< Zabura 91 >
1 Shi wanda yake zama a wurin Mafi Ɗaukaka zai huta a cikin inuwar Maɗaukaki.
১যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে
2 Zan ce game da Ubangiji, “Shi ne mafakata da kagarata, Allahna, wanda nake dogara.”
২তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।”
3 Tabbatacce zai cece ka daga tarkon mai farauta da kuma daga cututtuka masu kisa.
৩তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব।
4 Zai rufe ka da fikafikansa, a ƙarƙashin fikafikansa kuwa za ka sami mafaka; amincinsa zai zama maka garkuwa da katanga.
৪তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব।
5 Ba za ka ji tsoron razanar dare, ko kibiyoyi da suke firiya da rana ba,
৫তুমি ৰাতিৰ আতঙ্কলৈ; আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা।
6 ko bala’in da yake aukowa cikin duhu, ko annobar da take hallakarwa da tsakar rana.
৬অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।
7 Dubu za su iya fāɗuwa a gefenka, dubu goma a hannun damanka, amma ba abin da zai zo kusa da kai.
৭হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, আৰু তোমাৰ সোঁফালে অযুত অযুত; কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব।
8 Za ka dai gan da idanunka yadda ake hukunta mugaye.
৮তুমি কেৱল নিজ চকুৰে দেখা পাবা; দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা।
9 In ka mai da Mafi Ɗaukaka wurin zamanka, har ma Ubangiji wanda yake mafakata,
৯‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’ তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা।
10 to, babu wani mugun abin da zai same ka, ba masifar da za tă zo kusa da tentinka.
১০সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।
11 Gama zai umarci mala’ikunsa game da kai don su tsare ka a dukan hanyoyinka;
১১কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব।
12 za su tallafe ka da hannuwansu, don kada ka buga ƙafarka a kan dutse.
১২তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায়
13 Za ka taka zaki da gamsheƙa; za ka tattake babban zaki da maciji.
১৩তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা।
14 Ubangiji ya ce, “Domin ya ƙaunace ni, zan kuɓutar da shi; zan kiyaye shi, gama ya yarda da sunana.
১৪কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে।
15 Zai kira bisa sunana, zan kuma amsa masa; zan kasance tare da shi a lokacin wahala, zan kuɓutar da shi in kuma girmama shi.
১৫তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
16 Da tsawon rai zan ƙosar da shi in kuma nuna masa cetona.”
১৬মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম।