< Zabura 83 >
1 Waƙa ce. Zabura ta Asaf. Ya Allah, kada ka yi shiru; kada ka tsaya cik, ya Allah, kada ka daina motsi.
১হে ঈশ্বৰ, তুমি মনে মনে নাথাকিবা! হে ঈশ্বৰ তুমি মুখ বন্ধ কৰি নিসাৰ হৈ নাথাকিবা!
2 Dubi yadda abokan gābanka suke fariya, dubi yadda maƙiyanka suke ɗaga kansu.
২চোৱা, তোমাৰ শত্রুবোৰে কেনেকৈ আলোড়নৰ সৃষ্টি কৰিছে; তোমাক ঘৃণা কৰা সকলে নিজৰ মূৰ দাঙিছে।
3 Da wayo suna ƙulle-ƙulle a kan mutanenka; suna shirya maƙarƙashiya a kan waɗanda kake so.
৩তোমাৰ লোকসকলৰ বিৰুদ্ধে তেওঁলোকে কুমন্ত্ৰণা কৰিছে; তুমি যিসকলক ৰক্ষা কৰিছা, সেই লোকসকলৰ বিৰুদ্ধে তেওঁলোকে একেলগে কু-মন্ত্রণা কৰিছে।
4 Suna cewa, “Ku zo, bari mu hallaka su ɗungum a matsayin al’umma, don kada a ƙara tuna da sunan Isra’ila.”
৪তেওঁলোকে কয়, “আহাঁ, আমি এক জাতি হিচাবে তেওঁলোকক উচ্ছন্ন কৰোঁহক, যাতে ইস্ৰায়েলৰ নাম পুনৰ কেতিয়াও সোঁৱৰণ কৰা নহ’ব।
5 Da zuciya ɗaya suka yi ƙulle-ƙulle tare; suka haɗa kai gāba da kai,
৫তেওঁলোক একমনা হৈ ষড়যন্ত্র কৰিছে; তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে।
6 tentunan Edom da na mutanen Ishmayel, na Mowab da kuma na Hagirawa,
৬তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল, মোৱাবীয়া আৰু হাগৰীয়াসকল,
7 Gebal, Ammon da Amalek, Filistiya, tare da mutanen Taya.
৭গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;
8 Har Assuriya ma ta haɗa kai da su don ta ba da ƙarfi ga zuriyar Lot. (Sela)
৮অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।
9 Ka yi musu abin da ka yi wa Midiyan, yadda ka yi wa Sisera da Yabin a kogin Kishon,
৯তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা।
10 waɗanda suka hallaka a En Dor suka zama kamar juji a ƙasa.
১০চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল।
11 Ka mai da manyansu kamar Oreb da Zeyib, dukan sarakunansu kamar Zeba da Zalmunna,
১১তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা; তেওঁলোকৰ অধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা।
12 waɗanda suka ce, “Bari mu mallaki wuraren kiwon Allah.”
১২তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।”
13 Ka mai da su kamar ɗan tsiron da kan karye, iska ta yi ta turawa, ya Allahna, kamar yayin da iska take hurawa,
১৩হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা, বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা।
14 kamar yadda wuta ke cin kurmi ko harshen wutar da take ci a kan duwatsu,
১৪বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে, জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে,
15 haka za ka kore su da iska mai ƙarfi ka kuma firgita su da guguwarka.
১৫সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা, আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।
16 Ka rushe fuskokinsu da kunya don mutane su nemi sunanka, ya Ubangiji.
১৬হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া, যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব,
17 Bari su kasance cikin kunya da taƙaici; bari su hallaka cikin wulaƙanci.
১৭তেওঁলোক চিৰকালৰ বাবে লজ্জিত হওঁক আৰু ভীষণ ভাৱে আতঙ্কিত হওঁক; তেওঁলোক অপমানিত হৈ বিনষ্ট হওক।
18 Bari su san cewa kai, wanda sunansa ne Ubangiji, cewa kai kaɗai ne Mafi Ɗaukaka a bisa dukan duniya.
১৮তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।