< Ƙidaya 27 >
1 ’Ya’yan nan mata na Zelofehad, ɗan Hefer, ɗan Gileyad, ɗan Makir, ɗan Manasse, suna cikin kabilan Manasse ɗan Yusuf, suka tafi ƙofar shiga Tentin Sujada. Sunayensu kuwa su ne Mala, Nowa, Hogla, Milka da kuma Tirza.
১পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।
2 Da suka tafi ƙofar shiga Tentin Sujada, sai suka tsaya a gaban Musa, Eleyazar firist, shugabannin da sauran taro, suka ce,
২তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,
3 “Mahaifinmu ya mutu a hamada. Ba ya cikin mabiyan Kora waɗanda suka taru suka tayar wa Ubangiji, amma ya mutu ne saboda zunubinsa, bai kuma bar’ya’ya maza ba.
৩“আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।
4 Me ya sa sunan mahaifinmu zai ɓace a kabilarsa don kawai ba shi da ɗa? Ka ba mu gādo cikin’yan’uwan mahaifinmu.”
৪আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।”
5 Saboda haka Musa ya kawo maganarsu a gaban Ubangiji.
৫তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে।
6 Ubangiji kuwa ya ce wa masa,
৬তেতিয়া যিহোৱাই মোচিক কলে,
7 “Abin da’ya’yan nan mata na Zelofehad suke faɗi gaskiya ne. Dole ka ba su mallaka a matsayin gādo cikin’yan’uwan mahaifinsu, ka kuma mayar musu da gādon mahaifinsu.
৭“চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা।
8 “Ka faɗa wa Isra’ilawa cewa, ‘In wani ya mutu ba shi da ɗa, a ba da gādonsa ga’yarsa.
৮আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা।
9 In ba shi da diya, sai a ba wa’yan’uwansa gādonsa.
৯যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা।
10 In ba shi da’yan’uwa, a ba da gādonsa ga’yan’uwan mahaifinsa.
১০যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধিকাৰ দিবা।
11 In mahaifinsa ba shi da’yan’uwa, a ba da gādonsa ga danginsa na kusa, a kabilarsa don yă mallaka. Wannan ya zama ƙa’ida wa Isra’ilawa, yadda Ubangiji ya umarci Musa.’”
১১যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”
12 Sa’an nan Ubangiji ya ce wa Musa, “Hau bisa wannan dutse a Abarim. Ka ga ƙasar da na ba wa Isra’ilawa.
১২যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।
13 Bayan ka gani, kai ma za ka bi ƙafafun mutanenka, kamar yadda ɗan’uwanka Haruna ya yi,
১৩তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ’ব।
14 gama sa’ad da jama’a suka yi tayarwa saboda rashin ruwa a Hamadan Zin, ku biyu, ba ku kiyaye umarnina don ku ɗaukaka ni matsayin mai tsarki, a gabansu ba.” (Waɗannan su ne ruwaye na Meriba da Kadesh, a Hamadan Zin.)
১৪কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।” সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল।
15 Musa ya ce wa Ubangiji,
১৫তেতিয়া মোচিয়ে যিহোৱাক ক’লে,
16 “Bari Ubangiji, Allah na ruhohin’yan adam, yă naɗa wani a kan wannan jama’a
১৬“হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে
17 yă shiga, yă kuma fita a gabansu, wanda zai bishe su zuwa waje, yă kuma dawo da su ciki, don kada mutanen Ubangiji su zama kamar tumakin da ba su da makiyayi.”
১৭ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”
18 Sai Ubangiji ya ce wa Musa, “Ka ɗauki Yoshuwa ɗan Nun, mutumin da ruhun shugabanci yake a cikinsa, ka ɗibiya masa hannunka.
১৮তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,
19 Ka sa yă tsaya a gaban Eleyazar firist, da gaban dukan jama’a, sa’an nan ka keɓe shi a gabansu.
১৯আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।
20 Ka danƙa masa ikonka don dukan jama’a Isra’ilawa su yi masa biyayya.
২০ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।
21 Zai tsaya a gaban Eleyazar firist, wanda zai nemi masa shawara ta wurin Urim a gaban Ubangiji. Da umarninsa, da shi da dukan jama’ar Isra’ilawa za su fita, da umarninsa kuma za su shiga.”
২১তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তান সকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”
22 Musa ya yi yadda Ubangiji ya umarce shi. Ya ɗauki Yoshuwa, ya sa ya tsaya a gaban Eleyazar firist, da kuma gaban dukan jama’a.
২২পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে।
23 Sai ya ɗibiya masa hannuwansa, ya keɓe shi, yadda Ubangiji ya umarta ta wurin Musa.
২৩তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।