< Zabura 112 >

1 Yabi Ubangiji. Mai albarka ne mutumin da yake tsoron Ubangiji, wanda yakan sami farin ciki mai girma a umarnansa.
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
2 ’Ya’yansa za su zama manya a ƙasar; tsaran masu aikata gaskiya za su sami albarka.
তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব।
3 Wadata da arziki suna a cikin gidansa, adalcinsa zai dawwama har abada.
তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে।
4 Ko a cikin duhu haske kan haskaka wa mai aikata gaskiya, mai alheri mai tausayi da kuma mai adalci.
ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক।
5 Abu mai kyau zai zo masa shi da yake kyauta yake kuma ba da bashi hannu sake, shi da yake yin al’amuransa cikin gaskiya.
যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে।
6 Tabbatacce ba zai taɓa jijjigu ba; za a tuna da mai adalci har abada.
কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব; ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব।
7 Ba zai ji tsoron labari marar daɗi ba; zuciyarsa tsayayyiya ce, tana dogara ga Ubangiji.
দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে।
8 Zuciyarsa tana da kāriya, ba zai ji tsoro ba; a ƙarshe zai zama mai nasara a kan maƙiyansa.
তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব।
9 Ya rarraba kyautansa ga matalauta, adalcinsa zai dawwama har abada; za a ɗaga ƙahonsa sama da bangirma.
তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়।
10 Mugun mutum zai gani yă kuma yi fushi, zai ciza haƙora yă kuma lalace; sha’awace-sha’awacen mugaye za su zo ga ƙarshe.
১০দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।

< Zabura 112 >