< Ƙidaya 9 >
1 Ubangiji ya yi magana da Musa a Hamadar Sinai, a watan farko na shekara ta biyu bayan fitarsu daga ƙasar Masar. Ya ce,
১ইস্ৰায়েল লোক মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত, দ্বিতীয় বছৰৰ প্ৰথম মাহত, চীনয় মৰুভূমিত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে,
2 “Ka sa Isra’ilawa su yi Bikin Ƙetarewa a ƙayyadadden lokaci.
২“ইস্ৰায়েলৰ সন্তান সকলে নিৰূপিত সময়ত নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগে।
3 A yi wannan bikin ƙayyadadden lokaci da yamma, a rana ta goma sha huɗu ga wannan wata, a yi shi bisa ga dokokinsa da ƙa’idodinsa.”
৩এই মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত নিৰূপিত সময়ত তোমালোকে তাক বছৰি পালন কৰিবা। আৰু এই সমন্ধে ইয়াৰ নিয়ম-নীতি অনুসৰণ কৰা আৰু সকলো আজ্ঞাবোৰ পালন কৰি ইয়াক তোমালোকে ধৰি ৰাখিবা।”
4 Saboda haka sai Musa ya gaya wa Isra’ilawa su yi Bikin Ƙetarewa,
৪তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আজ্ঞা দিলে।
5 suka kuwa yi haka a Hamadar Sinai da yamma, a rana ta sha huɗu ga watan farko. Isra’ilawa suka yi dukan abubuwa yadda Ubangiji ya umarci Musa.
৫তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত চীনয় মৰুভূমিত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে সেই সকলোকে কৰিলে।
6 Amma waɗansunsu ba su iya yin Bikin Ƙetarewa a ranar ba gama sun ƙazantu ta wurin taɓa gawa. Saboda haka suka zo wurin Musa da Haruna a wannan rana
৬কিন্তু কিছুমান লোকে মানুহৰ শৱ চুই অশুচি হোৱা হেতুকে সেই দিনা নিস্তাৰ-পৰ্ব্ব পালন কৰিব নোৱাৰিলে। সেইবাবে তেওঁলোকে সেই দিনা মোচি আৰু হাৰোণৰ গুৰিলৈ গ’ল।
7 suka ce wa Musa, “Mun ƙazantu saboda mun taɓa gawa, don me aka hana mu mu ba da hadaya ga Ubangiji tare da sauran Isra’ilawa a ƙayyadadden lokaci?”
৭সেই লোকসকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?”
8 Musa ya amsa musu ya ce, “Ku dakata sai na sami umarni daga wurin Ubangiji game da ku.”
৮তাতে মোচিয়ে তেওঁলোকক ক’লে, “তোমালোক অলপ ৰ’বা; তোমালোকৰ বিষয়ে যিহোৱাই কি আজ্ঞা দিয়ে, তাক শুনো।”
9 Sai Ubangiji ya ce wa Musa,
৯পাছত যিহোৱাই মোচিক ক’লে, তেওঁ ক’লে
10 “Gaya wa Isra’ilawa cewa, ‘Sa’ad da waninku ko zuriyarku ya ƙazantu ta wurin taɓa gawa, ko kuwa ya yi tafiya mai nisa, duk da haka zai kiyaye Bikin Ƙetarewa ta Ubangiji.
১০“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ক’বা, ‘তোমালোকৰ মাজত নাইবা তোমালোকৰ ভাবি-বংশৰ মাজত যদি কোনোৱে শৱ চুই অশুচি হয়, বা দূৰ বাটত পথিক হৈ থাকে, তথাপিও তেওঁ যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব লাগিব’।
11 Za su yi bikin da yamma, a rana ta sha huɗu ga wata na biyu. Za su ci naman tunkiya, tare da burodi marar yisti, da ganyaye masu ɗaci.
১১দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত তেওঁলোকে তাক পালন কৰিব। তেওঁলোকে খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে নিস্তাৰ-পৰ্বৰ বলি খাব।
12 Kada su bar kome daga cikinsa yă kai safe, ko a karye ƙashinsa. Sa’ad da suke Bikin Ƙetarewa, dole su kiyaye dukan ƙa’idodinsa.
১২ৰাতিপুৱালৈ তাৰ একোকে অৱশিষ্ট নাৰাখিব আৰু কোনো হাড় নাভাঙিব; তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ সকলো বিধি অনুসাৰে তাক পালন কৰিব।
13 Amma in mutumin da yake da tsarki bai kuma yi tafiya ba, ya kuwa ƙi yă yi Bikin Ƙetarewar, dole a ware wannan mutum daga mutanensa, domin bai miƙa hadaya ga Ubangiji a ƙayyadadden lokaci ba. Wannan mutum zai ɗauki alhakin zunubinsa.
