< Ƙidaya 31 >

1 Ubangiji ya ce wa Musa,
পাছত যিহোৱাই মোচিক ক’লে,
2 “Ka ɗaukar wa Isra’ilawa fansa, a kan Midiyawa. Bayan wannan za ka mutu, a kuwa tara ka ga mutanenka.”
“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে মিদিয়নীয়াসকলৰ প্ৰতিকাৰ সাধা; তেনে কৰি উঠি তোমাৰ মৃত্যু হ’ব আৰু নিজ লোকসকলৰ মাজত তোমাক নিয়া হ’ব।”
3 Saboda haka Musa ya ce wa mutane, “Ku shirya waɗansu daga cikin mazanku, su tafi su yi yaƙi da Midiyawa don su ɗaukar wa Ubangiji fansa a kansu.”
তেতিয়া মোচিয়ে লোকসকলক ক’লে, “যিহোৱাৰ কাৰণে মিদিয়নৰ প্ৰতিকাৰ সাধিবলৈ, মিদিয়নৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ কাৰণে তোমালোকৰ মাজৰ কিছুমান লোকক যুদ্ধলৈ সুসজ্জিত কৰা।
4 Ku aiki maza dubu ɗaya daga kowace kabilar Isra’ila.
তোমালোকে ইস্ৰায়েলৰ প্রত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকক যুদ্ধলৈ পঠিয়াবা।”
5 Saboda haka aka samo mayaƙa dubu goma sha biyu shiryayyu don yaƙi, maza dubu ɗaya daga kowace kabilar Isra’ila.
তেতিয়া ইস্ৰায়েলৰ প্রত্যেক গোষ্ঠী অনুসাৰে এক এক হাজাৰ লোকক যুদ্ধৰ বাবে যুগুত কৰা হ’ল। এইদৰে যুদ্ধলৈ সুসজ্জিত হোৱা বাৰ হাজাৰ জন লোকক উলিওৱা হ’ল।
6 Musa ya aike su zuwa yaƙi, dubu ɗaya daga kowace kabila, tare da Finehas ɗan Eleyazar, firist, wanda ya ɗauki kayayyaki daga wuri mai tsarki da ƙahoni don kiran yaƙi.
তাৰ পাছত মোচিয়ে, প্ৰত্যেকখন ফৈদৰ পৰা এক এক হাজাৰ লোকৰ সৈতে পুৰোহিত ইলিয়াজৰৰ পুত্ৰ পীনহচক যুদ্ধলৈ পঠিয়ালে; পবিত্ৰ স্থানৰ বস্তু, ৰণ বাদ্যৰ অৰ্থে কালি সেই পীনহচৰ হাতত আছিল।
7 Suka yi yaƙi da Midiyawa, suka kashe kowane mutum yadda Ubangiji ya umarci Musa.
মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে মিদিয়নৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰ সকলো পুৰুষকে বধ কৰিলে।
8 A cikin waɗanda aka kashe kuwa akwai Ewi, Rekem, Zur, Hur da Reba; sarakuna biyar na Mediyawa. Suka kuma kashe Bala’am ɗan Beyor da takobi.
আৰু তেওঁলোকে আন আন হত লোকৰ লগত মিদিয়নৰ ৰজাসকলক, অৰ্থাৎ ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবা, এই মিদিয়নীয়া পাঁচজন ৰজাক বধ কৰিলে; আৰু বিয়োৰৰ পুত্র বিলিয়মকো তেওঁলোকে তৰোৱালেৰে বধ কৰিলে।
9 Isra’ilawa suka kwashe mata da yaran Midiyawa, a matsayin bayi. Suka kwashe shanunsu da tumakinsu da kuma dukan dukiyarsu, a matsayin ganima.
ইস্ৰায়েলৰ সৈন্যসকলে মিদিয়নৰ সকলো মহিলা, তেওঁলোকৰ ল’ৰা-ছোৱালী বন্দী কৰি লৈ গ’ল, আৰু তেওঁলোকৰ গৰু, মেৰ-ছাগৰ জাক আদি সকলো সম্পত্তি লুটি লৈ গ’ল।
10 Suka ƙone dukan garuruwan da Midiyawa suke zama, da dukan sansaninsu.
১০তেওঁলোকে যি যি ঠাইত বাস কৰিছিল, তেওঁলোকৰ সেই সকলো নগৰ আৰু তেওঁলোকৰ আটাই ছাউনিবোৰ জ্ৱলাই দিলে।
11 Suka kwashe dukan ganima haɗe da mutane da dabbobi,
১১তেওঁলোকে লুট-দ্রব্য আৰু বনদীবোৰক আৰু তাৰে সৈতে সকলো পশুৰ জাকবোৰ লগত ল’লে।
12 suka kawo bayi da ganiman nan, wurin Musa da Eleyazar firist, da kuma jama’ar Isra’ilawa, a sansaninsu a filayen Mowab kusa da Urdun daga ƙetaren Yeriko.
