< Ƙidaya 22 >
1 Sai Isra’ilawa suka kama hanya, suka tafi filayen Mowab, a wajen Urdun, a ƙetare Yeriko, suka yi sansani a can.
১যৰ্দ্দন নদীৰ পৰা আনফালে যিৰীহোৰ ওচৰত থকা মোৱাবৰ সমথলত ছাউনি নপতালৈকে ইস্ৰায়েলৰ সন্তান সকলে যাত্রা কৰি আছিল।
2 To, fa, Balak ɗan Ziffor ya ga duk abin da Isra’ila suka yi da Amoriyawa.
২তেতিয়া আটাই ইস্ৰায়েলে ইমোৰীয়াসকললৈ কৰা আটাইকে চিপ্পোৰৰ পুত্ৰ বালাকে দেখি আছিল।
3 Sai Mowab ya firgita ƙwarai saboda yawan mutanen. Tsoron Isra’ilawa ya kama su.
৩আৰু মোৱাবে লোকসকলৰ কাৰণে অতিশয় ভয়ত আছিল, কিয়নো তেওঁলোক অধিক আছিল; আৰু মোৱাব ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে অতিশয় ব্যাকুল হ’ল।
4 Sai Mowabawa suka ce wa dattawan Midiyawa, “Wannan taron zai lashe duk abin da ya kewaye mu kamar yadda saniya takan lashe ciyawa a fili.” Saboda haka Balak ɗan Ziffor, wanda yake sarkin Mowab a lokacin,
৪মোৱাবৰ ৰজাই মিদিয়নৰ বৃদ্ধ লোক সকলক ক’লে, “গৰুৱে পথাৰৰ কোমল ঘাঁহ চেলেকাদি, এই লোক সকলে আমাৰ চাৰিওঁফালে থকা সকলোকে খাই শেষ কৰিব।” সেই কালত চিপ্পোৰৰ পুত্ৰ বালাক মোৱাবৰ ৰজা আছিল।
5 ya aika manzanni su zo da Bala’am ɗan Beyor, wanda yake a Fetor, kusa da Kogi, a ƙasar haihuwarsa. Balak ya ce, “Ga mutane sun fito daga Masar; sun mamaye ƙasar, suka kuma yi sansani kusa da ni.
৫তেওঁ বিয়োৰৰ পুত্ৰ বিলিয়মক মাতিবলৈ, তেওঁৰ স্ব-জাতীয় লোকসকলৰ দেশলৈ ফৰাৎ নদীৰ পাৰত থকা পথোৰ নগৰলৈ দূত পঠাই তেওঁক ক’লে, “চোৱা, মিচৰৰ পৰা এক জাতি ওলাই আহিছে। চোৱা, তেওঁলোকে পৃথিৱীখন ঢকাৰ দৰে ঢাকি এই মূহূর্ত্তত আমাৰ সন্মূখতে আছে।
6 Ka zo yanzu ka la’anta waɗannan mutane, domin sun fi ƙarfina. Wataƙila zan iya cin nasara a kansu, in kuma kore su daga ƙasar. Gama na sani duk waɗanda ka sa musu albarka, sun zama masu albarka ke nan, waɗanda kuma ka la’anta, sun la’antu ke nan.”
৬মই নিবেদন কৰোঁ, আপুনি আহি মোৰ কাৰণে সেই জাতিক শাও দিয়ক, কিয়নো তেওঁলোক মোতকৈ অতি বলৱন্ত। কিজানি তেওঁলোকক জয় কৰি দেশৰ পৰা খেদিবলৈ মোৰ সাধ্য হ’ব। কিয়নো মই জানো, আপুনি যিজনক আশীৰ্ব্বাদ কৰে, তেওঁ আশীৰ্ব্বাদ পায়, আৰু যিজনক শাও দিয়ে, তেওঁ শাও পায়।”
7 Sai dattawan Mowab da na Midiyawa suka tashi, suka ɗauki kuɗi don duba. Da suka zo wurin Bala’am sai suka faɗa masa abin da Balak ya ce.
৭পাছে মোৱাবৰ বৃদ্ধসকলে আৰু মিদিয়নৰ বৃদ্ধসকলে মঙ্গল চোৱাৰ বেচ হাতত লৈ প্ৰস্থান কৰিলে। আৰু তেওঁলোকে বিলিয়মৰ ওচৰ পাই বালাকৰ কথাবোৰ তেওঁক ক’লে।
8 Bala’am ya ce musu, “Ku kwana a nan, ni kuwa zan faɗa muku abin da Ubangiji ya faɗa mini.” Saboda haka dattawan sarkin Mowab suka zauna da shi.
৮তাতে তেওঁ তেওঁলোকক উত্তৰ দিলে, “তোমালোক আজি ৰাতি এই ঠাইতে থাকা। যিহোৱাই মোক যিহকে ক’ব, সেই দৰেই মই তোমালোকক উত্তৰ দিম।” গতিকে মোৱাবৰ অধ্যক্ষসকল বিলিয়মৰ লগতে সেই ৰাতিটো থাকিল।
9 Sai Allah ya zo wurin Bala’am ya ce, “Su wane ne waɗannan tare da kai?”
৯ঈশ্বৰে বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “তোমাৰ লগত থকা এই লোকসকল কোন?”
10 Bala’am ya ce wa Allah, “Balak ɗan Ziffor, sarkin Mowab ne, ya aiko mini wannan saƙo cewa,
১০বিলিয়মে ঈশ্বৰক উত্তৰ দি ক’লে, “মোৱাবৰ ৰজা চিপ্পোৰৰ পুত্ৰ বালাকে মোৰ ওচৰলৈ তেওঁলোকক কৈ পঠিয়াইছে। তেওঁ কৈছে,
11 ‘Ga mutane sun fito daga Masar sun mamaye ƙasar. Ka zo yanzu ka la’anta mini su. Wataƙila ta haka zan yi nasara a kansu, in kuma kore su.’”
১১‘চোৱা, মিচৰৰ পৰা ওলাই অহা জাতিয়ে পৃথিৱী ঢকা দি মোৰ ঠাই ঢাকি ধৰিছে। এতিয়া তুমি আহি মোৰ কাৰণে তেওঁলোকক শাও দিয়া। কিজানি মই যুদ্ধ কৰি তেওঁলোকক খেদিব পাৰিম’।”
12 Amma Allah ya ce wa Bala’am, “Kada ka tafi tare da su. Kada ka la’anta mutanen nan, gama su masu albarka ne.”
১২তেতিয়া ঈশ্বৰে বিলিয়মক ক’লে, “তুমি তেওঁলোকৰ লগত নাযাবা। তুমি সেই জাতিক শাও নিদিবা; কিয়নো তেওঁলোক আশীৰ্ব্বাদ পোৱা লোক।”
13 Kashegari Bala’am ya tashi ya ce wa dattawan Balak, “Ku koma ƙasarku, domin Ubangiji ya hana ni in tafi tare da ku.”
১৩পাছত বিলিয়মে ৰাতিপুৱাতে উঠি বালাকৰ অধ্যক্ষসকলক ক’লে, “তোমালোকে নিজ দেশলৈ গুচি যোৱা; কিয়নো যিহোৱাই তোমালোকৰ লগত মোক যাবলৈ অনুমতি নিদিলে।”
14 Saboda haka dattawan Mowab suka koma wurin Balak suka ce, “Bala’am ya ƙi yă zo tare da mu.”
১৪তাতে মোৱাবৰ অধ্যক্ষসকলে উঠি বালাকৰ গুৰিলৈ আহিল। তেওঁলোকে ক’লে, “আমাৰ লগত আহিবলৈ বিলিয়ম অসন্মত হ’ল।”
15 Sai Balak ya aika waɗansu dattawa masu yawa, masu daraja kuma fiye da na dā.
১৫বালাকে তেওঁলোকতকৈ অর্থাৎ প্রথম দলটিতকৈ অধিক আৰু অতিশয় সম্ভ্ৰান্ত আন অধ্যক্ষসকলক পঠিয়ালে।
16 Suka zo wurin Bala’am suka ce, “Ga abin da Balak ɗan Ziffor ya ce, Kada ka bar wani abu yă hana ka zuwa wurina,
১৬তেওঁলোকে বিলিয়মৰ ওচৰলৈ গৈ তেওঁক ক’লে, “চিপ্পোৰৰ পুত্ৰ বালাকে এই কথা কৈছে, ‘মই নিবেদন কৰোঁ, মোৰ ওচৰলৈ আহিবলৈ আপোনাক একোৱে বাধা নিদিয়ক।
17 gama zan ba ka lada mai yawa in kuma yi duk abin da ka ce. Ka zo ka la’anta mini waɗannan mutane.”
