< Zabura 119 >

1 Albarka ta tabbata ga waɗanda rayuwarsu ba ta da abin zargi, waɗanda suke tafiya bisa ga dokar Ubangiji.
ধন্য সেইসকল, যিসকলৰ আচাৰ-ব্যৱহাৰ সিদ্ধ; যিসকলে যিহোৱাৰ ব্যৱস্থা অনুসাৰে চলে।
2 Albarka ta tabbata ga waɗanda suke kiyaye ƙa’idodinsa suke kuma nemansa da dukan zuciyarsu.
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে; যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
3 Ba sa yin wani abin da ba daidai ba; suna tafiya a hanyoyinsa.
তেওঁলোকে অন্যায় নকৰে, যিহোৱাৰ পথত চলে।
4 Ka shimfiɗa farillan da dole a yi biyayya da su.
তোমাৰ আদেশবোৰ যত্নেৰে পালন কৰিবলৈ তুমি আমাক আজ্ঞা কৰিলা।
5 Kash, da a ce hanyoyina tsayayyu ne a yin biyayya da ƙa’idodinka mana!
ওহ, মোৰ পথবোৰ সুস্থিৰ হওঁক; মই যেন তোমাৰ বিধিবোৰ পালন কৰিব পাৰোঁ!
6 Da ba zan sha kunya ba sa’ad da na lura da dukan umarnanka.
যেতিয়া তোমাৰ সকলো আজ্ঞাৰ প্রতি মই দৃষ্টি ৰাখি চলিম, তেতিয়া মই লজ্জিত নহ’ম।
7 Zan yabe ka da zuciya ta gaskiya yayinda nake koyon dokokinka masu adalci.
তোমাৰ ধাৰ্মিকতাযুক্ত শাসন প্ৰণালীবোৰ যেতিয়া মই শিকোঁ, তেতিয়া মই শুদ্ধ মনেৰে তোমাৰ ধন্যবাদ কৰিম।
8 Zan yi biyayya da ƙa’idodinka; kada ka yashe ni ɗungum.
মই তোমাৰ বিধিবোৰ পালন কৰিম; মোক নিচেইকৈ পৰিত্যাগ নকৰিবা।
9 Yaya matashi zai kiyaye hanyarsa da tsabta? Sai ta yin rayuwa bisa ga maganarka.
যুবকে কেনেকৈ নিজৰ পথ শুদ্ধভাৱে ৰাখিব পাৰে? তোমাৰ বাক্য অনুসাৰে সাৱধানেৰে চলাৰ দ্বাৰাই পাৰে।
10 Na neme ka da dukan zuciyata; kada ka bar ni in kauce daga umarnanka.
১০মই সমস্ত মনেৰে তোমাক বিচাৰিছোঁ; তুমি মোক তোমাৰ আজ্ঞা-পথৰ পৰা ভ্ৰান্ত হৈ যাব নিদিবা।
11 Na ɓoye maganarka a cikin zuciyata don kada in yi maka zunubi.
১১তোমাৰ বাক্য মই মোৰ হৃদয়ত সঞ্চয় কৰি ৰাখিছো, যেন তোমাৰ অহিতে পাপ নকৰোঁ।
12 Yabo ya tabbata gare ka, ya Ubangiji; ka koya mini ƙa’idodinka.
১২ধন্য তুমি, হে যিহোৱা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
13 Da leɓunana na ba da labarin dukan dokokin da suka fito bakinka.
১৩তোমাৰ মুখৰ সকলো ধার্মিক শাসন প্ৰণালী, মই নিজ ওঁঠেৰে বর্ণনা কৰিলোঁ;
14 Na yi farin ciki da bin farillanka yadda mutum yakan yi farin ciki da arziki mai yawa.
১৪ধন-সম্পদত লোকে যিমান আনন্দ পায়, তোমাৰ আজ্ঞাৰ পথত চলি মই তাতোকৈ অধিক আনন্দ পাওঁ।
15 Na yi tunani a kan farillanka na kuma lura da hanyoyinka.
১৫মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ সকলো পথলৈ মনোযোগ দিম।
16 Na yi murna a cikin ƙa’idodinka; ba zan ƙyale maganarka ba.
১৬মই তোমাৰ বিধিবোৰত আনন্দিত হ’ম; মই তোমাৰ বাক্য নাপাহৰিম।
17 Ka yi alheri ga bawanka, zan kuwa rayu; zan yi biyayya da maganarka.
১৭তোমাৰ দাসলৈ প্রচুৰ মঙ্গল কৰা যাতে মই জীয়াই থাকো, আৰু তোমাৰ বাক্য পালন কৰিব পাৰোঁ।
18 Ka buɗe idanuna don in iya gani abubuwan banmamaki a cikin dokarka.
১৮মোৰ চকু মুকলি কৰি দিয়া, যাতে মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয়বোৰ দেখা পাওঁ।
19 Ni baƙo ne a duniya; kada ka ɓoye mini umarnanka.
১৯মই পৃথিৱীত প্রবাসী মাথোন, তোমাৰ আজ্ঞাবোৰ মোৰ পৰা লুকুৱাই নাৰাখিবা।
20 Zuciyata ta ƙosa saboda marmari don dokokinka koyaushe.
২০সকলো সময়তে তোমাৰ শাসন-প্রণালীবোৰ জানিবলৈ, মোৰ প্রাণ আকাঙ্ক্ষাত ভগ্ন হৈছে।
21 Ka tsawata wa masu fariya, waɗanda suke la’anta waɗanda kuma suka kauce daga umarnanka.
২১তুমি অহঙ্কাৰীবোৰক ধমক দিছা; তেওঁলোকতো শাপগ্ৰস্ত, তোমাৰ আজ্ঞা পথৰ পৰা ভ্ৰান্ত হৈ ঘূৰি ফুৰে।
22 Ka cire mini ba’a da reni, gama ina kiyaye farillanka.
২২তেওঁলোকৰ অপমান আৰু নিন্দা মোৰ পৰা দূৰ কৰা; কিয়নো মই তোমাৰ আজ্ঞাবোৰ পালন কৰি আহিছোঁ।
23 Ko da yake masu mulki sun zauna tare suna ɓata mini suna, bawanka zai yi tunani a kan ƙa’idodinka.
২৩যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়, তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব।
24 Farillanka ne abin farin cikina; su ne mashawartana.
২৪তোমাৰ আজ্ঞাবোৰ মোৰ আনন্দৰ বিষয়, সেইবোৰে মোক পৰামৰ্শ দিয়ে।
25 An kwantar da ni ƙasa cikin ƙura; ka kiyaye raina bisa ga maganarka.
২৫মোৰ প্রাণ ধুলিত সংলগ্ন; তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।
26 Na ba da labari hanyoyina ka kuma amsa mini; ka koya mini ƙa’idodinka.
২৬মোৰ জীৱনৰ পথৰ কথা মই তোমাক জনালোঁ, আৰু তুমি মোক উত্তৰ দিলা। মোক তোমাৰ বিধিবোৰ শিকোঁৱা।
27 Bari in gane koyarwar farillanka; sa’an nan zan yi tunani a kan abubuwan banmamakinka.
২৭তোমাৰ আজ্ঞাৰ পথবোৰ মোক বুজাই দিয়া; তাতে মই তোমাৰ আচৰিত কাৰ্যবোৰ ধ্যান কৰিম।
28 Raina ya gaji da baƙin ciki; ka ƙarfafa ni bisa ga maganarka.
২৮দুখত মোৰ প্রাণ দ্ৰৱীভূত হৈছে; তোমাৰ বাক্য অনুসাৰে মোক সবল কৰা।
29 Ka kiyaye ni daga hanyoyin ruɗu; ka yi mini alheri ta wurin dokokinka.
২৯মোৰ পৰা মিছা কথাৰ পথ দূৰ কৰা; দয়া কৰি তোমাৰ ব্যৱস্থাৰ শিক্ষা মোক দান কৰা।
30 Na zaɓi hanyar gaskiya; na sa zuciyata a kan dokokinka.
৩০মই বিশ্বস্ততাৰ পথ মনোনীত কৰিলোঁ; মই তোমাৰ শাসন-প্ৰণালীবোৰ মোৰ সন্মুখত ৰাখিলোঁ।
31 Na riƙe farillanka kankan, ya Ubangiji; kada ka sa in sha kunya.
৩১হে যিহোৱা, মই তোমাৰ আজ্ঞাবোৰত আসক্ত হৈছোঁ; তুমি মোক লজ্জিত হ’বলৈ নিদিবা।
32 Ina gudu a kan hanyar umarnanka, gama ka’yantar da zuciyata.
৩২তোমাৰ আজ্ঞাবোৰৰ পথত মই লৰি যাম, কাৰণ তুমি মোৰ হৃদয় মেলি দিলা।
33 Ka koya mini Ya Ubangiji, don in bi ƙa’idodinka; sa’an nan zan kiyaye su har ƙarshe.
৩৩হে যিহোৱা, তোমাৰ বিধিবোৰৰ পথৰ সম্বন্ধে মোক শিকোৱা; তাতে মই শেষলৈকে তাক পালন কৰিম।
34 Ka ba ni ganewa, zan kuwa kiyaye dokarka in kuma yi biyayya da ita da dukan zuciyata.
৩৪তুমি মোক জ্ঞান দিয়া যাতে মই তোমাৰ ব্যৱস্থাবোৰ মানি চলিব পাৰোঁ, সমস্ত হৃদয়েৰে সৈতে তাক পালন কৰিব পাৰোঁ।
35 Ka bi da ni a hanyar umarnanka, gama a can zan sami farin ciki.
৩৫তোমাৰ আজ্ঞা- পথত মোক চলোৱা; কিয়নো তাতেই মই সন্তোষ পাওঁ।
36 Ka juye zuciyata wajen farillanka ba wajen riba ta sonkai ba.
৩৬তোমাৰ আজ্ঞাবোৰলৈ মোৰ হৃদয় আসক্ত কৰি ৰাখা, স্বার্থপৰ লোভলৈ আকর্ষিত নকৰিবা।
37 Ka juye idanuna daga abubuwa marasa amfani; ka kiyaye raina bisa ga maganarka.
৩৭অসাৰ বস্তুবোৰৰ পৰা তুমি মোৰ দৃষ্টি ঘূৰাই আনা; তোমাৰ পথত চলিবলৈ মোক পুনৰ সঞ্জীৱিত কৰা।
38 Ka cika alkawarinka ga bawanka, saboda a ji tsoronka.
৩৮তোমাৰ এই দাসৰ প্রতি তোমাৰ প্রতিজ্ঞা পূর্ণ কৰা; যি প্রতিজ্ঞা তোমালৈ ভয়কাৰী লোকৰ বাবে তুমি স্থিৰ কৰিলা।
39 Ka kawar da shan kunyar da nake tsoro, gama dokokinka nagari ne.
৩৯মোৰ দূর্নাম তুমি দূৰ কৰা, যিহক মই ভয় কৰোঁ; কিয়নো তোমাৰ শাসন-প্ৰণালীবোৰ মঙ্গলময়।
40 Ina marmarin farillanka ƙwarai! Ka kiyaye raina cikin adalcinka.
৪০চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।
41 Bari ƙaunarka marar ƙarewa ta zo gare ni, ya Ubangiji, cetonka bisa ga alkawarinka;
৪১হে যিহোৱা, তুমি মোক তোমাৰ সুস্থিৰ প্রেমৰ ভাগী হবলৈ দিয়া; তোমাৰ প্রতিজ্ঞা অনুসাৰে তোমাৰ পৰিত্ৰাণৰ ভাগী কৰা।
42 sa’an nan zan amsa wa masu cin mutuncina, gama na dogara ga maganarka.
৪২তেতিয়া মোক নিন্দা কৰা সকলক মই উত্তৰ দিব পাৰিম; কিয়নো মই তোমাৰ বাক্যত ভাৰসা কৰোঁ।
43 Kada ka ƙwace maganarka daga bakina, gama na sa zuciyata a dokokinka.
৪৩তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।
44 Kullayaumi zan yi biyayya da dokokinka, har abada abadin.
৪৪যুগে যুগে অনন্তকাল মই তোমাৰ ব্যৱস্থা মানি চলিম।
45 Zan yi ta yawo a sake gama na nemi farillanka.
৪৫মই নিৰাপদে মুক্তভাৱে বিচৰণ কৰিম; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ দিলোঁ।
46 Zan yi maganar farillanka a gaban sarakuna ba kuwa za a kunyata ni ba,
৪৬তুমি কোৱা সকলো আজ্ঞাৰ বিষয়ে মই ৰজাসকলৰ আগতো ক’ম; মই লজ্জিত নহ’ম।
47 gama ina farin ciki da umarnanka saboda ina ƙaunarsu.
৪৭তোমাৰ আজ্ঞাবোৰত মই সন্তোষ পাওঁ; কাৰণ মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
48 Na ɗaga hannuwana ga umarnanka, waɗanda nake ƙauna, ina kuma tunani a kan ƙa’idodinka.
৪৮তোমাৰ আজ্ঞাবোৰ মই পবিত্র বুলি জ্ঞান কৰোঁ, কাৰণ মই সেইবোৰ ভাল পাওঁ; মই তোমাৰ বিধিবোৰ ধ্যান কৰিম।
49 Tuna da maganarka ga bawanka, gama ka ba ni bege.
৪৯তোমাৰ এই দাসৰ আগত তুমি যি প্রতিজ্ঞা কৰিছিলা, তাক তুমি সোঁৱৰণ কৰা; তাৰ দ্বাৰায়েই তুমি মোক আশা দিছিলা।
50 Ta’aziyyata cikin wahalata ita ce alkawarinka yana kiyaye raina.
৫০দুখৰ সময়ত এয়ে মোৰ সান্ত্বনা হয়; তোমাৰ প্রতিজ্ঞাই মোক সঞ্জীৱিত কৰে।
51 Masu fariya suna yi mini ba’a ba tare da an hana su ba, amma ban rabu da dokar ba.
৫১অহঙ্কাৰীবোৰে মোক অতিশয় ঠাট্টা-বিদ্রূপ কৰে; তথাপিও মই তোমাৰ ব্যৱস্থাৰ পৰা অলপো এফলীয়া হোৱা নাই।
52 Na tuna da dokokinka na tun dā, ya Ubangiji, na kuwa sami ta’aziyya a cikinsu.
৫২হে যিহোৱা, মই তোমাৰ পূৰ্বকালৰ শাসন প্ৰণালীবোৰ সোঁৱৰণ কৰোঁ, আৰু মই নিজে শান্ত্বনা লভো।
53 Fushi ya kama ni saboda mugaye, waɗanda suka keta dokokinka.
৫৩দুষ্ট লোকৰ দুষ্টতাৰ কাৰণে মোৰ ক্রোধ প্রজ্বলিত হয়, কিয়নো তেওঁলোকে তোমাৰ ব্যৱস্থা ত্যাগ কৰে।
54 Ƙa’idodinka su ne kan waƙata a duk inda na sauka.
৫৪মোৰ এই অস্থায়ী ঘৰত তোমাৰ বিধিবোৰ মোৰ গানৰ বিষয় হৈছে।
55 Da dare na tuna da sunanka, ya Ubangiji, zan kuwa kiyaye dokarka.
৫৫হে যিহোৱা, মই ৰাতি তোমাৰ নাম সোঁৱৰণ কৰোঁ, আৰু তোমাৰ ব্যৱস্থা মানি চলোঁ।
56 Wannan shi ne na saba yi, ina yin biyayya da farillanka.
৫৬এয়ে মোৰ অভ্যাস যে মই তোমাৰ আজ্ঞাবোৰ পালন কৰি চলোঁ।
57 Kai ne rabona, ya Ubangiji; na yi alkawarin in kiyaye maganarka.
৫৭যিহোৱা মোৰ অধিকাৰৰ অংশ; মই তোমাৰ বাক্য মতে চলিবলৈ প্রতিজ্ঞা কৰিলোঁ।
58 Na nemi fuskarka da dukan zuciyata; ka yi mini alheri bisa ga alkawarinka.
৫৮মই মোৰ সমস্ত চিত্তেৰে তোমাৰ অনুগ্ৰহ বিচাৰিছোঁ; তোমাৰ বাক্য অনুসাৰে তুমি মোলৈ কৃপা কৰা।
59 Na lura da hanyoyina na kuma mayar da matakaina ga farillanka.
৫৯মই মোৰ পথবোৰৰ বিষয়ে চিন্তা কৰিলোঁ, আৰু মই তোমাৰ আজ্ঞাবোৰলৈ মোৰ ভৰি ঘূৰালোঁ।
60 Zan gaggauta ba zan ɓata lokaci ba in yi biyayya da umarnanka.
৬০মই শীঘ্রেই তুমি দিয়া আজ্ঞাবোৰ পালন কৰিলোঁ, পলম নকৰিলোঁ।
61 Ko da yake mugaye sun ɗaura ni da igiyoyi, ba zan manta da dokokinka ba.
৬১যদিও দুষ্টবোৰৰ জৰীত মই বান্ধ খাই আছোঁ, তথাপিও মই তোমাৰ ব্যৱস্থা পাহৰি নাযাওঁ।
62 Da tsakar dare nakan tashi in gode maka saboda dokokinka masu adalci.
৬২তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই মাজনিশা তোমাৰ স্তৱ কৰিবলৈ উঠো।
