< Ƙidaya 30 >

1 Musa ya ce wa shugabannin kabilan Isra’ila, “Ga abin da Ubangiji ya umarta.
পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ মূল লোকসকলক ক’লে। তেওঁ ক’লে, যিহোৱাই এই আজ্ঞা দিছে।
2 Sa’ad da mutum ya yi wa Ubangiji alkawari, ko kuwa ya rantse zai yi wani abu, kada yă ƙi cika maganarsa, amma yă cika kome da ya faɗa.
কোনো পুৰুষে যদি যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজ প্ৰাণ বন্ধ কৰিবলৈ শপত কৰে, তেন্তে তেওঁ নিজৰ বাক্য ব্যৰ্থ নকৰি, নিজৰ মুখৰ পৰা ওলোৱা আটাই বাক্য সিদ্ধ কৰিব লাগিব।
3 “Sa’ad da yarinya, wadda har yanzu tana a gidan mahaifinta ta yi wa Ubangiji alkawari, ko ta rantse za tă yi wani abu,
আৰু কোনো মহিলাই যদি জীয়াৰী কালত পিতৃৰ ঘৰত থাকোঁতে যিহোৱাৰ উদ্দেশ্যে কোনো সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজকে বন্ধ কৰে
4 mahaifinta kuwa ya ji alkawarin da ta yi, bai kuma ce mata kome ba, to, sai alkawarin da ta yi da wa’adinta su tabbata.
আৰু তাইৰ পিতৃয়ে যদি, তাই সঙ্কল্প কৰা, বা ব্ৰত-বন্ধনেৰে তাই নিজকে বন্ধ কৰা কথা শুনিও, তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব আৰু বন্ধনেৰে তাই নিজকে বন্ধ কৰে, তাকো সিদ্ধ কৰিব লাগিব।
5 Amma in mahaifinta ya hana ta, sa’ad da ya ji game da shi, to, ba wani daga cikin alkawari ko rantsuwar da ta yi zai tabbata; Ubangiji kuwa zai gafarta mata domin maihaifinta ya hana ta.
কিন্তু শুনা দিনা যদি তাইৰ পিতৃয়ে তাইক নিষেধ কৰে, তেন্তে তাইৰ সঙ্কল্প বা যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, সেই আটাই কথা সিদ্ধ কৰিব নালাগিব; আৰু তাইৰ পিতৃয়ে নিষেধ কৰা হেতুকে যিহোৱাই তাইক ক্ষমা দিব।
6 “In ta yi aure, sai daga baya ta yi alkawari ko kuwa leɓunanta sun furta alkawari da garaje, cewa za tă yi wani abu,
আৰু তাই সঙ্কল্পৰ অধীন থকা বা অবিবেচনাৰূপে মুখৰ পৰা ওলোৱা বাক্যেৰে নিজকে বন্ধ কৰা কালত, যদি তাইক বিয়া দিয়া হয়,
7 mijinta kuwa ya ji game da wannan, amma bai ce mata kome ba, to, alkawarin da ta yi da kuma rantsuwar da ta yi, su tabbata.
আৰু তাইৰ স্বামীয়ে তাক শুনিও, শুনা দিনা তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সঙ্কল্পবোৰ সিদ্ধ কৰিব লাগিব বা যি যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
8 Amma in mijin ya hana ta sa’ad da ya ji, zai warware alkawari da kuma rantsuwar da ta yi da garaje, Ubangiji kuwa zai gafarce ta.
কিন্তু শুনা দিনা যদি তাইৰ স্বামীয়ে তাইক নিষেধ কৰে, তেন্তে তাই যি সঙ্কল্পৰ অধীন আৰু অবিবেচনাৰূপে নিজৰ মুখৰ পৰা ওলোৱা যি বাক্যৰ দ্বাৰাই তাই নিজকে বন্ধ কৰিলে, স্বামীয়ে তাক ব্যৰ্থ কৰিব আৰু যিহোৱাই তাইক ক্ষমা দিব।
9 “Duk wani alkawari ko rantsuwar da gwauruwa, ko macen da aurenta ya mutu, ta yi, zai tabbata a kanta.
