< Karin Magana 13 >

1 Ɗa mai hikima yakan mai da hankali ga umarnin mahaifinsa, amma mai ba’a ba ya sauraran kwaɓi.
জ্ঞানৱান সন্তানে নিজৰ পিতৃৰ কথা শুনে; কিন্তু নিন্দকে অনুযোগ নুশুনে।
2 Daga abin da ya fito leɓunan mutum ne mutum kan ji daɗin abubuwa masu kyau, amma marar aminci yakan ƙosa ya tā-da-na-zaune-tsaye.
মানুহে নিজৰ মুখৰ ফলৰ দ্বাৰাই মঙ্গল ভোগ কৰে; কিন্তু বিশ্বাসঘাতকে অত্যাচাৰলৈ অভিলাষ কৰে।
3 Duk mai lura da leɓunansa yakan lura da ransa, amma duk mai magana da haushi zai kai ga lalaci.
যিজনে নিজৰ মুখ চম্ভালে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; কিন্তু যিজনে মুখ বহলকৈ মেলে, তেওঁৰ সৰ্ব্বনাশ হয়।
4 Rago ya ƙosa ya sami wani abu ainun amma ba ya samun kome, amma sha’awar mai aiki tuƙuru yakan ƙoshi sosai.
এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়; কিন্তু পৰিশ্ৰমীজনে ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়।
5 Adali yana ƙin abin da yake ƙarya, amma mugu kan jawo kunya da ƙasƙanci.
সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে; কিন্তু দুষ্টলোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে।
6 Adalci yakan lura da mutum mai mutunci, amma mugunta takan sha kan mai zunubi.
যেতিয়া এজন লোকে সত্যতাত চলে, তেওঁ ন্যায়ৰ পথ সুৰক্ষিত কৰে। কিন্তু দুষ্ট লোকসকল তেওঁলোকৰ পাপৰ কাৰণে বিনষ্ট হয়।
7 Wani mutum yakan ɗauki kansa mai arziki ne, alhali ba shi da kome, wani ya ɗauki kansa shi matalauci ne, alhali shi mawadaci ne ƙwarai.
এনে লোক আছে, যিয়ে নিজকে ধনী দেখুৱাই, কিন্তু তেওঁৰ একো নাথাকে; আৰু এনে লোকো আছে যি সকলো দান কৰে, তথাপি তেওঁ প্রকৃততেই ধনৱান।
8 Arzikin mutum zai iya kuɓutar da ransa, amma matalauci ba ya jin barazana.
এজন ধনী লোকে নিজৰ সম্পত্তিৰ দ্বাৰাই নিজৰ জীৱনৰ প্রায়শ্চিত কৰিব পাৰে, কিন্তু এজন দুখীয়া তেনেধৰণৰ ভীতিপ্রদৰ্শনৰ সন্মুখীন নহয়।
9 Hasken masu adalci kan haskaka ƙwarai, amma fitilar mugaye mutuwa take.
যিজনে সত্যতাত চলে, তেওঁৰ প্ৰদীপ প্রজ্বলিত হৈ থাকে; কিন্তু দুষ্টলোকৰ চাকি নুমাই যাব।
10 Girmankai kan jawo faɗa ne kawai, amma hikima tana samuwa a waɗanda suke jin shawara.
১০অহঙ্কাৰে কেৱল বিবাদ জন্মায়; কিন্তু যিসকলে সুপৰামৰ্শ শুনে, তেওঁলোকৰ লগত প্রজ্ঞা থাকে।
11 Kuɗin da aka same su a rashin gaskiya yakan ɓace da sauri, amma duk wanda ya tara kuɗi kaɗan-kaɗan za su yi ta ƙaruwa.
১১অধিক অহঙ্কাৰে সম্পত্তি হ্রাস কৰে; কিন্তু যি জনে পৰিশ্ৰমেৰে ধন উপাৰ্জন কৰে, তেওঁৰ ধন বৃদ্ধি হয়।
