< Ƙidaya 6 >
1 Ubangiji ya ce wa Musa,
১যিহোৱাই মোচিক ক’লে,
2 “Yi magana da Isra’ilawa, ka ce musu, ‘In mace, ko namiji yana so yă yi alkawari na musamman, alkawarin zaman keɓaɓɓe ga Ubangiji, a matsayin Banazare,
২“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব,
3 dole yă keɓe kansa daga ruwan inabi, ko daga waɗansu abubuwa sha masu sa maye, kada kuma yă sha ruwan tsamin da aka yi daga ruwan inabi, ko daga waɗansu abubuwa sha masu sa maye. Ba zai sha ruwan’ya’yan inabi, ko yă ci’ya’yan inabi ɗanye ko busasshe ba.
৩তেতিয়া তেওঁ দ্ৰাক্ষাৰস আৰু সুৰাপানৰ পৰা নিজকে আতৰত ৰাখিব লাগিব। তেওঁ দ্ৰাক্ষাৰসৰ চিৰ্কা বা সুৰাৰ চিৰ্কা পান নকৰিব আৰু দ্ৰাক্ষাফলৰ পৰা চেপি উলিওৱা নতুন ৰসকো পান নকৰিব, বা কেঁচা কি শুকান দ্ৰাক্ষাফলো নাখাব।
4 Muddin yana Banazare, ba zai ci wani abin da ya fito daga’ya’yan inabi ba, ko ƙwayar inabi, ko ɓawonsa ma.
৪তেওঁ মোৰ উদ্দেশ্যে পৃথকে থকা সকলো কালত, গুটিৰ পৰা বাকলিলৈকে দ্ৰাক্ষাফলৰে যুগুত কৰা কোনো বস্তু ভোজন নকৰিব।
5 “‘A dukan lokacin da yake a kan alkawarin keɓewarsa, reza ba zai taɓa kansa. Dole yă kasance da tsarki har ƙarshen keɓewarsa ga Ubangiji; tilas yă bar gashin kansa yă yi tsawo.
৫আৰু ব্ৰত ধৰি পৃথকে থকা সকলো কালত তেওঁৰ মূৰত ক্ষুৰ নলগাব; যিহোৱাৰ উদ্দেশ্যে বেলেগে থকা দিনৰ সংখ্যা পূৰ নহয়মানে তেওঁ নিজৰ মূৰৰ চুলি বাঢ়িবলৈ দিব।
6 A dukan kwanakin keɓewarsa ga Ubangiji, Banazarin ba zai yi kusa da gawa ba.
৬তেওঁ যেতিয়ালৈকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকে, তেতিয়ালৈকে কোনো মৰা শৱৰ ওচৰলৈ নাযাব।
7 Ko da ma gawar ta mahaifinsa ce, ko ta mahaifiyarsa, ko ta ɗan mahaifiyarsa, ko kuma ta’yar’uwarsa ce, ba zai ƙazantar da kansa saboda su ba, domin alamar keɓewarsa ga Allah tana kansa.
৭তেওঁৰ পিতৃৰ বা মাতৃৰ, ককায়েকৰ বা ভনীয়েকৰ মৃত্যুৰ সময়ত, তেওঁ তেওঁলোকৰ কাৰণে নিজকে অশুচি নকৰিব, কিয়নো তেওঁৰ মূৰৰ দীঘল চুলি দেখি, তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে যে পৃথকে আছে সেই বিষয়ে সকলোৱে জানিব।
8 A dukan kwanakin keɓewarsa, an tsarkake shi ga Ubangiji.
৮তেওঁ পৃথকে হৈ থকা সকলো কালত, যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হৈ থাকিব।
9 “‘In farat ɗaya wani ya mutu kusa da shi, to, keɓewarsa ta ƙazantu, dole yă aske kansa a ranar tsarkakewarsa, a rana ta bakwai.
৯আৰু যদি কোনো এজন মানুহৰ অকস্মাৎ তেওঁৰ ওচৰত মৃত্যু হয়, তেতিয়া তেওঁ তেওঁৰ নিজ পৃথকে থকাৰ চিন অশুচি কৰে। তেতিয়া তেওঁ শুচি হোৱা দিনা, নিজৰ মূৰ ক্ষুৰাব। সেয়া সপ্তম দিনাই তেওঁ নিজ মূৰৰ চুলি ক্ষুৰাব লাগিব।
10 Sa’an nan a rana ta takwas, tilas yă kawo wa firist’yan kurciyoyi biyu, ko kuma’yan tattabarai biyu a bakin ƙofar Tentin Sujada.
