< Zabura 84 >
1 Don mai bi da kaɗe-kaɗe. Bisa ga gittit. Na’Ya’yan Kora maza. Zabura ce. Ina misalin kyan wurin zamanka, Ya Ubangiji Maɗaukaki!
১হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম!
2 Raina yana marmari, har yana suma, don filayen gidan Ubangiji; zuciyata da namana na tā da murya domin Allah mai rai.
২যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে। জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে।
3 Har tsada ma ta sami gida, tsatsewa kuma ta yi wa kanta sheƙa, inda za tă ƙyanƙyashe’ya’yanta, wuri kusa da bagadenka, Ya Ubangiji Maɗaukaki, Sarkina da kuma Allahna.
৩হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে, ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে, তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে।
4 Masu albarka ne waɗanda suke zama a gidanka; kullum suna ta yabonka. (Sela)
৪ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে; তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা)
5 Masu albarka ne waɗanda ƙarfinsu yana daga gare ka, waɗanda suka kafa zukatansu a yin tafiya zuwa wuri mai tsarki ne.
৫ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে, যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে।
6 Yayinda suke wuce ta Kwarin Baka, sukan mai da shi wurin maɓulɓulai; ruwan sama na farko kuma kan rufe shi da tafkuna.
৬শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে; প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে।
7 Suna ta ƙara ƙarfi, har sai kowanne ya bayyana a gaban Allah a Sihiyona.
৭যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়।
8 Ka ji addu’ata, ya Ubangiji Allah Maɗaukaki; ka saurare ni, ya Allah na Yaƙub. (Sela)
৮হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা। (চেলা)
9 Ka dubi garkuwarmu, ya Allah; ka duba da alheri a kan shafaffenka.
৯হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা; তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা।
10 Rana guda a filayen gidan sun fi dubu a wani wuri dabam; zan gwammaci in zama mai tsaron ƙofa a gidan Allahna da in zauna a tentunan mugaye.
১০কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম; দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম।
11 Gama Ubangiji Allah rana ne da kuma garkuwa; Ubangiji yakan yi alheri da kuma daraja; ba ya hana kowane abu mai kyau wa waɗanda suke aikata abin da yake daidai.
১১কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
12 Ya Ubangiji Maɗaukaki, mai albarka ne mutumin da ya dogara gare ka.
১২হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।