< Zabura 149 >

1 Yabi Ubangiji. Ku rera sabuwar waƙa ga Ubangiji, yabonsa a cikin taron tsarkaka.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ উদ্দেশ্যে এটি নতুন গীত গোৱা, ভক্তসকলৰ সমাজত তেওঁৰ প্ৰশংসাৰ গান কৰা,
2 Bari Isra’ila su yi farin ciki da Mahaliccinsu; bari mutanen Sihiyona su yi murna da Sarkinsu.
ইস্ৰায়েলে নিজৰ সৃষ্টিকৰ্ত্তাক লৈ আনন্দ কৰক; চিয়োনৰ সন্তান সকলে নিজৰ ৰজাসকলক লৈ আনন্দ কৰক।
3 Bari su yabi sunansa tare da rawa suna kuma yin kiɗi gare shi da ganga da garaya.
তেওঁলোকে নাচি নাচি তেওঁৰ নামৰ প্ৰশংসা কৰক, খঞ্জৰী আৰু বীণা লৈ তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰক।
4 Gama Ubangiji yana jin daɗin mutanensa; yakan darjanta masu sauƙinkai da ceto.
কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।
5 Bari tsarkaka su yi farin ciki a wannan bangirma su kuma rera don farin ciki a kan gadajensu.
ভক্তসকলে বিজয়ত উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক।
6 Bari yabon Allah yă kasance a bakunansu takobi mai kaifi kuma a hannuwansu,
তেওঁলোকৰ কন্ঠত ঈশ্বৰৰ উচ্চ প্ৰশংসা থাকক, তেওঁলোকৰ হাতত দুধৰীয়া তৰোৱাল থাকক;
7 don su ɗau fansa a kan al’ummai da kuma hukunci a kan mutane,
যাতে তেওঁলোকে জাতিবোৰৰ ওপৰত প্ৰতিশোধ লব পাৰে, আৰু লোক সমূহক শাস্তি দিব পাৰে;
8 don su ɗaura sarakuna da sarƙoƙi, manyan garinsu da sarƙoƙin ƙarfe,
যেন তেওঁলোকৰ ৰজাসকলক শিকলিৰে বান্ধিব পাৰে, তেওঁলোকৰ মান্যৱন্ত লোকক লোহাৰ বেৰিৰে বান্ধিব পাৰে;
9 don su yi hukuncin da aka rubuta a kansu. Wannan ne ɗaukakar dukan tsarkakansa. Yabi Ubangiji.
যেন তেওঁলোকৰ বিৰুদ্ধে লিখিত বিচাৰ নিষ্পত্তি কৰিব পাৰে, এয়েই তেওঁৰ সকলো ভক্তৰ গৌৰৱ। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Zabura 149 >