< Ƙidaya 32 >

1 Mutanen Ruben da mutanen Gad, da suke da garken shanu da kuma garke tumaki masu yawa, suka ga cewa ƙasashen Yazer da Gileyad wurare ne masu kyau don kiwon shanu da tumaki.
ৰূবেণৰ সন্তান সকলৰ আৰু গাদৰ সন্তান সকলৰ অতিশয় অধিক পশুৰ জাক আছিল; এই কাৰণে তেওঁলোকে যেতিয়া যাজেৰ আৰু গিলিয়দ দেশখন দেখিলে, তেওঁলোকে তেওঁলোকৰ পশুবোৰৰ কাৰণে সেই ঠাই ভাল দেখিলে।
2 Saboda haka suka zo wurin Musa da Eleyazar da kuma shugabannin jama’a, suka ce,
সেই কাৰণে গাদ আৰু ৰূবেণৰ সন্তান সকলে আহি মোচিক, পুৰোহিত ইলিয়াজৰক আৰু মণ্ডলীৰ অধ্যক্ষসকলক ক’লে,
3 “Atarot, Dibon, Yazer, Nimra, Heshbon, Eleyale, Sebam, Nebo da Beyon,
অটাৰোৎ, দীবোন, যাজেৰ, নিম্ৰা, হিচবোন, ইলিয়ালি, চিবাম, নবো আৰু বিয়োন,
4 ƙasar da Ubangiji ya ci da yaƙi a gaban mutane Isra’ila, suna da kyau don dabbobi, bayinku kuma suna da dabbobi.”
এই যি যি দেশ যিহোৱাই ইস্ৰায়েলৰ মণ্ডলীৰ আগত পৰাজয় কৰিলে, এয়ে পশুবোৰৰ বাবে যোগ্য ঠাই; আৰু আমি, আপোনাৰ যি দাসকল, আমাৰ অধিক পশুৰ জাক আছে।”
5 Suka ce, “In mun sami tagomashi daga gare ka bari a ba da wannan ƙasa ga bayinka, tă zama mallakanmu. Kada ka sa mu haye Urdun.”
তেওঁলোকে আকৌ ক’লে, “আমি যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেতিয়াহলে উত্তৰাধিকাৰৰ অৰ্থে আপোনাৰ এই দাসবোৰক এই দেশ দান কৰক। আমাক যৰ্দ্দন পাৰ কৰি নিনিব।”
6 Musa ya ce wa mutanen Gad da mutanen Ruben, “Wato, sai’yan’uwanku su yi ta yaƙi ku kuwa ku zauna nan?
তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?
7 Don me za ku karya zuciya Isra’ilawa daga hayewa zuwa ƙasar da Ubangiji ya ba su?
যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?
8 Haka iyayenku suka yi sa’ad da na aike su daga Kadesh Barneya don su dubo ƙasar.
যি কালত মই তোমালোকৰ পিতৃসকলক দেশ চাবৰ কাৰণে কাদেচ-বৰ্ণেয়াৰ পৰা পঠিয়াইছিলোঁ সেই কালত তেওঁলোকেও সেইদৰে কৰিছিল।
9 Gama bayan suka haura Kwarin Eshkol suka hangi ƙasar, sai suka karya zuciyar Isra’ilawa daga shigar ƙasar da Ubangiji ya ba su.
কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তান সকলৰ মন নিৰোৎসাহ কৰিছিল।
10 A ranar kuwa Ubangiji ya husata har ya yi wannan rantsuwa cewa,
১০এই কাৰণে সেই দিনা যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ শপত কৰি, এই কথা কৈছিল,
11 ‘Tabbatacce ba wani daga cikin mutanen da suka fito daga Masar, tun daga mai shekara ashirin zuwa gaba, da zai ga ƙasar da na rantse zan ba Ibrahim, da Ishaku, da Yaƙub, domin ba su bi ni sosai ba,
১১‘মই অব্ৰাহাম, ইচহাক আৰু যাকোবক যি দেশ দিম বুলি শপত কৰিছিলোঁ, মিচৰৰ পৰা অহা লোকসকলৰ মাজত বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া কোনো এজন লোকেও সেই দেশ দেখিবলৈ নাপাব, কিয়নো তেওঁবিলাকে মোৰ পথত সম্পূৰ্ণৰূপে নচলিলে;
12 ba ko ɗaya sai dai Kaleb ɗan Yefunne Bakenizze da Yoshuwa ɗan Nun, don su ne kaɗai suka bi Ubangiji da zuciya ɗaya.’
