোবোৰ আজ্ঞা পালন কৰি আহিছোঁ।”
21 Yesu ya dube shi duban kauna ya ce masa. Abu daya ka rasa. Shi ne ka je ka sayar da duk mallakarka ka ba mabukata, za ka sami wadata a sama. Sa'annan ka zo ka bi ni.
২১তেতিয়া যীচুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি ক’লে, “এটা বিষয় তোমাৰ বাকী আছে; তুমি গৈ তোমাৰ সৰ্ব্বস্ব বেচি দৰিদ্ৰ সকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ’ব৷ তাৰ পাছত আহা, মোক অনুসৰণ কৰা।”
22 Da ya ji haka sai ransa ya baci, ya tafi yana bakin ciki, don shi mai arziki ne kwarai.
২২সেই কথাত তেওঁৰ মুখ ক’লা পৰিল, আৰু তেওঁ বৰ দুখিত হৈ গুচি গ’ল, কিয়নো তেওঁ বহু ধন-সম্পত্তি থকা মানুহ আছিল।
23 Yesu ya dubi almajiransa ya ce. ''Yana da wuya masu arziki su shiga mulkin Allah!''
২৩পাছত যীচুৱে চাৰিওফালে চাই শিষ্য সকলক ক’লে, “ধনী লোকে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য!”
24 Almajiransa suka yi mamakin maganarsa. Sai Yesu ce masu, ya ku ya'ya'na yana da wuya kamar me a shiga mulkin Allah.
২৪তেওঁৰ সেই কথাত শিষ্য সকলে বিস্ময় মানিলে। কিন্তু যীচুৱে পুনৰ তেওঁলোকক ক’লে, “হে সন্তান সকল, যি সকলে ধনত ভাৰসা কৰে, তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য!
25 Zai zama da sauki ga rakumi yabi ta kafar allura da mai arziki ya shiga mulkin Allah.
২৫ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ, বেজীৰ বিন্ধাইদি উট সৰকি যোৱাই উজু।”
26 Sai suka cika da mamaki sosai, su kace wa juna, ''to idan haka ne wanene zai iya tsira kenan?''
২৬তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱা-কুই কৰি তেওঁক সুধিলে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?”
27 Yesu ya dube su ya ce masu. Ga mutane a bu ne mai wuyar gaske, amma a wurin Allah komai yiwuwa ne.
২৭যীচুৱে তেওঁলোকৰ ফালে চাই ক’লে, “মানুহৰ বাবে অসাধ্য হয়; কিন্তু ঈশ্বৰৰ বাবে নহয়; কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য।”
28 Bitrus ya ce masa, ''to gashi mu mun bar kome, mun bika''.
২৮পিতৰে তেওঁক ক’বলৈ ধৰিলে, “চাওক, আমি সকলোকে এৰি, আপোনাৰ পাছে পাছে আহিলোঁ।”
29 Yesu ya ce. Gaskiya na ke fada maku, babu wanda zai bar gidansa, da yan'uwansa maza da mata, da mahaifiya ko mahaifi, ko 'ya'ya ko gona, saboda da ni da kuma bishara,
২৯যীচুৱে ক’লে, “মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবার্তাৰ কাৰণে ঘৰ-বাৰী, ভাই-ভনী, পিতৃ-মাতৃ, সন্তান, মাটি ত্যাগ কৰি আহিছে,
30 sa'annan ya rasa samun nikinsu dari a zamanin yanzu, na gidaje, da yan'uwa mata da maza' da iyaye mata da 'ya'ya da gonaki, game da tsanani, a duniya mai zuw kuma ya sami rai madawwami. (aiōn g165, aiōnios g166)
৩০তেনেহলে তেওঁলোকে এইবোৰৰ সলনি এশ গুণ ওভোতাই পাব। তাড়না ভোগ কৰি হলেও এই জগতত এশ গুণ ঘৰ-বাৰী, ভাই, ভনী, মাতৃ, সন্তান আৰু মাটি পাব; ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব। (aiōn g165, aiōnios g166)