১৭কিয়নো মই আপোনাক অতিশয়ৰূপে সন্মানিত কৰিম আৰু যি যি আজ্ঞা দিব, তাকে কৰিম; এই হেতুকে বিনয় কৰোঁ। আপুনি আহি মোৰ কাৰণে এই জাতিক শাও দিয়ক’।”
18 Amma Bala’am ya amsa musu ya ce, “Ko da a ce Balak zai ba ni gidansa cike da azurfa da zinariya, ba zan yi wani abu ko kaɗan saɓanin umarnin Ubangiji Allahna ba.
১৮তেতিয়া বিলিয়মে বালাকৰ দাসবোৰক উত্তৰ দিলে, “যদিও বালাকে ৰূপ আৰু সোণেৰে পূৰ হোৱা নিজৰ ৰাজপ্রাসাদো মোক দিয়ে, তথাপি মই ক্ষুদ্ৰ কি মহৎ কাৰ্য কৰিবলৈ নিজ ঈশ্বৰ যিহোৱাৰ আজ্ঞা উলঙ্ঘন কৰিব নোৱাৰোঁ।
19 To, fa, sai ku kwana a nan kamar yadda waɗancan suka yi, ni kuma in roƙi Ubangiji, in ji, wace magana zai ce mini.”
১৯এতিয়া নিবেদন কৰোঁ, তোমালোকো এই ঠাইতে আজি ৰাতিটো থাকা, যিহোৱাই মোক আৰু যি ক’ব, তাক মই জানিম।”
20 A wannan dare, Allah ya zo wurin Bala’am ya ce, “Da yake waɗannan mutane sun zo su tafi da kai, to, ka tafi tare da su, sai dai ka yi abin da na ce ka yi ne kaɗai.”
২০পাছত ঈশ্বৰে ৰাতি বিলিয়মৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহেতু সেই লোকসকলে তোমাক মাতিবলৈ আহিছে, তুমি উঠি তেওঁলোকৰ লগত যোৱা; কিন্তু মই তোমাক যিহকে ক’ম, তাকেহে তুমি কৰিবা।”
21 Bala’am ya tashi da safe, ya ɗaura wa jakarsa sirdi, ya tafi tare da dattawan Mowab.
২১বিলিয়মে ৰাতিপুৱাতে উঠি নিজৰ গাধ সজাই তাত উঠি মোৱাবৰ অধ্যক্ষসকলৰ লগত প্ৰস্থান কৰিলে।
22 Amma Allah ya husata sa’ad da ya tafi, mala’ikan Ubangiji kuwa ya tsaya a hanya don yă hana shi. Bala’am kuwa yana kan jakarsa tare da bayinsa biyu.
২২পাছত তেওঁ যোৱাতে ঈশ্বৰৰ ক্ৰোধ জ্বলি উঠিল। আৰু যিহোৱাৰ দূত তেওঁৰ বিৰুদ্ধকাৰী হৈ বাটৰ মাজত থিয় হ’ল। তেতিয়া তেওঁ নিজৰ গাধত উঠি নিজৰ দুজন দাসেৰে সৈতে গৈছিল।
23 Da jakar ta hangi mala’ikan Ubangiji tsaye a hanya da takobi a hannunsa, sai ta kauce daga hanya, ta shiga jeji. Bala’am kuwa ya buge ta don tă koma hanya.
২৩তেতিয়া সেই গাধজনীয়ে খোলা তৰোৱাল ধৰা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা দেখিলে। এই হেতুকে গাধজনীয়ে বাট এৰি পথাৰৰ ফাললৈ গ’ল। বিলিয়মে গাধজনীক বাটলৈ আনিবৰ কাৰণে তাইক কোবালে।
24 Sai mala’ikan Ubangiji ya tsaya a wata matsattsiyar hanya tsakanin gonaki inabi biyu, da bango a kowane gefe.
২৪তেতিয়া যিহোৱাৰ দূত দুইফালে গড় থকা দ্ৰাক্ষাবাৰীৰ ঠেক বাটত থিয় হ’ল।
25 Sa’ad da jakar ta ga mala’ikan Ubangiji, sai ta matse a jikin bango, ta goge ƙafar Bala’am da bangon. Saboda haka sai Bala’am ya sāke bugunta.