১২কেৱল কনিজ্জীয়া যিফুন্নিৰ পুত্ৰ কালেব আৰু নুনৰ পুত্ৰ যিহোচূৱাই সেই দেশ দেখিব, কাৰণ তেওঁলোকে যিহোৱাৰ পথত সম্পূৰ্ণৰূপে চলিলে’।
13 Ubangiji ya husata da Isra’ila har ya sa suka yi ta yawo a hamada shekara arba’in, sai da dukan tsaran da suka aikata wannan mugunta a gabansa, suka mutu.
১৩এইদৰে ইস্ৰায়েললৈ যিহোৱাৰ ক্ৰোধ জ্বলি উঠাত, যিহোৱাৰ দৃষ্টিত কু কৰ্ম কৰা আটাই বংশৰ শেষ নোহোৱালৈকে, তেওঁ চল্লিশ বছৰ ধৰি তেওঁলোকক অৰণ্যত ভ্ৰমণ কৰালে।
14 “Ga shi ku kuma, tarin masu zunubi, kuna tsaya a matsayin kakanninku, kuna sa Ubangiji yă sāke husata da Isra’ila.
১৪এতিয়া চোৱা, ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ আৰু বঢ়াবলৈ, পাপী লোকসকলৰ নিচিনা তোমালোকে তোমালোকৰ পিতৃসকলৰ ঠাইত উঠিছা।
15 In kun juye daga binsa, zai sāke barin dukan wannan mutane a hamada, ku ne kuwa za ku zama sanadin hallakarsu.”
১৫কিয়নো, তোমালোকে যদি এইদৰে তেওঁৰ পাছৰ পৰা বিমুখ হোৱা, তেনেহলে তেওঁ পুনৰায় ইস্ৰায়েলক অৰণ্যত ত্যাগ কৰিব; তেতিয়া তোমালোকে এই সকলো লোকক বিনষ্ট কৰাবা।”
16 Sai suka zo wurin Musa, suka ce, “Muna so mu gina katangar dutse don dabbobinmu, da kuma birane don matanmu da’ya’yanmu a nan.
১৬তেতিয়া তেওঁলোকে মোচিৰ ওচৰলৈ আহি ক’লে, “আমি এই ঠাইত নিজ পশুবোৰৰ কাৰণে গঁৰাল সাজিম, আৰু আমাৰ পৰিয়ালবোৰৰ কাৰণে নগৰবোৰ নিৰ্ম্মাণ কৰিম;
17 Matanmu da’ya’yanmu za su zauna a biranen da suke da katanga, don kāriya daga mazaunan ƙasar, amma mu, za mu ɗauki makamai mu tafi tare da sauran Isra’ilawa, har mu kai su wuraren zamansu.
১৭আৰু আমি ইস্ৰায়েলৰ সন্তান সকলক নিজ ঠাইলৈ নিনিয়া মানে আমি নিজে ৰণলৈ সাজো হৈ, তেওঁলোকৰ আগে আগে যাম; কেৱল আমাৰ পৰিয়ালবোৰ দেশ নিবাসীসকলৰ ভয়ত গঢ়েৰে আবৃত নগৰবোৰত বাস কৰিব।
18 Ba za mu koma gidajenmu ba sai kowane mutumin Isra’ila ya sami gādonsa.
১৮ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰতিজনে নিজ নিজ উত্তৰাধিকাৰৰ ভাগ নোপোৱালৈ আমি নিজ নিজ ঘৰলৈ উভটি নাহিম।
19 Ba za mu ci gādo tare da su a wancan hayin Urdun ba, domin mun sami gādonmu a wannan hayin gabashin Urdun.”
১৯আমি যৰ্দ্দনৰ সিপাৰে থকা সেই দেশৰ উত্তৰাধিকাৰৰ ভাগ তেওঁলোকৰ সৈতে নলওঁ, কিয়নো পূৱ দিশে যৰ্দ্দনৰ এইপাৰে আমি উত্তৰাধিকাৰৰ ভাগ পালোঁ।”
20 Sai Musa ya ce musu, “In za ku yi haka, in za ku sha ɗamara da makamai a gaban Ubangiji, ku tafi yaƙi,
২০তেতিয়া মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে কোৱা এই কাৰ্য যদি কৰা, তোমালোকে যদি সুসজ্জিত হৈ যিহোৱাৰ সাক্ষাতে যুদ্ধলৈ যাব নিজকে সাজু কৰা,
21 in kuma dukanku za ku yi ɗamara, ku ɗauki makaman yaƙi a hayin Urdun a gaban Ubangiji har lokacin da ya kori abokan gābansa daga gabansa,
২১তেতিয়া তোমালোকৰ প্রতিজন যুদ্ধলৈ সাজু হোৱা লোকে যিহোৱাৰ সাক্ষাতে যৰ্দ্দন পাৰ হৈ যাব লাগিব যেতিয়ালৈ তেওঁ নিজ শত্ৰুবোৰক নিজৰ আগৰ পৰা দূৰ নকৰে
22 to, sa’ad da aka ci ƙasar a gaban Ubangiji, kwa kuɓuta daga alhakinku ga Ubangiji da kuma Isra’ila. Ƙasan nan kuwa za tă zama mallakarku a gaban Ubangiji.
