< Zabura 108 >
1 Waƙa ce. Zabura ta Dawuda. Zuciyata tsayayyiya ce, ya Allah; zan rera in kuma yi kiɗi da dukan raina.
১হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।
2 Ku farka, garaya da molo! Zan farkar da rana.
২হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
3 Zan yabe ka, ya Ubangiji, a cikin al’ummai; zan rera game da kai cikin mutane.
৩হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।
4 Gama ƙaunarka da girma take, bisa fiye da sammai; amincinka ya kai sarari.
৪কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত।
5 A ɗaukaka ka, ya Allah, a bisa sammai, bari kuma ɗaukakarka ta kasance a bisa dukan duniya.
৫হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
6 Ka cece mu ka kuma taimake mu da hannunka na dama, domin waɗanda kake ƙauna su kuɓuta.
৬তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া।
7 Allah ya yi magana daga wurinsa mai tsarki, “Ciki nasara zan raba Shekem in kuma auna Kwarin Sukkot.
৭ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
8 Gileyad nawa ne, Manasse nawa ne; Efraim shi hulan kwanona, Yahuda ne sandana na sarauta.
৮গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;
9 Mowab shi ne kwanon wankina, a kan Edom zan jefa takalmina; a bisa Filistiya zan yi kirari cikin nasara.”
৯মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
10 Wa zai kawo ni birni mai katanga? Wa zai jagorance ni zuwa Edom?
১০কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
11 Ba kai ba ne, ya Allah, kai da ka ƙi mu ba ka kuwa fita tare da mayaƙanmu?
১১হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।
12 Ka ba mu taimako a kan abokin gāba, gama taimakon mutum banza ne.
১২শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
13 Tare da Allah za mu yi nasara, zai kuma tattaka abokan gābanmu.
১৩ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।