১৩কিন্তু যিকোনোৱে শুচি হৈ থাকে আৰু পথিকো নহয়, কিন্তু তেওঁ যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ হেলা কৰে, তেন্তে সেই মানুহ নিজ লোকসকলৰ মাজত পৰা উচ্ছন্ন কৰা হ’ব। কাৰণ, নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ নিদিয়াত, তেওঁ নিজৰ পাপৰ ফল ভোগ কৰিব লাগিব।
14 “‘Baƙon da yake zaune a cikinku wanda yake so yă yi Bikin Ƙetarewar Ubangiji, dole yă yi shi bisa ga dokokinsa da ƙa’idodinsa. Dole ku kasance da ƙa’ida ɗaya ga baƙo da kuma ɗan ƙasa.’”
১৪আৰু কোনো বিদেশী লোকে তোমালোকৰ মাজত প্ৰবাসী হৈ থাকি যিহোৱাৰ উদ্দেশ্যে যদি নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁ নিস্তাৰ-পৰ্ব্বৰ বিধিমতে আৰু তাৰ শাসন-প্ৰণালী অনুসাৰে তাক পালন কৰিব; স্বদেশত জন্মা, দুয়োৰো বাবে তোমালোকৰ একেটাই বিধি হ’ব।”
15 A ranar da aka kafa Tenti na Alkawari, sai girgije ya rufe shi. Daga yamma har safe, girgijen da yake bisa tabanakul ya yi kama da wuta.
১৫আৰু যিদিনা আবাস স্থাপন কৰা হ’ল, সেই দিনা মেঘে সেই আবাস, সেই সাক্ষ্য-ফলি থকা তম্বু ঢাকি ধৰিলে, আৰু সন্ধ্যাবেলাৰ পৰা ৰাতিপুৱালৈকে সেই আবাসৰ ওপৰত তাক জুই যেন দেখা গৈছিল।
16 Haka ya ci gaba da kasancewa; girgijen ya rufe shi, da dare kuma sai ya yi kamar wuta.
১৬এইদৰে সদায় আছিল। মেঘে তাক ঢাকিছিল আৰু ৰাতি জুইৰ নিচিনা দেখা গৈছিল।
17 Duk sa’ad da aka ɗaga girgijen daga Tentin, sai Isra’ilawa su kama hanya; duk inda girgijen ya tsaya, a nan Isra’ilawa za su yi sansani.
১৭পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তান সকলেও সেই ঠাইতে ছাউনি পাতি থাকে।
18 Da umarnin Ubangiji, Isra’ilawa suke tashi. Da umarninsa kuma suke sauka. Muddin girgijen yana tsaye a bisa tabanakul, sukan yi ta zamansu a sansanoni.
১৮যিহোৱা আজ্ঞা অনুসাৰেই ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে আৰু তেওঁৰ আজ্ঞাৰ দৰেই ছাউনি পাতি থাকে; সেই মেঘ যেতিয়ালৈকে আবাসৰ ওপৰত থাকে, তেতিয়ালৈকে তেওঁলোক ছাউনিত থাকে।
19 Sa’ad da girgijen ya ci gaba da kasancewa a bisan tabanakul na dogon lokaci, Isra’ilawa sukan bi umarnin Ubangiji, ba kuwa za su tashi ba.
১৯আৰু সেই মেঘে যেতিয়া আবাসৰ ওপৰত বহুদিন ধৰি থাকে, তেতিয়া ইস্ৰায়েলৰ সন্তান সকলেও যাত্ৰা নকৰি, যিহোৱাৰ উদ্দেশ্যে যি কৰিব লগীয়া, তাকে কৰে।
20 Wani lokaci girgijen yakan yi’yan kwanaki ne kawai a bisa tabanakul; da umarnin Ubangiji sukan kafa sansani da umarninsa kuma su tashi.
২০আৰু সেই মেঘ কোনো কোনো সময়ত আবাসৰ ওপৰত অলপ দিন থাকে। তেনে স্থলত যিহোৱাৰ আজ্ঞা মতে তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞামতে যাত্ৰাও কৰে।
21 Wani lokaci girgijen yakan zauna daga yamma har safiya ne kawai, sa’ad da kuma aka ɗaga shi da safe, sai su kama hanya. Ko da rana, ko da dare, duk sa’ad da aka ɗaga girgijen, sai su ma su tashi.
২১আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যাপৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে।
22 Ko girgijen ya yi kwana biyu a bisa tabanakul, ko wata guda, ko shekara, Isra’ilawa za su zauna a sansani ba kuwa za su tashi ba; amma sa’ad da aka ɗaga shi, sai su kuma su tashi.
২২দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে।
23 Da umarnin Ubangiji sukan kafa sansani, da umarninsa kuma sukan tashi. Sukan bi umarnin Ubangiji, bisa ga umarninsa ta wurin Musa.
২৩যিহোৱাৰ আজ্ঞামতেই তেওঁলোকে ছাউনিত থাকে আৰু যিহোৱাৰ আজ্ঞা মতেই যাত্ৰাও কৰে; এইদৰে, মোচিৰ যোগেদি দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে কৰিব লগীয়া কাৰ্য কৰে।