< Zabura 64 >

1 Don mai bi da kaɗe-kaɗe. Zabura ta Dawuda. Ka ji ni, ya Allah, yayinda nake faɗin abin da yake damuna; ka tsare raina daga barazanan abokin gāba.
হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
2 Ka ɓoye ni daga ƙulle-ƙullen mugaye, daga daure dauren wannan taro masu aikata mugunta.
দুষ্টবোৰৰ ষড়যন্ত্ৰৰ পৰা মোক লুকুৱাই ৰাখা; দুৰাচাৰীবিলাকৰ মানসিক উত্তেজনাৰ অপৰাধবোৰৰ পৰা মোক গুপুতে ৰাখা।
3 Sukan wāsa harsunansu kamar takuba su harba kalmominsu kamar kibiyoyi masu kisa.
তেওঁলোকে তৰোৱাল ধৰোঁৱাদি নিজৰ জিভা ধৰাইছে; তেওঁলোকে তিক্ততাপূর্ণ কথাৰ ধনুকাঁড় জুৰিছে।
4 Sukan yin kwanto su harbi marar laifi; sukan yi harbi nan da nan, ba tsoro.
নির্দোষী জনক গুপুতে মাৰিবলৈ নিজৰ কাঁড় জুৰিছে; তেওঁলোকে তালৈ অকস্মাতে বাণ মাৰে, ভয় নকৰে।
5 Sukan ƙarfafa juna a mugayen ƙulle-ƙullensu, sukan yi magana yadda za su ɓoye tarkunansu; su ce, “Wa zai gan su?”
সিহঁতে কুমন্ত্ৰণাত নিজক উৎসাহ দিয়ে; গুপুতে ফান্দ পতাৰ বিষয়ে কথা পাতে; সিহঁতে কয়, “এই আমাক কোনে দেখিব?”
6 Sukan yi ƙulle-ƙullen rashin adalci su ce, “Mun gama ƙulla cikakkiyar maƙarƙashiya tsab!” Zuciyar mutum da tunaninsa, suna da wuyar ganewa.
তেওঁলোকে কু-পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে; তেওঁলোকে কয়, “আমি ভালকৈ ভাবি-চিন্তি কল্পনা কৰি থৈছোঁ।” প্ৰত্যেকৰ আন্তৰিক ভাব আৰু হৃদয় গভীৰ।
7 Amma Allah zai harbe su da kibiyoyi; nan da nan za a buge su su fāɗi.
কিন্তু ঈশ্বৰে তেওঁলোকক আহত কৰিব; অকস্মাতে কাঁড়ৰ দ্বাৰাই আঘাত কৰিব।
8 Zai juya harshensu a kansu yă kuma kawo su ga hallaka; duk waɗanda suka gan su za su kaɗa kai, suna musu ba’a.
তেওঁলোকে অন্যায় কাম কৰাৰ কাৰণে, তেওঁলোকৰ জিভা তেওঁলোকৰ বিৰোধী হ’ল। যি সকলে তেওঁলোকক অস্থিৰ হোৱা দেখিব; তেওঁলোক সকলোৱে তাকে দেখি মূৰ জোকাৰিব।
9 Dukan mutane za su ji tsoro; za su yi shelar ayyukan Allah su kuma yi tunanin abin da ya aikata.
তেওঁলোক সকলোৱে ভয়াৰ্ত হ’ব; ঈশ্বৰে যি কার্য কৰিলে, সেই বিষয়ে চিন্তা কৰিব, তেওঁলোকে ঈশ্বৰৰ কাৰ্যৰ বিষয়ে ঘোষণা কৰিব।
10 Bari masu adalci su yi farin ciki a cikin Ubangiji su kuma nemi mafaka a gare shi; bari dukan masu gaskiya a zuciya su yabe shi!
১০ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব।

< Zabura 64 >