< Zabura 87 >

1 Na’ya’yan Kora maza. Zabura ce. Waƙa ce. Ya kafa harsashinsa a kan dutse mai tsarki.
যিহোৱাই পবিত্ৰ পৰ্ব্বত শ্রেনীৰ ওপৰত তেওঁৰ নগৰ স্থাপন কৰিলে।
2 Ubangiji yana ƙaunar ƙofofin Sihiyona fiye da dukan wuraren zaman Yaƙub.
যাকোবৰ বংশৰ সকলো নিবাসতকৈ যিহোৱাই চিয়োনৰ দুৱাৰবোৰ ভাল পায়।
3 Ana faɗin abubuwa masu ɗaukaka game da ke Ya birnin Allah, (Sela)
হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)
4 “Zan lissafta Rahab a cikin waɗanda suka san ni, Filistiya ita ma, da Taya, tare da Kush, zan kuma ce, ‘An haifi wannan a Sihiyona.’”
“মই মোৰ চিনাকিবোৰৰ মাজত ৰাহব আৰু বাবিলৰো চর্চা কৰিম; পলেষ্টিয়া, তূৰ আৰু ইথিওপিয়াৰ কথাও চর্চা কৰিম, তেওঁলোকে কয়, ‘এইসকল প্রত্যেকৰে জন্ম তাত হৈছে’।”
5 Tabbatacce, game da Sihiyona za a ce, “Wannan da wancan an haifa a cikinta, Mafi Ɗaukaka kansa zai kafa ta.”
এনে কি, চিয়োনৰ বিষয়েও এই বুলি কোৱা হ’ব, “অমুক বা তমুক মানুহৰ তাত জন্ম হৈছিল; সৰ্ব্বোপৰি জনাই নিজেই চিয়োনক স্থাপন কৰিব।”
6 Ubangiji zai rubuta a littafin sunayen mutanensa, “An haifi wannan a Sihiyona.” (Sela)
যিহোৱাই জাতি সমূহৰ নাম লিখি তালিকা কৰাৰ সময়ত এই কথা ক’ব, “এইজনৰ চিয়োনত জন্ম হৈছিল।” (চেলা)
7 Yayinda suke kaɗe-kaɗe za su rera, “Dukan maɓulɓulaina suna cikinki.”
গায়ক আৰু নাচনীবোৰে একেভাৱে ক’ব, “মোৰ সকলো ভুমুক তোমাৰ মাজতেই আছে।”

< Zabura 87 >