< Ƙidaya 21 >
1 Sa’ad da sarkin Arad, mutumin Kan’ana, wanda yake zaune a Negeb, da ya ji cewa Isra’ila yana zuwa ta hanyar Atarim, sai ya fito, yă yaƙi Isra’ilawa, yă kuma kama waɗansunsu.
১পাছত দক্ষিণ অঞ্চলত থকা অৰাদৰ কনানীয়া ৰজাই অথাৰীমৰ বাটেদি ইস্ৰায়েল আহিছে বুলি শুনি, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে।
2 Sai Isra’ila suka yi alkawari wa Ubangiji suka ce, “In ka ba da waɗannan mutane a hannunmu, za mu hallaka dukan garuruwansu ƙaf.”
২তেতিয়া ইস্ৰায়েলে যিহোৱাৰ আগত প্ৰতিজ্ঞা কৰি ক’লে, “আপুনি যদি এই লোকসকলক আমাৰ হাতত সমৰ্পণ কৰে, তেন্তে আমি তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিম।”
3 Ubangiji kuwa ya saurari kukan Isra’ila, ya kuma ba da Kan’aniyawa a gare su. Suka hallaka su da biranensu ƙaf; saboda haka aka sa wa wurin suna Horma.
৩তেতিয়া যিহোৱাই ইস্ৰায়েলৰ বাক্যলৈ কাণ দিলে, সেই কনানীয়াসকলক সমৰ্পণ কৰিলে। তেতিয়া লোকসকলে তেওঁলোকক আৰু তেওঁলোকৰ নগৰবোৰ নিঃশেষে বিনষ্ট কৰিলে। সেই ঠাইৰ নাম হৰ্মা ৰখা হ’ল।
4 Suka kama hanya daga Dutsen Hor ta hanya zuwa Jan Teku, don su kauce wa Edom. Amma mutane suka rasa haƙuri a hanya;
৪পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চূফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য হ’ল।
5 suka yi wa Allah da Musa gunaguni, suka ce, “Me ya sa kuka fitar da mu daga Masar, kuka kawo mu mu mutu a wannan hamada? Babu abinci! Babu ruwa! Mu dai mun gaji da wannan abinci marar amfani!”
৫আৰু লোকসকলে ঈশ্বৰ ও মোচিৰ বিৰুদ্ধে ক’বলৈ ধৰিলে: বোলে, “মৰুভূমিত মৰিবলৈ তোমালোকে মিচৰৰ পৰা আমাক কেলেই উলিয়াই আনিলা?” কিয়নো আহাৰো নাই পানীও নাই আৰু আমাৰ মনে এই সামান্য আহাৰ ঘিণ কৰিছে।
6 Sai Ubangiji ya aiko da macizai masu dafin a cikinsu, suka sassari mutane, Isra’ilawa masu yawa kuwa suka mutu.
৬তেতিয়া যিহোৱাই লোকসকলৰ মাজলৈ বিষাক্ত সাপ পঠিয়ালে আৰু সেইবোৰে দংশিবলৈ ধৰাত ইস্ৰায়েলৰ মাজত অনেক লোক মৰিল।
7 Mutanen suka zo wurin Musa, suka ce, “Mun yi zunubi, da muka yi wa Ubangiji da kai gunaguni. Ka yi addu’a don Ubangiji yă ɗauke mana macizan nan.” Saboda haka Musa ya yi addu’a domin mutane.
৭লোকসকলে মোচিৰ গুৰিলৈ আহি ক’লে, “আমি গুপ্ত পাপ কৰিলোঁ, কাৰণ আমি যিহোৱা আৰু তোমাৰ বিৰুদ্ধে কথা কলোঁ। আমাৰ ওচৰৰ পৰা যিহোৱাই সাপবোৰ দূৰ কৰিবৰ বাবে, তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰা।” তেতিয়া মোচিয়ে লোকসকলৰ বাবে প্ৰাৰ্থনা কৰিলে।
8 Ubangiji ya ce wa Musa, “Ka ƙera siffar maciji ka rataye shi a bisa doguwar sanda; kowa da maciji ya sare shi, idan ya dubi macijin nan da ka rataye, zai rayu.”
৮যিহোৱাই মোচিক ক’লে, “তুমি এটা বিষাক্ত সাপ সাজি এডাল খুটিৰ ওপৰত নিচানস্বৰূপে তুলি ৰাখিবা। তেতিয়া সাপে দংশা যিকোনো লোকে যদি তালৈ চায়, সেইজন জীৱ।”
9 Saboda haka Musa ya ƙera macijin tagulla, ya kuma rataye shi bisa doguwar sanda. Sa’an nan duk wanda maciji ya sare shi, ya kuma dubi macijin tagullar, zai warke.
৯তেতিয়া মোচিয়ে পিতলৰ এটা সাপ বনাই নিচানস্বৰূপে এডাল খুটিত তুলি ৰাখিলে। যেতিয়া সাপে কোনো মানুহক দংশিলে, তেতিয়া তেওঁ সেই পিতলৰ সাপলৈ দৃষ্টি কৰি জীলে।
10 Isra’ilawa suka kama hanya, suka yi sansani a Obot.
১০তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি এবোতত ছাউনি পাতিলে।
11 Sai suka tashi daga Obot, suka yi sansani a Iye Abarim a hamadar da take fuskantar Mowab, wajen fitowar rana.
১১আৰু এবোতৰ পৰা যাত্ৰা কৰি সূৰ্য ওলোৱা দিশে মোৱাবৰ সন্মুখে থকা মৰুভূমিৰ ইয়ে-অবাৰীমত ছাউনি পাতিলে।
12 Daga nan kuma suka ci gaba, suka yi sansani a Kwarin Zered.
১২তাৰ পৰা যাত্ৰা কৰি জেৰদ উপত্যকাত ছাউনি পাতিলে।
13 Suka tashi daga nan, suka sauka kusa da Arnon wanda yake a hamadar da ta miƙe zuwa iyakar Amoriyawa. Arnon shi ne iyakar Mowab, wanda yake tsakanin Mowab da Amoriyawa.
১৩আৰু তাৰ পৰা যাত্ৰা কৰি ইমোৰীয়াসকলৰ সীমাৰ পৰা ওলোৱা, মৰুভূমিত থকা অৰ্ণোনৰ অন্য পাৰে ছাউনি পাতিলে, কিয়নো মোৱাবৰ আৰু ইমোৰীয়াসকলৰ মাজত থকা অৰ্ণোন মোৱাবৰ সীমা আছিল।
14 Shi ya sa Littafin Yaƙoƙin Ubangiji ya ce, “Waheb ta cikin yankin Sufa, da kwaruruka na tuddan Arnon,
১৪এই হেতুকে যিহোৱাৰ যুদ্ধ-পুস্তকত কোৱা হৈছে, বোলে, “চুফাত বাহেবক, অৰ্ণোনৰ উপত্যকাবোৰক,
15 da gangaren kwaruruka, wanda ya nausa zuwa garin Ar, ya kuma dangana da kan iyakar Mowab.”
১৫আৰু আৰ নামেৰে লোকালয়লৈ মুখ কৰা আৰু মোৱাবৰ সীমাত লগা চাৱলীয়া উপত্যকাবোৰ তেওঁ জয় কৰিলে।
16 Daga can, suka gangara zuwa Beyer, wato, rijiyar da Ubangiji ya ce wa Musa, “Ka tattara mutane duka, zan kuwa ba su ruwa.”
১৬তাৰ পৰা তেওঁলোকে বেৰলৈ, অৰ্থাৎ যি নাদৰ বিষয়ে যিহোৱাই মোচিক কৈছিল, তুমি লোকসকলক গোটোৱা, মই তেওঁলোকক পানী দিম। সেই নাদলৈ যাত্ৰা কৰিলে।”
17 Sai Isra’ilawa suka rera wannan waƙa, “Ki ɓuɓɓugo da ruwa, Ke rijiya! Rera waƙa game da ita,
১৭সেই কালত ইস্ৰায়েলে এই গীত গান কৰিলে: “হে নাদ উঠলি উঠা; তোমালোকে ইয়াৰ উদ্দেশ্যে গান গোৱা।
18 game da rijiyar da’ya’yan sarki suka haƙa, rijiyar da manyan mutane masu sandunan sarauta suka nuna da sandunansu.” Sa’an nan suka tashi daga hamadar, suka tafi Mattana,
১৮এয়ে অধ্যক্ষ সকলে খনা নাদ, লোকসকলৰ প্ৰধানসকলে ৰাজ-দণ্ডেৰে আৰু নিজ নিজ লাখুটিৰে ইয়াক খনন কৰিলে।” পাছত তেওঁলোকে অৰণ্যৰ পৰা মত্তানালৈ।
19 daga Mattana, suka tafi Nahaliyel, daga Nahaliyel, suka tafi Bamot,
১৯মত্তানাৰ পৰা নহলীয়েললৈ, নহলীয়েলৰ পৰা বামোতলৈ,
20 daga Bamot kuma suka tafi kwarin da yake cikin Mowab inda ƙwanƙolin Fisga yake fuskantar hamada.
২০আৰু বামোতৰ পৰা উপত্যকাইদি মোৱাবৰ দেশলৈ। সেয়ে যিচীমোনৰ ফাললৈ মুখ কৰি থকা পিচগা পৰ্ব্বতৰ টিঙলৈ গ’ল।
21 Isra’ila suka aiki manzanni wurin Sihon sarkin Amoriyawa su ce,
২১পাছত ইস্ৰায়েলে ইমোৰীয়াসকলৰ ৰজা চীহোনৰ গুৰিলৈ দূতৰ দ্বাৰাই এই কথা কৈ পঠিয়ালে বোলে,
22 “Ka bari mu ratsa ta ƙasarka. Ba za mu shiga wata gona ba, ba za mu kuma shiga gonar inabi, ko mu sha ruwa daga wata rijiya ba. Za mu bi ta babbar hanyar sarki, har mu fita ƙasarka.”
২২“তুমি নিজ দেশৰ মাজেদি মোক যাবলৈ দিয়া; আমি শস্যক্ষেত্ৰত বা দ্ৰাক্ষা-ক্ষেত্ৰত নোসোমাও আৰু নাদৰ পানীও নাখাওঁ। তোমাৰ সীমা পাৰ নহওঁমানে ৰাজবাটে গৈ থাকিম।”
23 Amma Sihon bai bar Isra’ila su ratsa ta yankinsa ba. Sai ya tara dukan sojojinsa, suka fita zuwa cikin hamada, su yaƙi Isra’ila. Da ya kai Yahaz, sai ya yaƙi Isra’ila.
২৩তথাপি চীহোনৰ ৰজাই নিজ অঞ্চলৰ মাজেদি ইস্ৰায়েলক যাবলৈ নিদিলে। কিন্তু চীহোনে নিজৰ সকলো প্ৰজাক গোটাই ইস্ৰায়েলৰ বিৰুদ্ধে মৰুভূমিলৈ ওলাল আৰু যহচলৈ গৈ ইস্ৰায়েলে সৈতে যুদ্ধ কৰিলে।
24 Isra’ila fa suka kashe shi da takobi, suka ƙwace ƙasarsa, tun daga kogin Arnon har zuwa kogin Yabbok, zuwa kan iyakar Ammonawa kawai, gama sun yi wa iyakansu katanga.
২৪ইস্ৰায়েলে তৰোৱালৰ ধাৰত তেওঁক আঘাত কৰি, অৰ্ণোনৰ পৰা যব্বোকলৈকে অম্মোনৰ সন্তান সকলৰ সীমালৈকে তেওঁৰ দেশ অধিকাৰ কৰিলে; কাৰণ অম্মোনৰ সন্তান সকলৰ সীমা গড়েৰে দৃঢ় আছিল।
25 Isra’ila suka ci dukan biranen Amoriyawa, suka kuma zauna a cikinsu, haɗe da babban birnin Heshbon da dukan ƙauyukanta.
২৫এইদৰে ইস্ৰায়েলে সেই সকলো নগৰ হাত কৰি ললে; আৰু ইস্ৰায়েলে ইমোৰীয়াসকলৰ আটাই নগৰত, হিচবোনত আৰু তাৰ সকলো উপত্যকাবোৰত বাস কৰিবলৈ ধৰিলে।
26 Sihon sarkin Amoriyawa ya yi mulkin Heshbon, bayan ya ci sarkin Mowab na dā da yaƙi, ya kuma ƙwace dukan ƙasarsa har zuwa arewancin kogin Arnon.
