< Karin Magana 15 >
1 Amsa da tattausar harshe kan kwantar da fushi, amma magana da kakkausan harshe kan kuta fushi.
১মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।
2 Harshen mai hikima kan yi zance mai kyau a kan sani, amma bakin wawa kan fitar da wauta.
২জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।
3 Idanun Ubangiji suna a ko’ina, suna lura da masu aikata mugunta da masu aikata alheri.
৩যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।
4 Harshen da ya kawo warkarwa shi ne itacen rai, amma harshe mai ƙarya kan ragargaza zuciya.
৪সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ; কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।
5 Wawa yakan ƙi kulawa da horon da mahaifinsa yake masa, amma duk wanda ya yarda da gyara kan nuna azanci.
৫অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।
6 Gidan adali yana da dukiya mai yawa, amma albashin mugaye kan kawo musu wahala.
৬যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।
7 Leɓunan masu hikima sukan baza sani; ba haka zukatan wawaye suke ba.
৭জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়, কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে।
8 Ubangiji yana ƙyamar hadayar mugaye, amma addu’ar masu aikata gaskiya kan sa ya ji daɗi.
৮দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
9 Ubangiji yana ƙin hanyar mugaye amma yana ƙaunar waɗanda suke neman adalci.
৯দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।
10 Horo mai tsanani yana jiran duk wanda ya bar hanya; wanda ya ƙi gyara zai mutu.
১০যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।
11 Mutuwa da Hallaka suna nan a fili a gaban Ubangiji, balle fa zukatan mutane! (Sheol )
১১চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। (Sheol )
12 Mai yin ba’a yakan ƙi gyara; ba zai nemi shawara mai hikima ba.
১২নিন্দক লোকে অনুযোগত বিৰক্তি পায়; তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।
13 Zuciya mai farin ciki kan sa fuska tă yi haske, amma ciwon zuciya kan ragargaza rai.
১৩আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।
14 Zuciya mai la’akari kan nemi sani, amma bakin wawa wauta ce ke ciyar da shi.
১৪সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
15 Dukan kwanakin mutumin da ake danniya fama yake yi, amma zuciya mai farin ciki yana yin biki kullum.
১৫নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।
16 Gara a kasance da kaɗan da tsoron Ubangiji da a kasance da arziki mai yawa game da wahala.
১৬বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
17 Gara a ci abincin kayan ganye inda akwai ƙauna da a ci kiwotaccen saniya inda ƙiyayya take.
১৭হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।
18 Mutum mai zafin rai kan kawo faɗa, amma mutum mai haƙuri kan kwantar da faɗa.
১৮ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।
19 An tare hanyar rago da ƙayayyuwa, amma hanyar mai aikata gaskiya buɗaɗɗiyar hanya ce.
১৯এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ; কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।
20 Ɗa mai hikima kan kawo farin ciki wa mahaifinsa, amma wawa yakan rena mahaifiyarsa.
২০জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।
21 Wauta kan sa mutum marar azanci ya yi farin ciki, amma mai basira kan kiyaye abin da yake yi daidai.
২১জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।
22 Shirye-shirye sukan lalace saboda rashin neman shawara, amma tare da mashawarta masu yawa za su yi nasara.
২২পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।
23 Mutum yakan yi farin ciki a ba da amsar da take daidai, kuma ina misali a yi magana a lokacin da ya dace!
২৩মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।
24 Hanyar rai na yin jagora ya haura wa masu hikima don ta kiyaye shi daga gangarawa zuwa kabari. (Sheol )
২৪দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে। (Sheol )
25 Ubangiji yakan rushe gidan mai girman kai amma yakan kiyaye iyakokin gwauruwa daidai.
২৫যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
26 Ubangiji yana ƙyamar tunanin mugaye, amma waɗanda suke da tunani masu tsabta yakan ji daɗinsu.
২৬যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।
27 Mutum mai haɗama kan kawo wahala ga iyalinsa, amma wanda yake ƙin cin hanci zai rayu.
২৭ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
28 Zuciyar mai adalci takan auna amsoshinta, amma bakin mugu yakan fitar da mugunta.
২৮সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
29 Ubangiji yana nesa da mugaye amma yakan ji addu’ar adalai.
২৯যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।
30 Fuska mai fara’a takan kawo farin ciki ga zuciya, kuma labari mai daɗi na kawo lafiya ga ƙasusuwa.
৩০চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।
31 Duk wanda ya mai da hankali sa’ad da ake tsawata masa ba zai kasance dabam a cikin masu hikima ba.
৩১যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।
32 Duk waɗanda suka ƙi horon sun rena kansu ke nan, amma duk waɗanda sun yarda da gyara sukan ƙara basira.
৩২যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।
33 Tsoron Ubangiji yakan koya wa mutum hikima, kuma sauƙinkai kan zo kafin girmamawa.
৩৩যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।