63 Ni aboki ne ga duk mai tsoronka, ga duk wanda yake bin farillanka.
৬৩যিসকলে তোমাক ভয় কৰে আৰু তোমাৰ আদেশবোৰ পালন কৰে, মই তেওঁলোক সকলোৰে সংগী।
64 Duniya ta cika da ƙaunarka, ya Ubangiji; ka koya mini ƙa’idodinka.
৬৪হে যিহোৱা, পৃথিৱী তোমাৰ দয়াৰে পৰিপূৰ্ণ; মোক তোমাৰ বিধিবোৰ শিকোৱা।
65 Ka yi wa bawanka alheri bisa ga maganarka, ya Ubangiji.
৬৫তুমি তোমাৰ দাসলৈ মঙ্গল ব্যৱহাৰ কৰিলা; হে যিহোৱা, তোমাৰ বাক্য অনুসাৰে কৰিলা।
66 Ka koya mini sani da kuma hukunci mai kyau, gama na gaskata a umarnanka.
৬৬তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু জ্ঞান শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
67 Kafin in sha wahala na kauce, amma yanzu ina biyayya da maganarka.
৬৭কষ্ট পোৱাৰ আগেয়ে মই বিপথে গৈছিলোঁ, কিন্তু এতিয়া হ’লে, মই তোমাৰ বাক্য পালন কৰিছোঁ।
68 Kai nagari ne, kuma abin da kake yi yana da kyau; ka koya mini ƙa’idodinka.
৬৮তুমি মঙ্গলময় আৰু মঙ্গলৰ কার্য কৰা; মোক তোমাৰ বিধিবোৰ শিকোৱা।
69 Ko da yake masu fariya sun shafe ni da ƙarairayi, na kiyaye farillanka da dukan zuciyata.
৬৯অহঙ্কাৰীবোৰে মোৰ অহিতে মিছা কথা ৰচিছে; কিন্তু মই হ’লে সমস্ত চিত্তেৰে তোমাৰ আদেশবোৰ পালন কৰোঁ।
70 Zukatansu sun yi tauri da kuma marasa tausayi amma ina farin ciki a dokarka.
৭০তেওঁলোকৰ হৃদয়ত সত্যতা নাই; কিন্তু মই হ’লে তোমাৰ ব্যৱস্থাত হৰ্ষিত হওঁ।
71 Ya yi kyau da na sha wahala don in koyi ƙa’idodinka.
৭১মই যি কষ্ট পাইছো, সেয়ে মোৰ পক্ষে শুভজনক, তাতে মই তোমাৰ বিধিবোৰ শিকিব পাৰিছোঁ।
72 Doka daga bakinka ya fi mini daraja fiye da azurfa da zinariya guda dubu.
৭২তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
73 Hannuwanka ne suka yi suka kuma siffanta ni; ka ba ni ganewa don in koyi umarnanka.
৭৩তোমাৰ হাতেই মোক স্ৰজিলে, মোক গঠন কৰিলে; তোমাৰ আজ্ঞাবোৰ শিকিবলৈ মোক জ্ঞান-বুদ্ধি দান কৰা।
74 Bari waɗanda suke tsoronka su yi farin ciki sa’ad da suke gan ni, gama na sa zuciyata a maganarka.
৭৪তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।
75 Ya Ubangiji na sani, cewa dokokinka masu adalci ne, kuma cikin aminci ka hore ni.
৭৫হে যিহোৱা, মই জানো যে, তোমাৰ বিচাৰবোৰ ন্যায়পূর্ণ, তুমি নিজ বিশ্বস্ততাৰে মোক দুখ দিলা।
76 Bari ƙaunarka marar ƙarewa tă yi mini ta’aziyya, bisa ga alkawarinka ga bawanka.
৭৬তোমাৰ এই দাসৰ ওচৰত তুমি যি প্রতিজ্ঞা কৰিলা, সেই অনুসাৰে তোমাৰ গভীৰ প্রেম মোৰ সান্ত্বনা হওঁক।
77 Bari tausayinka yă zo mini don in rayu, gama dokarka ce farin cikina.
৭৭মোলৈ তোমাৰ কৃপা নামি আহঁক, যাতে মই জীয়াই থাকিব পাৰোঁ; কিয়নো তোমাৰ ব্যৱস্থাই মোক আনন্দ দিয়ে।
78 Bari masu girman kai su sha kunya saboda abubuwa marasa kyau da suke yi mini ba dalili; amma zan yi tunani a kan farillanka.
৭৮অহংকাৰী লোকে লাজ পাওক, কিয়নো তেওঁলোকে মিছা কথা কৈ মোৰ সর্বনাশ কৰিলে; কিন্তু হ’লে মই তোমাৰ আদেশবোৰ ধ্যান কৰিম;
79 Bari waɗanda suke tsoronka su juya gare ni, waɗanda suka gane da farillanka.
৭৯যিসকলে তোমাক ভয় কৰে, তেওঁলোক মোলৈ ঘূৰক, যাতে তেওঁলোকে তোমাৰ আজ্ঞাবোৰ জানিব।
80 Bari zuciyata ta kasance marar abin zargi wajen ƙa’idodinka, don kada in sha kunya.
৮০মোৰ অন্তঃকৰণ তোমাৰ বিধিবোৰত যেন সিদ্ধ থাকে, তাতে মই লজ্জিত নহ’ম।
81 Raina ya tafke da marmari don cetonka, amma na sa zuciyata a maganarka.
৮১তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
82 Idanuna sun gaji, suna jiran alkawarinka; Na ce, “Yaushe za ka ta’azantar da ni?”
৮২তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
83 Ko da yake ni kamar salkar ruwan inabi ne a cikin hayaƙi, ban manta da ƙa’idodinka ba.
৮৩কিয়নো মই ধুঁৱাত থকা চামৰাৰ দ্রাক্ষাৰস থলীৰ নিচিনা হ’লো; তথাপিও মই তোমাৰ বিধিবোৰ পাহৰা নাই।
84 Har yaushe bawanka zai yi ta jira? Yaushe za ka hukunta masu tsananta mini?
৮৪তোমাৰ দাসে কিমান কাল সহন কৰি থাকিব? মোক তাড়না কৰা সকলৰ বিচাৰ তুমি কেতিয়া কৰিবা?
