< Zabura 104 >

1 Yabi Ubangiji, ya raina. Ya Ubangiji Allahna, kana da girma ƙwarai; kana saye da daraja da ɗaukaka.
হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। হে মোৰ ঈশ্বৰ যিহোৱা, তুমি অতি মহান; তুমি গৌৰৱ আৰু মহিমাৰ সাজেৰে বিভূষিত।
2 Ubangiji ya naɗe kansa da haske kamar riga ya shimfiɗa sammai kamar tenti
বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
3 ya kafa ginshiƙan ɗakin samansa a kan ruwaye. Ya maido da gizagizai suka zama keken yaƙinsa yana hawa a kan fikafikan iska.
তোমাৰ কক্ষৰ চটি-কাঠ তুমি জলৰাশিত স্থাপন কৰিছা; মেঘবোৰক তুমি নিজৰ ৰথ কৰিছা, বতাহৰ ডেউকাৰ ওপৰত তুমি চলাচল কৰা।
4 Ya mai da iska suka zama’yan saƙonsa harsunan wuta kuma bayinsa.
তুমি বতাহক তোমাৰ দূত কৰিছা; অগ্নিশিখাক নিজৰ পৰিচাৰক কৰিছা।
5 Ya kafa duniya a kan tussanta; ba za a iya matsar da ita ba.
তুমি পৃথিৱীক তাৰ নিজৰ ভিত্তিমূলৰ ওপৰত স্থাপন কৰিছা; সেয়ে কেতিয়াও লৰচৰ নহ’ব।
6 Ka rufe ta da zurfi kamar da riga ruwaye sun tsaya a bisa duwatsu.
তুমি পৃথিৱীক কাপোৰেৰে ঢকাৰ দৰে গভীৰ জলেৰে ঢাকিছিলা। সেই জল সমূহে পৰ্ব্বতবোৰো ঢাকিছিল।
7 Amma a tsawatawarka ruwaye suka gudu da jin ƙarar tsawanka suka ruga da gudu;
কিন্তু সেই জল সমূহ তোমাৰ ধমকিত পলাল; তোমাৰ গৰ্জ্জনৰ শব্দত সেইবোৰ বেগেৰে গুছি গ’ল।
8 suka gudu a bisa duwatsu, suka gangara zuwa cikin kwaruruka, zuwa wurin da ka shirya musu.
পৰ্ব্বতবোৰ ওখ হ’ল আৰু উপত্যকাবোৰ চাপৰ হ’ল; তুমি জল সমূহৰ কাৰণে যি ঠাই নিৰূপন কৰিলা, জল সেই ঠাইলৈ গ’ল।
9 Ka kafa iyakar da ba a iya tsallakawa; ba za su ƙara rufe duniya ba.
এইভাৱে তুমি পানীৰ সীমা স্থাপন কৰিলা, যাতে পানীয়ে পুনৰ সীমা পাৰ হৈ পৃথিৱীক ঢাকিব নোৱাৰে।
10 Ya sa maɓulɓulai suka zuba ruwa cikin kwaruruka; yana gudu tsakanin duwatsu.
১০উপত্যকাবোৰত তুমিয়েই জুৰিবোৰ পঠাই দিয়া; সেইবোৰ পৰ্ব্বতবোৰৰ মাজেদি বৈ যায়।
11 Suna ba da ruwa ga dukan namun jeji; jakunan jeji suna kashe ƙishirwansu.
১১সেইবোৰে সকলো বনৰীয়া পশুকে পান কৰিবলৈ পানী যোগায়; বনৰীয়া গাধবোৰে নিজৰ তৃষ্ণা পলুৱায়।
12 Tsuntsaye sarari suna sheƙunansu kusa da ruwan; suna rera cikin rassa.
১২জুৰিবোৰৰ দাঁতিত আকাশৰ পক্ষীবোৰে বাহ লয়, গছৰ ডালবোৰৰ মাজত সেইবোৰে গীত গায়।
13 Yana wa duwatsu banruwa daga ɗakinsa na sama; ƙasa tana ƙoshiya da amfanin aikinsa.
১৩তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
14 Yana sa ciyawa tă yi girma saboda shanu, tsire-tsire domin mutum ya nome, suna fid da abinci daga ƙasa,
১৪তুমিয়েই পশুৰ কাৰণে ঘাঁহ আৰু মানুহৰ কাৰণে শস্য উৎপন্ন হ’বলৈ দিয়া, যাতে ভূমিৰ পৰা ভৱিষ্যতৰ আহাৰ যোগান হয়;
15 ruwan inabi yakan sa zuciyar mutum tă yi murna, mai kuwa yakan sa fuska tă yi haske, abinci kuma da yake riƙe zuciyarsa.