১২তেওঁলোকে যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পাৰৰ মোৱাবৰ সমথলত থকা ছাউনিলৈ, মোচি, পুৰোহিত ইলিয়াজৰ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীৰ গুৰিলৈ, সেই বন্দী কৰি নিয়া লোকবোৰ, যুদ্ধত ধৰা পশুবোৰ, আৰু লুটি লোৱা সম্পত্তিবোৰ আনিলে।
13 Musa, da Eleyazar firist da dukan shugabannin jama’a, suka fito suka tarye su a bayan sansani.
১৩তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল।
14 Musa kuwa ya husata da shugabannin sojojin da suke shugabannin dubbai da shugabannin ɗari-ɗarin da suka dawo daga yaƙi.
১৪তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ ওপৰত মোচিৰ খং উঠিল।
15 Ya tambaye su ya ce, “Kun bar dukan mata da rai?
১৫মোচিয়ে তেওঁলোকক ক’লে, “তোমালোকে মহিলাসকলক জীয়াই ৰাখিছা নেকি?
16 Su ne waɗanda suka bi shawarar Bala’am suka kuma zama sanadin sa Isra’ilawa suka juya wa Ubangiji baya, har ya kawo abin da ya faru da Feyor, har annoba ya kashe dukan mutanen Ubangiji.
১৬চোৱা, বিলিয়মৰ পৰামৰ্শত তেওঁলোকে পিয়োৰ দেৱতাৰ কথাত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰাইছিল; সেই কাৰণেই যিহোৱাৰ মণ্ডলীত মহামাৰী হৈ আছিল।
17 Yanzu ku kashe dukan yara maza, ku kuma kashe kowace macen da ta yi lalata da namiji,
১৭এতিয়া এই হেতুকে, তোমালোকে শিশুবোৰৰ মাজৰ আটাই ল’ৰাবোৰক বধ কৰা, আৰু পুৰুষৰে সৈতে শয়ন কৰা সকলো মহিলাক বধ কৰা।
18 amma ku bar kowace yarinyar da ba tă taɓa yin lalata da namiji ba.
১৮কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা।
19 “Dukanku da kuka kashe mutum, ko kuka taɓa wani da aka kashe, dole ku kasance a bayan sansani har kwana bakwai. A rana ta uku da rana ta bakwai dole ku tsabtacce kanku da kuma bayinku.
১৯তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা।
20 Ku tsarkake kowace taguwa da kuma kome da aka yi da fata, da gashin akuya, ko kuwa itace.”
২০আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেৰ-ছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”
21 Sa’an nan Eleyazar firist, ya ce wa sojojin da suka je yaƙi, “Wannan ita ce ƙa’idar da Ubangiji ya ba wa Musa.
২১পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে:
22 Zinariya, azurfa, tagulla, baƙin ƙarfe, kuza, darma
২২কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম,
23 da dukan abin da wuta ba ta iya ci, dole yă shiga wuta sa’an nan zai zama da tsabta. Amma dole a kuma tsarkake ta da ruwan tsarkakewa. Duk abin da wuta za tă iya ci, dole a shigar da ita a ruwan tsarkakewa.
২৩আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।
24 A rana ta bakwai za ku wanke tufafinku, sa’an nan za ku tsarkaka, bayan haka ku shigo sansani.”
২৪আৰু সপ্তম দিনা তোমালোকে নিজ নিজ কাপোৰ ধুবা, তেতিয়া তোমালোক শুচি হ’বা; তাৰ পাছত তোমালোকে ছাউনিত সোমাব পাৰিবা।”
25 Ubangiji ya yi magana da Musa ya ce,
২৫যিহোৱাই পুনৰায় মোচিক ক’লে,
26 “Da kai da Eleyazar firist, da shugabannin jama’a, ku ƙidaya dukan mutane da dabbobin da aka ci da yaƙi.
