< Zabura 135 >

1 Yabi Ubangiji. Yabi sunan Ubangiji; yabe shi, ku bayin Ubangiji,
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। যিহোৱাৰ নামৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, তেওঁৰ প্রশংসা কৰা।
2 ku waɗanda kuke hidima a gidan Ubangiji, cikin filayen gidan Allahnmu.
তোমালোক যিসকলে যিহোৱাৰ গৃহত, আমাৰ ঈশ্বৰৰ গৃহৰ চোতাল কেইখনত থিয় হৈ থাকা, তেওঁৰ প্ৰশংসা কৰা!
3 Yabi Ubangiji, gama Ubangiji nagari ne; rera yabo ga sunansa, gama wannan yana da kyau.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
4 Gama Ubangiji ya zaɓi Yaƙub ya zama nasa, Isra’ila ya zama mallakarsa mai daraja.
কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
5 Na san cewa Ubangiji yana da girma, cewa shugabanmu ya fi dukan alloli girma.
কিয়নো মই জানো যে যিহোৱা মহান, আমাৰ প্ৰভু সকলো দেৱতাতকৈ মহান।
6 Ubangiji yana yin abin da ya ga dama, a sammai da kuma a duniya, cikin tekuna da kuma cikin dukan zurfafansu.
আকাশ-মণ্ডলত আৰু পৃথিৱীৰ ওপৰত, সমুদ্ৰত আৰু সকলো গভীৰ স্থানত যিহোৱাই যি ইচ্ছা কৰে, তাকে কৰে।
7 Yakan sa gizagizai su taso daga iyakokin duniya; yakan aika da walƙiya tare da ruwan sama ya fito da iska daga ɗakunan ajiyarsa.
তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা মেঘ উঠাই আনে; তেঁৱেই বৰষুণৰ লগত বিজুলী-ঢেৰেকণিৰ সৃষ্টি কৰে আৰু তেওঁৰ নিজ ভঁৰালৰ পৰা বায়ু উলিয়াই আনে।
8 Ya kashe’ya’yan fari na Masar,’ya’yan fari na mutane da na dabbobi.
তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
9 Ya aiko da alamu da abubuwan banmamaki a tsirkiyarku, ya Masar, a kan Fir’auna da kuma dukan bayinsa.
হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
10 Ya bugi al’ummai masu yawa ya kuma karkashe manyan sarakuna,
১০তেওঁ অনেক জাতিক আঘাত কৰিলে, পৰাক্ৰমী ৰজাসকলক বধ কৰিলে।
11 Sihon sarkin Amoriyawa, Og sarkin Bashan da kuma dukan sarakunan Kan’ana,
১১ইমোৰীয়াবোৰৰ ৰজা চীহোন, বাচানৰ ৰজা ওগক বধ কৰিলে; কনানৰ সমুদায় ৰাজ্য তেওঁ বিনষ্ট কৰিলে।
12 ya kuma ba da ƙasarsa kamar abin gādo, abin gādo ga mutanensa Isra’ila.
১২তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে।
13 Sunanka, ya Ubangiji, dawwammame ne har abada, sanin da aka yi maka, ya Ubangiji, yana nan cikin dukan zamanai.
১৩হে যিহোৱা, তোমাৰ নাম অনন্তকাল স্থায়ী; হে যিহোৱা তোমাৰ স্মৰণ পুৰুষানুক্ৰমে স্থায়ী।
14 Gama Ubangiji zai nuna cewa mutanensa ba su da laifi ya kuma ji tausayin bayinsa.
১৪কিয়নো যিহোৱাই নিজ লোকসকলৰ বিচাৰ কৰিব, নিজ দাসবোৰক কৃপা কৰিব।
15 Gumakan al’ummai azurfa ne da zinariya, da hannuwan mutane suka yi.
১৫জাতি সমূহৰ প্রতিমাবোৰ ৰূপৰ আৰু সোণৰ; সেইবোৰ মনুষ্যৰ হাতৰ কাৰ্য।
16 Suna da bakuna, amma ba sa magana, idanu, amma ba sa gani;
১৬সেইবোৰৰ মুখ আছে, কিন্তু সেইবোৰে কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
17 suna da kunnuwa, amma ba sa ji, ba kuwa numfashi a bakunansu.
১৭কাণ আছে, কিন্তু নুশুনে, সেইবোৰৰ মুখত শ্বাস-প্ৰশ্বাসো নাই।
18 Waɗanda suka yi su za su zama kamar su, haka kuma zai zama da dukan waɗanda suke dogara gare su.
১৮সেইবোৰ নিৰ্ম্মাণ কৰোঁতাসকল সেইবোৰৰেই নিচিনা; সেইবোৰত ভাৰসা কৰোঁতা প্ৰতিজনো সেইবোৰৰেই নিচিনা।
19 Ya gidan Isra’ila, yabi Ubangiji; Ya gidan Haruna, yabi Ubangiji;
১৯হে ইস্ৰায়েলৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে হাৰোণৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা;
20 Ya gidan Lawi, yabi Ubangiji; ku da kuke tsoronsa, yabi Ubangiji.
২০হে লেবীৰ বংশ, যিহোৱাৰ ধন্যবাদ কৰা; হে যিহোৱালৈ ভয় ৰখা ভক্তসকল, তোমালোকে যিহোৱাৰ ধন্যবাদ কৰা।
21 Yabo ya tabbata ga Ubangiji daga Sihiyona, gare shi wanda yake zama a Urushalima. Yabi Ubangiji.
২১চিয়োনৰ পৰা যিহোৱাৰ ধন্যবাদ হওঁক; তেওঁ যিৰূচালেমত নিবাস কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Zabura 135 >