< Zabura 143 >

1 Zabura ta Dawuda. Ya Ubangiji, ka ji addu’ata, ka saurari kukata don neman jinƙai; cikin amincinka da adalcinka ka amsa mini.
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা, মোৰ কাকুতিলৈ কাণ পাতা; তোমাৰ বিশ্বস্ততা আৰু ধাৰ্মিকতাত মোক উত্তৰ দিয়া।
2 Kada ka gabatar da bawanka a gaban shari’a, gama babu wani mai rai da yake adali a gabanka.
তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
3 Abokin gāba yana fafarata, ya murƙushe ni har ƙasa; ya sa ina zama a cikin duhu kamar waɗanda suka mutu tun tuni.
শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
4 Ta haka ƙarfina ya ƙare a cikina zuciyata ta damu ƙwarai.
সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
5 Na tuna da kwanakin baya na yi tunani a kan dukan ayyukanka na kuma lura da abin da hannuwanka suka yi.
মই পূৰ্বকালৰ দিনৰ কথা মনত পেলাও, মই তোমাৰ সকলো কার্যৰ বিষয়ে চিন্তা কৰোঁ, তোমাৰ হাতৰ কাৰ্যবোৰ ধ্যান কৰোঁ।
6 Na buɗe hannuwana gare ka; raina yana jin ƙishinka kamar busasshiyar ƙasa. (Sela)
মই তোমাৰ ফালে মোৰ হাত মেলি আগবঢ়াই দিছোঁ; শুকান ভূমিৰ নিচিনাকৈ মোৰ প্ৰাণ তোমাৰ কাৰণে তৃষ্ণাতুৰ হৈছে। (চেলা)
7 Ka amsa mini da sauri, ya Ubangiji; ƙarfina ya ƙare. Kada ka ɓoye fuskarka daga gare ni in ba haka ba zan zama kamar waɗanda suka gangara zuwa rami.
হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
8 Bari safiya ta kawo mini maganar ƙaunarka marar ƙarewa, gama na sa zuciyata a gare ka. Ka nuna mini hanyar da zan bi, gama a gare ka na miƙa raina.
ৰাতিপুৱাতে মোক তোমাৰ সুস্থিৰ প্রেমৰ বচন শুনুউৱা, কাৰণ মই তোমাৰ ওপৰতে ভাৰসা কৰিছোঁ; তুমি মোক মই চলিবলগীয়া পথ শিকোঁৱা, কিয়নো মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
9 Ka cece ni daga abokan gābana, ya Ubangiji, gama na ɓoye kaina a gare ka.
হে যিহোৱা, মোৰ শত্ৰুবোৰৰ পৰা তুমি মোক উদ্ধাৰ কৰা; মই লুকাবৰ কাৰণে তোমাৰ ওচৰলৈ পলাই আহিছোঁ;
10 Ka koya mini in yi nufinka, gama kai ne Allahna; bari nagarin Ruhunka yă bi da ni a ƙasar da ba gargaɗa.
১০তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
11 Saboda sunanka, ya Ubangiji, ka kiyaye raina; a cikin adalcinka, ka fid da ni daga wahala.
১১হে যিহোৱা, তোমাৰ নামৰ কাৰণে মোক পুনৰায় সঞ্জীৱিত কৰা; তোমাৰ ধাৰ্মিকতাৰে সংকটৰ পৰা তুমি মোক উদ্ধাৰ কৰা।
12 A cikin ƙaunarka marar ƙarewa, ka rufe bakunan abokan gābana; ka hallaka dukan maƙiyana, gama ni bawanka ne.
১২তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।

< Zabura 143 >