< Karin Magana 29 >

1 Mutumin da ya ci gaba da taurinkai bayan an kwaɓe shi ba da daɗewa ba zai hallaka ba makawa.
যি মানুহে বাৰে বাৰে অনুযোগ পায়ো নিজৰ ডিঙি ঠৰ কৰে, সুস্থ হ’ব নোৱাৰাকৈ তেওঁ হঠাতে ভগ্ন হ’ব।
2 Sa’ad da masu adalci suke cin nasara, mutane kan yi farin ciki sa’ad da mugaye suke mulki, mutane kan yi nishi.
সৎ কাৰ্য কৰা লোক যেতিয়া বৃদ্ধি পায়, তেতিয়া লোকসকল আনন্দ কৰে। কিন্তু যেতিয়া এজন দুষ্টলোক শাসনকৰ্ত্তা হয়, তেতিয়া লোকসকল বিৰক্তি পায়।
3 Duk mai ƙaunar hikima kan kawo wa mahaifinsa farin ciki, amma wanda yake ma’amala da karuwai kan lalatar da dukiyarsa.
যি জনে প্ৰজ্ঞাক ভাল পায়, সেই জনে নিজৰ পিতৃক আনন্দিত কৰে; কিন্তু যি কোনোৱে বেশ্যাসকলৰ সৈতে সঙ্গী হয়, তেওঁ নিজৰ ধন-সম্পত্তি অপব্যয় কৰে।
4 Ta wurin yin adalci sarki kan sa ƙasa tă yi ƙarƙo amma duk mai haɗama don cin hanci kan rushe ƙasar.
ৰজাই ন্যায় বিচাৰ কৰাৰ দ্বাৰাই দেশ প্রতিষ্ঠা কৰে; কিন্তু যিজনে উপহাৰ দাবী কৰে, সেই জনে দেশ নষ্ট কৰে।
5 Duk wanda yake wa maƙwabcinsa daɗin baki yana sa wa ƙafafunsa tarko ne.
যি মানুহে নিজৰ চুবুৰীয়াক তোষামোদ কৰে, তেওঁ নিজৰ ভৰিলৈ জাল পাতে।
6 Mugun mutum tarko ne ta wurin zunubinsa, amma mai adalci zai iya rera ya kuma yi murna.
দুষ্ট লোক নিজৰ পাপৰ দ্বাৰাই ফান্দত পৰে; কিন্তু সৎ কাৰ্য কৰে, সেই জনে হৰ্ষিত মনেৰে গীত গায়।
7 Masu adalci sun damu game da adalci don talakawa, amma mugaye ba su da wannan damuwa.
ন্যায় কাৰ্য কৰা লোকে দৰিদ্র লোকৰ হৈ ওকালতি কৰে; কিন্তু দুষ্ট লোকে সেই জ্ঞানৰ কথা বুজি নাপায়।
8 Masu ba’a kan kuta faɗa a birni, amma masu hikima sukan kwantar da fushi.
নিন্দক লোকে নগৰত জুই জ্বলাই; কিন্তু যি সকল জ্ঞানী, তেওঁলোকে ক্ৰোধৰ পৰা আঁতৰি থাকে।
9 In mai hikima ya je wurin shari’a da wawa, wawa kan yi ta fushi yana ta dariya, ba kuwa za a sami salama ba.
যেতিয়া অজ্ঞানী লোকৰ লগত জ্ঞানী লোকৰ বিবাদ হয়, তেতিয়া তেওঁ ক্রোধিত হৈ হাঁহে, আৰু কোনো শান্তি লাভ নকৰে।
10 Masu kisankai sukan ƙi mutum mai mutunci su kuma nema su kashe mai aikata gaskiya.
১০নিৰ্দ্দোষী লোকক ৰক্তপাতকাৰী সকলে ঘিণ কৰে; কিন্তু সৰল লোকসকলৰ প্রাণ বিচাৰি ফুৰে।
11 Wawa yakan nuna fushinsa a fili, amma mai hikima kan kanne fushinsa.
১১অজ্ঞানী লোকে নিজৰ মনৰ সকলো ভাব প্ৰকাশ কৰে; কিন্তু জ্ঞানী লোকে নিজৰ মনৰ ভাব দমন কৰি শান্ত হৈ থাকে।
12 In mai mulki yana sauraran ƙarairayi, dukan ma’aikatansa za su zama mugaye.
১২যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়।
13 Matalauci da azzalumi suna da wannan abu ɗaya. Ubangiji ne yake ba dukansu gani.
১৩দৰিদ্ৰ আৰু অত্যাচাৰী লোক দুয়ো একেলগ হয়; আৰু যিহোৱাই দুয়ো জনৰ চকুত পোহৰ দিয়ে।