২২আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব।
23 “Amma in ba ku yi haka ba, kun yi zunubi ke nan ga Ubangiji; kuma ku san cewa zunubinku zai tone ku.
২৩কিন্তু যদি তোমালোকে সেই দৰে নকৰা, তেন্তে চোৱা, তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিবা, আৰু তোমালোকৰ পাপে যে তোমালোকক বিচাৰি ওলিয়াব, সেই বিষয়ে নিশ্চয় জানিবা।
24 Ku gina birane domin matanku da’ya’yanku, ku gina katanga kuma domin dabbobinku, amma fa ku cika abin da kuka yi alkawari.”
২৪তোমালোকে নিজ নিজ পৰিয়ালৰ কাৰণে নগৰ, আৰু মেৰ-ছাগ আৰু ছাগলীৰ জাকৰ কাৰণে গঁৰাল সাজা; আৰু তোমালোকৰ মুখৰ পৰা ওলোৱা বাক্যৰ দৰেই সেই কাৰ্য কৰা।”
25 Mutanen Gad da mutanen Ruben, suka ce wa Musa, “Mu bayinka za mu yi yadda ranka yă daɗe ya umarta.
২৫তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে মোচিক ক’লে, “আমাৰ প্ৰভুৱে যি আজ্ঞা কৰিলে, আপোনাৰ এই দাসবোৰে সেইদৰেই কৰিব।
26 ’Ya’yanmu da matanmu, garkunan shanunmu da na tumakinmu, za su kasance a nan biranen Gileyad.
২৬আমাৰ ল’ৰা-ছোৱালী, আমাৰ পত্নীসকল আৰু মেৰ-ছাগ, ছাগলী গৰু আদিৰ আটাই পশুৰ জাকবোৰ এই ঠাইৰ গিলিয়দৰ নগৰবোৰত থাকিব।
27 Amma bayinka, kowane mutum a cikinmu zai haye a gaban Ubangiji, zuwa yaƙi kamar yadda ranka yă daɗe ya faɗa.”
২৭কিন্তু আমাৰ প্ৰভুৰ কথাৰ দৰে, আপোনাৰ এই দাসবোৰৰ সকলোৱে সাজু হৈ যুদ্ধ কৰিবৰ কাৰণে যিহোৱাৰ সাক্ষাতে পাৰ হৈ যাব।”
28 Sai Musa ya yi wa Eleyazar firist, da Yoshuwa ɗan Nun, da shugabannin gidajen kakannin kabilan mutanen Isra’ila kashedi a kansu,
২৮তেতিয়া মোচিয়ে তেওঁলোকৰ বিষয়ে পুৰোহিত ইলিয়াজৰক, নুনৰ পুত্ৰ যিহোচূৱাক আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলো পিতৃ-বংশৰ অধ্যক্ষসকলক উপদেশ দিলে।
29 ya ce, “In kowane sojan mutanen Gad da na mutanen Ruben, ya ɗauki makaman yaƙi, ya haye Urdun tare da ku a gaban Ubangiji, to, sa’ad da a ci ƙasar a gabanku, ku ba da ƙasar Gileyad tă zama mallakarsu.
২৯মোচিয়ে তেওঁলোকক ক’লে, “গাদৰ আৰু ৰূবেণৰ সন্তান সকলৰ প্ৰতিজনে যুদ্ধলৈ সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে তোমালোকৰ লগত যদি যৰ্দ্দন পাৰ হৈ যায়, তেন্তে দেশ তোমালোকৰ আগত বশীভূত হ’লে, তোমালোকে অধিকাৰ কৰিবৰ অৰ্থে তেওঁলোকক এই গিলিয়দ দেশ দিবা।
30 Amma in ba su haye tare da ku da shirin yaƙi ba, to, sai ku ba su gādo a wancan haye kamar sauran kabilun a Kan’ana.”
৩০কিন্তু যদি তেওঁলোক সুসজ্জিত হৈ, তোমালোকৰ লগত পাৰ নহয়, তেন্তে তেওঁলোকে তোমালোকৰ মাজত কনান দেশত উত্তৰাধীকাৰ পাব।”
