< Karin Magana 26 >

1 Kamar ƙanƙara a rani ko ruwan sama a lokacin girbi, haka girmamawa bai dace da wawa ba.
গ্রীষ্ম কালত বৰফ, আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে, সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়।
2 Kamar gwara mai yawo ko alallaka mai firiya, haka yake da la’anar da ba tă dace tă kama ka ba take.
যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্র গতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া শাও প্রজ্বলিত নহয়।
3 Bulala don doki, linzami don jaki, sanda kuma don bayan wawaye!
ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম, আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনী।
4 Kada ka amsa wa wawa bisa ga wautarsa, in ba haka ba kai kanka za ka zama kamar sa.
অজ্ঞানীক উত্তৰ নিদিবা, আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা; নহ’লে তুমি তেওঁৰ দৰেই হ’বা।
5 Ka amsa wa wawa bisa ga wautarsa, in ba haka ba zai ga kansa mai hikima ne.
অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁৰ অজ্ঞানতাত সহযোগ কৰা; সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব।
6 Kamar datsewar ƙafafun wani ko shan dafi haka yake da a aika da saƙo ta hannun wawa.
যি জনে অজ্ঞানী লোকৰ হাতত বাৰ্ত্তা পঠিয়াই, তেওঁ নিজৰ ভৰি নিজে কাটি পেলায়, আৰু অত্যাচাৰ ভোগ কৰে।
7 Kamar ƙafafun gurgun da suka yi laƙwas haka karin magana yake a bakin wawa.
জঠৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে।
8 Kamar ɗaura dutse a majajjawa haka yake da girmama wawa.
ফিঙ্গাত শিল বন্ধা যেনে, অজ্ঞানীক সন্মান দিয়াও তেনে।
9 Kamar suƙar ƙaya a hannun wanda ya bugu haka karin magana yake a bakin wawa.
মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে।
10 Kamar maharbi wanda yake jin wa kowa rauni haka yake da duk wanda ya yi hayan wawa ko wani mai wucewa.
১০ধনুৰ্দ্ধৰে যিদৰে সকলোকে আঘাত কৰে, কোনো এজনে অজ্ঞানী, বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে।
11 Kamar yadda kare kan koma ga amansa, haka wawa kan maimaita wautarsa.
১১কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে।
12 Gwamma riƙaƙƙen wawa da mutum mai ganin kansa mai hikima ne.
১২নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।
13 Rago yakan ce, “Akwai zaki a kan hanya, zaki mai faɗa yana yawo a tituna!”
১৩এলেহুৱা ব্যক্তিয়ে কয়, “বাটত এটা সিংহ আছে! মুকলি ঠাইৰ মাজত এটা সিংহ আছে।”
14 Kamar yadda ƙofa kan juya a ƙyaurensa, haka rago yake jujjuya a gadonsa.
১৪দুৱাৰ যেনেকৈ কবজাত ঘুৰে, এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাটিত বাগৰে।
15 Rago kan sa hannunsa a kwano ba ya ma iya ɗaga shi ya kai bakinsa.
১৫এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে, কিন্তু তেওঁৰ মুখলৈ সেই আহাৰ নিবলৈ শক্তি নাথাকে।
16 Rago yana gani yana da hikima fiye da mutane bakwai da suke ba da amsa da dalilai a kan ra’ayinsu.
১৬সাত জন বুদ্ধিমান ব্যক্তিতকৈ এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে।
17 Kamar wani da ya kama kare a kunnuwa haka yake da mai wucewa da ya tsoma baki a faɗan da ba ruwansa.
১৭কুকুৰৰ কাণত ধৰা লোকৰ যেনে, বাটৰুৱাই আনৰ বিবাদত ক্রোধিত হোৱা তেনে।
18 Kamar yadda mahaukaci yake harbin cukwimai ko kibiyoyi masu dafi
১৮জ্বলন্ত কাঁড় মৰা জন যেনে,
19 haka yake da mutumin da ya ruɗe maƙwabci sa’an nan ya ce, “Wasa ne kawai nake yi!”
১৯নিজৰ চুবুৰীয়াক প্ৰতাৰণা কৰা জনো তেনে, আৰু তেওঁ কয়, “মই জানো ধেমালি কৰা নাই?”
20 In ba itace wuta takan mutu; haka kuma in ba mai gulma ba za a yi faɗa ba.
২০যেনেকৈ খৰিৰ অভাৱত জুই নুমায় যায়, তেনেকৈ পৰচৰ্চ্চাকাৰী নহ’লে কন্দলো নহয়।
21 Kamar yadda gawayi yake ga murhu, itace kuma ga wuta, haka mutum mai neman faɗa yake ga faɗa.
২১জ্বলি থকা আঙঠাৰ বাবে কাঠকয়লা আৰু জুইৰ বাবে খৰি যেনে, বিবাদত ইন্ধন যোগাবলৈ দ্বন্দুৰা লোক তেনে।
22 Kalmomin mai gulma suna kama da burodi mai daɗi; sukan gangara can cikin cikin mutum.
২২পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; সেয়ে শৰীৰৰ ভিতৰলৈকে সোমাই যায়।
23 Kamar kaskon da aka dalaye da azurfar da ba a tace ba haka leɓuna masu mugun zuciya.
২৩জ্বলন্ত ওঁঠ আৰু দুষ্টৰ হৃদয়, মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে।
24 Mai yin ƙiyayya yakan ɓoye kansa da maganar bakinsa, amma a cikin zuciyarsa yana cike da munafunci
২৪যি জনে ওঁঠে প্রকাশ কৰা কথা ঘিণ কৰে, তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে;
25 Ko da jawabinsa ya ɗauki hankali, kada ka gaskata shi, gama abubuwa ƙyama guda bakwai sun cika zuciyarsa.
২৫তেওঁ অমায়িভাবে কথা ক’ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে;
26 Wataƙila ya ɓoye ƙiyayyarsa da ƙarya, duk da haka za a tone muguntarsa a cikin taro.
২৬যদিও তেওঁৰ ঘৃণা কপটেৰে ঢকা, তথাপি তেওঁৰ দুষ্টতা সমাজত প্ৰকাশিত হ’ব।
27 In mutum ya haƙa rami, shi zai fāɗi a ciki; in mutum ya mirgino dutse, dutsen zai mirgine a kansa.
২৭যি কোনোৱে খাল খানে, তেঁৱেই সেই খালত পৰিব; আৰু যি কোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব।
28 Harshe mai faɗin ƙarya yana ƙin waɗanda yake ɓata musu rai, daɗin baki kuma yakan aikata ɓarna.
২৮মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।

< Karin Magana 26 >