১০অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব।
11 Firist kuwa zai miƙa ɗaya don hadaya ta zunubi, ɗayan kuma don hadaya ta ƙonawa, yă yi kafara dominsa, gama ya yi zunubi ta dalilin gawar. A wannan rana zai sāke keɓe kansa.
১১তেতিয়া পুৰোহিতে তাৰে এটা পাপাৰ্থক বলিস্বৰূপে, আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিব। তেতিয়া তেওঁ মৰা শৱৰ ওচৰত থকাৰ পাপৰ কাৰণে তেওঁক প্ৰায়শ্চিত্ত কৰিব; আৰু সেই দিনাই তেওঁ নিজকে পুনৰ পবিত্ৰ কৰিব।
12 Dole yă keɓe kansa ga Ubangiji, har kwanakin keɓewarsa, kuma dole yă kawo ɗan rago bana ɗaya a matsayin hadayar laifi. Kwanakin baya ba sa cikin lissafi, domin ya ƙazantu a lokacin keɓewarsa.
১২তেওঁ নিজকে পুনৰায় যিহোৱাৰ উদ্দেশ্যে পৃথকে থাকিব লাগিব। তেওঁ দোষাৰ্থক বলিস্বৰূপে এটা এবছৰীয়া মেৰ-ছাগ পোৱালি আনিব। কিয়নো তেওঁ পূৰ্বতে নিজকে অশুচি কৰালে সেই কাৰণে তেওঁ পূৰ্বতে নিজকে যিহোৱাৰ উদ্দেশ্যে পৃথকে থকা দিনবোৰ গণ্য নহ’ব।
13 “‘To, ga doka saboda Banazare sa’ad da kwanakin keɓewarsa suka gama. Za a kawo shi a bakin ƙofar Tentin Sujada.
১৩নাচৰীয়া লোক হৈ পৃথকে থকাৰ কাল পূৰ হলে, তেওঁ পালন কৰিব লগা বিধি এনে- তেওঁক সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ অনা হ’ব।
14 A can zai miƙa hadayunsa ga Ubangiji. Hadayun kuwa su ne, ɗan rago, bana ɗaya marar lahani don hadaya ta ƙonawa,’yar tunkiya, bana ɗaya marar lahani na hadaya don zunubi, rago marar lahani don hadaya ta salama,
১৪তেওঁ নিজে অনা উপহাৰ যিহোৱালৈ দান কৰিব। তেওঁ হোম বলিৰ কাৰণে গাত কোনো দাগ নথকা এটা এবছৰীয়া মতা মেৰ-ছাগ পোৱালি আৰু পাপাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এজনী এবছৰীয়া নিঘূণ চেঁউৰী মেৰ-ছাগ পোৱালি, আৰু মঙ্গলাৰ্থক বলিৰ কাৰণে গাত দাগ নথকা এটা নিঘূণ মতা মেৰ-ছাগ দান কৰিব লাগিব;
15 tare da hadayu na hatsi da hadayu na sha, da kuma kwando burodi marar yisti, ƙosai da aka yi da lallausan gari kwaɓaɓɓe da mai, da kuma wainan da aka barbaɗa da mai.
১৫আৰু সেই জন্তুবোৰৰ সৈতে একেৰাহি খমিৰ নিদিয়া পিঠা অৰ্থাৎ তেল মিহলোৱা মিহি আটাগুড়িৰ বিন্ধা থকা পিঠা কেইটামান, আৰু খমীৰ নিদিয়া তেল ঢলা পাতল চকলীয়া পিঠা কেইটামান, আৰু তাৰ লগত ভক্ষ্য আৰু পেয় নৈবেদ্য উপহাৰৰ সৈতে এই সকলো উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ আনিব।
16 “‘Firist zai kawo su a gaban Ubangiji, yă miƙa hadaya don zunubi da hadaya ta ƙonawa.
১৬তাতে পুৰোহিতে এই সকলো বস্তু যিহোৱাৰ আগলৈ আনিব। তেতিয়া তেওঁৰ পাপাৰ্থক বলি আৰু হোম বলি উৎসৰ্গ কৰিব।
17 Zai miƙa kwandon burodi marar yisti, yă kuma miƙa ɗan ragon hadaya ta salama tare da hadaya ta gari, da hadaya ta sha ga Ubangiji.
