< Zabura 95 >
1 Ku zo, bari mu rera don farin ciki ga Ubangiji; bari mu yi sowa da ƙarfi ga Dutsen cetonmu.
১আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
2 Bari mu zo gabansa da godiya mu rera gare shi da kiɗi da waƙa.
২আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
3 Gama Ubangiji Allah mai girma ne, babban Sarki a bisa dukan alloli.
৩কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
4 A hannunsa ne zurfafan duniya suke, ƙwanƙolin dutse kuma nasa ne.
৪পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।
5 Teku nasa ne, gama shi ne ya yi shi, da hannuwansa kuma ya yi busasshiyar ƙasa.
৫সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।
6 Ku zo, bari mu rusuna mu yi sujada, bari mu durƙusa a gaban Ubangiji Mahaliccinmu;
৬আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;
7 gama shi ne Allahnmu mu mutanen makiyayansa ne, garke kuwa a ƙarƙashin kulawarsa. Yau, in kuka ji muryarsa,
৭কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”
8 “Kada ku taurare zukatanku kamar yadda kuka yi a Meriba, kamar yadda kuka yi a wancan rana a Massa a hamada,
৮তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।
9 inda kakanninku suka gwada suka kuma jarraba ni, ko da yake sun ga abin da na yi.
৯যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।
10 Shekara arba’in na yi fushi da wancan tsara; na ce, ‘Su mutane ne waɗanda zukatansu suka kauce, kuma ba su san hanyoyina ba.’
১০চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।”
11 Saboda haka na yi rantsuwa cikin fushina, ‘Ba za su taɓa shiga hutuna ba.’”
১১এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”