85 Masu girman kai sun haƙa mini rami, sun ƙetare dokarka.
৮৫অহঙ্কাৰীবোৰে মোৰ বাবে গাত খান্দিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ অনুগামী নহয়।
86 Dukan umarnanka abin dogara ne; ka taimake ni, gama mutane suna tsananta mini ba dalili.
৮৬তোমাৰ সকলো আজ্ঞা বিশ্বাসযোগ্য; লোকসকলে অকাৰণতে মোক তাড়না কৰে; তুমি মোক সহায় কৰা।
87 Sun kusa gama da ni a duniya, amma ban bar bin farillanka ba.
৮৭তেওঁলোকে পৃথিৱীত মোক প্ৰায় নিঃশেষ কৰি পেলালে; কিন্তু তথাপিও মই তোমাৰ আদেশবোৰ ত্যাগ কৰা নাই।
88 Ka kiyaye raina bisa ga ƙaunarka, zan kuwa yi biyayya da farillan bakinka.
৮৮তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।
89 Maganarka, ya Ubangiji madawwamiya ce; tana nan daram a cikin sammai.
৮৯যিহোৱা অনন্ত কাললৈকে বিদ্যমান; তোমাৰ বাক্য স্বৰ্গত সুদৃঢ় আছে।
90 Amincinka yana cin gaba cikin dukan zamanai; ka kafa duniya ta kuma dawwama.
৯০পুৰুষে পুৰুষে তোমাৰ বিশ্বস্ততা স্থায়ী; তুমি পৃথিৱী স্থাপন কৰিলা আৰু সেয়ে সুস্থিৰ হৈ আছে।
91 Dokokinka sun dawwama har yă zuwa yau, gama dukan abubuwa suna maka hidima.
৯১তুমি নিযুক্ত কৰা অনুসাৰে সেইবোৰ আজিও থিৰে আছে; কিয়নো সকলোৱেই তোমাৰ অধীনৰ দাস।
92 Da ba don dokarka ce farin cikina ba, da na hallaka a cikin azabana.
৯২তোমাৰ ব্যৱস্থাত যদি মই আনন্দ নাপালোহেঁতেন, তেন্তে মোৰ ক্লেশতে মই বিনষ্ট হ’লহেঁতেন।
93 Ba zan taɓa manta da farillanka ba, gama ta wurinsu ne ka kiyaye raina.
৯৩মই তোমাৰ আদেশবোৰ কেতিয়াও নাপাহৰিম; কিয়নো তাৰ দ্বাৰাই তুমি মোক পুনৰায় সঞ্জীৱিত কৰিলা।
94 Ka cece ni, gama ni naka ne; na yi ƙoƙarin neman farillanka.
৯৪মই তোমাৰেই, মোক ৰক্ষা কৰা; কিয়নো মই তোমাৰ আদেশবোৰলৈ মনোযোগ কৰিলোঁ।
95 Mugaye suna jira su hallaka ni, amma zan yi ta tunani a kan farillanka.
৯৫দুষ্টবোৰে মোক বিনষ্ট কৰিবলৈ খাপ দি আছে; কিন্তু মই তোমাৰ আজ্ঞাবোৰ বিবেচনা কৰোঁ।
96 Ga duk cikakke na ga kāsawa; amma umarnanka ba su da iyaka.
৯৬মই সকলো শ্ৰেণীৰ পদাৰ্থ সীমাযুক্ত দেখিলোঁ; কিন্তু তোমাৰ আজ্ঞা অসীম।
97 Kash, ga yadda nake ƙaunar dokarka! Ina tunani a kanta dukan yini.
৯৭ওহ, মই তোমাৰ ব্যৱস্থা কেনে ভাল পাওঁ! সেয়ে ওৰে দিন মোৰ ধ্যানৰ বিষয়।
98 Umarnanka suna sa in zama mai hikima fiye da abokan gābana, gama kullum suna tare da ni.
৯৮তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
99 Ina da ganewa sosai fiye da dukan malamaina, gama ina tunani a kan farillanka.
৯৯মোৰ সকলো শিক্ষাগুৰুতকৈ মই জ্ঞানৱান; কিয়নো তোমাৰ আজ্ঞাবোৰ মোৰ ধ্যানৰ বিষয়।
100 Ina da ganewa fiye da dattawa, gama ina biyayya da farillanka.
১০০মই বৃদ্ধ লোক সকলতকৈয়ো অধিক বুজোঁ; কাৰণ মই তোমাৰ আদেশবোৰ পালন কৰি আহিছোঁ।
101 Na kiyaye ƙafafuna daga kowace muguwar hanya domin in yi biyayya da maganarka.
১০১মই সকলো কু-পথৰ পৰা মোৰ ভৰি আঁতৰাই ৰাখিলোঁ, যাতে মই তোমাৰ বাক্যবোৰ পালন কৰিব পাৰোঁ।
102 Ban rabu da dokokinka ba, gama kai da kanka ne ka koya mini.
১০২মই তোমাৰ ধার্মিক শাসন-প্রণালীবোৰৰ পৰা আঁতৰি যোৱা নাই; কিয়নো তুমি নিজেই মোক শিক্ষা দিলা।
103 Ɗanɗanon maganarka akwai zaki, sun ma fi zuma zaki a bakina!
১০৩তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
104 Na sami ganewa daga farillanka; saboda haka ina ƙin kowace hanyar da ba daidai ba.
১০৪তোমাৰ আদেশবোৰৰ দ্বাৰাই মই জ্ঞান লাভ কৰোঁ; সেই বাবেই মই সকলো মিছা পথ ঘিণ কৰোঁ।
105 Maganarka fitila ce ga ƙafafuna haske kuma a kan hanyata.
১০৫তোমাৰ বাক্য মোৰ ভৰিৰ কাৰণে প্ৰদীপ স্বৰূপ আৰু মোৰ পথৰ দীপ্তি স্বৰূপ।
106 Na yi rantsuwa na kuma tabbatar da shi, cewa zan bi dokokinka masu adalci.
১০৬তোমাৰ ধাৰ্মিকতাযুক্ত শাসনপ্ৰণালীবোৰ পালন কৰিবলৈ মই শপত খালোঁ, আৰু স্থিৰ কৰিলোঁ।
107 Na sha wahala sosai; ka kiyaye raina, ya Ubangiji, bisa ga maganarka.
১০৭হে যিহোৱা, মই অতিশয় দুখ পাইছোঁ; তোমাৰ বাক্য অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
108 Ka karɓi yabon bakina da nake yi da yardar rai, ya Ubangiji, ka kuwa koya mini dokokinka.
১০৮হে যিহোৱা, মোৰ মুখে কৰা প্রশংসা-স্তুতিৰ উৎসর্গ তুমি গ্রহণ কৰা, আৰু তোমাৰ শাসন-প্ৰণালীবোৰ মোক শিকোৱা।
