< Zabura 97 >

1 Ubangiji yana mulki, bari duniya tă yi murna; bari tsibirai masu nesa su yi farin ciki.
যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; দ্বীপ সমূহেও আনন্দ কৰক।
2 Gizagizai da baƙin duhu sun kewaye shi; adalci da gaskiya su ne tushen kursiyinsa.
তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল।
3 Wuta tana tafiya a gabansa tana kuma cinye maƙiyansa a kowane gefe.
অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে।
4 Walƙiyarsa ta haskaka duniya; duniya ta gani ta kuma yi rawar jiki.
তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; তাকে দেখি পৃথিৱী কম্পমান হ’ল।
5 Duwatsu sun narke kamar kakin zuma a gaban Ubangiji, a gaban Ubangijin dukan duniya.
পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, সমুদায় পৃথিৱীৰ সন্মুখত।
6 Sammai sun yi shelar adalcinsa, dukan mutane kuma suka ga ɗaukakarsa.
আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে।
7 Dukan waɗanda suke bauta wa siffofi sun sha kunya, waɗanda suke fariya da gumaka, ku yi masa sujada, dukanku alloli!
লজ্জিত হওঁক সেইসকল, যিসকলে মূৰ্ত্তি পূজা কৰে; যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক।
8 Sihiyona ta ji ta kuma yi farin ciki kuma dukan ƙauyukan Yahuda suna murna saboda hukunce-hukuncenka, ya Ubangiji.
হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে।
9 Gama kai, ya Ubangiji, kai ne Mafi Ɗaukaka a bisa dukan duniya; ana darjanta ka fiye da dukan alloli.
হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান।
10 Bari masu ƙaunar Ubangiji su ƙi mugunta, gama yana tsaron rayukan amintattunsa yana kuma kuɓutar da su daga hannun mugaye.
১০যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে; তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে।
11 An haskaka haske a kan masu adalci da kuma farin ciki a kan masu gaskiya a zuciya.
১১ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়।
12 Ku yi farin ciki a cikin Ubangiji, ku da kuke masu adalci, ku kuma yabi sunansa mai tsarki.
১২হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ কৰা, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা।

< Zabura 97 >