< Zabura 63 >

1 Zabura ta Dawuda. Sa’ad da yake a hamadar Yahuda. Ya Allah, kai ne Allahna, da nacewa na neme ka; raina yana ƙishinka, jikina yana marmarinka, cikin busasshiyar ƙasar da ta zozaye inda babu ruwa.
হে ঈশ্বৰ, তুমি মোৰ ঈশ্বৰ; আন্তৰিকতাৰে মই তোমাক বিচাৰিম; পানী নথকা শুকান আৰু খৰাং দেশত, তোমালৈ হাবিয়াহ কৰোঁতে, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে, মোৰ শৰীৰ ক্ষীণাই গৈছে।
2 Na gan ka a wuri mai tsarki na kuma dubi ikonka da ɗaukakarka.
এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ।
3 Domin ƙaunarka ta fi rai kyau, leɓunana za su ɗaukaka ka.
কিয়নো তোমাৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা জীৱনতকৈয়ো উত্তম; মোৰ ওঁঠে তোমাৰ স্তুতি প্রশংসা কৰিব।
4 Zan yabe ka muddin raina, kuma a cikin sunanka zai ɗaga hannuwana.
এইদৰে মই জীয়াই থাকোমানে তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামত মই মোৰ হাত প্রার্থনাৰ সময়ত ওপৰলৈ তুলি ধৰিম।
5 Raina zai ƙoshi kamar da abinci mafi kyau; da leɓunan rerawa bakina zai yabe ka.
লোকসকলে মগজু আৰু তেলীয়া মাংসত যেনেকৈ সন্তুষ্ট, তেনেকৈ মোৰ প্ৰাণ তৃপ্ত হ’ব; আৰু মোৰ মুখে আনন্দিত মনেৰে তোমাৰ প্ৰশংসা কৰিব।
6 A gadona na tuna da kai; ina tunaninka dukan dare.
মই মোৰ শয্যাত শুই তোমাৰ কথা ভাৱো; নিশা প্ৰহৰে প্ৰহৰে তোমাক ধ্যান কৰোঁ।
7 Domin kai ne mai taimakona, ina rera a cikin inuwar fikafikanka.
কিয়নো তুমি মোৰ সহায়কর্তা; তোমাৰ ডেউকাৰ ছাঁত মই আনন্দ কৰিম।
8 Raina ya manne maka; hannunka na dama yana riƙe da ni.
মোৰ প্ৰাণে তোমাক ধৰি ৰাখিছে; তোমাৰ সোঁ হাতে মোক ধৰি ৰাখিছে।
9 Su da suke neman raina za su hallaka; za su gangara zuwa zurfafan duniya.
যিবোৰে বিনাশৰ অৰ্থে মোৰ প্ৰাণ বিচাৰিছে, তেওঁলোক পৃথিবীৰ অধঃস্থানলৈ গতি কৰিব।
10 Za a bayar da su ga takobi su kuma zama abincin karnukan jeji.
১০তেওঁলোক তৰোৱালৰ ধাৰত সমৰ্পিত হ’ব; আৰু তেওঁলোকৰ অংশ শিয়ালৰ আহাৰ হ’ব।
11 Amma sarki zai yi farin ciki ga Allah; dukan waɗanda suke rantse da sunan Allah za su yabe shi, amma za a rufe bakunan maƙaryata.
১১কিন্তু ৰজাই ঈশ্বৰত আনন্দ কৰিব; তেওঁৰ নামেৰে শপত কৰা প্ৰতিজনে গৌৰৱ কৰিব, কিয়নো মিছলীয়াবোৰৰ মুখ বন্ধ হ’ব।

< Zabura 63 >