109 Ko da yake kullum ina riƙe da raina a hannuwana, ba zan manta da dokarka ba.
১০৯মই মোৰ প্ৰাণ সদায় হাতত লৈ ফুৰিছোঁ; তথাপি মই তোমাৰ ব্যৱস্থা পাহৰা নাই।
110 Mugaye sun kafa mini tarko, amma ban kauce daga farillanka ba.
১১০দুষ্টবোৰে মোলৈ ফান্দ পাতিলে; তথাপি মই তোমাৰ আদেশবোৰৰ পৰা বিপথে যোৱা নাই।
111 Farillanka su ne gādona har abada; su ne farin cikin zuciyata.
১১১তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
112 Zuciyata ta shirya a kan kiyaye ƙa’idodinka har ƙarshe.
১১২চিৰকাললৈকে তোমাৰ বিধিবোৰ পালন কৰিবৰ কাৰণে মই মোৰ হৃদয়ক থিৰ কৰিলোঁ।
113 Na ƙi mutane masu baki biyu, amma ina ƙauna dokarka.
১১৩দুই মনৰ লোকক মই ঘিণ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক মই ভাল পাওঁ।
114 Kai ne mafakata da garkuwata; na sa zuciyata a maganarka.
১১৪তুমি মোৰ গুপ্তস্থান আৰু ঢাল; তোমাৰ বাক্যতে মই আশা কৰোঁ।
115 Ku rabu da ni, ku masu aikata mugunta, don in kiyaye umarnan Allahna!
১১৫হে কু-কার্য কৰা লোক, মোৰ ওচৰৰ পৰা দূৰ হোৱা; মই মোৰ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিম।
116 Ka raya ni bisa ga alkawarinka, zan kuwa rayu; kada ka bari a gwale sa zuciyata.
১১৬তোমাৰ বাক্য অনুসাৰে মোক ধৰি ৰাখা, তাতে মই জীয়াই থাকিম; মোৰ আশাত তুমি মোক লাজ পাবলৈ নিদিবা।
117 Ka riƙe ni za a kuma cece ni; kullayaumi zan ɗauka ƙa’idodinka da muhimmanci.
১১৭মোক ধৰি ৰাখা, তাতে মই ৰক্ষা পাম আৰু সদায় তোমাৰ বিধিবোৰক মান্য কৰিম।
118 Ka ki dukan waɗanda suka kauce daga ƙa’idodinka, gama yaudararsu banza ne.
১১৮তোমাৰ বিধিবোৰৰ পৰা অপথে যোৱা সকলক তুমি অগ্রাহ্য কৰা; কিয়নো তেওঁলোকৰ প্ৰবঞ্চনা অসাৰ।
119 Dukan mugayen duniya ka zubar kamar datti; saboda haka nake ƙaunar farillanka.
১১৯পৃথিৱীৰ সকলো দুষ্টক তুমি ময়লাৰ দৰে গণ্য কৰি দূৰ কৰা; এই কাৰণে মই তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ।
120 Naman jikina na rawan jiki don tsoronka; na cika da tsoron dokokinka.
১২০তোমাৰ ভয়ত মোৰ শৰীৰ কঁপে; তোমাৰ শাসন-প্ৰণালীবোৰক মই ভয় কৰোঁ।
121 Na aikata abin da yake mai adalci da kuma daidai; kada ka ni a hannun masu danne ni.
১২১মই ন্যায় বিচাৰ আৰু সৎ কার্য কৰিলোঁ; মোক উপদ্ৰৱকাৰীবোৰৰ হাতত এৰি নিদিবা।
122 Ka tabbatar da lafiyar bawanka; kada ka bar masu girman kai su danne ni.
১২২তুমি তোমাৰ এই দাসৰ মঙ্গলৰ দায়িত্ব লোৱা; অহঙ্কাৰীবোৰক মোৰ ওপৰত উপদ্ৰৱ কৰিবলৈ নিদিবা।
123 Idanuna sun gaji, da jiran cetonka, da jiran alkawarinka mai adalci.
১২৩তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।
124 Ka yi da bawanka bisa ga ƙaunarka ka kuma koya mini ƙa’idodinka.
১২৪তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা; তোমাৰ বিধিবোৰ মোক শিকোঁৱা।
125 Ni bawanka ne, ka ba ni fahimi don in gane farillanka.
১২৫মই তোমাৰ দাস; মোক বোধশক্তি দিয়া, যেন তোমাৰ আজ্ঞাবোৰ বুজিব পাৰোঁ।
126 Lokaci ya yi da za ka yi wani abu, ya Ubangiji; ana karya dokarka.
১২৬হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।
127 Saboda ina ƙaunar umarnanka fiye da zinariya, kai, fiye da zinariya zalla,
১২৭মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
128 saboda kuma ina lura da dukan farillanka da kyau, na ƙi kowace hanyar da ba daidai ba.
১২৮এই কাৰণে সকলো বিষয়তে তোমাৰ আদেশবোৰ মই ন্যায় বুলি মানো; মই সকলো মিছা পথ ঘিণ কৰোঁ।
129 Farillanka masu banmamaki ne; saboda haka nake yin biyayya da su.
১২৯তোমাৰ আজ্ঞাবোৰ আচৰিত; সেই বাবেই মোৰ প্রাণে সেইবোৰ পালন কৰে।
130 Fassarar maganganunka sukan ba da haske; sukan ba da ganewa ga marar ilimi.
১৩০তোমাৰ বাক্য প্ৰকাশিত হ’লে দীপ্তি দিয়ে; সৰল মনৰ লোকক বুজন শক্তি দান কৰে।
131 Ina hakkin da bakina a buɗe, ina marmarin umarnanka.
১৩১মই মুখ মেলি ফোপাইছিলো; কিয়নো মই তোমাৰ আজ্ঞাৰ বাবে অতিশয় হাবিয়াহ কৰিলোঁ।
132 Ka juye wurina ka kuma yi mini jinƙai, yadda kullum ka yi wa waɗanda suke ƙaunar sunanka.
১৩২তোমাৰ নাম ভাল পোৱা সকলৰ প্রতি তুমি যেনে ৰীতি কৰা, তেনেদৰে মোলৈও ঘূৰি মোৰ প্রতি কৃপা কৰা।
