< Ƙidaya 2 >

1 Ubangiji ya ce wa Musa da Haruna,
যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে,
2 “Duk sa’ad da Isra’ilawa suka yi sansani, kowane mutum zai sauka a inda tutar ƙungiyar kabilarsa take. Sansanin zai kasance a kewaye da Tentin Sujada.”
“ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ পতাকাৰ গুৰিৰ চৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব।
3 Kabilar Yahuda za su yi sansani bisa ga ƙa’idarsu a gabas, wajen fitowar rana. Shugaban mutanen Yahuda kuwa shi ne Nashon ɗan Amminadab.
যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
4 Yawan mutanen sashensa 74,600 ne.
তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন।
5 Kabilar Issakar za su yi sansani biye da su. Shugabansu shi ne Netanel ɗan Zuwar.
তেওঁলোকৰ কাষত ইচাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
6 Yawan mutanen sashensa 54,400 ne.
নথনেলৰ সৈন্যৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ।
7 Kabilar Zebulun za su yi sansani biye da su. Shugabansu shi ne Eliyab ɗan Helon.
ইচাখৰৰ গোষ্ঠীৰ কাষত জবূলূনৰ গোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
8 Yawan mutanen sashensa 57,400 ne.
জবূলূনৰ সৈন্যৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ।
9 Dukan mazan da aka ba su aiki a sansanin Yahuda bisa ga sashensu sun kai 186,400. Su ne za su ja gaba.
যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব।
10 A kudu, a nan ne sashe sansanin mutanen Ruben a ƙarƙashin ƙa’idarsu, za su yi sansani. Shugaban mutanen Ruben shi ne Elizur ɗan Shedeyur.
১০দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
11 Yawan mutanen sashensa 46,500 ne.
১১ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ।
12 Kabilar Simeyon za su yi sansani biye da su. Shugaban mutanensa shi ne Shelumiyel ɗan Zurishaddai.
১২তেওঁলোকৰ কাষত চিমিয়োনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
13 Yawan mutanen sashensa 59,300 ne.
১৩চিমিয়োনৰ সৈন্যৰ সংখ্যা আছিল ঊনষাঠি হাজাৰ তিনিশ।
14 Kabilar Gad za su zama na biye. Shugaban mutanensa shi ne Eliyasaf ɗan Reyuwel.
১৪তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰূৱেলৰ পুত্ৰ ইলিয়াচফ গাদৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
15 Yawan mutanen sashensa 45,650 ne.
১৫গাদৰ সৈন্যৰ সংখ্যা আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ।
16 Dukan mazan da aka ba su aiki a sansanin Ruben, bisa ga sashensu sun kai 151,450. Su ne za su zama na biyu in za a tashi.
১৬ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব।
17 Sa’an nan Lawiyawa ɗauke da Tentin Sujada za su kasance a tsakiyar sansani sa’ad da aka tashi tafiya. Za su kama hanya kamar yadda aka dokace su su zauna a sansani, kowa a wurinsa a ƙarƙashin ƙa’idarsu.
১৭তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব।
18 Ta wajen yamma kuma sashen Efraim za su yi sansani a ƙarƙashin ƙa’idarsu. Shugaban mutanensa, shi ne Elishama ɗan Ammihud.
১৮সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
19 Yawan mutanen sashensa 40,500 ne.
১৯ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ।
20 Kabilar Manasse ce za tă zama ta biye. Shugabansu shi ne Gamaliyel ɗan Fedazur.
২০তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
21 Yawan mutanen sashensa 32,200 ne.
২১মনচিৰ সৈন্যৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ।
22 Na biye da su su ne mutanen Benyamin. Shugaban mutanensu kuwa Abidan ɗan Gideyoni.
২২তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ ফৈদ। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
23 Yawan mutanen sashensa 35,400 ne.
২৩বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ।
24 Dukan mazan da aka ba su aiki a sansanin Efraim, bisa ga sashensu su kai 108,100 ne. Su ne za su zama na uku sa’ad da za a tashi.
২৪ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব।
25 A arewa za a sami sashen sansanin Dan, a ƙarƙashin ƙa’idarsu. Shugabansu shi ne Ahiyezer ɗan Ammishaddai.
২৫সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব।
26 Yawan mutanen sashensa 62,700 ne.
২৬দানৰ সৈন্যৰ সংখ্যা আছিল বাষষ্ঠি হাজাৰ সাতশ।
27 Kabilar Asher ce za tă zama ta biye. Shugabansu shi ne Fagiyel ɗan Okran.
২৭তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
28 Yawan mutanen sashensa 41,500 ne.
২৮আচেৰৰ সৈন্যৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচ শ।
29 Kabilar Naftali za su zama na biye da su. Shugaban mutanen kuwa shi ne Ahira ɗan Enan.
২৯তেওঁলোকৰ পাছত আহিব নপ্তালীৰ গোষ্ঠী। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ হ’ব;
30 Yawan mutanen sashensa 53,400 ne
৩০নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ।
31 Dukan mazan da aka ba su aiki a sansanin Efraim, bisa ga sashensu su kai 157,600. Su ne za su zama na ƙarshe, ƙarƙashin ƙa’idarsu.
৩১দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।”
32 Waɗannan su ne Isra’ilawan da aka a ƙidaya bisa ga iyalansu. Dukansu da suke a sansani, mutane 603,550 ne.
৩২ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল।
33 Ba a dai ƙidaya Lawiyawa tare da sauran Isra’ilawa ba yadda Ubangiji ya umarci Musa.
৩৩কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল।
34 Saboda haka Isra’ilawa suka yi duk ko mene ne da Ubangiji ya umarci Musa. Ta haka ne suka yi sansani a ƙarƙashin ƙa’idarsu kowanne tare da kabilarsa da danginsa.
৩৪যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।

< Ƙidaya 2 >