< Zabura 86 >

1 Addu’ar Dawuda. Ka ji, ya Ubangiji, ka kuma amsa mini, gama ni matalauci ne mai bukata kuma.
হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া; কিয়নো মই দুখী আৰু দৰিদ্ৰ।
2 Ka tsare raina, gama na ba da kaina gare ka. Kai ne Allahna; ka ceci bawanka wanda ya dogara gare ka.
মোৰ প্ৰাণ ৰক্ষা কৰা; কিয়নো মই তোমাৰ ভক্ত; তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ ওপৰত ভাৰসা কৰা দাসক তুমি পালন কৰা।
3 Ka yi mini jinƙai, ya Ubangiji, gama na yi kira gare ka dukan yini.
হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
4 Ka ba bawanka farin ciki gama gare ka, ya Ubangiji, na miƙa raina.
তোমাৰ দাসৰ মনত আনন্দ দান কৰা; কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
5 Kai mai gafartawa da kuma mai alheri ne, ya Ubangiji, cike da ƙauna ga dukan waɗanda suke kira gare ka.
হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
6 Ka ji addu’ata, ya Ubangiji; ka saurari kukata na neman jinƙai.
হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।
7 A lokacin wahala zan yi kira gare ka, gama za ka amsa mini.
সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।
8 A cikin alloli babu kamar ka, ya Ubangiji; babu ayyukan da za a kwatanta da naka.
হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।
9 Dukan al’umman da ka yi za su zo su yi sujada a gabanka, ya Ubangiji; za su kawo ɗaukaka ga sunanka.
হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
10 Gama kai mai girma ne kana kuma aikata ayyuka masu banmamaki; kai kaɗai ne Allah.
১০কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা। কেৱল তুমিয়েই ঈশ্বৰ।
11 Ka koya mini hanyarka, ya Ubangiji, zan kuwa yi tafiya cikin gaskiyarka; ka ba ni zuciya wadda ba tă rabu ba, don in ji tsoron sunanka.
১১হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
12 Zan yabe ka, ya Ubangiji Allahna, da dukan zuciyata; zan ɗaukaka sunanka har abada.
১২হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।
13 Gama ƙaunarka da girma take gare ni; kai ka cece ni daga zurfafa, daga mazaunin matattu. (Sheol h7585)
১৩কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা। (Sheol h7585)
14 Masu girman kai suna kai mini hari, ya Allah; ƙungiyar marasa imani suna neman raina, mutanen da ba su kula da kai ba.
১৪হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে; অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে; তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।
15 Amma kai, ya Ubangiji, kai Allah mai tausayi ne da kuma mai alheri, mai jinkirin fushi, mai yawan ƙauna da aminci.
১৫কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ প্রেম আৰু বিশ্ৱস্ততাত মহান।
16 Ka juyo gare ni ka yi mini jinƙai; ka ba wa bawanka ƙarfi; ka ceci ni gama na bauta maka yadda mahaifiyata ta yi.
১৬তুমি মোলৈ ঘূৰা আৰু মোক কৃপা কৰা; তোমাৰ দাসক তোমাৰ শক্তি দান কৰা; তোমাৰ দাসীৰ পুত্ৰক তুমি ৰক্ষা কৰা।
17 Ka ba ni alamar alherinka, don abokan gābana su gani su kuma sha kunya, gama kai, ya Ubangiji, ka taimake ni ka kuma ta’azantar da ni.
১৭মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।

< Zabura 86 >