< Ƙidaya 16 >
1 Kora ɗan Izhar, wanda yake Balawe ne daga dangin Kohatawa, wata rana ya nemi Datan da Abiram’ya’yan Eliyab, da On ɗan Felet dukansu daga kabilar Ruben, suka haɗa kai
১পাছত লেবীৰ পৰিনাতি, কহাতৰ নাতিয়েক, যিচহৰৰ পুতেক কোৰহ আৰু ৰূবেণৰ সন্তান সকলৰ মাজৰ, ইলিয়াবৰ পুতেক দাথন আৰু অবীৰাম আৰু পেলতৰ পুতেক ওনে, এওঁলোকে কিছুমান লোকক গোটাই ল’লে।
2 suka tayar wa Musa. Sai suka nemi goyon bayan sanannun shugabannin Isra’ilawa da aka naɗa a majalisa su guda 250,
২ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ দুশ পঞ্চাশজন মণ্ডলীৰ অধ্যক্ষ আৰু সমাজ ভূক্ত নাম জ্বলা লোকক লগত লৈ, মোচিৰ বিৰুদ্ধে উঠিল।
3 tare kuwa suka zo wurin Musa da Haruna, suka ce musu, “Kun wuce gona da iri! Dukan jama’an nan masu tsarki ne, kowannensu, Ubangiji kuma yana tare da su. Me ya sa kuke ɗaukan kanku fiye da taron jama’ar Ubangiji?”
৩তেওঁলোকে মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খাই তেওঁলোকক ক’লে, “তোমালোকে তোমালোকৰ পদ বৰ বুলি মানিছা। কিয়নো গোটেই সমাজৰ প্ৰতিজনেই পবিত্ৰ আৰু যিহোৱা তেওঁলোকৰ মাজত আছে; তেন্তে তোমালোকে কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?”
4 Da Musa ya ji haka, sai ya fāɗi rubda ciki ya yi addu’a
৪যেতিয়া মোচিয়ে সেই কথা শুনিলে, তেওঁ উবুৰি হৈ পৰিল।
5 Sai ya ce wa Kora da dukan waɗannan da suke tare shi, “Da safe, Ubangiji zai nuna wane ne yake nasa, da kuma wane ne yake da tsarki. Zai kuma sa mutumin yă zo kusa da shi. Mutumin da ya zaɓa kuwa zai sa yă zo kusa da shi.
৫আৰু তেওঁ কোৰহক আৰু তেওঁৰ গোটেই দলটোক ক’লে, “যিহোৱাৰ লোক কোন আৰু কোন পবিত্ৰ, যিহোৱাই তাক ৰাতিপুৱাই জনাব আৰু তাক নিজৰ ওচৰ চপাব; তেওঁ যিজনক মনোনীত কৰিব, তেওঁকেই নিজৰ ওচৰ চপাব।
6 Kai Kora da ƙungiyarka, gobe, za ku ɗauki farantai,
৬হে কোৰহ আৰু তোমাৰ গোটেই দল, এই কাম কৰা; ধূপাধাৰ লোৱা
7 ku zuba wuta a ciki, ku kuma zuba musu turaren wuta a gaban Ubangiji. Sa’an nan wanda Ubangiji ya zaɓa a tsakaninmu sh ne mai tsarki. Ku Lawiyawa ku ne kuka wuce gona da iri!”
৭তোমালোকে আঙঠা-ধৰালৈ, তাত জুই দি কাইলৈ যিহোৱাৰ আগত তাৰ ওপৰত ধূপ দিবা। তাতে যিহোৱাই তেওঁক মনোনীত কৰিব, সেইজনেই পবিত্ৰ হ’ব। হে লেবীয়া সন্তান সকল, তোমালোকে নিজকে বৰ বুলি মানিছা।
8 Musa ya kuma ce wa Kora, “Yanzu ku saurara, ku Lawiyawa!
৮পাছত মোচিয়ে কোৰহক ক’লে, হে লেবীৰ সন্তান সকল, মোৰ কথা শুনা:
9 Ashe, bai ishe ku ba, cewa Allah na Isra’ila, ya keɓe ku daga sauran jama’ar Isra’ilawa, ya kuma kawo ku kusa da shi don ku yi aiki a tabanakul na Ubangiji, ku kuma tsaya a gaba jama’a don ku yi musu aiki?
৯ইস্ৰায়েলৰ ঈশ্বৰে যে তোমালোকক ইস্ৰায়েলৰ সমাজৰ পৰা পৃথক কৰি, যিহোৱাৰ আবাসৰ সেৱাকৰ্ম কৰিবলৈ আৰু মণ্ডলীৰ আগত থিয় হৈ তাৰ পৰিচৰ্যা কৰিবলৈ নিজৰ ওচৰ চপাই ৰাখিছে, ই জানো তোমালোকৰ মানত সৰু কথা?
10 Ya kawo ku da kuma dukan’yan’uwanku Lawiyawa kusa da shi, amma yanzu kuna ƙoƙari ku karɓi aikin firist.
১০তেওঁ তোমাক, আৰু তোমাৰে সৈতে তোমাৰ ভাই লেবীৰ সন্তান সকলক নিজৰ ওচৰ চপাই ৰাখিছে, তথাপি তোমালোকে পুৰোহিতৰ বাবলৈকো চেষ্টা কৰিছা নে!
11 Kai da ƙungiyarka kun haɗa kai kuna yi wa Haruna gunaguni, amma wane ne Haruna? A zahiri tawaye ne kuke wa Ubangiji.”
১১সেইবাবে তুমি আৰু তোমাৰ গোটেই দলে যিহোৱাৰ বিৰুদ্ধে গোট খাইছা। গতিকে কিয় তোমালোকে হাৰোণৰ বিৰুদ্ধে আপত্তি কৰিছা, যিজনে যিহোৱাক মানি চলে?”
12 Sai Musa ya aika a kira Datan da Abiram,’ya’yan Eliyab maza, amma suka ce, “Ba za mu zo ba!
১২তেতিয়া মোচিয়ে ইলিয়াবৰ পুতেক দাথনক আৰু অবীৰামক মাতিবলৈ মানুহ পঠালে, কিন্তু তেওঁলোকে ক’লে, আমি নাযাওঁ।
13 Bai isa ba ne da ka fitar da mu daga ƙasar mai zub da madara da zuma, ka kawo mu nan hamada don ka kashe mu? Yanzu kuma so kake ka mai da kanka sarki a bisanmu?
১৩তুমি আমাক মৰুভূমিত মাৰিবলৈ দুগ্ধমধু বোৱা দেশৰ পৰা আনিছা, এয়ে জানো সৰু কথা? তুমি সদায় আমাৰ ওপৰত অধিকাৰ কৰি থাকিবানে?
14 Ban da haka ma, ai, ba ka riga ka kai mu ƙasar mai zub da madara da zuma ba, ba ka ba mu gādon filaye da gonakin annabi ba, yanzu kuma kana so ka ruɗe mu. Mun ƙi, ba za mun zo ba!”
১৪কেৱল এয়ে নহয়, তুমি আমাক দুগ্ধমধু বোৱা দেশলৈ নিয়া নাই আৰু শস্যৰ খেতি ও দ্ৰাক্ষাবাৰীৰো অধিকাৰ দিয়া নাই। তুমি এই লোকসকলক অন্ধ কৰিবা নে? আমি নাযাওঁ।
15 Sai Musa ya husata ƙwarai, ya ce wa Ubangiji, “Kada ka karɓi hadayarsu. Ban ƙwace wani jakinsu ba, ban kuwa cuce waninsu ba.”
