< Karin Magana 19 >
1 Gara matalauci wanda yake marar laifi da wawa wanda leɓunansa masu ƙarya ne.
১নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল।
2 Ba shi da kyau ka kasance da niyya babu sani, ko ka kasance mai garaje ka ɓace hanya.
২জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই।
3 Wautar mutum kan lalatar da ransa, duk da haka zuciyarsa kan ba wa Ubangiji laifi.
৩মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়।
4 Wadata kan kawo abokai da yawa, amma abokin matalauci kan bar shi.
৪ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়।
5 Mai ba da shaidar ƙarya ba zai tafi babu hukunci ba, kuma duk wanda ya baza ƙarairayi ba zai kuɓuta ba.
৫মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়।
6 Kowa na ƙoƙari ya sami farin jini wurin mai mulki, kuma kowa na so a ce shi abokin mutumin nan mai yawan kyauta ne.
৬অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়।
7 ’Yan’uwan matalauci sukan guje shi, balle abokansa, su ma za su guje shi. Ko da yake matalaucin yana binsu yana roƙo, ba zai sam su ba.
৭যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়।
8 Duk wanda ya sami hikima yana ƙaunar ransa; duka wanda yake jin daɗi fahimi kan ci gaba.
৮যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়।
9 Mai shaidar ƙarya ba zai tafi babu hukunci ba, kuma duk mai baza ƙarairayi zai hallaka.
৯মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব।
10 Bai dace da wawa ya yi rayuwa cikin jin daɗi ba, haka ya fi muni bawa ya yi mulki a kan sarki!
১০অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত!
11 Hikimar mutum kan ba shi haƙuri; ɗaukakarsa ce ya ƙyale laifi.
১১মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ।
12 Fushin sarki yana kama da rurin zaki, amma tagomashinsa yana kama da raba a kan ciyawa.
১২ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে।
13 Wawan yaro lalacin mahaifinsa ne, mace mai yawan faɗa tana kama da ɗiɗɗigar ruwa.
১৩মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে।
14 Ana gādon dawakai da wadata daga iyaye ne, amma mace mai basira daga Ubangiji ne.
১৪ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়।
15 Ragwanci kan jawo zurfin barci, mutum mai sanyin jiki kuma yana tare da yunwa.
১৫এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব।
16 Duk wanda ya bi umarnai kan tsare ransa, amma duk wanda ya ƙi binsu zai mutu.
১৬যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব।
17 Duk wanda yake kirki ga matalauta yana ba wa Ubangiji bashi ne, zai kuwa sami lada game da abin da ya yi.
১৭যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব।
18 Ka hori ɗanka, gama yin haka akwai sa zuciya; kada ka goyi baya lalacewarsa.
১৮আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা।
19 Dole mai zafin rai yă biya tara; in ka fisshe shi sau ɗaya, to, sai ka sāke yin haka.
১৯অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব।
20 Ka kasa kunne ga shawara ka kuma yarda da umarni, a ƙarshe kuwa za ka yi hikima.
২০তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা।
21 Da yawa ne shirye-shiryen zuciyar mutum, amma manufar Ubangiji ce takan cika.
২১মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব।
22 Abin da mutum yake sha’awa shi ne ƙauna marar ƙarewa; gara ka zama matalauci da ka zama maƙaryaci.
২২আনুগত্য মানুহৰ ইচ্ছাৰে হয়, আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল।
23 Tsoron Ubangiji yakan kai ga rai. Sa’an nan mutum ya sami biyan bukata, ba abin da zai cuce shi.
২৩যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব।
24 Rago kan sa hannunsa a kwano ba ya ma iya ɗaga shi ya kai bakinsa!
২৪এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, এনেকি পুনৰায় মুখলৈ ঘূৰাই নিব নোৱাৰিব।
25 Ka bulale mai ba’a, marasa azanci kuwa za su yi la’akari; ka tsawata wa mai basira, zai kuwa ƙara sani.
২৫নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব।
26 Duk wanda ya yi wa mahaifinsa fashi ya kuma kori mahaifiyarsa ɗa ne da kan kawo kunya da wulaƙanci.
২৬যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে।
27 In ka daina jin umarni, ɗana, za ka kuwa kauce daga kalmomin sani.
২৭হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা।
28 Mai shaidar da yake malalaci yana wa shari’a ba’a ne, bakin mugaye kuma na haɗiye mugunta.
২৮দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে।
29 An shirya tara saboda masu ba’a ne, dūka kuma saboda bayan wawaye.
২৯নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে।