< Rut 1 >

1 A kwanakin da mahukunta suke mulki an yi yunwa a ƙasar, sai wani mutum daga Betlehem a Yahuda tare da matarsa da’ya’yansu maza biyu, suka tafi su yi zama na ɗan lokaci a ƙasar Mowab.
বিচাৰকৰ্ত্তা সকলে শাসন কৰা সময়ত, দেশত এবাৰ আকাল হৈছিল৷ সেয়ে যিহূদাৰ বৈৎলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল।
2 Sunan mutumin, Elimelek ne, sunan matarsa Na’omi; sunayen’ya’yan nan nasu biyu, su ne Malon da Kiliyon. Su Efratawa ne daga Betlehem ta Yahuda. Suka kuwa tafi Mowab suka zauna a can.
সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে।
3 To, Elimelek mijin Na’omi ya rasu, aka bar ta da’ya’yanta maza biyu.
পাছত নয়মীৰ স্বামী ইলীমেলকৰ মৃত্যু হ’ল আৰু তেওঁ পুত্র দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল’লে।
4 Suka auri mata Mowabawa, sunan ɗaya Orfa ɗayan kuma Rut. Bayan sun zauna a can kamar shekara goma,
তেওঁৰ পুত্র দুজনে তাতে দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰালে; তাৰে এজনীৰ নাম অর্পা আৰু আন এজনীৰ নাম ৰূথ। তেওঁলোকে সেই ঠাইত প্ৰায় দহ বছৰ বসবাস কৰি থাকিল।
5 sai Malon da Kiliyon suka mutu su ma, aka kuma bar Na’omi babu’ya’yanta maza biyu da kuma mijinta.
তাৰ পাছত মহলোন আৰু কিলিয়োন নামৰ এই পুত্র দুজনৰো মৃত্যু হ’ল; নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ’ল।
6 Sa’ad da ta ji a Mowab cewa Ubangiji ya zo don yă taimaki mutanensa ta wurin tanada musu da abinci, sai Na’omi tare da surukanta suka shirya su koma gida daga can.
পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়।
7 Tare da surukanta biyu suka bar inda suka zauna suka kuma kama hanya da za tă komar da su zuwa ƙasar Yahuda.
সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহূদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল’লে৷
8 Sai Na’omi ta ce wa surukanta biyu, “Ku koma, kowannenku, zuwa gidan mahaifiyarta. Bari Ubangiji yă nuna muku alheri yadda kuka nuna wa matattun nan da kuma gare ni.
সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, “তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক।
9 Bari Ubangiji yă sa kowannenku ta sami hutu a gidan wani miji.” Sa’an nan ta sumbace su suka kuma yi kuka da ƙarfi
তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে।
10 suka ce mata, “Za mu tafi tare da ke zuwa ga mutanenki.”
১০আৰু তেওঁক তেওঁলোকে ক’লে, “নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।”
11 Amma Na’omi ta ce, “Ku koma gida,’ya’yana mata. Don me za ku tafi tare da ni? Zan ƙara samun waɗansu’ya’ya maza da za su zama mazanku ne?
১১তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম?
12 Ku koma gida’ya’yana mata; na tsufa ainun da zan sāke samun wani miji. Ko ma na yi tsammani har yanzu ina da bege, ko ma na sami miji a wannan dare na kuma haifi’ya’ya maza,
১২হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ,
13 za ku jira sai sun yi girma? Za ku ci gaba da kasance babu aure saboda su? A’a,’ya’yana mata. Ina da baƙin ciki ƙwarai fiye da ku, domin hannun Ubangiji ya yi gāba da ni!”
১৩তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।”
14 A kan wannan suka sāke ɓarke da kuka. Sa’an nan Orfa ta sumbaci surukarta ta yi bankwana, amma Rut ta manne mata.
১৪তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।
15 Sai Na’omi ta ce, “Duba,’yar’uwanki ta koma zuwa ga mutanenta da kuma allolinta. Ki koma tare da ita.”
১৫তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”
16 Rut Amma Rut ta amsa, “Kada ki roƙe ni in bar ki ko in koma daga gare ki. Inda za ki, zan tafi, kuma inda za ki zauna, zan zauna. Mutanenki, za su zama mutanena kuma Allahnki, zai zama Allahna.
১৬কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷
17 Inda za ki mutu zan mutu, zan mutu a can kuma za a binne ni. Bari Ubangiji ya hukunta ni da tsanani sosai, in wani abu in ba mutuwa ce ta raba ke da ni ba.”
১৭আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।”
18 Sa’ad da Na’omi ta gane cewa Rut ta ƙudura tă tafi tare da ita, sai ta daina nema tă koma.
১৮যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।
19 Saboda haka matan biyu suka ci gaba da tafiya sai da suka isa Betlehem. Da suka isa Betlehem, sai dukan garin ya ruɗe saboda su, matan kuwa suka ce, “Na’omi ce wannan kuwa?”
১৯পাছত তেওঁলোক দুয়ো বৈৎলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈৎলেহেম নগৰ পোৱাৰ পাছত, তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল, আৰু মহিলাসকলে আহি সুধিলে, “এৱেঁই নয়মী নহয় নে?”
20 Ta ce musu, “Kada ku kira ni Na’omi. Ku kira ni Mara gama Maɗaukaki ya sa raina ya yi ɗaci sosai.
২০তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।
21 In tafi cikakke, amma Ubangiji ya dawo da ni ba kome. Don me kuke kirana Na’omi? Ubangiji ya wahalshe ni, Maɗaukaki ya kawo mini masifa.”
২১মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”
22 Na’omi fa ta koma daga Mowab tare da Rut mutuniyar Mowab, surukarta, suka kai Betlehem a lokacin da ake fara girbin sha’ir.
২২এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।

< Rut 1 >