< Zefaniya 1 >

1 Domin mai bi da kaɗe-kaɗe. A kan kayan kiɗi masu tsirkiyata. Maganar Ubangiji da ta zo wa Zefaniya ɗan Kushi, ɗan Gedaliya, ɗan Amariya, ɗan Hezekiya, a zamanin Yosiya ɗan Amon sarkin Yahuda.
আমোনৰ পুত্র যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্বৰ সময়ত কুচীৰ পুত্র চফনিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য উপস্থিত হ’ল। কুচী আছিল গদলিয়াৰ পুত্র, গদলিয়া অমৰিয়াৰ পুত্র, অমৰিয়া হিষ্কিয়াৰ পুত্র।
2 “Zan hallaka kome a fuskar duniya,” in ji Ubangiji.
যিহোৱাই এই কথা কৈছে, “মই পৃথিৱীৰ বুকুৰ পৰা সকলোকে নিঃশেষ কৰি পেলাম।
3 “Zan hallaka mutane da dabbobi; zan kuma hallaka tsuntsayen sama da kifayen teku, da gumakan da suke sa mugaye su yi tuntuɓe.” “Sa’ad da zan kawar da mutum daga fuskar duniya,” in ji Ubangiji.
মানুহ আৰু পশু, আকাশৰ পক্ষী আৰু সমুদ্ৰৰ মাছবোৰক মই শেষ কৰি দিম। মই দুষ্টবোৰৰ পতন ঘটাম! পৃথিৱীৰ পৰা মই মানুহক উচ্ছন্ন কৰিম।
4 “Zan miƙa hannuna gāba da Yahuda da kuma dukan mazaunan Urushalima. Zan datse raguwar Ba’al daga wannan wuri, da sunayen firistocin gumaka da na marasa sanin Allah,
মই যিহূদাৰ বিৰুদ্ধে আৰু যিৰূচালেমৰ নিবাসীসকলৰ বিৰুদ্ধে মোৰ হাত মেলিম। মই এই দেশত থকা বাল দেৱতাৰ অৱশেষ আৰু প্রতিমা পূজাকাৰীসকলৰ সৈতে পুৰোহিতসকলৰ নাম লুপ্ত কৰিম;
5 waɗanda suka rusuna a kan rufin ɗaki don su yi sujada ga rundunar taurari. Waɗanda suka rusuna suka kuma yi rantsuwa da sunan Ubangiji suke kuma rantsuwa da sunan Molek.
যিসকলে আকাশৰ বাহিনীবোৰক ঘৰৰ চালৰ ওপৰত উঠি প্রণাম কৰে আৰু যিসকলে যিহোৱাৰ উদ্দেশ্যে প্রণাম কৰি শপত খায়, অথচ পাছত মলকম দেৱতাৰ নামেৰেও শপত খাই প্রণিপাত কৰে, তেওঁলোকক মই নিঃশেষ কৰিম।
6 Waɗanda suka juya daga bin Ubangiji, ba sa kuma neman Ubangiji ko su nemi nufinsa.”
যিসকলে যিহোৱাৰ পাছত চলাৰ পৰা উলটি গৈছে আৰু তেওঁলোকে যিহোৱাৰ ইচ্ছাত চলা নাই নাইবা তেওঁৰ ইচ্ছা জানিবলৈও বিচাৰা নাই, সেই সকলোকে মই নিঃশেষ কৰিম।”
7 Ku yi shiru a gaban Ubangiji Mai Iko Duka, gama ranar Ubangiji ta yi kusa. Ubangiji ya shirya hadaya; ya kuma tsarkake waɗanda ya gayyato.
প্ৰভু যিহোৱাৰ উপস্থিতিত আপোনালোক নীৰবে থাকক; কিয়নো যিহোৱাই সোধ-বিচাৰ কৰা দিন ওচৰ চাপি আহিছে; কাৰণ যিহোৱাই এক যজ্ঞৰ আয়োজন কৰিছে; নিজৰ নিমন্ত্ৰিত লোকসকলক পবিত্ৰ কৰিলে।
8 “A ranar hadayar Ubangiji zan hukunta sarakuna da kuma’ya’yan sarakuna da duk waɗanda suke sanye da rigunan ƙasashen waje.
যিহোৱাই এই কথা কৈছে, “মোৰ সেই যজ্ঞৰ দিনা মই ৰাজ অধ্যক্ষসকলক, ৰাজপুত্রসকলক, আৰু বিদেশী পোছক পৰিহিত সকলো লোককে দণ্ড দিম।
9 A wannan rana zan hukunta dukan waɗanda suke kauce taka madogarar ƙofa, waɗanda suke cika haikalin allolinsu da rikici da ruɗu.
