< Karin Magana 6 >
1 Ɗana, in ka shirya tsaya wa maƙwabcinka don yă karɓi bashi, in ka sa hannunka don ɗaukar lamunin wani,
১হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
2 in maganarka ta taɓa kama ka, ko kalmomin bakinka sun zama maka tarko,
২তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
3 to, sai ka yi haka, ɗana don ka’yantar da kanka; da yake ka shiga hannuwan maƙwabcinka, ka tafi ka ƙasƙantar da kanka; ka roƙi maƙwabcinka!
৩হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
4 Ka hana kanka barci, ko gyangyaɗi a idanunka ma.
৪তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
5 Ka’yantar da kanka, kamar barewa daga hannun mai farauta, kamar tsuntsu daga tarkon mai kafa tarko.
৫হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
6 Ku tafi wurin kyashi, ku ragwaye; ku lura da hanyoyinsa ku zama masu hikima!
৬হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
7 Ba shi da jagora ba shugaba ko mai mulki,
৭সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
8 duk da haka yakan yi tanade-tanadensa da rani ya kuma tattara abincinsa a lokacin girbi.
৮তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
9 Har yaushe za ku kwanta a can, ku ragwaye? Yaushe za ku farka daga barcinku?
৯হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
10 Ɗan barci, ɗan gyangyaɗi, ɗan naɗin hannuwa don a huta,
১০“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
11 talauci kuwa zai zo kamar’yan hari rashi kuma kamar ɗan fashi.
১১তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
12 Sakare da mutumin banza wanda yana yawo da magana banza a baki,
১২এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13 wanda yake ƙyifce da ido, yana yi alama da ƙafafunsa yana kuma nuni da yatsotsinsa,
১৩তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
14 wanda yake ƙulla mugunta da ruɗu a cikin zuciyarsa, kullum yana tā-da-na-zaune-tsaye
১৪তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
15 Saboda haka masifa za tă fāɗa farat ɗaya; za a hallaka shi nan da nan, ba makawa.
১৫সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
16 Akwai abubuwa shida da Ubangiji ya ƙi, abubuwa bakwai da suke abin ƙyama gare shi,
১৬যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
17 duban reni, harshe mai ƙarya, hannuwa masu zub da jinin marar laifi,
১৭গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
18 zuciyar da take ƙulla mugayen dabaru, ƙafafun da suke sauri zuwa aikata mugunta,
১৮বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
19 mai shaidar ƙarya wanda yake zuba ƙarairayi, da kuma mutumin da yake tā-da-na-zaune-tsaye a cikin’yan’uwa.
১৯মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
20 Ɗana, ka kiyaye umarnan mahaifinka kada kuma ka ƙyale koyarwar mahaifiyarka.
২০হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
21 Ka ɗaura su a zuciyarka har abada; ka ɗaura su kewaye da wuyanka.
২১সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
22 Sa’ad da kake tafiya, za su bishe ka; sa’ad da kake barci, za su lura da kai; sa’ad da ka farka, za su yi maka magana.
২২তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
23 Gama waɗannan umarnai fitila ne, wannan koyarwa haske ne, kuma gyare-gyaren horo hanyar rayuwa ce,
২৩কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
24 suna kiyaye ka daga mace marar ɗa’a daga sulɓin harshen mace marar aminci.
২৪অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
25 Kada ka yi sha’awarta a cikin zuciyarka kada ka bar ta tă ɗauki hankalinka da idanunta.
২৫তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
26 Gama karuwa takan mai da kai kamar burodin kyauta, mazinaciya kuma takan farauci ranka.
২৬বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
27 Mutum zai iya ɗiba wuta ya zuba a cinyarsa ba tare da rigunansa sun ƙone ba?
২৭কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে?
28 Mutum zai iya yin tafi a garwashi wuta mai zafi ba tare da ƙafafunsa sun ƙone ba?
২৮কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
29 Haka yake da wanda ya kwana da matar wani; babu wanda ya taɓa ta da zai tafi babu hukunci.
২৯সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
30 Mutane ba sa ƙyale ɓarawo in ya yi sata don yă ƙosar da yunwarsa sa’ad da yake jin yunwa.
৩০চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
31 Duk da haka in aka kama shi, dole yă biya sau bakwai ko da yake abin zai ci dukan arzikin gidansa.
৩১কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
32 Amma mutumin da ya yi zina ba shi da hankali; duk wanda ya yi haka yana hallaka kansa ne.
৩২যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
33 Dūka da kunya ne za su zama rabonsa, kuma kunyarsa za tă dawwama.
৩৩তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
34 Gama kishi kan tā da hasalar miji, kuma ba zai ji tausayi ba sa’ad da yake ramawa.
৩৪কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
35 Ba zai karɓi duk wata biya ba; zai ƙi cin hanci, kome yawansu.
৩৫তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।