31 Da yawa wadanda suke na farko za su koma na karshe, na karshe kuma za su zama na farko.
৩১কিন্তু আগ হোৱা সকলৰ অনেক লোক পাছ হ’ব আৰু পাছ হোৱা সকল আগ হ’ব।”
32 Suna tafiya Urushalima, Yesu kuwa na gabansu. Almajiransa sun yi mamaki, mutane da ke biye da su kuwa sun tsorata. Yesu kuwa ya sake kebe sha biyun nan, ya fara fada masu abin da zai same shi.
৩২তাৰ পাছত তেওঁলোকে যিৰূচালেমলৈ যোৱা বাটেৰে যাত্ৰা কৰি আছিল; আৰু যীচু তেওঁলোকৰ আগে আগে গৈ আছিল৷ এনেতে শিষ্য সকলে বিস্ময় মানিলে, আৰু পাছে পাছে যোৱা সকলৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ বাৰ জন পাঁচনিক চপাই লৈ, নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিবলগীয়া আছে, সেই বিষয়বোৰ তেওঁলোকক ক’বলৈ ধৰিলে,
33 “Kun ga, za mu Urushalima za a bada Dan mutum ga manyan Firistoci da malan Attaura, za su kuma yi masa hukuncin kisa su kuma bada shi ga al'ummai.
৩৩“চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ হাতত শোধাই দিয়া হ’ব৷ তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দি অনা-ইহুদী সকলৰ হাতত শোধাই দিব৷
34 Za su yi masa ba a, su tofa masa yau, su yi masa bulala, su kashe shi, bayan kwana uku kuwa zai tashi.”
৩৪তেওঁলোকে তেওঁক বিদ্ৰূপ কৰিব, আৰু তেওঁৰ গাত থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আৰু বধ কৰিব; কিন্তু তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব।”
35 Yakubu da Yahaya, 'ya'yan Zabadi, suka zo wurin sa, suka ce, ''Malam muna so kayi mana duk abin da mu ka roke ka''
৩৫পাছত চিবদিয়ৰ পুতেক যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহি ক’লে, “হে গুৰু, আমি আপোনাক যিহকে খোজো, তাকে যেন আপুনি আমাৰ বাবে কৰিব আমি এনে ইচ্ছা কৰোঁ।”
36 Ya ce masu. ''Me ku ke so in yi maku?''
৩৬তেওঁ তেওঁলোকক ক’লে, “মই তোমালোকৰ বাবে কি কৰাতো তোমালোকে ইচ্ছা কৰা?”
37 Suka ce, ''ka yardar mana, a ranar daukakarka, mu zauna daya a damanka, daya kuma a hagunka.''
৩৭তেওঁলোকে ক’লে, “আপোনাৰ প্ৰতাপৰ ৰাজত্বত আমাৰ এজনে যেন আপোনাৰ সোঁ হাতে আৰু এজনে যেন বাওঁহাতে বহিবলৈ পায়, এনে অনুমতি দিয়ক।”
38 Yesu ya ce masu. ''Ba ku san abinda ku ke roka ba. Kwa iya sha daga kokon da zan sha? Ko kuma za a yi maku baftismar da za a yi mani?''
৩৮কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকে কি খুজিছা, সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰোঁ, তোমালোকে সেই পাত্ৰত পান কৰিব পাৰিবা নে? নতুবা মই যি বাপ্তিস্মৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’ব পাৰিবা নে?”
39 Suka fada masa, ''Zamu iya.'' Yesu ya ce masu, '' kokon da zan sha, da shi zaku sha, baftismar da za ayi mani kuma da ita za a yi maku.''