১৫তাতে মোচিয়ে অতিশয় ক্ৰুদ্ধ হৈ যিহোৱাক জনালে, বোলে, “এওঁলোকৰ উপহাৰ গ্ৰহণ নকৰিবা; মই এওঁলোকৰ পৰা এটা গাধও লোৱা নাই, আৰু এওঁলোকৰ এজনকো দুখ দিয়া নাই।”
16 Musa ya ce wa Kora, “Da kai da kuma dukan ƙungiyarka za ku bayyana a gaban Ubangiji gobe, kai da su. Haruna ma zai kasance a can.
১৬পাছত মোচিয়ে কোৰহক ক’লে, “তুমি আৰু তোমাৰ গোটেই দল কাইলৈ হাৰোণে সৈতে যিহোৱাৰ আগত উপস্থিত হ’বা।
17 Kowannenku zai ɗauki faranti yă zuba turare a ciki. Wato, farantai 250 ke nan, a kuma miƙa su a gaban Ubangiji. Kai da Haruna za ku miƙa farantanku, ku ma.”
১৭তোমালোকে প্ৰতিজনে আঙঠা-ধৰালৈ তাৰ ওপৰত ধূপ দি, নিজ নিজ আঙঠা-ধৰা যিহোৱাৰ আগত লৈ আনিবা। দুশ পঞ্চাশ আঙঠা-ধৰাই আগ কৰিবা; তুমি আৰু হাৰোণেও নিজ নিজ আঙঠা-ধৰা ল’বা।”
18 Sai kowane mutum ya ɗauki farantinsa, ya sa wuta da kuma turare a ciki, suka tsaya da Musa da Haruna a ƙofar Tentin Sujada.
১৮পাছত তেওঁলোক প্ৰতিজনে নিজ নিজ আঙঠা-ধৰা লৈ, তাৰ ওপৰত জুই ৰাখি, ধূপ দি, মোচি আৰু হাৰোণৰ লগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থিয় হ’ল।
19 Sa’ad da Kora ya tara mabiyansa don su yi hamayya da Musa da Haruna a ƙofar Tentin Sujada, sai ɗaukakar Ubangiji ta bayyana ga dukan taron.
১৯আৰু কোৰহে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত তেওঁলোকৰ অহিতে গোটেই সমাজকে গোট খুৱালে; তেতিয়া যিহোৱাৰ প্ৰতাপ গোটেই সমাজলৈ প্ৰকাশিত হ’ল।
20 Ubangiji ya ce wa Musa da Haruna,
২০পাছত যিহোৱাই মোচি আৰু হাৰোণক ক’লে,
21 “Ku ware kanku daga taron nan don in gama da su nan take.”
২১“তোমালোক এই সমাজৰ মাজৰ পৰা বেলেগ হোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।”
22 Amma Musa da Haruna suka fāɗi rubda ciki suka tā da murya suka ce, “Ya Allah, Allahn ruhohin dukan’yan adam, za ka husata da dukan taron ne, bayan mutum ɗaya ne ya yi zunubi?”
২২তেতিয়া তেওঁলোকে উবুৰি হৈ পৰি ক’লে, “হে ঈশ্বৰ, এজনে পাপ কৰাত তোমাৰ কুপ জানো গোটেই সমাজৰ ওপৰত হ’ব লাগে?”
23 Sai Ubangiji ya ce wa Musa,
২৩তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
24 “Faɗa wa taron cewa, ‘Ku nisanci tentin Kora, da na Datan, da na Abiram.’”
২৪“তুমি সমাজক কোৱা, ‘তোমালোক কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা গুচি যোৱা’।”
25 Musa ya tashi ya tafi wurin Datan da Abiram, dattawan Isra’ilawa kuwa suka bi shi.
২৫তেতিয়া মোচি উঠি দাথন আৰু অবীৰামৰ ওচৰলৈ গ’ল; আৰু ইস্ৰায়েলৰ বৃদ্ধসকলে তেওঁৰ পাছে পাছে গ’ল।
26 Ya gargaɗe taron ya ce, “Ku ƙaurace wa tentin waɗannan mugayen mutane! Kada ku taɓa kome da yake nasu, domin kada a shafe ku saboda zunubansu.”
২৬তেওঁ সমাজক ক’লে, “বিনয় কৰোঁ, তোমালোকে এই দুষ্ট লোকসকলৰ তম্বুৰ ওচৰৰ পৰা আঁতৰি যোৱা, আৰু এওঁলোকৰ একো বস্তু নুচুবা; নহ’লে এওঁলোকৰ পাপ সমূহত বিনষ্ট হ’বা।”
27 Sai suka tashi daga inda tentin Kora, da Datan, da Abiram suke. Datan da Abiram kuwa suka fita suna tsaye tare da matansu da’ya’yansu da’yan ƙananansu a ƙofar tentinsu.
২৭তেতিয়া তেওঁলোকে কোৰহ, দাথন আৰু অবীৰামৰ বসতিৰ ঠাইৰ চাৰিওফালৰ পৰা আঁতৰি গ’ল, কিন্তু দাথন আৰু অবীৰাম ওলাই নিজ নিজ ল’ৰা-তিৰোতাই সৈতে নিজ নিজ দুৱাৰমুখত থিয় হ’ল।
28 Sai Musa ya ce musu, “Da haka za ku san cewa Ubangiji ne ya aiko ni, in yi dukan waɗannan abubuwa, ba da nufin kaina na yi su ba.
২৮পাছত মোচিয়ে কলে, এই সকলো কাৰ্য কৰিবলৈ মোক যে, যিহোৱাই পঠালে, তাক ইয়াৰ দ্বাৰাই জানিবলৈ পাবা। কিয়নো মই নিজ ইচ্ছাৰে তাক কৰা নাই।
29 In waɗannan mutane sun mutu kamar yadda mutane suke mutuwa, in abin da yakan sami kowa shi ne ya same su, to, ba Ubangiji ne ya aiko ni ba.
২৯আন লোক সমূহ যি মৰণেৰে মৰে, এই মানুহ যদি তেনে মৰণেৰে মৰে বা লোকসমূহলৈ যেনে আপদ ঘটে, এই লোক সমূহৰ প্ৰতিও যদি তেনে আপদ ঘটে, তেন্তে যিহোৱাই মোক পঠোৱা নাই।
30 Amma in Ubangiji ya kawo wani abu sabo, ya sa ƙasa ta buɗe bakinta, ta haɗiye su da dukan abin da suke da shi, suka gangara cikin kabari a raye, ta haka za ku sani mutanen nan sun rena Ubangiji.” (Sheol )
৩০কিন্তু যিহোৱাই যদি নতুন কাৰ্য কৰে, আৰু যদি পৃথিৱীয়ে নিজ মুখ মেলি ইহঁতক, আৰু ইহঁতৰ সকলোকে গ্ৰাস কৰে, আৰু ইহঁত জীয়াই জীয়াই চিয়োললৈ নামি যায়, তেন্তে এওঁলোকে যে যিহোৱাক হেয়জ্ঞান কৰিলে, তাক তোমালোকে জানিবলৈ পাবা। (Sheol )
31 Nan da nan da ya gama faɗi wannan, sai ƙasa ta tsage inda Datan da Abiram suke tsaye,
৩১পাছত মোচিয়ে এইবোৰ কথা কৈ শেষ কৰা মাত্ৰকে, তেওঁলোকৰ তলত থকা মাটি ফাটিল,
32 ta kuma buɗe bakinta, ta haɗiye su tare da mutanen gidansu da dukan mutanen Kora da dukan abin da yake mallakarsu.
