< Waƙar Waƙoƙi 6 >

1 Ina ƙaunataccenki ya tafi, yake mafiya kyau cikin mata? Wace hanya ce ƙaunataccenki ya bi, don mu taimake ki nemansa.
যিৰূচালেমৰ ৰমণীসকলৰ কথা: হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। প্রিয়াৰ কথা:
2 Ƙaunataccena ya gangara zuwa lambunsa, zuwa inda fangulan kayan yaji suke, don yă yi kiwo a cikin lambun don kuma yă tattara furen bi-rana.
মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, সুগন্ধি মছলাৰ দলিচাখনলৈ; তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।
3 Ni na ƙaunataccena ce, ƙaunataccena kuma nawa ne; yana kiwo a cikin furen bi-rana.
মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:
4 Ke kyakkyawa ce, ƙaunatacciyata, kamar Tirza, kyakkyawa kuma kamar Urushalima, mai daraja kamar mayaƙa da tutoti.
হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, যিৰূচালেমৰ নিচিনা মনোৰম, মোক সম্পূর্ণকৈ বিমুগ্ধ কৰিছা।
5 Ki kau da idanu daga gare ni; gama suna rinjayata. Gashinki yana kama da garken awakin da suke gangarawa daga Gileyad.
তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে। তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাকৰ নিচিনা।
6 Haƙoranki suna kama da garken tumakin da suke haurawa daga inda aka yi musu wanka. Kowanne yana tare da ɗan’uwansa; babu waninsu da yake shi kaɗai.
এইমাত্র গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।
7 Kumatunki sun yi kamar rumman da aka tsaga biyu a cikin lulluɓinki.
ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।
8 Sarauniyoyi sittin za su iya kasance a can, da ƙwarƙwarai tamanin da kuma budurwai da suka wuce ƙirge;
ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;
9 amma kurciyata, cikakkiyata, dabam take, tilo kuwa ga mahaifiyarta,’yar lele ga wadda ta haife ta.’Yan mata sun gan ta suka ce da ita mai albarka; sarauniyoyi da ƙwarƙwarai sun yabe ta.
কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।
10 Wace ce wannan da ta bayyana sai ka ce ketowar alfijir? Kyakkyawa kamar wata, mai haske kamar rana, mai daraja kamar taurari a jere?
১০“পুৱাৰ অৰুণৰ দৰে দেখা দিয়া, কোন এইগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূর্ণ মোহময়ী?” প্রিয়াৰ কথা:
11 Na gangara zuwa cikin itatuwan almon don in ga ƙananan itatuwan da suke girma a kwari, don in ga ko inabi sun yi’ya’ya ko rumman suna fid da furanni.
১১মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ।
12 Kafin in san wani abu, sha’awarta ta sa ni a cikin keken yaƙin sarkin mutanena.
১২মই আনন্দত উত্রাৱল হ’লো, মই বুজি পোৱাৰ আগেয়েই যেন মোৰ ভালপোৱাই মোক মোৰ স্বজন, যুৱৰাজৰ এখন ৰথত বহালে আৰু মই গৈ আছিলোঁ। আন ৰমণীসকলৰ কথা:
13 Ki dawo, ki dawo, ya Bashulammiya; ki dawo, ki dawo, don mu dube ki! Ƙaunatacce Don me kuke duban Bashulammiya sai ka ce rawar Mahanayim?
১৩হে চূলম্মীৎ, উলটি আহাঁ, উলটি আহাঁ; আমি যেন তোমাক দেখা পাওঁ, উলটি আহাঁ। প্রিয়ৰ কথা: মহনয়িমৰ নৃত্য চোৱাৰ দৰে, নিখুঁত যুৱতীজনীক আপোনালোকে কিয় চাবলৈ বিচাৰিছে?

< Waƙar Waƙoƙi 6 >