৩৯তেওঁলোকে তেওঁক ক’লে, “আমি পাৰিম।” তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই যি পাত্ৰত পান কৰোঁ, তাত তোমালোকেও পান কৰিবা; আৰু মই যি বাপ্তিস্মেৰে বাপ্তাইজিত হওঁ, তোমালোকেও তাৰে বাপ্তাইজিত হ’বা।
40 Amma zama a damata, ko a haguna, ba na wa ba ne da zan bayar, ai na wadanda a ka shiryawa ne.”
৪০কিন্তু কোন জন মোৰ সোঁ হাতে বা বাওঁহাতে বহিব, সেই বিষয়ে কবলৈ মোৰ ক্ষমতা নাই, কিন্তু যি সকলৰ বাবে যুগুত কৰা হৈছে, তেওঁলোককহে দিয়া হ’ব।”
41 Da sauran almajiran nan goma suka ji, suka fara jin haushin Yakubu da Yahaya.
৪১আন দহ জনে এই কথা শুনি, যাকোব আৰু যোহনলৈ কুপিত হ’ব ধৰিলে।
42 Yesu kuma ya kira su wurinsa ya ce masu, '' kun sani wadanda aka san su da mulkin al'ummai sukan nuna masu iko, hakimansu kuma sukan gasa masu iko.
৪২যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “অনা-ইহুদী সকলৰ শাসনকর্তা ৰূপে যি সকল গণ্য, তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে; আৰু বিষয়া সকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা।
43 Amma ba haka zai kasance a tsakaninku ba. Duk wanda ya ke son zama babba a cikinku, lalle ne ya zama baranku.
৪৩কিন্তু তোমালোকৰ মাজত তেনে নহয়৷ তোমালোকৰ মাজত যি কোনোৱে মহান হ’বলৈ ইচ্ছা কৰে, তেওঁ তোমালোকৰ পৰিচাৰক হওক,
44 Duk wanda ya ke so ya shugabance ku lalle ne ya zama bawan kowa.
৪৪আৰু তোমালোকৰ মাজত যি কোনোৱে শ্ৰেষ্ঠ হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে দাস হওক।
45 Saboda haka ne Dan mutum ya zo ba domin a bauta masa ba, sai dai domin shi yayi bautar, ya kuma ba da ransa fansa saboda da mutane da yawa.”
৪৫কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল।”
46 Sa'adda suka iso Yariko, yana fita daga Yariko kenan, shi da almajiransa, da wani babban taro, sai ga wani makaho mai bara, mai suna Bartimawas dan Timawas yana zaune a gefen hanya.
৪৬তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল।
47 Da ya ji Yesu Banazare ne, ya fara daga murya yana cewa, ''Ya Yesu, Dan Dauda, kaji tausayina''
৪৭সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক’বলৈ ধৰিলে, “হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!”
48 Mutane da yawa suka kwabe shi, cewa yayi shiru. Sai ya kara daga murya kwarai da gaske, yana cewa, Ya Dan Dauda ka yi mani jinkai, ka ji tausayina!”
৪৮তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে ডবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক!”
49 Yesu ya tsaya ya ce, ku kirawo shi. Su kuwa suka kirawo makahon suka ce masa. ''Albishrinka, ta so! Yana kiranka.''
৪৯তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।”
50 Makahon ya yar da mayafinsa, ya zaburo wurin Yesu.
৫০তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল।
51 Yesu ya tambaye shi, ya ce, '' me ka ke so in yi maka?'' Makahon ya ce, ''Malam in sami gani.''
৫১তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, “মই তোমাৰ বাবে কি কৰাতো তোমাৰ ইচ্ছা?” তাতে সেই অন্ধই তেওঁক ক’লে, “ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।”
52 Yesu ya ce masa. ''Yi tafiyarka, bangaskiyarka ta warkar da kai.'' Nan take idanunsa suka bude, ya bi Yesu, suka tafi tare.
৫২তেতিয়া যীচুৱে তেওঁক ক’লে, “যোৱা৷ তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।

< Markus 10 >