যিসকলে জাঁপ দি দুৱাৰডলি পাৰ হয়, যিসকলে নিজৰ প্রভুৰ গৃহ হিংস্রতা আৰু ছলনাৰে পূৰ কৰে, সেই দিনা মই তেওঁলোক সকলোকে দণ্ড দিম।”
10 “A wannan rana,” in ji Ubangiji, “Za a ji kuka daga Ƙofar Kifi, kururuwa daga Sabon Mazauni, da kuma amo mai ƙarfi daga tuddai.
১০যিহোৱাই কৈছে, “সেই দিনা মৎস্য-দ্বাৰৰ পৰা যন্ত্রণাৰ ক্রন্দন শুনা যাব; দ্বিতীয় বিভাগৰ পৰা বিলাপৰ শব্দ, পৰ্ব্বতবোৰৰ পৰা এক বৃহৎ শব্দ শুনা যাব।
11 Ku yi kururuwa, ku da kuke zaune a yankin kasuwa; za a hallaka dukan’yan kasuwanku, dukan waɗanda suke kasuwanci da azurfa za su lalace.
১১হে মকটেচৰ বাসিন্দাসকল, তোমালোকে বিলাপ কৰা; কিয়নো তোমালোকৰ সকলো ব্যৱসায়ী লোকক নিঃশেষ কৰা হ’ব; ৰূপ বৈ অনা সকলোকে নিঃশেষ কৰা হ’ব।
12 A wannan lokaci zan bincike Urushalima da fitilu in kuma hukunta waɗanda ba su kula ba, waɗanda suke kamar ruwan inabin da aka bar a ƙasan tukunya, waɗanda suke tsammani, ‘Ubangiji ba zai yi kome ba nagari ko mummuna.’
১২সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।
13 Za a washe dukiyarsu, a rurrushe gidajensu. Za su gina gidaje amma ba za su zauna a ciki ba; za su shuka inabi amma ba za su sha ruwansa ba.”
১৩তেওঁলোকৰ সম্পদ লুট কৰা হ’ব, তেওঁলোকৰ ঘৰ-বাৰীবোৰ ধ্বংসস্থান হ’ব; এনে কি, তেওঁলোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; দ্ৰাক্ষাবাৰী পাতিব, কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।
14 Babbar ranar Ubangiji ta yi kusa, ta yi kusa kuma tana zuwa da sauri. Ku saurara! Kukan ranar Ubangiji za tă yi zafi, za a ji kururuwan jarumi a can.
১৪যিহোৱাৰ সেই মহৎ দিন নিকটৱর্তী; ওচৰ চাপি আহিছে আৰু অতি বেগেৰে আহিছে! সৌৱা শুনা, সেয়া যিহোৱাৰ সেই দিনৰ শব্দ! তেতিয়া যোদ্ধাসকলে চিঞঁৰি চিঞঁৰি কান্দোনত ভাঙি পৰিব।
15 Ranan nan za tă zama ranar fushi, rana ce ta baƙin ciki da azaba, rana ce ta tashin hankali da lalacewa, ranar duhu baƙi ƙirin, ranar gizagizai da baƙin duhu,
১৫সেই দিন হ’ব ক্ৰোধৰ দিন, অতি সঙ্কটময় আৰু ক্লেশৰ দিন, এক ধুমুহা আৰু ধ্বংসৰ দিন, ঘন অন্ধকাৰ আৰু হতাশাৰ দিন, মেঘাছন্ন আৰু উত্তাল তৰঙ্গৰ অন্ধকাৰৰ দিন,
16 rana ce ta busa ƙaho da kururuwar yaƙi gāba da birane masu mafaka, da kuma kusurwar hasumiyoyi.
১৬শিঙা-ধ্বনি আৰু ৰণনাদৰ দিন; সেই দিন গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হ’ব!
17 “Zan kawo baƙin ciki a kan mutane za su kuma yi tafiya kamar makafi, domin sun yi wa Ubangiji zunubi. Za a zubar da jininsu kamar ƙura kayan cikinsu kuma kamar najasa.
১৭মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব।
18 Azurfarsu ko zinariyarsu ba za su iya cetonsu ba a ranar fushin Ubangiji.” A cikin zafin kishinsa za a hallaka dukan duniya gama zai kawo ƙarshen dukan mazaunan duniya nan da nan.
১৮যিহোৱাৰ ক্ৰোধৰ দিনা তেওঁলোকৰ ৰূপ বা সোণেও তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিব; কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ তাপত গোটেই দেশ অগ্নিত গ্ৰাসিত হ’ব; কিয়নো পৃথিৱী নিবাসী সকলোকে তেওঁ নিঃশেষ কৰি দিব; হয়, ভয়ানকভাৱে সংহাৰ কৰিব।

< Zefaniya 1 >