12 Sa zuciyar da aka ɗaga zuwa gaba kan sa zuciya tă yi ciwo, amma marmarin da aka ƙosar yana kamar itacen rai.
১২যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
13 Duk wanda ya rena umarni zai ɗanɗana ƙodarsa, amma duk wanda ya yi biyayya da umarni zai sami lada.
১৩যি জনে নিৰ্দেশ অবজ্ঞা কৰে, তেওঁ তাৰ আলোচনাৰ বিষয় হ’ব; কিন্তু যি জনে আজ্ঞা সন্মান কৰে, তেওঁ পুৰস্কাৰ পায়।
14 Koyarwar mai hikima maɓulɓulan rai ne, mai juyar da mutum daga tarkon mutuwa.
১৪জ্ঞানী লোকৰ শিক্ষা জীৱনৰ ভুমুকস্বৰূপ হয়। মৃত্যু ফান্দৰ পৰা তোমাক আঁতৰাই ৰাখিব।
15 Fahimta mai kyau kan sami tagomashi, amma hanyar marar aminci tana da wuya.
১৫ভাল অন্তদৃষ্টিয়ে অনুগ্ৰহ জয় কৰে; কিন্তু বিশ্বাস-ঘাতকসকলৰ পথ দুৰ্গম।
16 Kowane mai azanci yakan nuna sani, amma wawa yakan yi tallen wawancinsa.
১৬জ্ঞানে প্ৰতিটো সিদ্ধান্ত লওঁতে সুবিবেচনা কৰে; কিন্তু অজ্ঞানী লোকে মুৰ্খতা বিস্তাৰ কৰে।
17 Mugun ɗan saƙo kan shiga wahala, amma jakadan da mai aminci yakan kawo warkarwa.
১৭দুষ্ট বৰ্ত্তাবাহক সমস্যাত পৰে; কিন্তু এজন বিশ্বাসী দূতে পুনৰ মিলন কৰায়।
18 Duk wanda ya ƙyale horo yakan kai ga talauci da kuma kunya, amma duk wanda ya karɓi gyara yakan sami girma.
১৮যি জনে নিয়মানুৱৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ দৰিদ্ৰ হয় আৰু লাজত পৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা গ্রহণ কৰে, তেওঁ সন্মান পায়।
19 Marmarin da aka cika yana da daɗi ga rai, amma wawa yana ƙyamar juyewa daga mugunta.
১৯বাঞ্ছা সিদ্ধিয়ে আত্মা সন্তুষ্টি দিয়ে; কিন্তু অজ্ঞানীলোকে বেয়াৰ পৰা আঁতৰি আহিবলৈ ইচ্ছা নকৰে।
20 Shi da yake tafiya tare da masu hikima yakan ƙaru da hikima, amma abokin wawaye zai yi fama da lahani.
২০জ্ঞানীলোকৰ সঙ্গত থাকা, তাতে তুমিও জ্ঞানী হবা; কিন্তু অজ্ঞানীলোকৰ সঙ্গীয়ে কষ্ট ভোগ কৰিব।
21 Rashin sa’a kan fafare mai zunubi, amma wadata ce ladar adali.
২১দুৰ্যোগে পাপীৰ পাছত দৌৰ মাৰে; কিন্তু যিসকলে সত্যতাত চলে, তেওঁলোকে উত্তম পুৰস্কাৰ পায়।
22 Mutumin kirki kan bar gādo wa’ya’ya’ya’yansa, amma arzikin mai zunubi ajiye ne da aka yi wa mai adalci.
২২ভাল ব্যক্তিয়ে নিজৰ নাতি-নাতিনীয়েকৰ বাবে উত্তৰাধিকাৰ এৰি যায়; কিন্তু পাপীৰ ধন সম্পত্তি সত্যতাত চলাজনৰ বাবে সংৰক্ষিত হয়।
23 Gonar matalauci za tă iya ba da abinci a yalwace, amma rashin adalci kan share shi tas.
২৩দুখীয়াসকলে নতুন মাটিত চহালে বহুতো শস্য উৎপন্ন হয়; কিন্তু অন্যায়ৰ দ্বাৰাই ই নষ্ট হয়।
24 Duk wanda ba ya horon ɗansa ba ƙaunarsa yake yi ba, amma duk mai ƙaunarsa yakan kula ya hore shi.
২৪যি জনে নিজৰ সন্তানক নিয়মানুৱৰ্তিতাত নচলায়, তেওঁ তাক ঘিণ কৰে, কিন্তু যিজনে তাক প্ৰেম কৰে, তেওঁ উচিত সময়ত তাক শাস্তিও দিয়ে।
25 Masu adalci sukan ci isashen abinci, amma cikin mugaye na fama da yunwa.
২৫যিসকলে সত্যতাত চলে, তেওঁলোকে হেঁপাহ পলোৱাকৈ আহাৰ খায়; কিন্তু দুষ্টলোক সদায় ভোকত থাকে।

< Karin Magana 13 >