২৬“তুমি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ পিতৃ-বংশৰ অধ্যক্ষসকল, যুদ্ধত ধৰা মানুহ বা পশু সেই আটাই লুট-দ্রব্যৰ লেখ লোৱা;
27 Ku kasa ganimar kashi biyu, ku ba sojojin da suka tafi yaƙi kashi ɗaya, kashi ɗaya kuma ku ba wa jama’a.
২৭আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;
28 Daga sojojin da suka je yaƙin kuwa, ka ware ganima wa Ubangiji, ka ɗauki ɗaya daga cikin mutum ɗari biyar, da shanu ɗari biyar, da jakuna ɗari biyar, da tumaki ɗari biyar.
২৮আৰু যুদ্ধলৈ যোৱা লোকসকলৰ পৰা মানুহ, গৰু, গাধ, আৰু মেৰ-ছাগ বা ছাগলীৰ পাঁচ শ পাঁচ শ প্ৰাণীৰ মাজৰ এটা এটা প্ৰাণী যিহোৱাৰ কাৰণে কৰস্ৱৰুপে লোৱা;
29 Ka ɗauki wannan sashe daga rabin rabonsu ka ba wa Eleyazar firist, a matsayin sashe na Ubangiji.
২৯তেওঁলোকৰ আধা ভাগৰ পৰা তাক লৈ, যিহোৱাৰ উত্তোলনীয় উপহাৰস্বৰূপে পুৰোহিত ইলিয়াজৰক দিয়া।
30 Daga cikin rabin rabon Isra’ilawa, ka zaɓi ɗaya daga kowane hamsin na mutane, shanu, jakuna, tumaki, awaki ko kuma sauran dabbobi. Ka ba wa Lawiyawan da suke lura da tabanakul na Ubangiji.”
৩০আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেৰ-ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।”
31 Saboda haka Musa da Eleyazar suka aikata yadda Ubangiji ya umarci Musa.
৩১তেতিয়া মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে মোচি আৰু পুৰোহিত ইলিয়াজৰে সেই কাৰ্য কৰিলে।
32 Yawan ganimar da sojoji suka kawo ita ce tumaki 675,000
৩২ৰণুৱাসকলে লুটি অনা সম্পত্তিৰ বাহিৰে ধৰি অনা প্ৰাণীৰ সংখ্যা এইদৰে: ছয় লাখ পঁয়সত্তৰ হাজাৰ মেৰ-ছাগ
33 shanu 72,000
৩৩বাসত্তৰ হাজাৰ ষাঁড়-গৰু,
34 da jakuna 61,000.
৩৪এষষ্ঠী হাজাৰ গাধ,
35 Akwai kuma mata 32,000 da ba su yi lalata ba da namiji ba.
৩৫আৰু কেতিয়াও পুৰুষে সৈতে শয়ন নকৰা ছোৱালীৰ সংখ্যা সৰ্ব্বমুঠ বত্ৰিশ হাজাৰ আছিল।
36 Kashin da aka ba sojoji waɗanda suka tafi yaƙi shi ne, tumaki 337,500,
৩৬যুদ্ধলৈ যোৱা সৈন্যসকলৰ আধা ভাগ প্ৰাণীৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচ শ মেৰ-ছাগ;
37 tumakin da aka ware wa Ubangiji kuwa 657 ne;
৩৭সেই মেৰ-ছাগবোৰৰ পৰা লোৱা যিহোৱাৰ কৰ ছশ পঁয়সত্তৰটা।
38 shanu 36,000, shanun da aka ware wa Ubangiji kuwa 72 ne;
৩৮ষাঁড়-গৰু ছয়ত্ৰিশ হাজাৰ; সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ বাসত্তৰটা।
39 jakuna 30,500, jakunan da aka ware wa Ubangiji kuwa 61 ne;
৩৯গাধবোৰৰ সংখ্যা ত্ৰিশ হাজাৰ পাঁচশ আছিল আৰু সেইবোৰৰ মাজৰ পৰা লোৱা যিহোৱাৰ কৰ এষষ্ঠীটা।
40 mutane 16,000, mutanen da aka ware wa Ubangiji kuwa 32 ne.
