< Zabura 44 >

1 Don mai bi da kaɗe-kaɗe. Ta’ya’yan Kora maza. Maskil ne. Mun ji da kunnuwanmu, ya Allah; kakanninmu sun faɗa mana abin da ka aikata a kwanakinsu, tun dā can.
হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ; পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা, সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।
2 Da hannunka ka kori al’ummai ka kuma dasa kakanninmu; ka ragargaza mutanen ka kuma sa kakanninmu suka haɓaka.
তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকক নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।
3 Ba da takobinsu ba ne suka ci ƙasar, ba kuwa ƙarfin hannunsu ne ya ba su nasara ba; hannun damanka ne, ƙarfin hannunka, da kuma hasken fuskarka, gama ka ƙaunace su.
তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
4 Kai ne Sarkina da kuma Allahna, wanda ya ba da nasarori wa Yaƙub.
তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।
5 Ta wurinka mun tura abokan gābanmu baya; ta wurin sunanka muka tattake maƙiyanmu.
আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
6 Ba na dogara ga bakana, takobina ba ya kawo nasara;
মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।
7 amma kana ba mu nasara a kan abokan gābanmu, ka sa abokan gābanmu suka sha kunya.
কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
8 A cikin Allah muke fariyarmu dukan yini, kuma za mu yabi sunanka har abada. (Sela)
ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
9 Amma yanzu ka ƙi mu ka kuma ƙasƙantar da mu; ba ka ƙara fita tare da mayaƙanmu.
কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।
10 Ka sa muka gudu a gaban abokin gāba, kuma abokan gābanmu suka washe mu.
১০শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে।
11 Ka ba da mu a cinye kamar tumaki ka kuma watsar da mu a cikin al’ummai.
১১তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
12 Ka sayar da mutanenka a kuɗin da bai taka ƙara ya karye ba babu wata riba daga sayar da su da ka yi.
১২তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
13 Ka mai da mu abin dariya ga maƙwabtanmu, abin dariya da reni ga waɗanda suke kewaye da mu.
১৩ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
14 Ka sa muka zama abin ba’a a cikin al’ummai; mutanen suna kaɗa mana kai.
১৪অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
15 Dukan yini ina cikin wulaƙanci, fuskata kuma ta rufu da kunya
১৫ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
16 saboda ba’ar waɗanda suke zagi suke kuma ƙina, saboda abokan gābana, waɗanda suka sha alwashi sai sun yi ramuwa.
১৬মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
17 Dukan wannan ya faru da mu, ko da yake ba mu manta da kai ba ko mu kasance masu ƙarya ga alkawarinka.
১৭আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
18 Zukatanmu ba su juya baya; ƙafafunmu ba su kauce daga hanyarka ba.
১৮তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
19 Amma ka ragargaza mu ka kuma maishe mu abin farautar karnukan jeji ka kuma rufe mu cikin duhu baƙi ƙirin.
১৯তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
20 Da a ce mun manta da sunan Allahnmu ko mun miƙa hannuwanmu ga baƙin alloli,
২০আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
21 da Allah bai gane ba, da yake ya san asiran zuciya?
২১তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
22 Duk da haka saboda kai mun fuskanci mutuwa dukan yini; aka ɗauke mu kamar tumakin da za a yanka.
২২কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
23 Ka farka, ya Ubangiji! Don me kake barci? Ta da kanka! Kada ka ƙi mu har abada.
২৩হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
24 Me ya sa ka ɓoye fuskarka ka manta da azabanmu da kuma danniyar da ake mana?
২৪তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
25 An kai mu ƙasa zuwa ƙura; jikunanmu sun manne da ƙasa.
২৫আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে।
26 Ka tashi ka taimake mu; ka cece mu saboda ƙaunarka marar ƙarewa.
২৬উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।

< Zabura 44 >