< Zabura 146 >
1 Yabi Ubangiji. Yabi Ubangiji, ya raina.
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে মোৰ মন, যিহোৱাৰ প্ৰশংসা কৰা।
2 Zan yabi Ubangiji dukan kwanakina; zan rera yabo ga Allahna muddin raina.
২মোৰ আয়ুস থাকেমানে মই যিহোৱাৰ প্ৰশংসা কৰিম, জীয়াই থাকোঁমানে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
3 Kada ka sa zuciyarka ga sarakuna, ga mutane masu mutuwa, waɗanda ba sa iya ceto.
৩তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
4 Sa’ad da numfashinsu ya rabu da su sai su koma ƙasa; a wannan rana shirye-shiryensu sun zama banza.
৪তেওঁলোকৰ উশাহ বাহিৰ হৈ গ’লে, তেওঁলোক পুনৰায় মাটিলৈ ঘূৰি যায়; সেই দিনাই তেওঁলোকৰ সকলো পৰিকল্পনা শেষ হৈ যায়।
5 Mai albarka ne wanda Allah na Yaƙub ne taimakonsa, wanda sa zuciyarsa yana a kan Ubangiji Allahnsa.
৫যাকোবৰ ঈশ্বৰ যাৰ সহায় সেই জন ধন্য; যাৰ আশাভূমি যিহোৱা তেওঁৰ ঈশ্বৰ।
6 Mahaliccin sama da ƙasa, teku, da kome da yake cikinsu, Ubangiji, wanda yake mai aminci har abada.
৬তেৱেঁই আকাশ-মণ্ডল আৰু পৃথিৱী, সমুদ্ৰ আৰু তাত থকা সকলোৰে সৃষ্টিকর্তা, তেওঁ অনন্তকালে বিশ্বাসযোগ্য।
7 Yakan biya bukatun mutanen da aka danne ya kuma ba da abinci ga mayunwata. Ubangiji yakan’yantar da’yan kurkuku,
৭তেওঁ উপদ্ৰৱ পোৱাসকলৰ পক্ষে ন্যায় বিচাৰ কৰে, ক্ষুধাতুৰবোৰক আহাৰ দান কৰে; যিহোৱাই বন্দীবোৰক মুক্ত কৰে;
8 Ubangiji yakan ba wa makafi ido, Ubangiji yakan ɗaga waɗanda aka rusunar da su ƙasa, Ubangiji yana ƙaunar masu adalci.
৮যিহোৱাই অন্ধবোৰৰ চকু মুকলি কৰে, নত অৱস্থাত থকাসকলক যিহোৱাই তুলি ধৰে; যিহোৱাই ধাৰ্মিক লোকক প্ৰেম কৰে;
9 Ubangiji yana tsaron baƙi yana kuma lura da marayu da kuma gwauruwa, amma yakan lalatar da hanyoyin mugaye.
৯যিহোৱাই বিদেশীবোৰক ৰক্ষা কৰে, তেওঁ মাউৰা আৰু বিধৱাসকলক ধৰি ৰাখে, কিন্তু দুষ্টবোৰৰ পথ তেওঁ বিঘিনিযুক্ত কৰে।
10 Ubangiji yana mulki har abada, Allahnki, ya Sihiyona, daga zamani zuwa zamani. Yabi Ubangiji.
১০যিহোৱাই অনন্ত কাল ৰাজত্ব কৰিব; হে চিয়োন, পুৰুষানুক্ৰমে তোমাৰ ঈশ্বৰে ৰাজত্ব কৰিব। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।