৩২আৰু পৃথিৱীয়ে নিজ মুখ মেলি তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালবোৰক আৰু কোৰহৰ আটাই লোকক আৰু তেওঁলোকৰ সৰ্ব্বস্ব গ্ৰাস কৰিলে।
33 Suka gangara cikin kabari da rai, tare dukan mallakarsu; ƙasa ta rufe su, suka hallaka, suka rabu da jama’ar. (Sheol )
৩৩এইদৰে তেওঁলোক আৰু তেওঁলোকৰ লগৰ সকলোৱেই জীয়াই জীয়াই চিয়োললৈ নামি গ’ল; আৰু পৃথিৱী তেওঁলোকৰ ওপৰত জাপ খাই পৰিলত, তেওঁলোক সমাজৰ মাজৰ পৰা লুপ্ত হ’ল। (Sheol )
34 Da jin kukansu, dukan Isra’ilawa da suke kewaye da su suka gudu, suna ihu, “Ƙasa za tă haɗiye mu, mu ma!”
৩৪তেওঁলোকৰ চাৰিওফালে থকা গোটেই ইস্ৰায়েলে তেওঁলোকৰ চিঞঁৰ শুনি পলাল। কিয়নো তেওঁলোকে আৱেগিক হৈ কৈছিল, “পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব!”
35 Sai wuta ta fito daga wurin Ubangiji ta cinye mutane 250 da suke miƙa hadaya da turare.
৩৫তেতিয়া যিহোৱাৰ পৰা অগ্নি ওলাই ধূপ উৎসৰ্গ কৰা সেই দুশ পঞ্চাশ জনক গ্ৰাস কৰিলে।
36 Ubangiji ya ce wa Musa,
৩৬আকৌ যিহোৱাই মোচিক ক’লে,
37 “Ka gaya wa Eleyazar ɗan Haruna, firist, yă kawar da farantan ƙona turare daga wurin da wutar ta cinye, yă watsar da gawayin a wani wuri, gama farantan tsarkakakku ne,
৩৭“তুমি হাৰোণৰ পুত্ৰ ইলিয়াজৰ পুৰোহিতক অগ্নিয়ে গ্ৰাস কৰা ঠাইৰ পৰা এই সকলো আঙঠা ধৰা তুলি নিবলৈ আৰু তাৰ জুই দূৰৈত সিচঁৰিত কৰি পেলাই দিবলৈ কোৱা; কিয়নো সেইবোৰ আঙঠা ধৰা পবিত্ৰ।
38 gama an yi amfani da farantan don miƙa mini turare. Sai ka ɗauki farantan mutanen da suka yi zunubin da ya jawo musu mutuwa ka ƙera farantan, ka yi murfin bagade da su, gama an miƙa su a gaban Ubangiji, suka zama tsarkakakku. Bari su zama alama ga Isra’ilawa.”
৩৮নিজৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰা সেই লোকসকলৰ আঙঠা ধৰাবোৰ পিতাই যজ্ঞবেদী ঢাকিবৰ বাবে লোকসকলে পতা কৰক; কিয়নো তেওঁলোকে সেইবোৰ যিহোৱাৰ আগত উৎসৰ্গ কৰিলে; এইহেতুকে সেইবোৰ পবিত্ৰ; আৰু সেইবোৰ ইস্ৰায়েলৰ সন্তান সকললৈ চিন হ’ব।
39 Haka Eleyazar, firist, ya tattara farantan tagulla waɗanda mutanen da aka hallaka suka kawo, ya ƙera murfin bagade da su,
৩৯তাতে সেই গ্ৰাসিত লোকসকলে উৎসৰ্গ কৰা পিতলৰ আঙঠা ধৰাবোৰ ইলিয়াজৰ পুৰোহিতে নিলে,
40 yadda Ubangiji ya umarce shi, ta wurin Musa. Wannan ya zama abin tuni ga Isra’ilawa domin kada wani da ba firist ba, bai kuwa fito a cikin zuriyar Haruna ba, yă zo don yă ƙona turare a gaban Ubangiji, domin kada yă zama kamar Kora da mabiyansa.