২৫গাধজনীয়ে যিহোৱাৰ দূতক আকৌ দেখি গড়ত গা ঘঁহাই যাওঁতে, বিলিয়মৰ ভৰি গড়ত ঘঁহা খালে; তেতিয়া তেওঁ আকৌ তাইক কোবালে।
26 Sai mala’ikan Ubangiji ya sha gabansa, ya tsaya a ƙunƙuntaccen wuri inda ba wurin juyawa dama ko hagu.
২৬যিহোৱাৰ দূত আৰু অলপমান আগলৈ গৈ, সোঁফালে কি বাওঁফালে ঘূৰিবলৈ ঠাই নোহোৱা এনে এক চেপ ঠাইত থিয় হ’ল।
27 Da jakar ta ga mala’ikan Ubangiji, sai ta kwanta a ƙasa, Bala’am kuwa ya husata, sai ya buge ta da sandansa.
২৭তেতিয়া গাধজনীয়ে যিহোৱাৰ দূতক দেখি বিলিয়মেৰে সৈতে আঁঠুকাঢ়ি পৰিল, বিলিয়াম খঙত জ্বলি উঠিল আৰু তেওঁ গাধজনীক লাখুটিৰে কোবাবলৈ ধৰিলে।
28 Ubangiji ya buɗe bakin jakar, sai jakar ta ce wa Bala’am, “Me na yi maka da ka buge ni har sau uku?”
২৮তেতিয়া যিহোৱাই গাধক কথা ক’বলৈ শক্তি দিলে। গাধজনীয়ে বিলিয়মক ক’লে, “মই তোমাক কি কৰিলোঁ যে, তুমি এই তিনিবাৰ মোক কোবালা?”
29 Bala’am ya ce wa jakar “Domin kin wulaƙanta ni! Da a ce ina da takobi a hannuna da zan kashe ki nan take.”
২৯বিলিয়মে গাধজনীক ক’লে, “তই মোক অমান্য কৰিছ; মোৰ হাতত তৰোৱাল থকা হ’লে বৰ ভাল আছিল; সেয়ে হোৱা হ’লে মই এতিয়াই তোক বধ কৰিলোঁহেঁতেন।”
30 Jakar ta ce wa Bala’am, “Ni ba jakarka ba ce wadda kake hawa kullum, har yă zuwa yau? Na taɓa yin maka haka?” Bala’am ya ce, “A’a.”
৩০গাধজনীয়ে বিলিয়মক ক’লে, “যাৰ ওপৰত তুমি আজিলৈকে তোমাৰ সমস্ত জীৱন উঠি আহিছা, মই জানো সেই গাধজনী নহওঁ? মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলোঁ?” বিলিয়মে ক’লে, “নাই কৰা।”
31 Sa’an nan Ubangiji ya buɗe idanun Bala’am, ya kuwa ga mala’ikan Ubangiji tsaye a hanya da takobi a zāre. Sai ya sunkuyar da kansa, ya fāɗi rubda ciki.
৩১তেতিয়া যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে, খোলা তৰোৱাল হাতত লোৱা যিহোৱাৰ দূতক বাটৰ মাজত থিয় হৈ থকা তেওঁ দেখিলে; তেতিয়াই তেওঁ মূৰ দোঁৱাই উবুৰি হৈ পৰিল।
32 Sa’an nan mala’ikan Ubangiji ya tambaye shi, “Don me ka buge jakarka har sau uku? Na fito ne don in hana ka, gama hanyarka ba daidai ba ce a gabana.