২৬কিয়নো হিচবোন ইমোৰীয়াহঁতৰ ৰজা চীহোনৰ নগৰ আছিল; সেই চীহোনে মোৱাবৰ আগৰ ৰজাৰ অহিতে যুদ্ধ কৰি তেওঁৰ হাতৰ পৰা অৰ্ণোনলৈকে তেওঁৰ আটাই দেশ লৈছিল।
27 Shi ya sa Amoriyawa suka rubuta wannan waƙa game da Heshbon suka ce, “Ku zo mu sāke gina Heshbon, birnin Sihon.
২৭এই কাৰণে কবি সকলে কয়, “তোমালোক হিচবোনলৈ আহা, চীহোনৰ নগৰ সজা আৰু দৃঢ় কৰা হওঁক।
28 “Mayaƙansa sun fito kamar harshen wuta suka ƙone birnin Ar na Mowab suna hallaka’yan ƙasar tuddan Arnon.
২৮কিয়নো হিচবোনৰ পৰা অগ্নি-শিখা ওলাই, চীহোনৰ পৰা শিখাই, মোৱাবৰ আৰ লগৰ গ্ৰাস কৰিলে, আৰু অৰ্ণোনৰ ওখ ঠাইবোৰৰ প্ৰভুসকলক গ্ৰাস কৰিলে।
29 Kaitonki, Mowab! Gunkinki Kemosh ya yashe mutanenki; aka kuma kama su, aka kai su bauta wajen Sihon sarkin Amoriyawa.
২৯হে মোৱাব!, তোমাৰ সন্তাপ হ’ল, আৰু হে কমোচৰ প্ৰজা, তুমি বিনষ্ট থ’লো; সি নিজৰ পুতেকসকলক পলাবলৈ, আৰু নিজৰ জীয়েকসকলক বন্দী অৱস্থাত পৰিবলৈ এৰি দিলে, ইমোৰীয়াসকলক ৰজা চীহোনৰ হাতত সমৰ্পণ কৰিলে।
30 “Amma mun tumɓuke su, mun hallaka garuruwan Heshbon har zuwa Dibon. Mun ragargaza su har zuwa Nofa wanda ya miƙe zuwa Medeba.”
৩০আৰু আমি তেওঁলোকলৈ বাণ মাৰিলোঁ; দীবোনলৈকে হিচবোন বিনষ্ট হ’ল। মেদবালৈ বিস্তৃত নোফহলৈকে আমি সকলোকে ধ্বংস কৰিলোঁ।”
31 Ta haka Isra’ila suka zauna a ƙasar Amoriyawa.
৩১এইদৰে ইস্ৰায়েলে ইমোৰীয়াসকলৰ দেশত বাস কৰিবলৈ ধৰিলে।
32 Sai Musa ya aika’yan leƙen asiri zuwa Yazer. Daga baya, sai Isra’ilawa suka ci ƙauyukan da suke kewaye, suka kuma kori Amoriyawa da suke zaune a can.
৩২মোচিয়ে যাজেৰক গুপুতে চাবলৈ মানুহ পঠালে। তাৰ পাছত লোকসকলে তাৰ সকলো উপনগৰ হাত কৰি লৈ, তাত থকা ইমোৰীয়াসকলক দূৰ কৰিলে।
33 Sai suka juya suka haura kan hanya ta zuwa Bashan, inda Og yake sarauta, ya kuwa fito tare da dukan sojojinsa suka yi yaƙi da Isra’ila a Edireyi.
৩৩তেতিয়া তেওঁলোক ঘূৰি বাচানৰ বাটেদি উঠি গ’ল। তেওঁলোকৰ বিৰুদ্ধে ইদ্ৰেয়ীত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো প্ৰজাসকল ওলাল।
34 Ubangiji ya ce wa Musa, “Kada ka ji tsoronsa, gama na ba da shi a gare ka, da dukan sojojinsa da kuma ƙasarsa. Ka yi da shi yadda ka yi da Sihon sarkin Amoriyawa, wanda ya yi mulki a Heshbon.”
৩৪তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শোধাই দিলোঁ। তুমি হিচবোনত থকা ইমোৰীয়া ৰজা চীহোনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা।”
35 Ta haka suka kashe shi, tare da’ya’yansa maza da kuma dukan sojojinsa, ba wanda ya ragu. Suka kuma mamaye ƙasarsa.
৩৫গতিকে তেওঁলোকৰ তেওঁৰ কোনো শেষ নথকাকৈ, তেওঁক, তেওঁৰ পুতেকসকলক আৰু তেওঁৰ আটাই প্ৰজাক মাৰি, তেওঁৰ দেশ অধিকাৰ কৰি ল’লে।