৪০আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।
41 Kashegari dukan taron Isra’ilawa suka yi gunaguni a kan Musa da Haruna suka ce, “Kun kashe mutanen Ubangiji.”
৪১তথাপি পাছদিনা ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই সমাজে মোচি আৰু হাৰোণৰ বিৰুদ্ধে বকি ক’লে, “তোমালোকেই যিহোৱাৰ প্ৰজাসকলক বধ কৰিলা।”
42 Bayan haka, sai dukan jama’a suka taru domin su nuna rashin yardansu da abin da suke zato Musa da Haruna ne suka aikata. Da suka fuskanci Tentin Sujada, nan take sai girgije ya rufe shi, ɗaukaka Ubangiji kuwa ta bayyana.
৪২তেতিয়া মোচি আৰু হাৰোণৰ বিৰুদ্ধে গোট খালত, তেওঁলোকে সাক্ষাৎ কৰা তম্বুলৈ মুখ ঘূৰাই দেখিলে, যে, মেঘে তাক ঢাকিছে আৰু যিহোৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে।
43 Sai Musa da Haruna suka je gaban Tentin Sujada,
৪৩তেতিয়া মোচি আৰু হাৰোণ সাক্ষাৎ কৰা তম্বুৰ আগলৈ গ’ল।
44 Ubangiji kuma ya ce wa Musa,
৪৪তেতিয়া যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
45 “Ku nisanci wannan taro, gama yanzu nan zan hallaka su.” Sai Musa da Haruna suka fāɗi rubda ciki.
৪৫“তোমালোকে এই সমাজৰ মাজৰ পৰা আঁতৰি যোৱা, মই এক নিমিষতে এওঁলোকক সংহাৰ কৰোঁ।” তেতিয়া তেওঁলোক উবুৰি হৈ পৰিল।
46 Sai Musa ya ce wa Haruna, “Ka ɗauki farantinka ka sa turare a ciki, da wuta daga bagade, ka yi maza ka tafi wajen taron, ka yi kafara dominsu. Gama fushin Ubangiji ya riga ya sauko; an kuma fara annoba.”
৪৬মোচিয়ে হাৰোণক ক’লে, “তোমাৰ আঙঠা ধৰা লোৱা আৰু যজ্ঞবেদীৰ ওপৰৰ পৰা জুই লৈ তাত ধূপ দি, শীঘ্ৰে সমাজৰ গুৰিলৈ লৈ যোৱা আৰু তেওঁলোকক প্ৰায়শ্চিত্ত কৰা; কিয়নো যিহোৱাৰ আগৰ পৰা ক্ৰোধ বাহিৰ হোৱাত মহামাৰী আৰম্ভ হ’ল।”
47 Saboda haka Haruna ya yi kamar yadda Musa ya faɗa, ya ruga a guje zuwa tsakiyar taron. An riga an fara annobar a cikin mutane, amma Haruna ya miƙa turaren ya kuma yi kafara dominsu.
৪৭গতিকে হাৰোণে মোচিৰ আজ্ঞা অনুসাৰে আঙঠা ধৰা লৈ, সমাজৰ মাজলৈ লৰি গ’ল। তেতিয়া চোৱা, তেওঁলোকৰ মাজত মহামাৰী আৰম্ভ হৈছে, তেতিয়া তেওঁ ধূপ দি লোকসকলক প্ৰায়শ্চিত্ত কৰিলে।
48 Ya tsaya tsakanin matattu da masu rai, annobar kuwa ta tsaya.
৪৮আৰু মৰা ও জীয়া লোকসকলৰ মাজত তেওঁ থিয় হোৱাত, মহামাৰী নিবাৰণ হ’ল।
49 Amma mutane 14,700 ne suka mutu a annobar, ban da waɗanda suka mutu a sanadin Kora.
৪৯যিসকল লোক কোৰহৰ দোষত মৰিছিল, সেইসকলৰ বাহিৰে চৌদ্ধ হাজাৰ সাত শ লোক এই মহামাৰীত মৰিল।
50 Sai Haruna ya komo wurin Musa a ƙofar Tentin Sujada, gama annobar ta ƙare.
৫০মহামাৰী নিবাৰণ হোৱাৰ পাছত, হাৰোণ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখলৈ মোচিৰ গুৰিলৈ উলটি আহিল।