৪০মানুহৰ সংখ্যা ষোল্ল হাজাৰ গৰাকী মহিলা আৰু তেওঁলোকৰ পৰা লোৱা যিহোৱাৰ কৰ বত্ৰিশটা।
41 Musa ya ba wa Eleyazar abin da aka ware wa Ubangiji, kamar yadda Ubangiji ya umarci Musa.
৪১তাৰ পাছত মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, সেই কৰ তেওঁ যিহোৱাৰ উত্তোলনীয় উপহাৰ স্বৰূপে পুৰোহিত ইলিয়াজৰক দিলে।
42 Kashin da aka ba wa Isra’ilawa, wanda Musa ya ware daga cikin na waɗanda suka tafi yaƙi,
৪২আৰু যুদ্ধলৈ যোৱা লোকসকলৰ ভাগৰ পৰা যি আধা ভাগ মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে ৰাখিলে-
43 kashin da aka ba wa jama’a kuwa tumaki 337,500 ne,
৪৩মণ্ডলীৰ সেই আধা ভাগৰ সংখ্যা তিনি লাখ সাতত্ৰিশ হাজাৰ পাঁচশ মেৰ-ছাগ,
44 shanu 36,000,
৪৪ছয়ত্ৰিশ হাজাৰ ষাঁড়-গৰু,
45 jakuna 30,500
৪৫ত্ৰিশ হাজাৰ পাঁচশটা গাধ
46 da mutane 16,000.
৪৬আৰু কেতিয়াও পুৰুষৰ সৈতে শয়ন নকৰা ষোল্ল হাজাৰ মহিলা আছিল।
47 Daga rabin kashi na Isra’ilawa, Musa ya ɗauki ɗaya daga cikin hamsin na mutane da na dabbobi, yadda Ubangiji ya umarce shi, ya ba wa Lawiyawan da suke lura da tabanakul na Ubangiji.
৪৭ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।
48 Sai shugabannin da suka shugabancin rundunar yaƙin, shugabanni na dubu-dubu da shugabanni na ɗari-ɗari, suka zo wurin Musa
৪৮তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল।
49 suka ce masa, “Barorinka sun ƙidaya mayaƙan da suke ƙarƙashinmu, babu ko ɗayan ya ɓace.
৪৯তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।
50 Saboda haka mun kawo wa Ubangiji hadaya na kayan zinariya da kowannenmu ya samu, mundaye, ƙawane,’yan kunne da duwatsun wuya, don yin wa kanmu kafara a gaban Ubangiji.”
৫০এই হেতুকে আমি প্ৰতিজনে যি সোণৰ অলঙ্কাৰ, অৰ্থাৎ নেপুৰ, খাৰু, আঙঠি, কুণ্ডল, হাৰ, এইবোৰ যি পাইছোঁ, তাক আমি যিহোৱাৰ আগলৈ, নিজৰ নিজৰ প্ৰাণ প্ৰায়শ্চিত্ত কৰিবলৈ যিহোৱাৰ উপহাৰ স্বৰুপে আনিলোঁ।”
51 Musa da Eleyazar firist, suka karɓi zinariya da kayan adon duka daga gare su.
৫১তেতিয়া মোচি আৰু পুৰোহিত ইলিয়াজৰে তেওঁলোকৰ পৰা সেই সোণ, অৰ্থাৎ শিল্পকাৰে বনোৱা সেই সকলো অলঙ্কাৰবোৰ ল’লে।
52 Dukan zinariya da shugabannin dubu-dubu da shugabannin ɗari-ɗari, waɗanda Musa da Eleyazar suka karɓa, suka kuma miƙa hadaya ga Ubangiji, nauyinta ta kai shekel 16,750.
৫২সহস্ৰপতি আৰু শতপতিসকলে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা উত্তোলনীয় উপহাৰৰ সেই সোণ ষোল্ল হাজাৰ সাতশ পঞ্চাশ চেকল আছিল;
53 Kowane soja, ya kwashi ganima wa kansa.
৫৩কিয়নো সৈন্যসকলৰ প্ৰতিজনে নিজৰ কাৰণে লুটদ্ৰব্য আনিছিল।
54 Musa da Eleyazar firist, suka karɓi zinariya daga shugabannin dubu-dubu da shugabannin ɗari-ɗari, suka kawo cikin Tentin Sujada, don su zama abin tuni ga Isra’ilawa a gaban Ubangiji.
৫৪পাছত মোচি আৰু পুৰোহিত ইলিয়াজৰে সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ পৰা সেই সোণ লৈ, যিহোৱাৰ আগত ইস্ৰায়েলৰ সন্তান সকলৰ স্মৰণাৰ্থক চিন হ’বলৈ, তাক সাক্ষাৎ কৰা তম্বুত ৰাখিলে।

< Ƙidaya 31 >