< Zefaniya 3 >

1 Taki ta ƙare, ke birnin mai danniya, mai’yan tawaye da kuma masu ƙazanta!
ধিক সেই বিদ্ৰোহিনী নগৰ! ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিণী নগৰ।
2 Ba kya yi wa kowa biyayya, ba kya kuma yarda da kuskurenki. Ba kya dogara ga Ubangiji, ba kya kuma kusatowa kusa da Allahnki.
তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে; যিহোৱাৰ শাসন গ্রাহ্য নকৰে! যিহোৱাৰ ওপৰত ভাৰসা নকৰে; নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে।
3 Sarakunanki ruri ne na zakoki, shugabanninki kyarketan dare ne, waɗanda ba sa rage kome don safe.
তাইৰ ৰাজপুত্রবোৰ যেন গৰ্জ্জনকাৰী সিংহ আৰু বিচাৰকৰ্ত্তাবোৰ গধূলি বেলাৰ ক্ষুধার্ত ৰাংকুকুৰ; সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে।
4 Annabawanki mahaukata ne mutanenki masu cin amana ne. Firistocinki suna ƙazantar da Wurin Mai Tsarki suna kuma keta dokoki.
তাইৰ ভাববাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক! তাইৰ পুৰোহিতসকলে পবিত্রক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কার্য কৰিছে!
5 Ubangiji da yake cikinki mai adalci ne; ba ya yin abin da ba daidai ba. Kowace safiya yakan bayyana dokokinsa a fili, kowace sabuwar rana kuma ba ya kāsawa, duk da haka marasa adalci ba sa jin kunya.
তাইৰ মাজত থকা যিহোৱা ধাৰ্মিক; তেওঁ কোনো অন্যায় নকৰে; প্ৰতি-ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায়বিচাৰ কৰে। তেওঁৰ ন্যায় বিচাৰ পোহৰৰ পৰা লুকাই নাথাকিব, তথাপিও অপৰাধীৰ লজ্জাবোধ নাই।
6 “Na daddatse al’ummai; an kuma rurrushe kagararsu. Na bar titunansu ba kowa, ba mai ratsawa a ciki. An ragargaza biranensu; ba wanda za a bari, babu ko ɗaya.
যিহোৱাই কৈছে, “মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ কোঁঠবোৰ ধ্বংস কৰা হ’ল; মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলোঁ; কোনেও সেইবোৰেদি অহা-যোৱা নকৰে; তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ’ল; সেইবোৰত কোনো মানুহ নাই; কোনেও বাস নকৰে।
7 Na ce wa birnin, ‘Tabbatacce za ki ji tsorona ki kuma yarda da gyara!’ Ta haka ba za a datse wurin zamanki ba, ba kuwa dukan hukuncena za su hau bisa kansu ba. Amma har yanzu suna marmari su yi rashin gaskiya a duk abin da suke yi.
মই যিৰূচালেমক ক’লো, ‘এতিয়া তুমি অৱশ্যেই মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা। তাতে তোমাৰ নিবাস উচ্ছন্ন কৰা নহ’ব।’ এয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাইৰ লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্রহেৰে সৈতে দুষ্টতাৰ কার্যবোৰ কৰি থাকিল।”
8 Saboda haka ku jira ni,” in ji Ubangiji; “a ranar da zan tsaya in ba da shaida, Na yanke shawara in tattara dukan al’ummai, in tattara mulkoki in kuma zuba fushina a kansu, da dukan zafin haushina. Za a mamaye dukan duniya da zafin fushina.
যিহোৱাই এইদৰে কৈছে, “সেইবাবে তোমালোক সেই দিন পর্যন্ত মোৰ অপেক্ষাত থাকা, যি দিনা মই লুটপাত কৰিবলৈ উঠিম! কিয়নো মই এয়ে ঠিক কৰিছোঁ যে, জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্রিত কৰিম আৰু তেওঁলোকৰ ওপৰত মোৰ কোপ, মোৰ জ্বলন্ত ক্রোধ ঢালি দিম। মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাসিত হ’ব।
9 “Sa’an nan zan tsarkake leɓunan mutanen, don dukansu su kira bisa ga sunan Ubangiji su kuma yi masa hidima kafaɗa da kafaɗa.
