< Zabura 78 >

1 Maskil na Asaf. Ya mutanena, ku ji koyarwata; ku saurari kalmomin bakina.
হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া; মোৰ মুখৰ কথালৈ কাণ পাতা।
2 Zan buɗe bakina da misalai, zan faɗi ɓoyayyun abubuwa, abubuwan dā,
মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম।
3 abin da muka ji muka kuma sani, abubuwan da kakanninmu suka faɗa mana.
এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ, আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে।
4 Ba za mu ɓoye su wa’ya’yanmu ba; za mu faɗa wa tsara mai zuwa ayyukan da suka zama yabo na Ubangiji, ikonsa, da abubuwan banmamakin da ya aikata.
তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।
5 Ya kafa ƙa’idodi wa Yaƙub ya kuma kafa doka a cikin Isra’ila, wadda ya umarce kakanni-kakanninmu su koya wa’ya’yansu,
কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।
6 don tsara na biye su san su, har da’ya’yan da ba a riga an haifa ba, su kuma su faɗa wa’ya’yansu.
যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।
7 Ta haka za su dogara ga Allah ba kuwa za su manta da ayyukansa ba amma za su kiyaye umarnansa.
তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
8 Ba za su zama kamar kakanni kakanninsu ba, masu taurinkai da kuma tsara masu tayarwa, waɗanda zukatansu ba su yi biyayya ga Allah ba, waɗanda zukatansu ba su yi aminci ga Allah ba.
তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।
9 Mutanen Efraim, ko da yake suna da bakkuna, suka juya da baya a ranar yaƙi;
ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।
10 ba su kiyaye alkawarin Allah ba suka kuma ƙi su yi rayuwa ta wurin dokarsa.
১০তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
11 Suka manta da abin da ya aikata, abubuwan banmamakin da ya nuna musu.
১১তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল। তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।
12 Ya yi mu’ujizai a idanun kakanninsu a ƙasar Masar, a yankin Zowan.
১২ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
13 Ya raba teku ya kuma bi da su ciki; ya sa ruwa ya tsaya daram kamar bango.
১৩তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।
14 Ya bishe su da girgije da rana da kuma haske daga wuta dukan dare.
১৪দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।
15 Ya tsage duwatsu a cikin hamada ya kuma ba su ruwaye a yalwace kamar tekuna;
১৫মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।
16 ya fid da rafuffuka daga dutsen da ya tsaga ya sa ruwa ya gudu kamar koguna.
১৬তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে, সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।
17 Amma suka ci gaba da yin masa zunubi, suna tayarwa a cikin hamada a kan Mafi Ɗaukaka.
১৭কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল, সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।
18 Da gangan suka gwada Allah ta wurin neman abincin da suke kwaɗayi.
১৮তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।
19 Suka yi magana a kan Allah, suna cewa, “Allah zai iya shimfiɗa tebur a cikin hamada?
১৯তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে, “ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?
20 Sa’ad da ya bugi dutse, ruwa ya ɓulɓulo, rafuffuka suka yi gudu a yalwace. Amma zai iya ba mu abinci? Zai iya tanada wa mutanensa nama?”
২০তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল; সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে? তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?”
21 Sa’ad da Ubangiji ya ji su, ya yi fushi ƙwarai; wutarsa ta ɓarke a kan Yaƙub, hasalarsa kuwa ta tashi a kan Isra’ila,
২১এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল; যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল; ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল;
22 gama ba su gaskata ga Allah ba ko su dogara ga cetonsa.
২২কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে।
23 Duk da haka ya ba da umarni ga sarari a bisa ya kuma buɗe ƙofofin sammai;
২৩তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে।
24 ya sauko da Manna wa mutanensa don su ci, ya ba su hatsin sama.
২৪লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, স্বৰ্গৰ শস্য তেওঁলোকক দিলে।
25 Mutane suka ci burodin mala’iku; ya aika musu dukan abincin da za su iya ci.
২৫মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে।
26 Ya saki iskar gabas daga sammai ya kuma saki iskar yamma ta wurin ikonsa.
২৬তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে।
27 Ya sauko da nama a kansu kamar ƙura, tsuntsaye masu firiya kamar yashi a bakin teku.
২৭তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে;
28 Ya sa suka sauka a cikin sansaninsu, ko’ina kewaye da tentunansu.
২৮তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে।
29 Suka ci har suka sami fiye da abin da ya ishe su, gama ya ba su abin da suka yi kwaɗayi.
২৯তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে।
30 Amma kafin su juyo daga abincin da suka yi kwaɗayi, kai tun ma yana a bakunansu,
৩০কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই
31 fushin Allah ya ƙuna a kansu; ya karkashe waɗanda suka fi ƙiba a cikinsu, yana yankan matasan Isra’ila.
৩১ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে।
32 Duk da haka, suka ci gaba da yin zunubi; duk da abubuwan banmamakinsa, ba su gaskata ba.
৩২তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে।
33 Saboda haka ya sa kwanakinsu suka ƙare a banza shekarunsu kuma cikin masifa.
৩৩সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে।
34 A duk sa’ad da Allah ya kashe su, sai su neme shi; sukan juyo a natse gare shi.
৩৪তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে।
35 Sun tuna cewa Allah ne Dutsensu, cewa Allah Mafi Ɗaukaka ne Mai fansarsu.
৩৫তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা।
36 Amma sai su yi ta yin masa zaƙin baki, suna masa ƙarya da harsunansu;
৩৬কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে,
37 zukatansu ba sa biyayya gare shi, ba su da aminci ga alkawarinsa.