১৭খমীৰ নিদিয়া পিঠাৰ খৰাহিটোৰে সৈতে মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগটো যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব আৰু তাৰ পাছত পুৰোহিতে তাৰ লগৰ ভক্ষ্য নৈবেদ্য আৰু পেয় নৈবেদ্যও উৎসৰ্গ কৰিব।
18 “‘Sa’an nan a ƙofar Tentin Sujada, dole Banazaren yă aske gashin da ya alamta keɓewarsa, yă kwashe gashin, yă zuba a cikin wutar da take ƙarƙashin hadaya ta salama.
১৮পাছত নাচৰীয়া লোকজনে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত নিজে পৃথক হৈ থকাৰ চিন অৰ্থাৎ তেওঁৰ মূৰৰ দীঘল চুলি ক্ষুৰাই, সেই মূৰৰ চুলি লৈ, মঙ্গলাৰ্থক বলিৰ তলত থকা অগ্নিত পেলাই দিব।
19 “‘Bayan Banazaren ya aske gashinsa da ya alamta keɓewa, firist zai ɗauki dafaffiyar kafaɗar rago, da ƙosai da kuma waina daga cikin kwando waɗanda duka biyu marar yisti ne, yă sa su a tafin hannun keɓaɓɓen.
১৯আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব।
20 Firist zai kaɗa su a gaban Ubangiji, hadaya ce ta kaɗawa; mai tsarki ne kuma, zai zama na firist, tare da ƙirjin da aka kaɗa da kuma cinyar da aka kawo. Bayan haka, Banazaren zai iya shan ruwan inabi.
২০আৰু পুৰোহিতে সেই সকলোকে দোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ সাক্ষাতে তেওঁৰ সন্মুখত দান কৰিব; দোলনীয় আমঠু আৰু উত্তোলনীয় পাছ-পিৰাই সৈতে সেয়ে পুৰোহিতৰ অৰ্থে পবিত্ৰ হ’ব। তাৰ পাছত নাচৰীয়া লোকজনে দ্ৰাক্ষাৰস পান কৰিব পাৰিব।
21 “‘Wannan ita ce dokar Banazare wanda ya yi alkawari ga Ubangiji bisa ga keɓewarsa, tare da duk abin da zai iya bayarwa. Tilas yă cika alkawarin da ya yi bisa ga dokar zaman Banazare.’”
২১নাচৰীয়া ব্ৰত ধৰোঁতা মানুহৰ আৰু পৃথকে থকাৰ কাৰণে যিহোৱাক দিব লগা তাৰ উপহাৰৰ এয়ে বিধি। ইয়াৰ বাহিৰে তেওঁ নিজৰ শক্তি অনুসাৰে দিবলৈ আগ কৰে, তাকো দিব পাৰে; তেওঁ যি ব্ৰত ধৰে, সেই ব্ৰত অনুসাৰে তেওঁ নিজে পৃথকে থকা বিধি পালন কৰিব লাগে’।”
22 Ubangiji ya ce wa Musa,
২২পাছত যিহোৱাই পুনৰায় মোচিক ক’লে, “তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক কোৱা,
23 “Gaya wa Haruna da’ya’yansa, ‘Ga yadda za ku albarkaci Isra’ilawa. Za ku ce musu,
২৩‘তোমালোকে ইস্ৰায়েলৰ সন্তানসকলক এইদৰে আশীৰ্ব্বাদ কৰিবা। তোমালোকে তেওঁলোকক এইদৰে ক’বা:
24 “‘“Ubangiji yă albarkace ku, yă kuma kiyaye ku;
২৪যিহোৱাই তোমালোকক আশীৰ্ব্বাদ কৰি ৰাখক।
25 Ubangiji yă sa fuskarsa ta haskaka a kanku, yă kuma yi muku alheri;
২৫যিহোৱাই তেওঁৰ নিজ পোহৰৰে তোমালোকক উজ্জ্বল কৰি ৰাখক আৰু তোমালোকৰ প্রতি দয়ালু হওঁক।
26 Ubangiji yă dube ku da idon rahama, yă kuma ba ku salama.”’
২৬যিহোৱাই তোমালৈ দৃষ্টি কৰক আৰু তোমাক শান্তি দান কৰক।’
27 “Da haka za su sa sunana a kan Isra’ilawa, ni kuma zan albarkace su.”
২৭এইদৰে তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত মোৰ নাম স্থাপন কৰিব। তেতিয়া মই তেওঁলোকক আশীৰ্ব্বাদ কৰিম।”