31 Mutanen Gad da mutanen Ruben suka amsa, suka ce, “Barorinka za su yi abin da Ubangiji ya faɗa.
৩১তেতিয়া গাদৰ আৰু ৰূবেণৰ সন্তান সকলে উত্তৰ দিলে, “যিহোৱাই আপোনাৰ এই দাসবোৰক যি আজ্ঞা কৰিছে, আমি সেইদৰেই কৰিম।
32 Za mu haye a gaban Ubangiji zuwa Kan’ana, amma mallakarmu ta gādo, za tă kasance a wannan hayi na Urdun.”
৩২আমি সুসজ্জিত হৈ, যিহোৱাৰ সাক্ষাতে পাৰ হৈ কনান দেশত সোমাম, কিন্তু আমাৰ উত্তৰাধীকাৰ যৰ্দ্দনৰ ইপাৰত আমাৰ স্বত্ব থাকিব।”
33 Sai Musa ya ba wa mutanen Gad, mutanen Ruben, da rabin mutanen Manasse ɗan Yusuf, masarautar Sihon, sarkin Amoriyawa, da masarautar Og na Bashan, dukan ƙasar, tare da biranenta da kuma yankunan da suke kewaye.
৩৩পাছত মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক, আৰু যোচেফৰ পুত্ৰ মনচিৰ আধা ফৈদক ইমোৰীয়াসকলৰ ৰজা চীহোনৰ ৰাজ্য আৰু বাচানৰ ৰজা ওগৰ ৰাজ্য দিলে। আৰু নিজ নিজ অঞ্চলে সৈতে নগৰ থকা দেশবোৰ, এইদৰে চাৰিওফালে থকা দেশৰ আটাই নগৰবোৰ দিলে।
34 Mutanen Gad suka gina Dibon, Atarot, Arower,
৩৪গাদৰ সন্তান সকলে দীবোন, অটাৰোৎ, অৰোয়েৰ,
35 Atrot Shofan, Yazer, Yogbeha,
৩৫অটাৰোৎ-চোফন, যাজেৰ, যগ্বেহা,
36 Bet-Nimra, da Bet-Haran a matsayin birane masu katanga, suka kuma gina katanga don dabbobinsu.
৩৬বৈৎ-নিম্ৰা আৰু বৈৎ-হাৰণ, গড়েৰে আবৃত এই নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলে আৰু মেৰ-ছাগবোৰ জাকৰ কাৰণে গঁৰালবোৰ সাজিলে।
37 Mutanen Ruben suka sāke gina Heshbon, Eleyale, da Kiriyatayim,
৩৭আৰু ৰূবেণৰ সন্তান সকলে হিচবোন, ইলিয়ালি, কিৰিয়াথয়িম,
38 haka kuma suka gina Nebo da Ba’al-Meyon (an canja waɗannan sunaye) suka kuma gina Sibma. Suka ba wa biranen da suka sāke ginawa sunaye.
৩৮নবো, আৰু বাল-মিয়োন, আৰু চিবমাও পুনৰায় নিৰ্ম্মাণ কৰিলে; তেওঁলোকে পুনৰায় নিৰ্ম্মাণ কৰা নগৰৰ নাম নতুনকৈ দিলে।
39 Zuriyar Makir ɗan Manasse suka tafi Gileyad, suka ci ta da yaƙi, suka kori mutanen Amoriyawa da suke can.
৩৯আৰু মনচিৰ পুত্ৰ মাখীৰৰ সন্তান সকলে গিলিয়দলৈ গৈ, তাক হাত কৰি ল’লে, আৰু তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
40 Saboda haka Musa ya ba da Gileyad ga mutanen Makir, zuriyar Manasse, suka kuma zauna a can.
৪০পাছত মোচিয়ে মনচিৰ পুত্ৰ মাখীৰক গিলিয়দ দেশ দিলে; তেওঁৰ লোকসকলে তাৰ মাজত বাস কৰিলে।
41 Yayir, wani ɗan Manasse, ya ci ƙauyukansu da yaƙi, ya kuma ba su sunan Hawwot Yayir.
৪১আৰু মনচিৰ সন্তান যায়ীৰে গৈ, তেওঁলোকৰ সৰু গাওঁবোৰ হাত কৰি ল’লে, আৰু সেইবোৰৰ নাম হব্বোৎ-যায়ীৰ [অৰ্থাৎ যায়ীৰৰ গাওঁ] ৰাখিলে।
42 Noba kuma ya ci Kenat da ƙauyukanta da yaƙi, ya kuma ba ta suna Noba, bisa ga sunansa.
৪২আৰু নোবহে গৈ, কনাৎ নগৰ আৰু তাৰ গাওঁবোৰ হাত কৰি ল’লে, আৰু নিজৰ নামৰ দৰেই তাৰো নাম নোবহ ৰাখিলে।

< Ƙidaya 32 >