তাৰ পাছত মই জাতিবোৰক পবিত্র ওঁঠ দিম যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্রার্থনা কৰিব পাৰে।
10 Tun daga ƙetaren rafuffukan Kush masu yi mini sujada, mutanena da suke a warwatse, za su kawo mini hadayu.
১০মোৰ লোকসকল, যিসকল সিচঁৰিত হৈ ইথোপীয়া দেশৰ নৈৰ সিপাৰত থাকে, মোৰ সেই আৰাধনাকাৰীসকলে মোৰ উদ্দেশ্যে উৎসর্গৰ উপহাৰ লৈ আহিব।
11 A wannan rana ba za ku sha kunya saboda laifofin da kuka yi mini, gama zan ɗauke wa wannan birni waɗanda suke farin ciki cikin girmankansu. Ba kuma za ka ƙara yin kallon reni a tuduna mai tsarki ba.
১১তুমি মোৰ আহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেই দিনা লজ্জিত কৰা নহ’ব। কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোঁতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম; তাতে মোৰ পবিত্ৰ পৰ্ব্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা।
12 Amma zan zauna a cikinki masu tawali’u da masu ƙasƙantar da kai, waɗanda suke dogara ga sunan Ubangiji.
১২কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
13 Raguwar Isra’ila ba za su ƙara aikata abin da ba daidai ba, ba za su faɗa ƙarya ba, ba kuwa za a sami ruɗu a bakunansu ba. Za su ci su kuma kwanta kuma babu wanda zai ba su tsoro.”
১৩ইস্ৰায়েলৰ সেই অৱশিষ্ট ভাগে অপৰাধ নকৰিব; তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত ছলনাৰ কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু শুব; তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব।”
14 Ki rera, ya Diyar Sihiyona; ki tā da murya, ya Isra’ila! Ki yi murna ki kuma yi farin ciki da dukan zuciyarki, Ya Diyar Urushalima!
১৪হে চিয়োন-কন্যা, গান গোৱা! হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা!
15 Ubangiji ya ɗauke hukuncinki, ya mai da abokan gābanki baya. Ubangiji, Sarkin Isra’ila, yana tare da ke; ba kuma za ki ƙara jin tsoron wani lahani ba.
১৫যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে; তোমাৰ শত্ৰুবোৰক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু কেতিয়াও অমঙ্গললৈ ভয় নকৰিবা।
16 A wannan rana za su cewa Urushalima, “Kada ki ji tsoro, ya Sihiyona; kada ki bar hannuwanki su raunana.
১৬সেই দিনা যিৰূচালেমক এই কথা কোৱা হ’ব, ‘হে চিয়োন, তুমি ভয় নকৰিবা; তোমাৰ হাত শিথিল নহওক।।
17 Ubangiji Allahnki yana tare da ke, mai iko ne don ceto. Zai yi matuƙar farin ciki da ke, zai rufe ki da ƙaunarsa, zai yi farin ciki da ke ta wurin rerawa.”
১৭তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে; সেই পৰাক্রমীজনে তোমাক ৰক্ষা কৰিব; তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব; তেওঁ তেওঁৰ গভীৰ প্রেমেৰে সৈতে তোমাৰ বিষয়ে নীৰব হ’ব। তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব।
18 “Zan cire taƙaici daga gare ki a ƙayyadaddun bukukkuwa; su kaya ne da kuma zargi a gare ki.
১৮পৰ্ব্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব।” যিহোৱাই কৈছে, “মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম।
19 A wannan lokaci zan jijji wa waɗanda suka danne ku; zan kuɓutar da guragu in kuma tattara waɗanda suke a warwatse. Zan sa a yabe su a kuma girmama su a kowace ƙasar da aka kunyatar da su.
১৯চোৱা! তোমাৰ উপদ্রৱকাৰীলৈ সেই সময়ত মই যি কৰিব লাগে, তাকে কৰিম; মই সহায়হীন খোৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত সিচঁৰিত হোৱাসকলক গোটাম; যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্রশংসা আৰু সুখ্যাতি দান কৰিম।
20 A wannan lokaci zan tattara ku; a wannan lokaci zan kawo ku gida, zan sa a yabe ku a kuma girmama ku a cikin dukan mutanen duniya a sa’ad da na maido da arzikinku a idanunku,” in ji Ubangiji.
২০সেই সময়ত মই তোমালোকক একেলগ কৰি লৈ আনিম; সেই সময়ত মই তোমালোকক একত্রিত কৰিম; কিয়নো, মই যেতিয়া তোমালোকৰ ভৱিষ্যত পুনৰ গঠণ কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসা দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।”

< Zefaniya 3 >