১৫যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
16 Ana yi wa itatuwan Ubangiji banruwa sosai, al’ul na Lebanon da ya shuka.
১৬যিহোৱাৰ এনে গছবোৰে বৃষ্টিৰ প্রচুৰ পানী পায়; তেওঁ ৰোপন কৰা লিবানোনৰ এৰচ গছবোৰেও প্রচুৰ বৃষ্টি পায়।
17 A can tsuntsaye suke sheƙunnansu; shamuwa tana da gidanta a itatuwan fir.
১৭সেই গছবোৰত চৰাইবোৰে বাহ লয়, দেৱদাৰু গছবোৰত হাড়গিলাই ঘৰ সাজে।
18 Manyan duwatsu na awakin jeji ne; tsagaggun duwatsun mafaka ne ga rema.
১৮ওখ ওখ পৰ্ব্বতবোৰ বনৰীয়া ছাগৰ আবাস; শিলবোৰ চাফন পশুৰ আশ্ৰয়স্থান।
19 Wata ne ke ƙididdigar lokuta, rana kuma ta san sa’ad da za tă fāɗi.
১৯ঋতু নিৰূপন কৰিবলৈ তুমি চন্দ্ৰ নিৰ্ম্মাণ কৰিলা; তুমি নিৰূপন কৰা অনুসাৰে সূৰ্যই নিজৰ অস্ত যোৱা সময় জানে।
20 Ka yi duhu, sai ya zama dare, sai dukan namun jeji a kurmi suka fito a maƙe.
২০তুমি অন্ধকাৰ কৰিলে ৰাতি হয়; অৰণ্যৰ পশুবোৰে তেতিয়া ঘূৰি ফুৰে।
21 Zakoki sun yi ruri sa’ad da suke farauta suna kuma neman abincinsu daga Allah.
২১যুবা সিংহবোৰে চিকাৰ বিচাৰি গৰ্জ্জন কৰে; ঈশ্বৰৰ ওচৰত সিহঁতৰ আহাৰ বিচাৰে।
22 Rana ta fito, sai suka koma shiru; suka koma suka kwanta a kogwanninsu.
২২সূৰ্য উদয় হ’লে সিহঁত গুছি যায় আৰু নিজ নিজ গাতত শয়ন কৰে।
23 Mutum yakan tafi aikinsa, zuwa wurin aikinsa har yamma.
২৩মানুহে নিজৰ নিজৰ কামলৈ ওলাই যায়; সন্ধ্যালৈকে পৰিশ্ৰম কৰে।
24 Ina misalin yawan aikinka, ya Ubangiji! Cikin hikima ka yi su duka; duniya ta cika da halittunka.
২৪হে যিহোৱা, তোমাৰ সৃষ্টিৰ কাৰ্য কিমান বহুমুখী! তোমাৰ জ্ঞানেৰে তুমি সেই সকলোকে নিৰ্ম্মাণ কৰিলা; সমগ্র বিশ্ব তোমাৰ সৃষ্ট বস্তুৰে পৰিপূৰ্ণ।
25 Akwai teku, babba da kuma fāɗi, cike da halittun da suka wuce ƙirga, abubuwa masu rai babba da ƙarami.
২৫সৌৱা সমুদ্র, বৃহৎ আৰু বিস্তীর্ণ; তাৰ মাজত বগাই ফুৰা সৰু বৰ অসংখ্য উৰগ প্রাণী আছে।
26 A can jiragen ruwa suna kai komo, kuma dodon ruwan da ka yi, yă yi wasa a can.
২৬তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।
27 Waɗannan duka suna dogara gare ka don ka ba su abincinsu a daidai lokaci.
২৭সিহঁত সকলোৱেই তোমাৰ অপেক্ষাত থাকে; যেন তুমি যথা সময়ত সিহঁতক আহাৰ দিয়া।
28 Sa’ad da ba su da shi, sai su tattara shi; sa’ad da ka buɗe hannunka, sukan ƙoshi da abubuwa masu kyau.
২৮তুমি সিহঁতক দিলে, সিহঁতে তাক তুলি লয়; তুমি তোমাৰ হাত মুকলি কৰিলে, সিহঁতে ভাল ভাল বস্তু পাই পৰিতৃপ্ত হয়।
29 Sa’ad da ka ɓoye fuskarka, sai su razana; sa’ad da ka ɗauke numfashinsu, sai su mutu su kuma koma ga ƙura.
২৯তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
30 Sa’ad da ka aika da Ruhunka, sai su halittu, su kuma sabunta fuskar duniya.
৩০তোমাৰ আত্মা পঠালেই সিহঁতৰ সৃষ্টি হয়, আৰু তুমি ভূমিতল নতুন কৰি তোলা।
31 Bari ɗaukakar Ubangiji ta dawwama har abada; bari Ubangiji yă yi farin ciki cikin aikinsa,
৩১যিহোৱাৰ গৌৰৱ অনন্তকাল থাকক; যিহোৱাই নিজ কাৰ্যবোৰত আনন্দ কৰক।
32 shi wanda ya dubi duniya, sai ta razana, wanda ya taɓa duwatsu, sai suka yi hayaƙi.
৩২তেওঁ পৃথিৱীলৈ দৃষ্টি কৰিলে, সেয়ে কম্পিত হয়: তেওঁ পৰ্ব্বতবোৰ স্পর্শ কৰিলে, সেইবোৰ ধুঁমায়িত হয়।
33 Zan rera ga Ubangiji dukan raina; zan rera yabo ga Allahna muddin ina raye.
৩৩মই জীয়াই থাকোঁমানে যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই থকালৈকে মোৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
34 Bari tunanina yă gamshe shi, yayinda nake farin ciki a cikin Ubangiji.
৩৪তেওঁৰ ওচৰত মোৰ ধ্যান মধুৰ হওক; মই যিহোৱাত আনন্দ কৰিম।
35 Amma bari masu zunubi su ɓace daga duniya mugaye kuma kada a ƙara ganinsu. Yabi Ubangiji, ya raina. Yabi Ubangiji.
৩৫পাপীবোৰ পৃথিৱীৰ পৰা উচ্ছন্ন হওক; দুষ্টলোক আৰু নাথাকক। হে মোৰ মন, যিহোৱাৰ ধন্যবাদ কৰা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< Zabura 104 >