14 In sarki yana hukunta talakawa da adalci kursiyinsa kullum zai kasance lafiya.
১৪যদি ৰজাই সত্যতাৰে দৰিদ্ৰ লোকৰ বিচাৰ কৰে, তেতিয়া তেওঁৰ সিংহাসন চিৰকালৰ বাবে প্রতিষ্ঠিত হয়।
15 Sandar gyara kan ba da hikima, amma yaron da aka bari ba horo kan jawo kunya ga mahaifiyarsa.
১৫চেকনী আৰু দোষাৰোপে প্ৰজ্ঞা দিয়ে; কিন্তু শাসন নকৰা সন্তানে নিজৰ মাতৃক লাজ দিয়ে।
16 Sa’ad da mugaye suke cin nasara, haka zunubi zai yi ta ƙaruwa, amma masu adalci za su ga fāɗuwar waɗannan mutane.
১৬যেতিয়া দুষ্টলোক বৃদ্ধি হয়, তেতিয়া অপৰাধো বৃদ্ধি হয়; কিন্তু যি সকলে ন্যায় কাৰ্য কৰে, তেওঁলোকে তেওঁলোকৰ পতন দেখা পাই।
17 Ka hori ɗanka, zai kuwa ba ka salama; zai ba ka farin cikin da kake so.
১৭তোমাৰ সন্তানক অনুশাসন কৰা; তাতে তেওঁ তোমাক শান্তি দিব, আৰু তোমাৰ প্ৰাণক আনন্দিত কৰিব।
18 Inda ba wahayi, mutane kan kangare; amma masu albarka ne waɗanda suke kiyaye doka.
১৮যি ঠাইত ভবিষ্য দৰ্শনৰ অভাৱ থাকে, তাত লোকসকল অবাধ্য হয়; কিন্তু যিজনে বিধান পালন কৰে, সেই জন সুখী হয়।
19 Ba a yi wa bawa gyara ta wurin magana kawai; ko da ya fahimta ma, ba zai kula ba.
১৯কথাৰ দ্বাৰাই দাসক শুধৰাব নোৱাৰি; যদিও তেওঁ বুজি পায়, তথাপিও তেওঁ প্রতিক্রিয়া নকৰে।
20 Ka ga mutum mai yin magana da garaje? To, gara a sa zuciya ga wawa da a sa zuciya gare shi.
২০দ্রুতগতিত কথা কোৱা লোকক চোৱা; তেওঁতকৈ অজ্ঞানী লোকৰ অধিক আশা আছে।
21 In mutum ya yi wa bawansa shagwaɓa tun yana yaro, zai jawo baƙin ciki a ƙarshe.
২১যি জনে নিজৰ দাসক যৌৱন কালৰে পৰা প্রশ্রয় দিয়ে, ইয়াৰ কাৰণে সেই দাসে শেষত সমস্যাত পেলায়।
22 Mutum mai cika fushi yakan tā da faɗa, mai zafin rai kuma kan yi zunubai masu yawa.
২২ক্রোধি লোকে বিবাদ সৃষ্টি কৰে, আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে।
23 Fariyar mutum kan jawo masa ƙasƙanci amma mai sauƙinkai kan sami girmamawa.
২৩মানুহৰ অহঙ্কাৰে তেওঁক নত কৰায়; কিন্তু যিজনৰ নম্ৰ গুণ থাকে, তেওঁক সন্মান দিয়া হ’ব।
24 Duk wanda yake abokin ɓarawo abokin gāban kansa ne; yana jin sa yana ta rantsuwa, amma bai isa ya ce kome ba.
২৪যি জনে চোৰৰ সৈতে অংশীদাৰ হয়, সেই জনে নিজৰ প্ৰাণক ঘিণ কৰে; শাও দিয়া শুনিও তেওঁ একো নকয়।
25 Jin tsoron mutum tarko ne, amma duk wanda ya dogara ga Ubangiji zai zauna lafiya.
২৫মানুহৰ ভয়েই তেওঁলৈ বিপদ আনে; কিন্তু যিজনে যিহোৱাত ভাৰসা কৰে, সেই জন নিৰাপদে থাকে।
26 Mutane sukan nemi samun farin jini daga wurin sarki, amma daga wurin Ubangiji ne mutum kan sami adalci.
২৬অনেক লোকে শাসনকৰ্ত্তাৰ অনুগ্ৰহ বিচাৰে; কিন্তু তেওঁৰ বাবে যিহোৱাৰ পৰাহে ন্যায় আহে।
27 Masu adalci suna ƙyamar masu rashin gaskiya; mugaye sukan yi ƙyamar masu aikata gaskiya.
২৭অন্যায়কাৰী মানুহ ন্যায় কৰা লোকসকলৰ বাবে ঘৃণনীয়; কিন্তু ন্যায়পৰায়ণ লোকৰ পথ দুষ্ট লোকৰ বাবে ঘৃণনীয়।

< Karin Magana 29 >