133 Ka bi da sawuna bisa ga maganarka; kada ka bar zunubi yă mallake ni.
১৩৩তোমাৰ প্রতিজ্ঞা অনুসাৰে মোৰ খোজ সুস্থিৰ কৰি ৰাখা আৰু কোনো অধৰ্মক মোৰ ওপৰত অধিকাৰ কৰিবলৈ নিদিবা।
134 Ka fanshe ni daga mutane masu danniya, don in yi biyayya da farillanka.
১৩৪মানুহৰ উপদ্ৰৱৰ পৰা মোক মুক্ত কৰা, তাতে মই তোমাৰ আদেশবোৰ পালন কৰিম।
135 Ka sa fuskarka ta haskaka a kan bawanka ka kuma koya mini ƙa’idodinka.
১৩৫তোমাৰ দাসৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা; তোমাৰ বিধিবোৰ মোক শিকোৱা।
136 Hawaye suna malalowa daga idanuna kamar rafi, gama ba a biyayya da dokarka.
১৩৬মোৰ চকুৰ পৰা চকুলোৰ নদী বৈ গৈছে; কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা পালন নকৰে।
137 Mai adalci ne kai, ya Ubangiji, dokokinka kuma daidai ne.
১৩৭হে যিহোৱা, তুমি ধাৰ্মিক, আৰু তোমাৰ ন্যায় বিচাৰ যথাৰ্থ।
138 Farillan da ka shimfiɗa masu adalci ne; su kuma abin dogara ne ƙwarai.
১৩৮তুমি সকলো বিশ্বস্ততা আৰু ধাৰ্মিকতাত তোমাৰ আজ্ঞাবোৰৰ আদেশ দিলা।
139 Kishina ya cinye ni ɗungum, gama abokan gābana sun yi biris da maganganunka.
১৩৯তোমাৰ উৎসাহে মোক গ্ৰাস কৰিছে; কাৰণ মোৰ শত্ৰুবোৰে তোমাৰ বাক্যবোৰ পাহৰিলে।
140 An gwada alkawuranka sarai, bawanka kuwa yana ƙaunarsu.
১৪০তোমাৰ প্রতিজ্ঞা উত্তম বুলি প্রমাণিত হৈছে; সেয়ে তোমাৰ দাসে তাক ভাল পায়।
141 Ko da yake ni ba kome ba ne an kuwa rena ni, ba na manta da farillanka.
১৪১যদিও মই সামান্য আৰু তুচ্ছ, তথাপিও মই তোমাৰ আদেশবোৰ পাহৰা নাই।
142 Adalcinka dawwammame ne dokar kuma gaskiya ce.
১৪২তোমাৰ ধাৰ্মিকতা চিৰস্থায়ী ধাৰ্মিকতা আৰু তোমাৰ সকলো ব্যৱস্থা সত্য।
143 Wahala da damuwa suna a kaina, amma umarnanka su ne farin cikina.
১৪৩সঙ্কট আৰু দুর্দশা মোৰ ওপৰত আহিল; তথাপিও মই তোমাৰ আজ্ঞাবোৰত আনন্দ পাওঁ।
144 Farillanka daidai ne har abada; ka ba ni ganewa don in rayu.
১৪৪তোমাৰ আজ্ঞাবোৰ অনন্ত কাললৈকে ধাৰ্মিক; মোক বুজা শক্তি দিয়া, তাতে মই জীয়াই থাকিম।
145 Na yi kira da dukan zuciyata; ka amsa mini, ya Ubangiji, zan kuwa yi biyayya da ƙa’idodinka.
১৪৫মই সমস্ত মনেৰে প্ৰাৰ্থনা কৰিলোঁ, হে যিহোৱা, মোক উত্তৰ দিয়া; মই তোমাৰ বিধিবোৰ পালন কৰিম।
146 Na yi kira gare ka; ka cece ni zan kuwa kiyaye farillanka.
১৪৬মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা; মই তোমাৰ সকলো আজ্ঞা মানি চলিম।
147 Na tashi kafin fitowar rana na kuma yi kukan neman taimako; na sa zuciyata a maganarka.
১৪৭মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ; তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
148 Ban rufe idanuna ba dukan dare, don in yi tunani a kan alkawuranka.
১৪৮ৰাতি শেষ হোৱাৰ আগেয়ে মোৰ চকু মেল খায়, যেন তোমাৰ প্রতিজ্ঞাৰ ধ্যান কৰিব পাৰোঁ।
149 Ka ji muryata bisa ga ƙaunarka; ka kiyaye raina, ya Ubangiji, bisa ga dokokinka.
১৪৯তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা; হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
150 Waɗanda suke ƙirƙiro mugayen dabaru suna nan kusa, amma suna nesa da dokarka.
১৫০কু-কার্য কৰি মোক তাড়না কৰাসকল ওচৰ চাপি আহিছে; তেওঁলোক তোমাৰ ব্যৱস্থাৰ পৰা দূৰৈত থাকে।
151 Duk da haka kana kusa, ya Ubangiji, kuma dukan umarnanka gaskiya ne.
১৫১কিন্তু হে যিহোৱা, তুমি ওচৰ আৰু তোমাৰ সকলো আজ্ঞা সত্য;
152 Tun tuni na koyi daga farillanka cewa ka kafa su su kasance har abada.
১৫২বহুত দিনৰ আগেয়ে মই তোমাৰ আজ্ঞাবোৰৰ পৰা জানিছোঁ যে, তুমি সেইবোৰ চিৰকালৰ কাৰণে স্থাপন কৰিলা।
153 Ka dubi wahalata ka cece ni, gama ban manta da dokarka ba.
১৫৩তুমি মোৰ দুখলৈ দৃষ্টি কৰা আৰু মোক উদ্ধাৰ কৰা; কিয়নো মই তোমাৰ ব্যৱস্থা নাপাহৰো।
154 Ka kāre manufata ka kuma fanshe ni, ka cece rai na kamar yadda ka alkawarta!
১৫৪মোৰ পক্ষে বিবাদ নিষ্পত্তি কৰা আৰু মোক মুক্ত কৰা; তোমাৰ বাক্যত কৰা প্রতিজ্ঞা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা;
