< Ƙidaya 8 >

1 Ubangiji ya ce wa Musa,
যিহোৱাই মোচিক ক’লে,
2 “Yi magana da Haruna, ka ce masa, ‘Sa’ad da za ka shisshirya fitilun nan bakwai, ka shirya su yadda za su fuskanci gaba domin haskensu yă haskaka ta gaba.’”
“তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।”
3 Haka kuwa Haruna ya yi; ya shisshirya fitilun yadda za su fuskanci gaba a kan wurin ajiye fitilan, kamar dai yadda Ubangiji ya umarci Musa.
তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে।
4 Ga yadda aka yi wurin ajiye fitilan. An ƙera shi da zinariya daga gindinsa har zuwa sama inda ya buɗu. Aka ƙera wurin ajiye fitilan yadda Ubangiji ya nuna wa Musa.
সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল।
5 Ubangiji ya ce wa Musa,
যিহোৱাই মোচিক পুনৰায় ক’লে,
6 “Keɓe Lawiyawa daga sauran Isra’ilawa, ka tsarkake su.
“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা।
7 Ga yadda za ka tsarkake su, ka yayyafa musu ruwan tsarkakewa; ka sa su aske jikunansu duka su kuma wanke tufafinsu, ta haka za su tsarkake kansu.
তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক।
8 Ka sa su ɗauki ɗan bijimi tare da lallausan garin hadaya, kwaɓaɓɓe da mai; sa’an nan, kai kuma ka ɗauki ɗan bijimi na biyu na hadaya don zunubi.
তাৰ পাছত তেওঁলোকে এটা দমৰা ষাঁড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক।
9 Ka kawo Lawiyawa a gaban Tentin Sujada, ka kuma kira taron Isra’ilawa duka.
তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা।
10 Za ka kawo Lawiyawa a gaban Ubangiji, Isra’ilawa kuma za su ɗibiya musu hannuwansu.
১০তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব।
11 Haruna zai miƙa Lawiyawa a gaban Ubangiji a matsayin hadaya ta kaɗawa daga Isra’ilawa, saboda a shirya su domin aikin Ubangiji.
১১ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব।
12 “Bayan Lawiyawa sun ɗibiya hannuwansu a kan bijiman, sai ka yi amfani da ɗaya a matsayin hadaya don zunubi ga Ubangiji, ɗayan kuma domin hadaya ta ƙonawa, don yin kafara saboda Lawiyawa.
১২পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
13 Ka kuma sa Lawiyawa su tsaya a gaban Haruna da’ya’yansa, sai ka miƙa su kamar hadaya ta kaɗawa ga Ubangiji.
১৩এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
14 Da haka za ka keɓe Lawiyawa daga sauran Isra’ilawa, Lawiyawa za su zama nawa.
১৪এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব।
15 “Bayan ka tsarkake Lawiyawa, ka kuma miƙa su kamar hadaya ta kaɗawa, sai su zo su yi aikinsu a Tentin Sujada.
১৫তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।
16 Gama dukansu an ba ni su daga cikin Isra’ilawa a maimakon dukan waɗanda suka fara buɗe mahaifa, wato, dukan’ya’yan farin Isra’ilawa. Na karɓi Lawiyawa su zama nawa.
১৬তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ।
17 Kowane ɗan farin haihuwa, ko mutum, ko dabba a Isra’ila, nawa ne. Sa’ad da na kashe’ya’yan fari a Masar, na keɓe’ya’yan fari na Isra’ilawa wa kaina.
১৭কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।
18 Na kuma ɗauki Lawiyawa a maimakon dukan’ya’yan fari maza a Isra’ila.
১৮এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ।
19 Cikin dukan Isra’ilawa, na ba da Lawiyawa kyauta ga Haruna da’ya’yansa, su yi hidima a Tentin Sujada a madadin Isra’ilawa, su kuma yi kafara dominsu saboda kada annoba ta bugi Isra’ilawa sa’ad da suka je kusa da wuri mai tsarki.”
১৯আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”
20 Musa, Haruna da kuma dukan taron Isra’ilawa, suka yi da Lawiyawa yadda Ubangiji ya umarci Musa.
২০মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।
21 Lawiyawa suka tsarkake kansu, suka kuma wanke tufafinsu. Sai Haruna ya miƙa su kamar hadaya ta kaɗawa a gaban Ubangiji, ya kuma yi kafara saboda su don yă tsarkake su.
২১লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।
22 Bayan haka, sai Lawiyawa suka zo don su yi aikinsu a Tentin Sujada, a ƙarƙashin Haruna da’ya’yansa. Suka yi da Lawiyawa kamar dai yadda Ubangiji ya umarci Musa.
২২তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে।
23 Ubangiji ya ce wa Musa,
২৩পাছত যিহোৱাই পুনৰায় মোচিক কলে,
24 “Wannan ya shafi Lawiyawa ne, wato, mazan da suka kai shekara ashirin da biyar, ko fiye, za su zo su yi aiki a Tentin Sujada,
২৪“লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব।
25 amma in suka kai shekaru hamsin da haihuwa, dole su huta daga wannan aiki na yau da kullum, su kuma daina aiki.
২৫আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব।
26 Za su iya taimakon’yan’uwansu cikin tafiyar da ayyuka a Tentin Sujada, amma su kansu ba za su yi aikin ba. Haka fa za ka ba wa Lawiyawa aikinsu.”
২৬তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”

< Ƙidaya 8 >