< Zabura 114 >
1 Sa’ad da Isra’ila ya fito daga Masar, gidan Yaƙub daga mutane masu baƙon harshe,
১ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
2 Yahuda ya zama wuri mai tsarki na Allah, Isra’ila mallakarsa.
২তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
3 Teku ya kalla ya kuma gudu, Urdun ya juye da baya;
৩সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল।
4 duwatsu suka yi tsalle kamar raguna, tuddai kamar tumaki.
৪পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
5 Me ya sa, ya teku, kika gudu, Ya Urdun, ka juya baya,
৫হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
6 ku duwatsu, kuka yi tsalle kamar raguna, ku tuddai, kamar tumaki?
৬হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
7 Ki yi rawar jiki, ya duniya, a gaban Ubangiji, a gaban Allah na Yaƙub,
৭হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
8 wanda ya juye dutse ya zama tafki, dutse mai ƙarfi zuwa maɓulɓulan ruwa.
৮তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।