155 Ceto yana nesa da mugaye, gama ba sa neman ƙa’idodinka.
১৫৫দুষ্টবোৰৰ পৰা পৰিত্ৰাণ দূৰৈত থাকে; কিয়নো তেওঁলোকে তোমাৰ বিধিবোৰ নিবিচাৰে।
156 Tausayinka da girma yake, ya Ubangiji; ka kiyaye raina bisa ga dokokinka.
১৫৬হে যিহোৱা, তোমাৰ কৰুণা অনেক বেচি; তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
157 Maƙiya masu yawa ne suke tsananta mini, amma ban rabu da farillanka ba.
১৫৭মোৰ তাড়নাকাৰী আৰু শত্ৰু অনেক; কিন্তু মই তোমাৰ আজ্ঞাবোৰৰ পৰা আঁতৰি যোৱা নাই।
158 Na dubi marasa aminci da ƙyama, gama ba sa yin biyayya da maganarka.
১৫৮মই বিশ্বাস ঘাতকবোৰক দেখি ঘিণ কৰোঁ; কাৰণ তেওঁলোকে তোমাৰ বাক্য পালন নকৰে।
159 Dubi yadda nake ƙaunar farillanka; ka kiyaye raina, ya Ubangiji, bisa ga ƙaunarka.
১৫৯চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
160 Dukan maganganunka gaskiya ne; dukan dokokinka masu adalci madawwami ne.
১৬০তোমাৰ সমস্ত বাক্য সত্য; তোমাৰ প্ৰত্যেকটো ধার্মিক শাসন-প্ৰণালী চিৰকাল স্থায়ী।
161 Masu mulki suna tsananta mini ba dalili, amma zuciyata na rawan jiki game da maganarka.
১৬১অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
162 Ina farin ciki da alkawarinka kamar yadda wani kan sami ganima mai girma.
১৬২মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
163 Na ƙi ina kuma ƙyamar ƙarya amma ina ƙaunar dokarka.
১৬৩মই মিছাক ঘিণাওঁ আৰু তুচ্ছ কৰোঁ; কিন্তু তোমাৰ ব্যৱস্থাক প্ৰেম কৰোঁ।
164 Sau bakwai a rana ina yabonka saboda dokokinka masu adalci.
১৬৪তোমাৰ ধাৰ্মিকতাযুক্ত শাসন-প্ৰণালীবোৰৰ কাৰণে মই দিনে সাতবাৰকৈ তোমাৰ প্ৰশংসা কৰোঁ।
165 Waɗanda suke ƙaunar dokarka suna da babban salama, kuma babu abin da zai sa su yi tuntuɓe.
১৬৫যিসকলে তোমাৰ ব্যৱস্থাক প্ৰেম কৰে, তেওঁলোকৰ পৰম শান্তি হয়; একোতেই তেওঁলোক উজুটি নাখায়।
166 Ina jiran cetonka, ya Ubangiji, ina kuma bin umarnanka.
১৬৬হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আশাৰে আছোঁ; মই তোমাৰ আজ্ঞাবোৰ পালন কৰিলোঁ।
167 Ina biyayya da farillanka, gama ina ƙaunarsu ƙwarai.
১৬৭মোৰ প্রাণে তোমাৰ আজ্ঞাবোৰ পালন কৰিলে; মই সেইবোৰক অতি প্ৰেম কৰোঁ।
168 Ina biyayya da farillanka da kuma koyarwarka, gama dukan hanyoyina sanannu ne gare ka.
১৬৮মই তোমাৰ আদেশ আৰু আজ্ঞাবোৰ পালন কৰিলোঁ; কিয়নো মোৰ সকলো পথ তোমাৰ সন্মুখতে আছে।
169 Bari kukata ta zo gare ka, ya Ubangiji; ka ba ni ganewa bisa ga maganarka.
১৬৯হে যিহোৱা, মোৰ কাতৰোক্তি তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ বাক্য অনুসাৰে মোক বোধ-শক্তি দান কৰা।
170 Bari roƙona yă zo gabanka; ka cece ni bisa ga alkawarinka.
১৭০মোৰ নিবেদনবোৰ তোমাৰ সন্মুখত উপস্থিত হওক; তোমাৰ প্রতিজ্ঞাৰ দৰে মোক উদ্ধাৰ কৰা।
171 Bari leɓunana su cika da yabonka, gama ka koya mini ƙa’idodinka.
১৭১মোৰ ওঁঠত তোমাৰ প্ৰশংসা উপচি পৰক; কিয়নো তুমি মোক তোমাৰ বিধিবোৰ শিকাইছা।
172 Bari harshena yă rera game da maganarka, gama dukan umarnanka masu adalci ne.
১৭২মোৰ জিভাই তোমাৰ প্রতিজ্ঞাৰ গীত গাওঁক; কিয়নো তোমাৰ সকলো আজ্ঞা ন্যায়পূর্ণ।
173 Bari hannunka yă kasance a shirye don yă taimake ni, gama na zaɓi farillanka.
১৭৩তোমাৰ হাতে মোক সহায় কৰিবলৈ যুগুত হওক; কিয়নো মই তোমাৰ আদেশবোৰ পালন কৰিবলৈ মনোনীত কৰিলোঁ।
174 Ina marmarin cetonka, ya Ubangiji, dokarka kuwa ita ce farin cikina.
১৭৪হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ আকাংক্ষা কৰিছোঁ; তোমাৰ ব্যৱস্থা মোৰ আনন্দৰ বিষয়
175 Bari in rayu don in yabe ka, bari kuma dokokinka su raya ni.
১৭৫মোক জীয়াই থাকিবলৈ দিয়া যাতে মই তোমাৰ প্রশংসা কৰিব পাৰোঁ; তোমাৰ শাসন-প্রণালীবোৰে মোক সহায় কৰক।
176 Na kauce kamar ɓatacciyar tunkiya. Ka nemi bawanka, gama ban manta da umarnanka ba.
১৭৬হেৰোৱা মেৰ-ছাগৰ দৰে মই ভ্ৰান্ত হলোঁ; তোমাৰ দাসক তুমি বিচাৰি লোৱা; কিয়নো তোমাৰ আজ্ঞাবোৰ মই পাহৰা নাই।

< Zabura 119 >