< Zabura 79 >
1 Zabura ta Asaf. Ya Allah, al’ummai sun mamaye gādonka; sun ƙazantar da haikalinka mai tsarki, sun bar Urushalima kufai.
১হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।
2 Sun ba da gawawwakin bayinka kamar abinci ga tsuntsayen sararin sama, nama jikin tsarkakanka ga namun jejin duniya.
২তোমাৰ দাসবোৰৰ মৰা শৱবোৰ তেওঁলোকে আকাশৰ পক্ষীবোৰক আহাৰ স্বৰূপে খাবলৈ দিলে; তোমাৰ ভক্তসকলৰ মাংস পৃথিৱীৰ বনৰীয়া পশুবোৰক দিলে।
3 Sun zubar da jini kamar ruwa ko’ina a Urushalima, kuma babu wani da zai binne matattu.
৩যিৰূচালেমৰ চাৰিওফালে তেওঁলোকে সেই লোকসকলৰ তেজ পানীৰ দৰে ঢালি দিলে; তেওঁলোকক মৈদাম দিবলৈ কোনো নাছিল।
4 Mun zama abin reni ga maƙwabta, abin ba’a da reni ga waɗanda suke kewaye da mu.
৪চুবুৰীয়া জাতিবোৰৰ আগত আমি নিন্দাৰ পাত্র হৈছোঁ; আমাৰ চাৰিওফালৰ লোকসকলৰ আগত আমি হাঁহিয়াতৰ আৰু বিদ্রূপৰ খোৰাক হৈছোঁ।
5 Har yaushe, ya Ubangiji za ka yi ta fushi? Har abada ne? Har yaushe kishinka zai yi ta ƙuna kamar wuta?
৫হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকাললৈ ক্ৰোধ কৰি থাকিবানে? তোমাৰ হিংসুক অন্তৰ্জ্বালা অগ্নিৰ দৰে কিমান কাললৈকে জ্বলি থাকিব?
6 Ka zuba fushinka a kan al’umman da ba su yarda da kai ba, a kan mulkokin da ba sa kira bisa sunanka;
৬তোমাক নজনা জাতিবোৰৰ ওপৰত তোমাৰ ক্ৰোধ ঢালি দিয়া, তোমাৰ নামেৰে প্ৰাৰ্থনা নকৰা ৰাজ্যবোৰৰ ওপৰত তোমাৰ ক্ৰোধ বাকি দিয়া।
7 gama sun cinye Yaƙub suka lalatar da ƙasar zamansa.
৭কিয়নো তেওঁলোকেই যাকোবৰ বংশক গ্ৰাস কৰিলে, তেওঁৰ বাসস্থান উচ্ছন্ন কৰিলে।
8 Kada ka riƙe zunubai kakanni a kanmu; bari jinƙanka yă zo da sauri yă sadu da mu, gama mun fid da zuciya sarai.
৮আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধবোৰক তুমি আমাৰ অহিতে সোঁৱৰণ নকৰিবা; শীঘ্ৰে তোমাৰ দয়া আমাৰ ওচৰলৈ আহিবলৈ দিয়া, কিয়নো আমি অতিশয় হীন-অৱস্থাত পৰিছোঁ।
9 Ka taimake mu, ya Allah Mai Cetonmu, saboda ɗaukakar sunanka; ka cece mu ka kuma gafarta mana zunubanmu saboda sunanka.
৯হে আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ, তোমাৰ নামৰ গৌৰৱৰ কাৰণে আমাক সহায় কৰা; তোমাৰ নামৰ কাৰণে আমাক উদ্ধাৰ কৰা আৰু আমাৰ পাপবোৰ ক্ষমা কৰা।
10 Don me al’ummai za su ce, “Ina Allahnsu yake?” A idanunmu, ka sanar wa al’ummai cewa kana ɗaukan fansar jinin bayinka da aka zubar.
১০আন জাতিবোৰে কিয় ক’ব, “সিহঁতৰ ঈশ্বৰ ক’ত গ’ল?” তুমি আমাৰ চকুৰ সন্মুখতে জাতিবোৰৰ ওপৰত, তোমাৰ দাসবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ তুমি সাধিবা।
11 Bari nishe-nishen’yan kurkuku su zo gabanka; ta wurin ƙarfin hannunka ka kiyaye waɗanda aka yanke wa hukuncin mutuwa.
১১বন্দীবোৰৰ কাতৰোক্তি তোমাৰ আগলৈ আহঁক; যি সকলৰ ওপৰত মৃত্যুদণ্ডৰ ৰায় দিয়া হৈছে, তোমাৰ মহান ক্ষমতা অনুসাৰে তুমি তেওঁলোকক ৰক্ষা কৰা।
12 Ka sāka a cinyoyin maƙwabtanmu sau bakwai zage-zagen da suka yi ta yi maka, ya Ubangiji.
১২হে প্ৰভু, আমাৰ প্রতিবেশী জাতিবোৰে যিভাৱে তোমাক অপমান কৰিছে, তাৰ সাত গুণ প্ৰতিফল তুমি তেওঁলোকৰ বুকুত উভটাই দিয়া।
13 Sa’an nan mu mutanenka, tumakin makiyayarka, za mu yabe ka har abada; daga tsara zuwa tsara za mu yi ta ba da labarin yabonka.
১৩তাতে তোমাৰ লোক আৰু চৰণীয়া পথাৰৰ মেৰ-ছাগ যি আমি, আমি চিৰকাল তোমাৰ ধন্যবাদ কৰিম, আৰু পুৰুষানুক্ৰমে তোমাৰেই প্ৰশংসা কৰিম।