< Zabura 130 >

1 Waƙar haurawa. Daga cikin zurfafa na yi kuka gare ka, ya Ubangiji;
হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
2 Ya Ubangiji, ka ji muryata. Bari kunnuwanka su saurara ga kukata ta neman jinƙai.
হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
3 In kai, ya Ubangiji, za ka lissafta zunubai, Ya Ubangiji, wa zai tsaya?
হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
4 Amma tare da kai akwai gafartawa, saboda haka ake tsoronka.
কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
5 Zan jira Ubangiji, raina zai jira, kuma a cikin maganarsa na sa zuciyata.
মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
6 Raina na jiran Ubangiji fiye da yadda mai tsaro yakan jira safiya, fiye da yadda mai tsaro yakan jira safiya.
প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
7 Ya Isra’ila, sa zuciya ga Ubangiji, gama tare da Ubangiji akwai ƙauna marar ƙarewa kuma tare da shi akwai cikakkiyar fansa.
হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
8 Shi kansa zai fanshi Isra’ila daga dukan zunubansu.
তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।

< Zabura 130 >