৩৭তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল।
38 Duk da haka ya kasance mai jinƙai; ya gafarta laifofinsu bai kuwa hallaka su ba. Sau da sau ya janye fushinsa bai kuwa sa fushinsa yă ƙuna ba.
৩৮তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে; এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল।
39 Ya tuna cewa su naman jiki ne kawai, iska mai wucewa da ba ta dawowa.
৩৯তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে।
40 Sau da yawa sun tayar masa a cikin hamada suka kuma ɓata masa rai a jeji!
৪০মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে!
41 Sau da sau suka riƙa gwada Allah; suka tsokane Mai Tsarki na Isra’ila.
৪১বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে।
42 Ba su tuna da ikonsa, a ranar da ya fanshe su daga mai danniya,
৪২তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, মনত নাৰাখিলে সেই দিনৰ কথা- যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল;
43 ranar da ya nuna mu’ujizansa a Masar abubuwan banmamakinsa a yankin Zowan ba.
৪৩যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল।
44 Ya mai da kogunansu suka zama jini; ba su iya sha daga rafuffuka ba.
৪৪সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে।
45 Ya aika da tarin ƙudajen da suka cinye su, da kwaɗin da suka wahalshe su.
৪৫তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে।
46 Ya ba da hatsinsu ga fāra, amfanin gonakinsu ga ɗango.
৪৬তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে।
47 Ya lalace inabinsu da ƙanƙara itatuwan al’ul nasu kuma da jaura.
৪৭তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে, আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে।
48 Ya miƙa shanunsu ga ƙanƙara, tumakinsu ga aradun tsawa.
৪৮তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে।
49 Ya saki musu fushinsa mai zafi, hasalarsa, zafin rai da kuma ɓacin ransa, ƙungiyar mala’iku masu hallakarwa.
৪৯তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল।
50 Ya shirya hanya wa fushinsa; bai tsare ransu daga mutuwa ba amma ya miƙa su ga annoba.
৫০তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে; তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে, কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে।
51 Ya bugi kowane ɗan fari na Masar, mafari ƙarfin mazantakansu a tentunan Ham.
৫১তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে, হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে।
52 Amma ya fitar da mutanensa kamar garke; ya bi da su kamar tumaki ta cikin hamada.
৫২তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।
53 Ya bi da su lafiya ƙalau, don kada su ji tsoro; amma teku ya cinye abokan gābansu.
৫৩তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।
54 Ta haka ya kawo su iyakar ƙasa mai tsarki, zuwa ƙasar tudun da hannunsa na dama ya kame.
৫৪তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে; যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে।
55 Ya kori al’ummai a gabansu ya rarraba ƙasashensu gare su a matsayin gādo; ya zaunar da kabilan Isra’ila a gidajensu.
৫৫তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।
56 Amma suka gwada Allah suka tayar wa Mafi Ɗaukaka; ba su kiyaye ƙa’idodinsa ba.
৫৬কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।
57 Kamar kakanninsu suka zama marasa biyayya da marasa aminci, marar tabbas kamar tanƙwararren baka.
৫৭তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
58 Suka ba shi haushi da masujadansu na kan tudu; suka tayar da kishinsa da gumakansu.
৫৮তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।
59 Sa’ad da Allah ya ji su, ya yi fushi ƙwarai; ya ƙi Isra’ila gaba ɗaya.
৫৯এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।
60 Ya yashe tabanakul na Shilo, tentin da ya kafa a cikin mutane.
৬০চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।
61 Ya aika da akwatin alkawarin ƙarfinsa zuwa bauta, darajarsa zuwa cikin hannuwan abokin gāba.
৬১নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।
62 Ya ba da mutanensa ga takobi; ya yi fushi ƙwarai da gādonsa.
৬২তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।
63 Wuta ta cinye matasansu maza,’yan matansu kuma ba su da waƙoƙin aure;
৬৩তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে; তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল।
64 aka karkashe firistocinsu, gwaurayensu kuwa ba su iya makoki ba.
৬৪তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
65 Sa’an nan Ubangiji ya farka sai ka ce daga barcinsa, kamar yadda mutum kan farka daga buguwar ruwan inabi.
৬৫তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।
66 Ya kori abokan gābansa; ya sa suka sha madawwamiyar kunya.
৬৬তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে; তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে।
67 Sa’an nan ya ƙi tentunan Yusuf, bai zaɓi kabilar Efraim ba;
৬৭পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে; ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে;
68 amma ya zaɓi kabilar Yahuda, Dutsen Sihiyona, wanda ya ƙaunaci.
৬৮কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে।
69 Ya gina wurinsa mai tsarki kamar bisa, kamar duniyar da ya kafa har abada.
৬৯তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে।
70 Ya zaɓi Dawuda bawansa ya kuma ɗauke shi daga ɗakin tumaki;
৭০তেওঁ নিজ দাস দায়ুদক মনোনীত কৰিলে, তেওঁ তেওঁক মেৰ-ছাগৰ গঁৰালৰ পৰা আনিলে।
71 daga kiwon tumaki ya kawo shi don yă kuma zama makiyayin mutanensa Yaƙub, na Isra’ila gādonsa.
৭১গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে।
72 Dawuda kuwa ya zama makiyayinsu da mutuncin zuciya; da hannuwa masu gwaninta ya bi da su.
৭২দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে; তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।

< Zabura 78 >