কিন্তু বাঁৰী বা স্বামীয়ে ত্যাগ কৰা মহিলাই সঙ্কল্প আদি বন্ধনেৰে নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লাগিব।
10 “In macen aure ta yi alkawari, ko ta rantse za tă yi wani abu,
১০আৰু তেওঁ যদি স্বামীৰ ঘৰত থাকোঁতে সঙ্কল্প কৰে বা শপত কৰি নিজকে ব্ৰত বন্ধনেৰে বন্ধ কৰে,
11 mijinta kuwa ya ji game da wannan, amma bai ce mata kome ba, bai kuma hana ta ba, to, dukan alkawari da kuma rantsuwar da ta yi su tabbata a kanta.
১১আৰু তাইৰ স্বামীয়ে সেই বিষয়ে শুনি তাইক একো নকৈ যদি মনে মনে থাকে, তাইক নিষেধ নকৰে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব। আৰু তাই যি বন্ধনেৰে নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
12 Amma in mijin ya warware su sa’ad da ya ji, to, ba wani alkawari ko rantsuwar da ya fito daga leɓunanta da zai tabbata. Mijinta ya warware su, Ubangiji kuma zai gafarce ta.
১২কিন্তু শুনা দিনা তাইৰ স্বামীয়ে যদি সেই সকলোকে কোনো ৰূপে ব্যৰ্থ কৰে, তেন্তে তাইৰ সঙ্কল্প আৰু তাইৰ ব্ৰত-বন্ধনৰ বিষয়ে তাইৰ মুখৰ পৰা যি বাক্য ওলাইছিল, তাকো সিদ্ধ কৰিব নালাগিব। তাইৰ স্বামীয়ে তাক ব্যৰ্থ কৰিলে আৰু যিহোৱাই তাইক ক্ষমা দিব।
13 Mijinta yana iya tabbatar, ko yă rushe duk wani alkawari ko rantsuwar da ta ɗauka.
১৩মহিলাৰ প্ৰত্যেক সঙ্কল্প আৰু নিজকে দুখ দিবলৈ নিজকে বন্ধ কৰা শপত তাইৰ স্বামীয়ে সিদ্ধও কৰিব পাৰে, তাইৰ স্বামীয়ে তাক ব্যৰ্থও কৰিব পাৰে।
14 Amma in mijinta bai ce mata kome ba, to, ya tabbatar da dukan alkawarinta da kuma rantsuwarta ke nan. Ya tabbatar da su ta wurin yin shiru sa’ad da ya ji ta.
১৪কিন্তু তাইৰ স্বামীয়ে যদি কেইবা দিনলৈকে তাইক একো নকৈ সকলোভাৱে মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প আৰু নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লগীয়া কৰে। কিয়নো শুনা দিনা একো নকৈ মনে মনে থকাত, সি তাক সিদ্ধ কৰিব লগীয়া কৰিলে।
15 Amma in ya ji, sa’an nan daga baya ya hana ta, to, zai sha hukuncin laifinta.”
১৫কিন্তু তাক শুনাৰ পাছত যদি কোনোৰূপে সি তাক ব্যৰ্থ কৰে, তেন্তে স্বামীয়ে তাইৰ অপৰাধৰ ফল ভোগ কৰিব।
16 Waɗannan su ne ƙa’idodin da Ubangiji ya ba wa Musa game da dangantakar miji da matarsa, da kuma tsakanin mahaifi da’yarsa wadda har yanzu tana a gidansa.
১৬স্বামী আৰু ভাৰ্য্যাৰ বিষয়ে, পিতৃয়ে আৰু যৌৱন কালত তেওঁৰ ঘৰত থকা জীয়েকৰ বিষয়ে যিহোৱাই মোচিক আজ্ঞা দিয়া বিধি এইবোৰ।

< Ƙidaya 30 >