৩২তেতিয়া যিহোৱাৰ দূতে তেওঁক ক’লে, “তুমি সেই তিনিবাৰ নিজৰ গাধজনীক কিয় মাৰিলা? চোৱা, মই তোমাৰ বিৰুদ্ধকাৰী হৈ ওলাইছোঁ, কিয়নো মোৰ সাক্ষাতে তুমি অপথে গৈছা।
33 Jakar ta gan ni, ta kauce mini har sau uku. Da a ce ba tă kauce ba, lalle da na kashe ka, in kuwa bar ta da rai.”
৩৩আৰু গাধজনীয়ে মোক দেখি এই তিনিবাৰ মোৰ সন্মুখৰ পৰা ঘূৰিছিল। তাই মোৰ সন্মূখৰ পৰা নুঘূৰা হ’লে মই নিশ্চয়ে তোমাক বধ কৰিলোঁহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোঁহেঁতেন।”
34 Bala’am ya ce wa mala’ikan Ubangiji, “Na yi zunubi. Ban san ka tsaya a hanya don ka hana ni ba. Yanzu in ba ka ji daɗin tafiyata, sai in koma.”
৩৪বিলিয়মে যিহোৱাৰ দূতক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো আপুনি যে মোৰ বিৰুদ্ধে বাটত থিয় হৈ আছে, তাক মই নাজানিলোঁ। কিন্তু এতিয়া যদি ইয়াত আপোনাৰ বেজাৰ হৈছে, তেন্তে মই উলটি যাওঁ।”
35 Mala’ikan Ubangiji ya ce wa Bala’am, “Ka tafi tare da mutanen, amma abin da na faɗa maka ne kaɗai za ka faɗa.” Saboda haka Bala’am ya tafi tare da dattawan Balak.
৩৫তেতিয়া যিহোৱাৰ দূতে বিলিয়মক ক’লে, “সেই লোকসকলেৰে সৈতে যোৱা। কিন্তু মই যি কথা তোমাক ক’ম, কেৱল তাকেহে ক’বা।” আৰু বিলিয়ম বালাকৰ অধ্যক্ষসকলেৰে সৈতে গ’ল।
36 Da Balak ya ji cewa Bala’am yana zuwa, sai ya fito, ya tarye shi a garin Mowabawa da suke a iyakar Arnon, a ƙarshen yankinsa.
৩৬পাছে বিলিয়ম অহাৰ বাতৰি শুনি, বালাকে তেওঁক আগবঢ়াই নিবলৈ দেশৰ সীমাৰ দাঁতিত অৰ্ণোনৰ সীমাত থকা মোৱাবৰ নগৰলৈ গ’ল।
37 Balak ya ce wa Bala’am, “Ban aika maka saƙo cikin gagawa ba? Me ya sa ba ka zo ba? Ko ban isa in sāka maka ba ne?”
৩৭পাছত বালাকে বিলিয়মক ক’লে, “মই আপোনাক মাতিবলৈ জানো অতি যত্নেৰে মানুহ পঠোৱা নাছিলো? আপুনি মোৰ ওচৰলৈ কিয় নহাকৈ আছিল? আপোনাক সন্মানিত কৰিবলৈ মই জানো নিচেই অসমৰ্থ?”
38 Bala’am ya amsa ya ce, “To, ai, ga shi, na zo yanzu. Ina da wani ikon yin wata magana ne? Dole in faɗa abin da Allah ya ce in faɗa ne kawai.”
৩৮তাতে বিলিয়মে বালাকক ক’লে, “এইয়া চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ। তথাপি এতিয়াও কোনো কথা ক’বলৈ জানো মোৰ ক্ষমতা আছে? ঈশ্বৰে মোৰ মুখত যি বাক্য দিব, তাকেহে মই ক’ম।”
39 Sa’an nan Bala’am ya tafi tare da Balak zuwa Kiriyat-Huzot,
৩৯বিলিয়মে বালাকৰ লগত আহি কিৰিয়ৎ-হুচোৎ পালেহি।
40 a can ya yi hadaya da shanu da tumaki, ya kuwa aika wa Bala’am da dattawan da suke tare da shi.
৪০আৰু বালাকে গৰু আৰু মেৰ বলিদান কৰি, বিলিয়ম আৰু তেওঁৰ লগৰ অধ্যক্ষসকললৈ মাংস পঠিয়ালে।
41 Kashegari, Balak ya ɗauki Bala’am ya kai shi kan Bamot Ba’al, daga can ya iya ganin sassan sansanin Isra’ilawa.
৪১পাছত ৰাতিপুৱাতে বালাকে বিলিয়মক বালৰ পবিত্র ঠাইবোৰলৈ লৈ গ’ল। তাৰ পৰা তেওঁ ইশ্রায়েলীয়া সকলৰ মাথোন এফালহে দেখা পালে।